অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কেলচিয়ামৰ বিপদ

কেলচিয়ামৰ বিপদ

খাদ্য আৰু পৰিপূৰকৰ জৰিয়তে মাত্ৰাধিক কেলচিয়াম গ্ৰহণে মহিলাৰ ক্ষেত্ৰত বিপদ মাতিব পাৰে| ছুইডেনত চলোৱা এক সমীক্ষাৰ পিছত কোৱা হৈছে যে অধিক মাত্ৰাত কেলচিয়াম গ্ৰহণে হৃদৰোগ আৰু অন্যান্য ধৰণে মৃত্যু পৰ্যন্ত মাতি আনিব পাৰে| এই সমীক্ষাত ৬১,৪৩৩ গৰাকী মহিলাক ১৯ বছৰ ধৰি অনুসৰণ কৰা হৈছিল| অধ্যয়ন কালত ইয়াৰে ১১,৯৪৪ গৰাকী মহিলা মৃত্যুমুখত পৰে| অধ্যয়নৰ পৰা দেখা গৈছে যে যিসকল মহিলাই দিনটোত ১,৪০০ মিলিগ্ৰাম বা ততোধিক কেলচিয়াম গ্ৰহণ কৰে তেওঁলোকৰ দিনটোত ৬০০ ৰ পৰা ১,০০০ মিলিগ্ৰাম কেলচিয়াম গ্ৰহণ কৰা সকলৰ তুলনাত মৃত্যুৰ আশংকা দুগুণ| যিসকলে ৬০০ মিলিগ্ৰামতকৈ কম পৰিমাণে কেলচিয়াম গ্ৰহণ কৰে তেওঁলোকৰ ক্ষেত্ৰতো মৃত্যুৰ আশংকা বৃদ্ধি পায়| বিশেষকৈ যিসকলে খাদ্যৰ জৰিয়তে কেলচিয়াম গ্ৰহণ কৰাৰ লগতে পৰিপূৰক হিচাপেও কেলচিয়াম গ্ৰহণ কৰে তেওঁলোকৰ ক্ষেত্ৰত বিপদ বেছি| ইয়াত কোৱা হৈছে যে কেলচিয়াম কম পৰিমাণে বা মাত্ৰাধিক পৰিমাণে গ্ৰহণ কৰা দুয়োতাই বিপজ্জনক|

উৎস:- দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 2/14/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate