অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৃষ্ণফলৰ গুণ

কৃষ্ণফলৰ গুণ

প্ৰাকৃতিক আশীৰ্বাদস্বৰুপ বিভিন্ন ফল আমি খাইছো। কিছুমান ফল প্ৰায় দুষ্প্ৰাপ্য হৈ আহিছে। আমি খোৱা ফলবোৰৰ কিছুমান বজাৰৰ পৰা কিনা আৰু কিছুমান বাৰী বা অৰণ্যানী আদিৰ পৰা থলুৱা ফল। এই ফলবোৰৰ কিছুমানৰ নাম জানো আৰু কিছুমানৰ নাজানো। অৱশ্যে সুবিধাৰ বাবে ঘৰখনৰ বাবে আমি কিছুমানৰ নাম নিজেও দি লওঁ। সকলো ফল-মুল বিভিন্ন উপাদানেৰে ঔষধি গুণসম্পন্ন খাদ্য। জীৱশ্ৰেষ্ঠ মানৱক চেৰাই নিম্ন প্ৰাণীয়ে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি লয়। এজন প্ৰাপ্তবয়স্ক লোকক প্ৰায় ৫০ টন খাদ্য লাগে। কিন্তু ইয়াৰ সামান্যতমো নিজে প্ৰস্তুত কৰি ল’ব নোৱাৰে। পুষ্টিৰ কথা এবাৰো মনলৈ নানে। তদুপৰি এই পৃথিৱীত মানুহেই কিজানি সৰ্বভক্ষ। মানুহে কি নাখায়-শাক-পাত, ফল-মুল, পাচলি-বাকলি, মাছ-মাংস, কণী-গাখীৰ, চাউল-দাইল, সাপ-বেং, পৰুৱা-পিপৰা, এন্দুৰ –নিগনি, শামুক-হাংগৰ আদি কত যে কি!

ফল সকলোৰে প্ৰিয়। আজি ইয়াত যিবিধ ফলৰ কথা ক’ব খোজা হৈছে এই ফল মই খোৱাতো নায়েই, আগতে ইয়াৰ নামো শুনা নাই আৰু ছবিও দেখা নাই। অলপতে ‘কৃষ্ণফল’ বুলি এবিধ ফলৰ বিষয়ে পঢ়িবলৈ পালো। কাষত অতি সুন্দৰকৈ গছজোপাৰ পাত, ফল-ফুলো দিয়া আছে। চিত্ৰখন ৰঙীন, দেখি ভাল লগা। এই ফল হয়তো আমাৰ ৰাজ্যৰ বহুতে খাই পাইছে বা ‘জিএনআৰচি স্বাস্থ্য’ খনতো কেতিয়াবা দি গৈছে। মোৰ নজৰলৈ অহা বাবে ফলবিধৰ বিষয়ে জনাবলৈ হেঁপাহ হ’ল।

কৃষ্ণফল: কৃষ্ণফলৰ গছ অতি বিৰল। ইয়াক ভাৰতবৰ্ষত পোৱা যায় যদিও ৪,০০০ ফুট উচ্চতাতহে ই হয়। ইয়াৰ একোডাল কাণ্ড হাতৰ মুঠিৰ সমান। বাকলি ডাঠ আৰু গছজোপা ওখ হয়। ইয়াৰ পাত ‘অভেল’ আকাৰৰ গোল, আগ জোঙা, প্ৰায় ১-৩ ইঞ্চি পৰ্যন্ত দীঘল হয়। পাতখিলা দুটা শাখাত বিভক্ত। পাতৰ কাষত প্ৰায় ১ ইঞ্চি দীঘল কাঁইট থাকে। ফুল বগা-হালধীয়া , নোমযুক্ত আৰু সুগন্ধিত। ফল আখৰাটোৰ দৰে দীঘল আৰু ঘুৰণীয়া। ভিতৰ অংশ চাৰিভাগত বিভক্ত আৰু প্ৰত্যেক ভাগতে বীজ থাকে। কৃষ্ণফল জেঠ মাহত ফুলে আৰু শীত কালত পকে। এই ফল Rubiacece গোত্ৰৰ। ইংৰাজীত কৃষ্ণফলক কোৱা হয় Emetic nut বুলি। বৈজ্ঞানিক নাম Randia dumciorium ।সংস্কৃতত নাম শশ্যাক, মদন ফল, বিষ্ণু ফল। হিন্দীত মেন ফল, গুজৰাটীত মিণ্টল, বঙালীত ভয়নফল, আৰবীত জোজুক্তি, তেলেগুত মংগা মংগুৰী, বসন্তক, ডিমিচেটু, মাৰাঠীত গেলফল বোলে।

কৃষ্ণফলত চেপোনিক নামৰ মৌল থাকে। ইয়াৰ বাদেও প্ৰ’টিন, শৰ্কৰা আৰু কাৰ্ব’হাইড্ৰেট থাকে। ইয়াৰ বীজৰ পৰা Randia Oil  প্ৰস্তুত কৰে। এই তেল মাখনৰ দৰে তেলেতীয়া। ফুলৰ পৰাও সুগন্ধি তেল প্ৰস্তুত কৰে।

কৃষ্ণফলত যথেষ্ট ঔষধি গুণো আছে। ই কফ, পিত্ত, মুৰৰ বিষ, হাপানী, পেটচলা, জ্বৰ, পেট চিকুট মাৰি ধৰা ৰোগৰ বাবে অতি উপকাৰী। তদুপৰি সন্তানহীনতা, পেটৰ বিষ বেদনা, কফজনিত অন্যান্য ৰোগৰ উপৰি প্ৰসুতিৰ কষ্ট লাঘৱ কৰে।

ফলটো খাবলৈ তিতা যদিও সুমধুৰ। কৃষ্ণফলৰ বীজ উষ্ণ আৰু খহটা। এই ফলবিধ শালমইনাৰ বাবেও বৰ উপকাৰী। চিকিৎসা-বিজ্ঞানত থকা সকলো ঔষধি ফলৰ ভিতৰত কৃষ্ণফলক সৰ্বশ্ৰেষ্ঠ হিচাপে ধৰা হয়। ই ছালৰ বিভিন্ন বেমাৰৰ বাবেও উপকাৰী। কৃষ্ণফল খাই বহুত বেমাৰৰ পৰা উপশম পাই থাকিব পৰা যায়। অৱশ্যে ফলটো অতি সহজে বজাৰত উপলব্ধ নহয়।

লেখিকা: ৰুণু তামুলী বৰা (জি এনআৰচি স্বাস্থ্য)

শেহতীয়া উন্নীতকৰণ: : 1/17/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate