অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কুঁহিয়াৰৰ ৰসৰ গুণাগুণ

গৰমৰ দিনত সকলোৰে প্রিয় কুঁহিয়াৰৰ ৰস। ভাৰতত অধিক পৰিমাণে ইয়াৰ উৎপাদন হয়। সোৱাদযুক্ত হোৱাৰ লগতে কুঁহিয়াৰৰ ৰসত স্বাস্থ্যৰ পক্ষে লাভদায়ক অন্যান্য বহুতো তত্ত্ব থাকে। ইয়াৰ ভিতৰত কেলচিয়াম, ক্ৰমিয়াম, কোবাল্ট, ক'পাৰ, মেগনেছিয়াম, মেংগানিজ, ফছফৰাছ, পটেছিয়াম আৰু জিংক উল্লেখযোগ্য।

ইয়াৰ উপৰি ইয়াত ভিটামিন-এ,বি-1,বি-2,বি-3,বি-5,বি-6 আৰু ভিটামিন-চিৰ লগতে এণ্টি-অক্সিডেণ্ট, প্ৰ’টিন আৰু খাদ্য পাচক ফাইবাৰো উপলব্ধ।

উর্জা/এনাজীদায়ক

উষ্মকালত কুঁহিয়াৰৰ ৰসপানৰ হেঁপাহ এইবাবেও হয়, কিয়নো ইয়াক পান কৰিলে অতি সোনকালে এনাৰ্জী পোৱা যায়।

কুঁহিয়াৰৰ ৰস গ্লুক’জৰ অতি ভাল উৎস, যাৰ বাবে ই শৰীৰক হাইড্রেট কৰি ৰখাৰ লগতে এনাৰ্জী বুষ্টাৰৰ কাম কৰে।

সেয়েহে কোনো পেকেট জুচ পান কৰাতকৈ সদায় এগিলাচ কুঁহিয়াৰৰ ৰস পান কৰা অতি লাভদায়ক।

অন্যান্য উপকাৰিতা

ডায়েবেটিছৰ পৰা দূৰত ৰাখে, কেন্সাৰৰ পৰা ৰক্ষা কৰে, কিডনী সুৰক্ষিত কৰি ৰাখে, এন্টি-অক্সিডেণ্টৰ কাম কৰে, খাদ্যৰ পাচন ঠিক ৰাখে, দাঁতৰ সমস্যা দূৰ কৰে, নখসমূহ মজবুত কৰি ৰাখে, দাগ-ধাব্বাৰ পৰা মুক্তি দিয়ে।

ডায়েবেটিছৰ পৰা দূৰত ৰাখে

কুঁহিয়াৰৰ ৰসত অধিক মাত্ৰাত চেনি থাকে, তথাপি ই ডায়েবেটিছ ৰোগীসকলৰ বাবে লাভদায়ক, কাৰণ ইয়াৰ মিঠা সোৱাদৰ কাৰণে হৈছে ইয়াত থকা নেচাৰেল ছুগাৰ, যিয়ে গ্লাইচেমিক ইণ্ডেক্সৰ লগতে তেজত থকা গ্লুক’জৰ মাত্রাও নিয়ন্ত্রিত কৰি ৰাখে।

টাইপ-২ ডায়েবেটিছ ৰোগীসকলে কুঁহিয়াৰৰ ৰস পান কৰাটো অতি জৰুৰী। কেন্সাৰৰ পৰা ৰক্ষা কৰে। কুঁহিয়াৰৰ ৰসত থকা কেলচিয়াম, মেগনেছিয়াম, মেংগানিজ, পটেছিয়াম আৰু আইৰনে শৰীৰত এপ্লাইন হিচাপে কাম কৰে। যাৰ ফলত কেন্সাৰ ৰোগৰ সম্ভাৱনা যথেষ্ট দূৰ কৰি ৰাখে। গৱেষণাৰ পৰা এই কথাৰ প্ৰমাণ পোৱা গৈছে যে—

কুঁহিয়াৰৰ ৰস পানে কেন্সাৰজনিত ভাইৰাছৰ শংকা কম কৰি ৰাখে, বিশেষভাৱে মহিলাসকলৰ মাজত অধিক পৰিমাণত দেখিবলৈ পোৱা ব্ৰেষ্ট আৰু প্ৰোষ্টেট কেন্সাৰৰ সম্ভাৱনা কম কৰি ৰাখে।

কিড্‌নী সুৰক্ষিত কৰি ৰাখে

কুঁহিয়াৰৰ ৰসে শৰীৰত প্ৰ’টিনৰ মাত্ৰা কণ্ট্ৰ’ল কৰে, যিয়ে কিড্‌নীৰ স্বাস্থ্যৰ বাবে বহুত জৰুৰী। গৰমৰ দিনত মহিলাসকলে ভোগা ইউৰিনেৰী, টেক্ট ইনফেকচন, এচিডিটী আৰু জ্বলন সমস্যাবোৰ কুঁহিয়াৰৰ ৰস পানে কৰি দূৰ কৰিব পাৰে।

তদুপৰি বেয়া খাদ্য-পানীৰ কু-প্ৰভাৱ আটাইতকৈ বেছি কিডনীত পৰে, যাৰ বাবে বিভিন্ন প্ৰকাৰৰ ৰোগে বাহ পাতিব পাৰে।

এইসকলোবোৰৰ পৰা ৰক্ষা পৰিবলৈ কুঁহিয়াৰৰ ৰস অতি লাভদায়ক।

এণ্টি-অক্সিডেণ্টেৰে ভৰপুৰ

কুঁহিয়াৰৰ ৰস এণ্টি-অক্সিডেণ্টেৰে ভৰপুৰ থাকে, যিয়ে বিভিন্ন প্রকাৰৰ ইনফেকচনৰ বাবে দেহৰ ইমিউনিটী ছিষ্টেম সবল কৰি ৰাখে।

জণ্ডিচ ৰোগীসকলৰ বাবে কুঁহিয়াৰৰ ৰস অতি প্রয়োজনীয়।

পাচন সঠিক কৰি ৰাখে

কুঁহিয়াৰুৰ ৰসত পটেছিয়ামৰ মাত্ৰা পাচন শক্তি সঠিক কৰি ৰখাত সহায় কৰে। পেটৰ বিভিন্ন প্রকাৰৰ ইনফেচনৰ পৰা বচোৱাৰ লগতে তাক কেন্সাৰ, গেছ বদহজম, পেটৰ জ্বলন আদি সমস্যাৰ পৰাও দুৰত ৰাখে।

দাঁতৰ সমস্যাসমূহ দূৰ কৰে

মুখৰ দুৰ্গন্ধৰ সমস্যা বা দাঁতৰ আলুৰ লগত জড়িত বিভিন্ন সমস্যা, আনকি দাঁতৰ লগত জড়িত সকলো ৰোগ দূৰ কৰি ৰখাত কুঁহিয়াৰৰ ৰস অতি উপযোগী। দাঁতৰ সুস্বাস্থ্যৰ লগতে দাঁত চাফা কৰি ৰাখিবলৈ কুঁহিয়াৰৰ ৰসপান কৰাটো অতি লাভদায়ক।

দাগ আদি দূৰ কৰে

হেল্‌থী স্কিনৰ বাবে আলফা হাইড্ৰ’ক্সী এচিড বহুত উপযোগী। ইয়ে শালমইনা আদি দূৰ কৰাৰ লগতে স্কিন হাইড্রেট কৰি ৰখাত সহায় কৰে। কুঁহিয়াৰৰ ৰসে অসময়ত অহা বৃদ্ধাৱস্থাৰ সমস্যাৰ পৰাও মুক্ত কৰি ৰাখে। কুঁহিয়াৰৰ ৰস ছালত লগালে বিভিন্ন প্রকাৰৰ চৰ্মৰোগৰ সমস্যা দূৰ হয়। ইয়াক মাস্ক বা স্ক্রাব হিচাপেও ব্যৱহাৰ কৰিব পাৰি। নখ মজবুত কৰি ৰাখে। কেলচিয়ামৰ কম মাত্ৰাই কেৱল হাড় দুর্বলে নকৰে, আনকি হাত-ভৰিৰ নখসমূহো সোনকালে ভাগি যায়।

ইয়াৰ বাবে ভৰিৰ সৌন্দর্য বেয়া হ’বলৈ ধৰে। যদি নখৰ মধ্যাংশত বগা দাগ পৰে বা ইয়াৰ পৰিচ্ছন্নতা নোহোৱা হ’বলৈ ধৰে, তেন্তে কুঁহিয়াৰৰ ৰসপান কৰি তাৰ পৰা ৰেহাই পাব পাৰি।

উৎস: দৈনিক জনমভূমি।

শেহতীয়া উন্নীতকৰণ: : 3/1/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate