অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৃষিৰতা মহিলাৰ পুষ্টিৰ যতন

কৃষিৰতা মহিলাৰ পুষ্টিৰ যতন

কৃষিজীৱি পৰিয়ালৰ গৃহিণী একোগৰাকীয়ে খেতিৰ বতৰত ঘৰুৱা কামৰ সমানেই পথাৰতো শ্ৰমদান কৰিব লগা হয়। একোগৰাকী কৃষিৰতা মহিলাই দৈনিক ৫ ৰ পৰা ৯ ঘন্টা সময় কৃষিকৰ্মত খৰছ কৰিব লগা হয় বুলি এক সমীক্ষাত প্ৰকাশ। পথাৰত মহিলাসকলে কৰা কামৰ ভিতৰত দিন মজুৰি শ্ৰমিক হিচাপে, নিজৰ মাটিত নিজে শ্ৰমিক হিচাপে আৰু শ্ৰমিকক চোৱা-চিতা কৰিবলৈ পৰিচালিকা হিচাপে শ্ৰমদান কৰে। তথ্যমতে ঘৰুৱা কাৰ্য্য সম্পাদন কৰোতে এগৰাকী মহিলাৰ দৈনিক ৪০.৫ শতাংশ কৃষি আৰু আনুসংগিক কাৰ্য্যত ৪০ শতাংশ, শয়নত ১৩ শতাংশ। আৰু আমোদ-প্ৰমোদত প্ৰায় ৭ শতাংশ শক্তি খৰছ হয়। কৃষিজীৱি মহিলাগৰাকীয়ে দৈনিক গ্ৰহণ কৰা আহাৰৰ পৰাই প্ৰতিদিনে ব্যয় হোৱা এই শক্তিখিনি আহৰণ কৰাৰ বিকল্প নাথাকে। গতিকে, মহিলাগৰাকীৰ বাবে প্ৰয়োজনীয় পৰিপুষ্টিৰ প্ৰয়োজনীয়তা পূৰাব পৰা আহাৰৰ ওপৰত গুৰুত্ব দিয়াৰ যথেষ্ট প্ৰয়োজন আছে। শৰীৰৰ বাবে প্ৰয়োজনীয় আহাৰসমূহক আমি ৩ ভাগত ভাগ কৰিব পাৰো।

১)শক্তি যোগান ধৰা খাদ্য: যিবোৰ খাদ্যত শৰ্কৰা বা কাৰ্ব’হাইড্ৰেট থাকে তেনে খাদ্যই শৰীৰত শক্তি যোগান ধৰে। চাউল, ঘেঁহু, গোমধান, জোৱাৰ, বজৰা, কুঁহিয়াৰ, বীট আদি এই শ্ৰেণীৰ খাদ্য।

২)শৰীৰ গঠনকাৰী খাদ্য শৰীৰত শক্তি যোগোৱাৰ লগতে শৰীৰৰ বিকাশ আৰু গঠনত সহায়কাৰী মাংসসাৰ বা প্ৰ’টিনযুক্ত এই শ্ৰেণীৰ অন্তৰ্ভূক্ত খাদ্যসমূহ হ’ল গাখীৰ, কণী, মাছ, মাংস, গাখীৰেৰে তৈয়াৰী বিভিন্ন খাদ্য সামগ্ৰী আদি।

৩)শৰীৰ ৰক্ষাকাৰী খাদ্য শৰীৰ ৰক্ষাকাৰী খাদ্যপ্ৰাণ বা ভিটামিন আৰু খনিজ লৱণ বা মিনাৰেলযুক্ত এই শ্ৰেণীৰ খাদ্যই আমাৰ শৰীৰক বিভিন্ন বেমাৰ-আজাৰৰ পৰা ৰক্ষা কৰে। সেউজীয়া শাক-পাচলি, সঁতেজ ফল-মূল আদি এই শ্ৰেণীৰ খাদ্য। কৃষিৰতা মহিলা এগৰাকীক যিহেতু অধিক মাত্ৰাত শক্তিৰ প্ৰয়োজন হয় সেয়েহে মহিলা গৰাকীৰ আহাৰত সাধাৰণ মহিলাৰ তুলনাত বেছি শক্তি যোগান ধৰা আহাৰ বা কাৰ্ব’হাইড্ৰেট থকা আহাৰ থকাটো অতি প্ৰয়োজনীয়।

কৃষিৰতা মহিলাৰ খাদ্যত জটিল শৰ্কৰা (Complex Carbohydrate)বেছি থাকিলে ভাল। সম্পূৰ্ণ দানাযুক্ত খাদ্যশস্য যেনে-ঘেঁহু, গোমধান, মাহজাতীয় শস্য আদি মহিলা গৰাকীৰ দৈনিক খাদ্য তালিকাৰ অন্তৰ্ভূক্ত হোৱা উচিত। কৃষিৰতা মহিলাসকলে সদায় ৰাতিপুৱাৰ আহাৰ অধিক পৰিমাণে গ্ৰহণ কৰিব লাগে আৰু এটা নিয়মিত ব্যৱহাৰৰ অন্তৰে-অন্তৰে দিনটোত খাদ্য গ্ৰহণ কৰিব লাগে। এগৰাকী কৃষিকাৰ্য্যত নিয়োজিত মহিলাই তেওঁৰ পৰিপুষ্টি সাধনৰ বাবে অনুমোদিত খাদ্য তালিকা অনুসৰি কিমান পৰিমাণত আহাৰ থকা উপাদানবোৰ গ্ৰহণ কৰিব লাগে সেইবিষয়ে এখন তালিকা তলত উল্লেখ কৰা হ’ল। উপাদান  প্ৰতিদিনে প্ৰয়োজনীয় পৰিমাণ শক্তি ২৯২৫ কিল’কেলৰি মাংসসাৰ ৫০ গ্ৰাম চৰ্বী ২০ গ্ৰাম কেলচিয়াম  ৪০০ মিলিগ্ৰাম লৌহ পদাৰ্থ ৩০ মিলিগ্ৰাম ভিটামিন এ  ৩০০০ মিলিগ্ৰাম থায়’মিন ১.২ মিলিগ্ৰাম ৰাইব’ফ্লবিন ১.৫ মিলিগ্ৰাম ভিটামিন বি ১ মিলিগ্ৰাম।

উৎস: দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 5/24/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate