অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কেইবিধমান থলুবা শাক-পাচলিৰ দ্ৰব্য গুন

চাঙেৰী টেঙা

ইয়ো দুবিধ সৰু চাঙেৰী আৰু বৰ চাঙেৰী।সংস্কৃতত ইয়াক চাঙ্গেৰী অম্লপাত্ৰিকা বোলে।

গুন

ই লঘু ৰুক্ষ টেঙা সামান্য কেহা উষ্ণবীৰ্য অম্লবিপাক,কহ-বাত নাশক পিত্তবৰ্দ্ধক দীপক যকৃৎ উত্তেজক গ্ৰাহী লেখন,বেদনা স্থাপন,হৃদ্য,ৰক্তস্তম্ভক,দাহ প্ৰশমক,মুত্ৰকাৰক,সংকোচক মাদক বিষ নিবাৰক(ভাং,ধতুৰা আদিৰ)অৰুচি অগ্নিমান্দ্য,গ্ৰহনী অৰ্শ ৰক্তাতিসাৰ,ৰক্ত প্ৰবাহিকা,গুহভ্ৰংস,হৃদবিকাৰ,কামলা,চাতুৰ্থক জ্বৰ নাশক।দুয়োবিধ চাংগেৰীৰ গুন প্ৰায় একেই।সৰু বিধৰ গুন অধিক।

(১)শীতপত্ত:যাক আমাৰ বহুতে কইলৈ উঠা বুলি কয় এই ৰোগত চাঙেৰীৰ ৰস,জালুকৰ গুড়ি আৰু ঘিউ তিনিয়োবিধ মিহলাই গাত ঘহিলেঁ উপকাৰ হয়।

(২)অগ্নিমান্দ্য(হজম নোহোৱাত) ৰোগত ইয়াৰ পাত ৰসৰ লগত লোণ মিহলাই খালে হজম শক্তি বাঢ়ে।

(৩)পেট বিষালে ইয়াৰ ৰসৰ লগত লোণ আৰু ঘিউত ভজা হিং আধা ৰতি ব ১ বতি(১২৫ কিলোগ্ৰাম)মিহলাই খালে উপকাৰ হয়।

(৪)আমাশয় ৰোগত ইয়াৰ পাতৰ ৰস আৰু মানিমুনিৰ ৰস সমানে মিহলাই অকনমান লোনৰ লগত খালে পেটকামোৰনি ভাল হয়।

(৫)অন্তৰ দাহ হলে শৰীৰৰ ভিতৰ জ্বলা পোৰা কৰিলে চাঙেৰী টেঙাৰ ৰসৰ লগত মিচিৰি মিহলাই খালে উপকাৰ হয়।

চুকাশাক

ইয়াক সংস্কৃতত-চুক্ৰং,চুক্ৰিকা,ৰেচনী,পত্ৰাম্ল,শতৰধনী বোলে।

গুন

লঘু, ৰুক্ষ, অম্ল, মধুৰ, অম্লবিপাক, উষ্ণবীৰ্য, বাতনাশক, কফপিত্ত কাৰক, ৰুচিকৰ, দীপক, যকৃৎ উত্তেজক, ভেদক,হৃদ্য, মোত্ৰকাৰক, বেদনা নাশক, স্থাপক, শোথ নাশক, দাহ প্ৰশমক, ধাতুক্ষীনতাকাৰক, বিষঘ্ন, ৰেচক, বমনাদি বৈত্তিক বিকাৰ, অৰুচি, তৃষ্ণা, হৃল্লাস, অগ্নিমান্দ্য, কামলা, গুল্ম, শূল, অৰ্শ, বাতব্যাধি আৰু বৃশ্চিক বিষ নাশক।

১/শৰীৰৰ দাহ,জ্বলা-পোৰা হলে ইয়াৰ পাত বটি লেপ দিলে উপকাৰ হয়।

২/ দাতঁ বিষালে চুকাৰ ৰস গৰম কৰি মুখত লৈ থাকিব।ৰসখিনি ঠাণ্ডা হলে মুখত লোৱা ৰসখিনি পেলাই আকৌ গৰম ৰস মুখত লব।এনেকৈ ১০/১৫ মিনিটমান কৰিলে দাতঁৰ বিষ গুচিব।

৩/বমি বমি ভাব হলে ইয়াৰ পাতৰ ৰসৰ লগত সৈন্ধৱ লোন মিহলাই খালে উপকাৰ পাব।

৪/কটি উৰু ত্ৰিকগত বাত ৰোগত গৃধ্ৰ্সী,গুল্ম,শূল,উদাবৰ্ত্ত,হনুগ্ৰহ আদি বাত ৰোগত ইয়াৰ পাতৰ ৰসৰ লগত গুড় মিহলাই খালে উপকাৰ হয়।

খুতুৰা শাক

ইয়াক সংস্কৃতত-বহু বীৰ্য্য,তণ্ডুলীয়,মেঘনাদ,কাণ্ডোৰ,তণ্ডুলেয়ক,ভণ্ডীৰ,তণ্ডুলীবীজ,বিষঘ্ন,অম্লমাৰিষ বোলে।

গুন

লঘু ৰুক্ষ মধুৰ মধুৰবিপাক,শীতবীৰ্য, কফ পিত্ত নাশক,ৰুচিকৰ, দীপক,অনুলোমন, সাৰক,হৃদ্য, মুত্ৰকাৰক, দাহপ্ৰশমক,ব্ৰণৰোপক, বিষঘ্ন,অৰুচি, অগ্নিমান্দ্য, বিবন্ধ, হৃদৰোগ, ৰক্তপিত্ত, ৰক্তাতিসাৰ, প্ৰদৰ, ৰক্তাৰ্শ, পুয়মেহ, মুত্ৰকৃচ্ছ আৰু শোথ নাশক।

কাইটীয়া খুতুৰা শাক:ৰুচিকৰ অগ্নিবৰ্দ্ধক,শীত পিত্ত,ৰক্তবিকাৰ কাহ,দাহ,শোথ,নেত্ৰৰোগ,উদৰৰোগ,অতিসাৰ,উন্মদ,স্ংগ্ৰহনী,প্ৰদৰ,অৰ্শ,যকৃৎ বিকাৰ,প্লীহাবৃদ্ধি,জীৰ্ণজ্বৰ,উপদংশ,বাতৰক্ত,চৰ্মৰোগ,পুয়মেহ আৰু প্ৰ্সুতা ৰোগ নাশক।

১/ৰক্তপিত্ত ৰোগত নাক মুখুৰে বা শৌচ পেচাবৰ দ্বাৰাৰে তেজ পৰা ৰোগত ইয়াৰ পাতৰ ৰস বা ক্কাথ মৌৰ লগত পুৱা আৰু গধুলি খালে উপকাৰ হয়।

২/অকল নাকেৰে তেজ ওলালে ইয়াৰ পাত,আৰু নিমপাত সমানে লৈ বটি কুমত ভৰন দিলে তেজ পৰা বন্ধ হয়।

৩/পেচাবৰ ৰাস্তা জ্বলা পোৰা কৰিলে বা কম কমকৈ পেচাব হলে ইয়াৰ পাত ২ তোলা আধা পোৱা (১২০গ্ৰাম)পানীৰ লগত বটি ৰস চেকী লৈ মিচিৰি মিহলাই খাব।এনেকৈ কেইবাৰমান খালে পেচাব খোলোচা হয়।

৪/বন্ধ্যাকৰ যোগ-ঋতু(মাহেকীয়া)হোৱাৰ ৩ দিনৰ পৰা ইয়াৰ শিপা চাউল খচা পানীৰ লগত বটি খালে স্ত্ৰী বন্ধ্যা হয়।

৫/গৰ্ভপাত বা গৰ্ভনষ্ট হৈ থকা তিৰোতাই ঋতু হোৱা দিনৰ পৰা ৫ দিন পুৱা ইয়াৰ শিপাৰ ৰস বা ক্কাথখালে উক্ত দোষ গুচিব।

৬/অত্যাবৰ্ত্তা ৰোগত (ঋতু সময়ত অতিমাত্ৰাত ৰক্ত স্ৰাৱ হোৱা ৰোগত কাইটীয়া খুতৰাৰ শিপা,অশোক গছৰ চাল,আমলখি,আচুকাঠ প্ৰত্যোকৰে আধা তোলাকৈ লৈ থেতালি ৩২ তোলা(৩৮৪ গ্ৰাম)পানীত সিজাই ক্কাথ কৰি আধা পোৱা (৯৬গ্ৰাম)থকাত নমাই চেকি পুৱা ৪ তোলা (৪৮গ্ৰাম)আৰু গধুলি ৪ তোলা খালে উক্ত ৰোগ আৰোগ্য হয়।

৭/গৰ্ভৰক্ষা কৰাৰ বাবে ঋতুৰ সময়ত ইয়াৰ শিপা চাউল খচা পানীৰ লগত বটি খালে উপকাৰ হয়।গৰ্ভস্ৰাৱ হোৱাৰ উপক্ৰম হলে ইয়াক উক্ত প্ৰকাৰে খালেও উপকাৰ হয়।

পালেং শাক

ইয়াক সংস্কৃতত-পালক্যা,বাস্তকা,কৰা চুবিকা,চীৰিত্তচ্চদা বোলে।

গুন

গুৰু শীতবীৰ্য বাতহৰ মতান্তৰে বাতকৰ মলভেদক, দাহ প্ৰ্শমক, মুত্ৰপ্ৰৱৰ্তক, মাদক, শ্বাস, পিত্ত, দাহ, ৰক্তবিকাৰ, বিষ, কফ, পিত্তজ্বৰ শূল নাশক।

১/ৰক্তপিত্ত ৰোগত নাক মুখ শৌচ পেচাবৰ দ্বাৰেৰে তেজ ওলাবলৈ ধৰা ৰোগত ইয়াৰ পাতৰ ৰসৰ লগত মৌ বা মিচিৰি মিহলাই দিনে ২/৩ বাৰ কৈ উক্ত ৰোগ উপশম হয়।

২/ভাং,আফিং,ধতুৰা আদি মাদক দ্ৰব্যৰ নিচা গুচাবলৈ ২০ তোলা(২৪০ গ্ৰাম)পালেং শাক পৰিস্কাৰ কৰি কুটি ৰাখিব।৩ গ্ৰাম নাগেশ্বৰ ফুলৰ ৰেনু,৩গ্ৰাম হালধি,১২ ৰতি(৪গ্ৰাম)জালুক ৬ ৰতি(২গ্ৰাম)বগা চন্দন,৬ ৰতি(২গ্ৰাম)সকলো গুড়ি কৰি মিহলাই লব।নহৰু বটা ঘিউত ভাজি আগতে কুটি থোৱা শাকখিনি মিহলাই ভাপ ওলাই যাব নোৱাৰাকৈ শাকখিনি সিজাব।শাক সিজোৱা পাত্ৰটোৰ মুখ আন এটা পানীৰ পাত্ৰৰে ঢাকি সিজাব।এনেকৈ সিজোৱা ৰসখিনি উক্ত মাদক দ্ৰব্য খোৱা মানুহজনক খুৱাব।

পালেং শাক অকলে খোৱাতকৈ দালি আলু কবি বেঙেনা,গাজৰ,মূলা,বিলাহি আদিৰ লগত মিহলাই খালে বেছি উপকাৰ পোৱা যায়।

পদিনা শাক

ইয়াক সংস্কৃতত-পূতিহা,পূদিন,ৰোচনী,ব্যঞ্জন,পুতনী,পূতিকা,পূতকন্যা শাক শোভন বোলে।

গুন

লঘু ৰুক্ষ তীক্ষ্ণ কটু, কটুবিপাক, উষ্ণবীৰ্য, কফবাতনাশক, ৰুচিকাৰক পাচক, বমিনিবাৰক, বাতানুলোমক, ক্ৰিমিঘ্ন, হৃদয়োত্তেজক, কফ নিসাৰান, আক্ষেপকহৰ, মুত্ৰপ্ৰৱৰ্তক, বেদনাস্থাপক, দুগৰ্ন্ধ নিবাৰক, ব্ৰনৰোপক, গৰ্ভাশয় সংকোচন, স্বেদজনক, চৰ্মৰোগ ইবাৰক, জ্বৰনাশক, বিষহৰ, অৰুচি,অগ্নিমান্দ্য আধমান,অতিসাৰ,হৃদদৌৰ্বল্য,কাহ,শ্বাস,হিকতি নাশক,মুত্ৰকৃচ্ছ্ৰ,জ্বৰ বা জ্বৰান্তে হোৱা দুৰ্বলত নিবাৰক।

১/অগ্নিমান্দ্য,অজীৰ্ন,অমাশয়,পেটফুলা,বমি,হাহনি আদি ৰোগত পদিনাৰ শুকান পাত ২ তোলা(২৪গ্ৰাম)পানী ৩২ তোলা(২৪০ গ্ৰাম)থকাত নমাই চেকি লব।ইয়াৰ লগত ২০ তোলা(২৪০ গ্ৰাম)নেমুৰ ৰস আৰু ৪০ তোলা(৪৮০ গ্ৰাম)চেনী মিহলাই পগাই ৰস তৈয়াৰ কৰি ৰাখিব।এই ঔষধ ২ তোলা (২৪ গ্ৰাম)কৈ খালে পাচকাগ্নি বৃদ্ধি হৈ খাদ্য বস্ত সহজে হজম হয়।ই অৰুচি নিবাৰক।পদিনাৰ লগত ভজা জিৰাৰ গুড়ি আৰু বিটলোণ মিহলাই খালেও উক্ত ৰোগ আৰোগ্য হয়।

২/বমি নিবাৰনৰ বাবে পদিনাশক আধা তোলা(৬গ্ৰাম)সৈন্ধৱ লোন ২ ৰাতি(২৫০ মি:গ্ৰাম)ঠাণ্ডা পানীৰ লগত বটি নেমুৰ ৰস মিহলাই অকন অকন কৈ খালেও বমি বন্ধ হব।

৩/পেট বিষালে পদিনা শাকৰ ৰস আধা তোলা ৬গ্ৰাম আদাৰ ৰস চাৰি ভাগৰ এক তোলা(৩গ্ৰাম)অকনমান সৈন্ধৱ লোণ মিহলাই খালে উপকাৰ হয়।তীব্ৰ পেটৰ বিষত পদিনাৰ ৰসৰ লগত অলপ জালুকৰ গুড়ি মিহলাই মৌৰ লগত খালেও উপকাৰ হয়।

৪/হাইজা(Cholera)ৰোগত পদিনাৰ ৰস ১ তোলা(১২ গ্ৰাম)পিয়াজৰ ৰস আধা তোলা(৬গ্ৰাম)মিহলাই ৩ ঘন্টাৰ মূৰে মূৰে খালে উক্ত ৰোগ উপশম হয়।

৫/বিষম জ্বৰত(Malaria)পদিনা শাক আৰু আদাৰ ৰস মিহলাই ৩ ঘন্টাৰ মূৰে মূৰে খালে উপকাৰ হয়।

৬/শীতপিত্ত ৰোগত(urticaria)হঠাৎ গা খজুৱাই খজুৱাই ঘামচিৰ দৰে ৰঙা ব্ৰন উঠি অসহ্য যন্ত্ৰনা হলে পদিনাৰ পাত আধা তোলা পানীৰ লগত বটি চেনী মিহলাই খালে উপকাৰ হয়।২/৩ ঘন্টা মূৰে মূৰে খোৱা উচিত।

৭/যোষাপস্মাৰ(হিষ্টিৰিয়া)-তিৰোতা মানুহে হঠাৎ ফিট বা অচেতন হৈ পৰা ৰোগত পদিনাৰ ৰোগত পদিনাৰ ৰস গৰম কৰি খালে উপকাৰ হয়।ঋতুৰ সময়ত কঁকাল বিষোৱা ৰোগত ইয়াক ব্যৱহাৰ কৰিলে উপকাৰ হয়।ইয়াক গৰ্ভৱতী তিৰোতাক খাবলৈ দিয়া উচিত নহয়।

পুইশাক বা পুৰৈ শাক

ইয়াক সংস্কৃতত-উপোদিকা,পোতকী,মালৱা,অমৃতবল্লী বোলে।

গুন: লগু,ৰুক্ষ,তীক্ষ্ণ,কটু,কটুবিপাক,উষ্ণবীৰ্য,কফবাতনাশক,ৰুচিকাৰক,পাচক,বমিনিবাৰক,বাতানুলোমক,ক্ৰিমিঘ্ন,হৃদয়োত্তেজক,কফ,নি:সাৰক,আক্ষেপকহৰ,মুত্ৰপ্ৰবৰ্তক,বেদনাস্থাপক,দুৰ্গন্ধ নিবাৰক,ব্ৰনৰোপক,গৰ্ভাশয় স্ংকোচক,স্বেদজনক,চৰ্মৰোগ নিবাৰক,জ্বৰনাশক,বিষহৰ,অৰুচি,অগ্নিমান্দ্য আধমান,অতিসাৰ,হৃদদৌৰ্বল্য,কাহ,শ্বাস,হিকতি নাশক,মুত্ৰকচ্ছ জ্বৰ বা জ্বৰান্তে হোৱা দুৰ্বলতা নিবাৰক।

১/অগ্নিমান্দ্য,অজীৰ্ন,অমাশায়,পেটফুলা,বমি,হাগনি আদি ৰোগত পদিনাৰ শুকান পাত ২ তোলা(২৪গ্ৰাম)পানী ৩২ তোলা(৩৮৪ গ্ৰাম)সিজাই ২০ তোলা(২৪০ গ্ৰাম)থকাত নমাই চেকি লব।ইয়াৰ লগত ২০ তোলা(২৪০গ্ৰাম),নেমুৰ ৰস আৰু ৪০ তোলা(৮৪০ গ্ৰাম)চেনি মিহলাই পগাই ৰস তৈয়াৰ কৰি ৰাখিব।এই ঔষধ ২ তোলা(২৪ গ্ৰাম)কৈ খালে পাচকাগ্নি বৃদ্ধি হৈ খাদ্য বস্ত সহজে হজম হয়।ই অৰুচি নিবাৰক।পদিনাৰ লগত ভজা জিৰাৰ গুড়ি আৰু বিটলোন মিহলাই খালেও উক্ত ৰোগ আৰোগ্য হয়।

২/বমি নিবাৰনৰ বাবে পদিনাশাক আধা তোলা(৬গ্ৰাম),সৈন্ধৱ লোন ২ ৰতি(২৫০ মি:গ্ৰাম)ঠাণ্ডা পানীৰ লগত বটি নেমুৰ ৰস মিহলাই অকন অকন কৈ খালেও বমি বন্ধ হব।

৩/পেট বিষালে পদিনা শাকৰ ৰস আধা তোলা(৬গ্ৰাম)আদাৰ ৰস চাৰি ভাগৰ এক তোলা(৩গ্ৰাম)অকনমান সৈন্ধৱ লোণ মিহলাই খালে উপকাৰ হয়।তীব্ৰ পেটৰ বিষত পদিনাৰ ৰসৰ লগত অলপ জালুকৰ গুড়ি মিহলাই মৌৰ লগত খালেও উপকাৰ হয়।

৪/হাইজা(Cholera)ৰোগত পদিনাৰ ৰস ১ তোলা(১২ গ্ৰাম)পিয়াজৰ ৰস আধা তোলা(৬গ্ৰাম)নেমুৰ ৰস আধা তোলা(৬গ্ৰাম)মিহলাই ৩ ঘণ্টাৰ মূৰে মূৰে খালে উক্ত ৰোগ উপশম হয়।

৫/বিষম জ্বৰত(Malaria)পদিনা শাক আৰু আদাৰ ৰস মিহলাই ৩ ঘন্টাৰ মূৰে মূৰে খালে উপকাৰ হয়।

৬/শীতপিত্ত ৰোগত(Urticaria)হঠাৎ গা খজুৱাই খজুৱাই ঘামচিৰ দৰে ৰঙা ব্ৰন উঠি অসহ্য যন্ত্ৰনা হলে পদিনাৰ পাত আধা তোলা পানীৰ লগত বটি চেনি মিহলাই খালে উপকাৰ হয়।২/৩ ঘণ্টা মূৰে মূৰে খোৱা উচিত।

৭/যোষাপস্মাৰ(হিষ্টিৰিয়া):তিৰোতা মানুহে হঠাৎ ফিট বা অচেতন হৈ পৰা ৰোগত পদিনাৰ ৰস গৰম কৰি খালে উপকাৰ হয়।ঋতুৰ সময়ত কঁকাল বিষোৱা ৰোগত ইয়াক ব্যবহাৰ কৰিলে উপকাৰ হয়।ইয়াক গৰ্ভৱতী তিৰোতাক খাবলৈ দিয়া উচিত নহয়।

পুইশাক বা পুৰৈ শাক:ইয়াক স্ংস্কৃতত –উপোদিকা,পোতকী,মালৱা,অমৃতবল্লী বোলে।

গুন:লঘু,মধুৰ,মধুৰবিপাক,স্নিগ্দ্ধ শীতবীৰ্য,পিচ্ছিল,ৰুচিকৰ,তৃপ্তিজনক,কফকাৰক,বাতপিত্তহৰ,মুত্ৰপ্ৰৱৰ্তক,নিদ্ৰাজনক,ৰক্তপিত্তশামক,পুষ্টিকৰ,বীৰ্যবৰ্দ্ধক,দাহনিবাৰক,কন্ঠৰ অহিতকৰ,দুষিতকফ নি:সাৰক,অতিসাৰ,বাতপৈত্তিক,কফ,শ্বাস,মুত্ৰকৃচ্ছ্ৰ,প্ৰমেহ,ফোড়া,বিস্পোট,বিদ্ৰাধি,ৰক্তপিত্ত,ৰক্তাৰ্শ,কোষ্ঠবদ্ধতা,দৌৰ্বল্য,কৃশতা আদি ৰোগ নিবাৰক।ইয়াক ঘিউ বা তিলতেলেৰে বান্ধি খাব লাগে।সৰিয়হ তেলেৰে ৰান্ধিলে অপকাৰক হয়।ই পালেং শাকৰ সমগুন বিশিষ্ট।

১/ব্যাধি,বিষফোড়া,জুয়ে পোৰা,দাহ,মূৰৰ বিষ,খজুৱতি,অজীৰ্ণৰ পৰা হোৱা শীতপিত্ত ৰোগত ইয়াৰ পাতৰ ৰস লগালে উপকাৰ হয়।

২/মুৰৰ বিষত ইয়াৰ পাত বটি কপালত ভৰন দিলে উপকাৰ হয়।টোপনি নহলে ইয়াৰ ৰস খালে উপকাৰ হয়।

৩/ফোড়া পকাৰৰ আৱশ্যক হলে ইয়াৰ পাত বটি লেপ দিলে ফোড়া পকি ফাটি যায়।

কল্মৌ শাক

ইয়াক স্ংস্কৃতত-কলম্ব শাকনাড়িকা,শতপৰ্ব,কলম্বী বোলে।

গুন: মধুৰ শীতবীৰ্য,শুক্ৰজনক,স্তন্যবৰ্ধক,গ্ৰাহী,কফবাতকাৰক,ৰক্তাবিকাৰ,কুষ্ঠ,কৃমি নাশক।আফিঙৰ নিচা গুচাবলৈ ই অপূৰ্ব মহৌষধ।

১/ৰক্ততিসাৰ ৰোগত ইয়াৰ কোমল পাত ঠাৰি তৰকাৰী কৰি খালে উপকাৰ হয়।

২/ৰক্তপিত্ত ৰোগত(মুখ নাকেৰে বা শৌচ পেচাবৰ দ্বাৰাৰে তেজ ওলোৱআ ৰোগত)ইয়াৰ ৰস মিচিৰি মিহলাই খালে উপকাৰ হয়।

৩/ব্ৰ্ন পকাবলৈ ইয়াৰ পাত বটি পেল দিলে ব্ৰন পকি যাব।

দোৰোণ বা দুৰুন ফুল

ইয়াক সংস্কৃতত-দ্ৰোনপুষ্পী,কুম্ভী,ৰুদ্ৰপুষ্পা বোলে।

গুন:ইয়াৰ পাত,কফনি:ৰসাৰক,কৃমি নাশক,কামোদ্দীপক,শ্ৰান্তিদায়ক,মৃদুবিৰেচক,অগ্নিবৰ্ধক,অৰ্শ আৰু চকুৰ ব্ৰন নাশক,পুষ্টিকৰ,বিষমজ্বৰ(মেলেৰিয়া)নিবাৰক।

১/সৰ্পবিষ নিবাৰনৰ বাবে ইয়াৰ সম্পূৰ্ন পূৰঠ গছ পৰিস্কাৰ কৰি খুন্দি ৰস উলিয়াই চেকী ২ তোলা ৰসৰ লগত ৩/৪ টা জালুক বটি ২ ঘন্টাৰ মূৰে মূৰে খুৱাব আৰু উক্ত ৰস ২/৩ ফোটা চকুত নাকত আৰু কানত দিব।এনেকৈ দোৰোন ব্যৱহাৰ কৰিলে অচতন হোৱা মানুহে চৈতন্য লাভ কৰে বুলি জানিব পৰা গৈছে।

২/শ্বাস(Asthma)ৰোগত ইয়াৰ সম্পূৰ্ন পূৰঠ গছ উভালি আনি শুকুৱাই পুৰিব।ইয়াৰ ছাই ১ সেৰ(১কি:),৪ সেৰ(৪লিটাৰ)পানীত গুলি ২ ঘণ্টা তেনেদৰে ৰাখিব।২ ঘন্টাৰ পিছত পানীখিনি চেকি লব।চেকি লোৱা পানীখিনি আকৌ ৪ ঘন্টামান তেনেকৈয়ে ৰাখিব।তলত পৰা গেদ খিনি বাদ দি ওপৰে ওপৰে খাৰ খিনি বটলত ভৰাই ৰাখিব।তলত পৰা গেদ খিনি বাদ দি ওপৰে ওপৰে খাৰ খিনি বটলত ভৰাই ৰাখিব।এই খাৰ শ্বাস উঠিলে ২ তোলাকৈ ১৫ মিনিটৰ মূৰে মূৰে খালে শ্বাসৰ বাধা কমিব।

৩/বাতৰোগত ইয়াক সম্পূৰ্ন গুড়ি কৰি ৰাখিব।এই গুড়ি আধাতোলা(৬গ্ৰাম),৩/৪টা জালুকৰ গুড়ি ২ তোলা (২৪ গ্ৰাম) মৌৰ লগত দিনে দুবাৰকৈ খাব।

৪/যকৃৎ আৰু প্লীহা বৃদ্ধি হলে পূৰঠ দোৰোন গছৰ শিপা ৰবিবাৰে তুলি আনি ইয়াৰ লগত সপিজিভা শাক (কোনো কোনোৱে খৰিকা পেতিয়া বুলিও কয়)আধা তোলা(৬গ্ৰাম)বটি,১০ তোলা(১২০ গ্ৰাম)পানী মিহলাই কুহুমীয়া গৰম কৰি আধা তোলা (৬গ্ৰাম)দানা গুড় মিহলাই পুৱা খাব।খোৱাৰ পিছত শৌচ বা বমিও হব পাৰে,ভয় নকৰিব।উক্ত প্ৰকাৰে ৩টা ৰবিবাৰে খালে উক্ত ৰোগ আৰোগ্য হব।

হেলচী শাক

স্ংস্কৃতত ইয়াক-হিলমোচিকা বোলে।

গুন: ই তিতা,বিপাক কটু,(পৰিপাক হলে জ্বলা হয়)উষ্ণবীৰ্য,কফ,পিত্ত,শোথ,চৰ্মৰোগ কুষ্ঠাদি নাশক।ইয়াৰ পাত সামান্য কেহা,শীতল,মৃদুবিৰেচক,কফ,চৰ্মৰোগ,বসন্তৰোগ নাশক।

১/গাৰ গোন্ধ নিবাৰনৰ বাবে ইয়াৰ পাতৰ ৰসৰ লগত সমুদ্ৰ্ফেণ (বজাৰত ঔষধৰ মচলা বিক্ৰি কৰা দোকানত পাব)মিহলাই গাত ঘঁহিলে গাৰ দুৰ্গন্ধ দূৰ হয়।

২/বসন্ত ৰোগত ইয়াৰ পাতৰ ৰসৰ লগত বগা চন্দন ঘহিঁ ৩ ঘণ্টাৰ মূৰে মূৰে খালে বসন্তৰ প্ৰকোপ কম হয়।

বৈকুণ্ঠ নাথ দেৱ শৰ্মা

শেহতীয়া উন্নীতকৰণ: : 3/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate