অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কাঠবাদাম খাওক

কাঠবাদাম খাওক

কাঠবাদাম স্বাস্থ্যৰ বাবে উপকাৰী বুলি আমি সকলোৱে জানো যদিও এই বাদামটো খোৱাৰ প্ৰতি বৰ বেছি আগ্ৰহ প্ৰকাশ নকৰোঁ। কিয়নো, অন্য ফলৰ তুলনাত এই বাদামৰ সোৱাদ কম। তাৰোপৰি খোৱাৰ আগতে কিছু দেৰি পানীত তিয়াই বাকলি গুচাইহে খাব লাগে। পৰাপক্ষত গোটেই ৰাতি তিয়াই থব পাৰিলে ভাল। এনেদৰে যতনাই খোৱাৰ এলাহতে এই বাদামবিধৰ প্ৰতি মানুহৰ আগ্ৰহ কম। কিন্তু এই কাঠবাদাম বৰ গুণী ফল। বিশেষকৈ ইয়াৰ পৰা তৈয়াৰী তেল শৰীৰত ঘঁহিলে সৌন্দৰ্য বৰ্ধনত সহায় কৰে। শৰীৰৰ ছালৰ ৰোগ নিৰাময়তো এই তেল ব্যৱহাৰ হয়। এই তেল নিয়মীয়াকৈ ব্যৱহাৰ কৰিলে ছালৰ মৃত কোষবোৰ আঁতৰি যোৱাৰ লগতে ক’লা দাগ নোহোৱা হোৱাৰ লগতে ছাল উজ্জ্বল আৰু মসৃণ হয়। এই তেল চুলিৰ বাবেও উপকাৰী।

অতীজৰে পৰা কাঠবাদামৰ তেল আয়ুৰ্বেদিক চিকিত্সাত ব্যৱহৃত হৈ আহিছে। এই তেল এণ্টি-অক্সিডেণ্টৰ ভাণ্ডাৰ হোৱাৰ লগতে ভিটামিন এ, বি, ই, ডি আৰু শৰীৰৰ বাবে প্ৰয়োজনীয় মিনাৰেলো লাভ কৰোঁ। বজাৰত উপলব্ধ বহুতো ক্ৰীমতকৈ এই তেল বেছি গ্ৰহণযোগ্য। ছালত এই তেল ব্যৱহাৰ কৰিলে ছালৰ উজ্জ্বলতা বৃদ্ধি পায়। তলত কেইটামান কাঠবাদাম তেলৰ ব্যৱহাৰৰ বিষয়ে উল্লেখ কৰা হৈছে।

  • প্ৰথমে এটা বাটিত আধা টেবুল চামুচ কাঠবাদাম তেল লওক। তাত এক টেবুল চামুচ গাখীৰ, আধা টেবুল চামুচ কাঠবাদামৰ পাউডাৰ আৰু আধা টেবুল চামুচ নেমুৰ ৰস মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰক। এই মিশ্ৰণ আপোনাৰ মুখখন ভালদৰে পৰিষ্কাৰ কৰি প্ৰলেপ দিয়ক। এই প্ৰলেপ ৩০ মিনিটমান ৰাখি ধুই দিয়ক। এই পৰিচৰ্যা সপ্তাহত দুবাৰকৈ কৰিলে মুখৰ মৃত কোষবোৰ আঁতৰি ছালৰ উজ্জ্বলতা বৃদ্ধি পাব।
  • কাঠবাদামৰ তেল ৰাতি বিছনালৈ যোৱাৰ আগতে মুখখন ভালদৰে পৰিষ্কাৰ কৰি চকুৰ চাৰিওকাষে আৰু সম্পূৰ্ণ মুখত লগাই মালিচ কৰি গোটেই ৰাতি ৰাখিব। পুৱা মুখখন ভালদৰে ধুই দিব। এই পৰিচৰ্যা নিয়মীয়াকৈ কৰিলে গালত পৰা ক’লা দাগ আৰু চকুৰ চাৰিওকাষে থকা ক’লা দাগ নোহোৱা হ’ব।
  • আধা টেবুল চামুচ কাঠবাদামৰ তেলৰ লগত আধা টেবুল চামুচ নেমুৰ ৰস মিহলাই আপোনাৰ সম্পূৰ্ণ মুখত প্ৰয়োগ কৰক। আধা ঘণ্টামান থাকি মুখখন ভালদৰে ধুই দিব। এই মিশ্ৰণ সপ্তাহত তিনিবাৰকৈ লগাব। কিছুদিন লগোৱাৰ পিছত আপুনি নিজেই দেখিব যে আপোনাৰ ছালৰ উজ্জ্বলতা আৰু মসৃণতা আগতকৈ বৃদ্ধি পাইছে।
  • এক টেবুল চামুচ কাঠবাদামৰ তেল, আধা চামুচ গাখীৰ আৰু তিনি টোপাল মৌ মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰক। এই মিশ্ৰণ মুখখন ভালদৰে পৰিষ্কাৰ কৰি মুখত লগাই আধা ঘণ্টা ৰাখিব। পিছত কুহুমীয়া গৰম পানীৰে মুখখন ধুই দিব। এই মিশ্ৰণ সপ্তাহত তিনিবাৰ লগালে মুখত থকা যিকোনো দাগ নোহোৱা হোৱাৰ লগতে ছালখন কোমল আৰু মসৃণ হ’ব।

উৎস: জিএনআৰচি স্বাস্থ্য।

শেহতীয়া উন্নীতকৰণ: : 3/14/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate