অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কাঠফুলা এক প্ৰটিনযুক্ত খাদ্য :

কাঠফুলা এক প্ৰটিনযুক্ত খাদ্য :

 

স্বাস্থ্য এক পৰম সম্পদ। এটা কথা আছে- দেহা থাকিলেহে বেহা। দেহ ঠিক থাকিলে যিকোনো কাম কৰিব পাৰিম। যেনে ধৰক-

*এজন উচ্চ শিক্ষিত লোক,

*কিন্তু দেহ বা শৰীৰ ভাল নাথাকে,

*তেন্তে দেশৰ বাবে একো কৰিব নোৱাৰিব।

স্বাস্থ্য অবিহনে সুস্থ মানৱ সম্পদ হ’ব নোৱাৰে। এখন সুস্থ সমাজ গঢ়িবলৈ হ’লে সকলো নাগৰিকৰ সু-স্বাস্থ্যৰ প্ৰয়োজন আছে। সুস্বাস্থ্যৰ বাবে সুষম আহাৰৰ প্ৰয়োজন। কাঠফুলা এবিধ প্ৰটিনযুক্ত খাদ্য। আমাৰ দেশত আনুমানিক শতকৰা ৭০/৮০ শতাংশ লোকৰে আৰ্থিক অৱস্থা শোচনীয়।

সেয়েহে পুষ্টিহীনতাত ভুগি সৰহসংখ্যক লোকেই নানান ৰোগত আক্ৰান্ত হয়। ভাল খবৰ হ’ল অতি কম খৰচতেই কম ঠাইতেই উৎপাদন কৰিব পৰা তেনে এবিধ খাদ্যই হৈছে কাঠফুলা। যাক ইংৰাজীত Mushroom  বুলি কোৱা হয়।

নিৰামিষভোজীৰ বাবেও অতি উত্তম এই কাঠফুলাত বহুলভাৱে প্ৰটিনৰ উপস্থিতি পোৱা যায়। সম্পূৰ্ণ ১০০ শতাংশই প্ৰাকৃতিকভাৱে উৎপাদিত এই কাঠফুলাত কোনো ধৰণৰ কৃত্ৰিম ৰাসায়নিক দ্ৰব্যৰ উপস্থিতি পোৱা নাযায়। মানৱ শৰীৰৰ বাবে অতিকে প্ৰয়োজনীয় ২০ বিধ এমাইন’ এচিডৰ প্ৰায়সংখ্যকেই কাঠফুলাত পোৱা যায়।

ইয়াৰ উপৰি পটাছিয়াম, ছ’ডিয়াম, ফছফৰাছৰ দৰে মূল্যৱান খনিজ মৌল কাঠফুলাত পোৱা যায়।

*যিসমূহ চকুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত,

*স্মৃতিশক্তি বৃদ্ধি কৰাত,

*শাৰীৰিক শক্তি বৃদ্ধি কৰাত অতিকে প্ৰয়োজনীয় হয়।

তথ্য মতে ২৫০ গ্ৰাম কেঁচা কাঠফুলাত প্ৰায় ৮.১২৫ শতাংশ প্ৰটিন থাকে। আৰু ২৫০ গ্ৰাম শুকান কাঠফুলাত প্ৰায় ১১২.৫ শতাংশমান প্ৰটিন পোৱা যায়। এই সকলোবোৰ প্ৰটিনেই অতিকে উৎকৃষ্ট মানৰ।

আমাৰ দেহৰ বাবে অতিকৈ প্ৰয়োজনীয় আয়ৰন তথা কাঠফুলাই যথেষ্ট প্ৰয়োজনীয় ভূমিকা পালন কৰে। ইয়াৰ উপৰি উচ্চ ৰক্তচাপ, বহুমুত্ৰ, হৃদযন্ত্ৰ ইত্যাদিৰ ৰোগত ভোগা ৰোগীৰ বাবেও মহৌষধ সদৃশ এই কাঠফুলাত যথেষ্ট বেছি অনুপাতত ৰিপ’ফ্লেভাইন। থাইএমাইন ইত্যাদি ভিটামিন বি মৌলৰ খাদ্যপ্ৰাণ পোৱা যায়।

ফলিক এচিড, ভিটামিন বি১২, ভিটামিন ই আৰু এগ’ষ্ট্ৰেলৰ(egostral) উপস্থিতিও কাঠফুলাত দেখা যায়, যিসমূহ গৰ্ভৱতী আৰু ছালৰ অসুখত ভোগা ৰোগীসকলৰ বাবে যথেষ্ট প্ৰয়োজনীয়। খাদ্য বিশেষজ্ঞসকলৰ মতে কাঠফুলাই হ’ল শাক-পাচলিৰ তালিকাত থকা আটাইতকৈ উৎকৃষ্ট খাদ্য। সমগ্ৰ বিশ্বতে কাঠফুলা খোৱা হয়। কাঠফুলাত থকা খাদ্যৰ উপাদানসমূহৰ উপস্থিতি এনেধৰণৰ-

প্ৰতি ১০০ গ্ৰাম-

 

প্ৰটিন

৩.৮ গ্ৰাম

কাৰ্ব’হাইড্ৰেট

৫.১ গ্ৰাম

চৰ্বি

০.২ গ্ৰাম

কেলচিয়াম

১০ মিঃ গ্ৰাম

ফছফৰাছ

১০০ মিঃ গ্ৰাম

লো

১.৫ মিঃ গ্ৰাম

ভিটামিন

থাই এমিন, ৰিৰ’ফ্লেৰিন, নিয়াচিন, এছকৰ্বিক এচিড ইত্যাদি।

 

ইয়াৰ উপৰি কাঠফুলা যথেষ্ট সোৱাদযুক্ত আৰু সহজে হজম হয়। বিষাক্ত কাঠফুলা খাই ইতিমধ্যে মৃত্যু হোৱা খবৰো আছে, সেয়া পাঠকে জনাৰ প্ৰয়োজন আছে।

বিষাক্ত কাঠফুলাৰ লক্ষণবোৰ এনেধৰণৰ:

যিবোৰ কাঠফুলা ভক্ষণযুক্ত নহয় বা বিষাক্ত সেইবোৰক টডষ্টল(Toadstool) বুলি কোৱা হয়। প্ৰায় ২০০ প্ৰজাতিৰ বিষাক্ৰ কাঠফুলা পোৱা যায়। খুব সহজতেই বিষাক্ত কাঠফুলাৰ চিনাক্তকৰণ সম্ভৱ নহয়, কাৰণ বিষাক্ত কাঠফুলা চিনাক্ত কৰিবলৈ অলপ মনোযোগৰ প্ৰয়োজন।

বিষাক্ত কাঠফুলাবোৰ অলপ চিনি পাব পাৰি- গেলা-পচা কাঠত গজা কাঠফুলা বিষাক্ত, যিবিলাক কাঠফুলাৰ গা-গছ সহজে ভাগি নাযায়, স্ৰিবিলাক বিষাক্ত বুলি নিশ্চিত হ’ব লাগে। খাব পৰা কাঠফুলাসমূহ সাধাৰণতে ৰ’দঘাই ঠাইত নাইবা মুকলি ঠাইত নগজে।

যদিহে মুকলি ঠাইত গজা দেখা যায়, তেন্তে নিঃসন্দেহে তাক বিষাক্ত কাঠফুলা বুলি গণ্য় কৰিব পাৰি। উৎকট গোন্ধযুক্ত নাইবা তীক্ষ্ণ সোৱাদযুক্ত যিকোনো কাঠফুলাই বিষাক্ত। যিবোৰ কাঠফুলাৰ গা-গছত আঙুঠিসদৃশ নাইবা কাপসদৃশ চিহ্ন থাকে সেইবোৰ বিষাক্ত কাঠফুলা বুলি জানিব লাগে।

যিবোৰ কাঠফুলাৰ পাতল ৰং থাকে নাইবা গুলপীয়া যিকোনো চিহ্ন থাকে  সেইবোৰো অধিক বিষাক্ত। প্ৰায়ে দেখা যায় যে বিভিন্ন জনগোষ্ঠীয় লোক বিশেষকৈ চাহ জনগোষ্ঠীৰ লোকসকলে বিষাক্ত কাঠফুলা ভক্ষণ কৰি মৃত্যু মুখত পৰে।

তেওঁলোকে লক্ষ্য কৰে যে সহজে কাঠফুলাবোৰ ভাগিছে নে নতুবা কিবা গোন্ধ আছে নে? কিন্তু এই দুটা লক্ষণ নাথাকিলেও কাঠফুলা যে বিষাক্ত হ’ব পাৰে তেওঁলোকে এই কথা বুজিব নোৱাৰে।

গতিকে সমাজত এটা বিজ্ঞানসন্মত মানসিকতাৰ নিশ্চয়কৈ প্ৰয়োজন আছে, যাতে পুষ্টিৰ বিকল্প হিচাপে আমাৰ জনসাধাৰণে কাঠফুলাৰ নিচিনা এটা প্ৰকৃতিৰ দান গ্ৰহণ কৰিব পাৰে।

মিছা ভয় ভাব আঁতৰাই সজ্ঞানেৰে এই মহৌষধ যাতে গ্ৰহণ কৰিব পাৰে। এই খেতিৰ বাবে কোনো ডাঙৰ প্ৰয়োজন নহয় শকত মূলধনৰ।

ন্যূনতম টকা খৰচ কৰিলেও লাভ কৰিব পাৰি। এই এক লাভজনক ব্যৱসায়। নিজকে স্বাৱলম্বী কৰি তুলিব পাৰি।

লেখক: ছাদিকুজ জামান(নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 5/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate