অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কেলছিয়ামৰ প্ৰয়োজন

শৰীৰ সুস্থ আৰু সবল্ কৰি ৰখাত বিভিন্ন খনিজ লৱণসমূহৰ গুৰুত্ব যথেষ্ট। কিয়নো খনিজ লৱণসমূহ দেহৰ গঠন, বৃদ্ধি, বিকাশ আৰু দৈহিক ক্ৰিয়াৰ নিয়ন্ত্ৰণৰ বাবে আৱশ্যক হয়। আমাৰ দেহৰ বাবে এবিধ অতিকৈ প্ৰয়োজনীয় খনিজ লৱণ হ’ল কেলছিয়াম। এই কেলছিয়াম এজন সুস্থ মানুহৰ দেহত ফছফৰাছৰ লগত ২:১ অনুপাতত থাকে। আমাৰ প্ৰয়োজনীয় আন আন খনিজ লৱণৰ তুলনাত কেলছিয়াম দেহত উচ্চ হাৰত পোৱা যায়। আমাৰ দেহৰ প্ৰতিটো কোষতে কেলছিয়াম পোৱা যায়। দেহত প্ৰায় ৮৫০-১৪০০ গ্ৰাম কেলছিয়াম থাকে আৰু তাৰে ৯৯ শতাংশ হাড় আৰু দাঁতত,বাকী এক শতাংশ পেশী, তেজ, স্নায়ু আৰু উৎসেচকত থাকে।

সকলো বয়সৰ লোকৰ বাবে কেলছিয়ামৰ প্ৰয়োজন হয়। কাৰণ-

  • দেহৰ হাড় তথা দাঁতৰ গঠন আৰু নিৰ্মাণত কেলছিয়ামে প্ৰধান ভূমিকা লয়।
  • দেহৰ হাড় আৰু দাঁত সুস্থ আৰু মজবুত কৰি ৰখাত সহায় কৰে।
  • শৰীৰত ৰক্তক্ষৰণ বন্ধ কৰাৰ উপৰিও তেজ গোট মৰা কামত সহায় কৰে।
  • দেহৰ মাংসপেশীৰ সংকোচন আৰু স্নায়ু তন্ত্ৰৰ সম্যক ক্ৰিয়াৰ বাবে কেলছিয়ামৰ প্ৰয়োজন হয়।
  • কিছুমান উৎসেচক সক্ৰিয় কৰি ৰখাত সহায় কৰে।
  • হৃদযন্ত্ৰৰ স্পন্দনৰ হাৰ বৃদ্ধি কৰাৰ উপৰিও সংকোচন ক্ষমতা বঢ়ায়।

বিভিন্ন খাদ্য বস্তুত কম বেছি পৰিমাণে কেলছিয়াম পোৱা যায়। ঘেঁহু, বজৰা, চুজী, ৰাগী, আটা, ময়দা আদি শস্যজাতীয় খাদ্য, মগুমাহ, বুটমাহ, ৰাজমাহ, চয়াবিন, মাটিমাহ, মটৰ মাহ, বুটৰ দাইল আদি মাহজাতীয় খাদ্যত প্ৰচুৰ পৰিমাণে কেলছিয়াম থাকে। দুগ্ধজাত খাদ্যৰ ভিতৰত গাখীৰ, পনীৰ, ছানা, দৈ, গুড়ি গাখীৰ আদিতো যথেষ্ট পৰিমাণে কেলছিয়াম পোৱা যায়। সেউজীয়া শাক-পাচলি যেনে সৰিয়হ শাক, মেথী শাক, বন্ধাকবি, গাজৰৰ কুমলীয়া পাত, কচু শাক, চজিনাৰ পাত, বীটৰ কুমলীতা পাত, ধনীয়া শাক আদিত যথেষ্ট কেলছিয়াম থাকে। অন্যান্য পাচলিৰ ভিতৰত ভেন্দি, বিন, ফুলকবি, বিলাহী, গাজৰ, মূলা, পিয়াজ, মিঠা আলু, কাঠ আলু আদিতো কেলছিয়াম পোৱা যায়। ফল-মূলৰ ভিতৰত তৰমুজ, কমলা, মৌচম্বী, আমলখি আদিত আৰু শুকান ফল-মূল আৰু বাদাম যেনে আখৰোট, খেজুৰ, বাদাম, শুকান নাৰিকল আদিত কেলছিয়াম থাকে। তৈলবীজৰ ভিতৰত তিল, বাদাম আৰু সৰিয়হত যথেষ্ট পৰিমাণত কেলছিয়াম পোৱা যায়। ইয়াৰোপৰি মা-মছলা, মাছ, মাংস, কণী আদিতো কেলছিয়াম পোৱা যায়।

কেলছিয়ামৰ দৈনিক প্ৰয়োজনীয়তাৰ পৰিমাণে বয়স অনুসৰি নিৰ্ধাৰণ কৰা হৈছে। শিশুৰ হাড় আৰু দাঁত মজবুত কৰি ৰখাৰ বাবে কেলছিয়ামৰ চাহিদা বেছি। সেইদৰে সন্তান সম্ভৱা মহিলা আৰু দুগ্ধদাত্ৰী মাতৃৰ বাবেও দৈনিক যথেষ্ট পৰিমাণে কেলছিয়ামৰ প্ৰয়োজন হয়।

দৈনিক প্ৰয়োজন হোৱা কেলছিয়ামৰ পৰিমাণৰ তালিকা-

কেঁচুৱাৰ বাবে-

৫০০-৬০০ মি:গ্ৰা:

ল’ৰা-ছোৱালীৰ বাবে-

(১ বছৰৰ পৰা ৯ বছৰ পৰ্যন্ত)

(১০ বছৰৰ পৰা ১৫ বছৰ পৰ্যন্ত)

 

৪০০-৫০০ মি:গ্ৰা:

৫০০-৬০০ মি:গ্ৰা:

কিশোৰ-কিশোৰীৰ বাবে-

(১৬ বছৰৰ পৰা ১৯ বছৰ পৰ্যন্ত)

 

৫০০-৬০০ মি:গ্ৰা:

বয়স্ক পুৰুষ আৰু মহিলাৰ বাবে

৪০০-৫০০ মি:গ্ৰা:

সন্তান সম্ভৱা মহিলাৰ আৰু দুগ্ধদাত্ৰী মাতৃৰ বাবে

১০০০ মি:গ্ৰা:

 

আমাৰ দেশত সাধাৰণতে গৰ্ভৱতী আৰু শিশুক দুগ্ধপান কৰোৱা মাতৃৰ শৰীৰত কেলছিয়ামৰ অভাৱ দেখিবলৈ পোৱা যায়। দৈনিক আহাৰৰ যোগেদি এনে মহিলাৰ বাবে যাতে যথেষ্ট পৰিমাণে কেলছিয়ামৰ যোগান ধৰিব পৰা হয়, তালৈ আটায়ে লক্ষ্য কৰিব লাগে। বাঢ়ি অহা ল’ৰা-ছোৱালীয়ে যাতে কেলছিয়ামৰ অভাৱত ভুগিবলগীয়া নহয়, তাৰ বাবে আহাৰ পৰিকল্পনাৰ ব্যৱস্থা কৰিব লাগে আৰু দৈনিক আহাৰত কেলছিয়াম যুক্ত আহাৰৰ যোগান ধৰা অতি প্ৰয়োজন। দৈনিক আহাৰত বয়স অনুসৰি যদিহে কেলছিয়ামৰ পৰিমাণ তাৰতম্য ঘটে, তেনেহ’লে স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক। কিয়নো ইয়াৰ অভাৱত হাড় আৰু দাঁতৰ নানান বেমাৰ হ’ব পাৰে। শৰীৰত কেলছিয়ামৰ পৰিমাণ হ্ৰাস পালে হৃদযন্ত্ৰৰ স্পন্দন দুৰ্বল হয়। শিশুৰ দৈনিক আহাৰত কেলছিয়ামৰ যোগান নিয়মীয়া নহ’লে আৰু ইয়াৰ অভাৱ ঘটিলে ‘পয়ালগা’ ৰোগ হোৱাৰ আশংকা থাকে। এই ৰোগ হ’লে শিশুৰ স্বাভাৱিক বৃদ্ধি আৰু বিকাশ বাধাগ্ৰস্ত হয় আৰু হাড় দুৰ্বল হয়। আনহাতে, বয়স্ক লোকৰ খাদ্যত কেলছিয়ামৰ অভাৱ ঘটিলে ‘অষ্টিয়’মেলচিয়া’ ৰোগ হোৱাৰ সম্ভাৱনা থাকে। গতিকে কেলছিয়াম যুক্ত আহাৰ যাতে নিয়মীয়াকৈ পাব পাৰে তালৈ আটায়ে মন কৰিব লাগে। দেহত কেলছিয়াম স্বাভাৱিকভাৱে শোষণ কৰিবৰ বাবে ফছফৰাছ, ভিটামিন ‘ডি’ আৰু ভিটামিন ‘চি’ ৰ আৱশ্যক হয়।

কিছুমান খাদ্যবস্তুত থকা কেলছিয়ামৰ পৰিমাণ (প্ৰতি ১০০ গ্ৰামত)

খাদ্যবস্তু

মিলিগ্ৰাম

ঘেঁহু

৪৮

ৰাগী

৩৪৪

বজৰা

৪২

বুটমাহ

২০২

বুটৰ দাইল

৫৬

মাটিমাহ

১৫৪

মগুমাহ

১২৪

মটৰ মাহ

৭৫

ৰাজমাহ

২৬০

ৰহৰ দাইল

৭৩

মচুৰ দাইল

৬৯

গাখীৰ (ম’হৰ)

২১০

গাখীৰ (গৰুৰ)

১২০

দৈ (গৰুৰ)

১৪৯

চীজ

৭৯০

চৰ্বিবিহীন গাখীৰ

১৩৭০

বাদাম

২৩০

নাৰিকল (শুকান)

৪০০

তিল

১৪৫০

চীনা বাদাম

৯০

আখৰোট

১০০

খেজুৰ

১২০

গুড় (কুঁহিয়াৰ)

৮০

সৰিয়হ

৪৯০

মাংস (ছাগলী)

১৫০

কেঁকোৰা

১৬০৬

মিছামাছ

৩২৩

ৰৌমাছ

৬৫০

ইলিছমাছ

১৮০

চিতল মাছ

১৮০

কণী (হাঁহ)

৭০

কচু শাক

৪৬০

চজিনা শাক

৪৪০

মেথি শাক

৩৯৫

ধনিয়া শাক

১৮৪

গাজৰৰ কুমলীয়া পাত

৩৪০

ফুলকবিৰ কুমলীয়া পাত

৬২৬

পদিনা

২০০

নৰসিংহ পাত

৮৩০

বন্ধাকবি

৩৯

গাজৰ

৮০

মূলা

৫০

আলু

১৫৮৪

ভেন্দি

৬৬

বিন

১৩০

ফুলকবি

৩৩

পিঁয়াজ

৪০

মিঠা আলু

৪৬

তৰমুজ

৩২

সুমথিৰা টেঙা

২৬

আমলখি

৫০

লং

৭৪০

জালুক

৪৬০

জিৰা

১০৮০

হিং

৬৯০

ইষ্ট

১৬০

গতিকে আহাৰ পৰিকল্পনাকাৰীয়ে পৰিয়ালৰ বাবে আহাৰৰ খাদ্যবস্তু নিৰ্বাচন কৰোঁতে কেলছিয়ামযুক্ত খাদ্যৰ ওপৰত অধিক গুৰুত্ব দিব লাগে আৰু ওপৰত উল্লেখ কৰা তালিকাৰ পৰা যিকোনো খাদ্যবস্তু নিজৰ ৰুচি মতে দৈনিক খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰি কেলছিয়াম অতি সহজে আৰু কম খৰচতে লাভ কৰিব পাৰে আৰু সুস্বাস্থ্য গঢ়ি তুলিব পাৰে।

লেখিকা: ড০ মলয়া মাধুৰী বৰা, অধ্যাপিকা, সন্দিকৈ ছোৱালী মহাবিদ্যালয়, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

শেহতীয়া উন্নীতকৰণ: : 4/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate