অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

খনিজ পদাৰ্থ আয়ৰণৰ বিসয়ে দুআষাৰ :

 

আয়ৰণ বা লৌহ পদাৰ্থ শৰীৰৰ বাবে আৱশ্যকীয় এবিধ খনিজ উপাদান। আমি জানো, আমাৰ ইতেজত প্ৰধানকৈ তিনিবিধ কণিকা থাকে, এইবোৰ ‘প্লাজমা’ নামৰ তৰল পদাৰ্থত ওপঙি থাকে। এই তিনিবিধ কণিকা হৈছে- শ্বেত ৰক্তকণিকা, লোহিত ৰক্ত কণিকা আৰু প্লেটলেট! আয়ৰণ লোহিত ৰক্ত কণিকাৰ এটা প্ৰধান উপাদান! ই ‘হিমোগ্ল’বিন ভাগত থাকে। সেইবাবে তেজৰ ৰং ৰঙা। হিমো মানে ৰঙা আৰু গ্ল’বিন হৈছে এবিধ প্ৰোটিন। এই হিমো ভাগ প্ৰস্তুত হ’বৰ বাবে আয়ৰণৰ আৱশ্যক।

আয়ৰণৰ প্ৰধান কাম -

আমি কিয় আয়ৰণ থকা আহাৰ খোৱাৰ ওপৰত গুৰুত্ব দিব লাগে, সেইটো ভালদৰে উপলব্ধি কৰিবলৈ আগতে জানি লওঁ আমাৰ শৰীৰত ই প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কি কি কাম কৰে।

তেজৰ লোহিত ৰক্তকণিকাত থকা হিমোগ্ল’বিনৰ অক্সিজেন বহন কৰিব পৰা ক্ষমতা আছে। আমি উশাহত লোৱা অক্সিজেনখিনি হিমোগ্ল’বিনে হাওঁফাওঁৰ পৰা বহন কৰি শৰীৰৰ বিভিন্ন কোষলৈ কঢ়িয়াই নিয়ে আৰু কোষবোৰত বিভিন্ন ৰাসায়নিক ক্ৰিয়াৰ ফলত উৎপন্ন হোৱা কাৰ্বন-ডাই-অক্সাইড ভাগ বহন কৰি শৰীৰৰ পৰা উলিয়াই দিবৰ বাবে পুনৰ হাওঁফাওঁলৈ কঢ়িয়াই আনে। এইদৰে আমাৰ শৰীৰত অত্যধিক কাৰ্বন-ডাই-অক্সাইড জমা হোৱাৰ পৰা বাচি থাকে আৰু আমাক সুস্থ হৈ থকাত সহায় কৰে। আমাৰ শৰীৰৰ বিভিন্ন আভ্যন্তৰিণ কামৰ বাবে প্ৰয়োজনীয় অক্সিজেন যোগান ধৰে।

দ্বিতীয়তে, আমাৰ শৰীৰৰ কোষবোৰত কিছু আয়ৰণ মায়োগ্ল’বনি হিচাপে সঞ্চিত থাকে। মায়োগ্ল’বিনৰ অক্সিজেন ধৰি ৰাখিব পৰা ক্ষমতা আছে। এই সঞ্চিত অক্সিজেনভাগ শৰীৰৰ মাংসপেশীবোৰে সঞ্চালনৰ বাবে ব্যৱহাৰ কৰে।

তৃতীয়তে, আমি খোৱা আহাৰত থকা কাৰ্বোহাইড্ৰেট, প্ৰোটিন আৰু চৰ্বি হজম প্ৰক্ৰিয়াৰ মাজেৰে যোৱাৰ পিছত ক্ষুদ্ৰ অন্ত্ৰৰ(Small Intestine) বেৰৰ পৰা শৰীৰে শোষণ কৰে। এই শোষিত উপাদানবোৰ শৰীৰে গ্ৰহণ কৰিবৰ বাবে পুনৰ ৰূপান্তৰিত হ’ব লাগে। যি ৰাসায়নিক প্ৰক্ৰিয়াৰ মাজেৰে এই ৰূপান্তৰ হয়, সেই প্ৰক্ৰিয়াক ‘মেটাব’লিজম’(বিপাক ক্ৰিয়া) বুলি এইদৰে ৰূপান্তৰিত হোৱাৰ পিছতো কিছু অংশ কোষবোৰৰ ভিতৰত থাকি যায়। এই বাকী ৰোৱা উপাদানবোৰ সম্পূৰ্ণভাৱে ভাঙি শক্তি উৎপন্ন কৰাত আয়ৰণে সহায় কৰে। ইয়েই বুজায়, আমাৰ দৈনন্দিন কাম-কাজ কৰাত আয়ৰণৰ অৰিহণা কিমান।

চতুৰ্থতে, মগজুৰ কিছুমান বিশেষ কামৰ বাবে আয়ৰণ অতি আৱশ্যক। যেনে- মনোযোগ, শক্তি, কথা-শিকাৰ শক্তি, তাৎক্ষণিক স্মৰণ শক্তি(Immediate memory)।

পঞ্চমতে, মেটাব’লিজম প্ৰক্ৰিয়াৰ বাবে বিভিন্ন এনজাইমৰ দৰকাৰ। আয়ৰণ এনে কিছুসংখ্যক এনজাইমৰ এটা প্ৰধান অংশ।

ষষ্ঠতে, যদি আমাৰ শৰীৰত আয়ৰণ সঠিক মাত্ৰাত থাকে, তেন্তে সহজে আমি বীজাণুৰ দ্বাৰা আক্ৰান্ত নহওঁ। অৰ্থাৎ আমাৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা শক্তিশালী হয়।

খাদ্যৰ উৎস -

সচৰাচৰ আমি খোৱা খাদ্যত পোৱা আয়ৰণৰ উৎসবোৰ হৈছে-

শাক-পাচলি:

সেউজীয়া শাক, বিশেষকৈ মৰিচা, পালেং, কচুশাক, পদিনা, সৰিয়হ শাক আদি। বিট, ভেণ্ডি, কাচকল, চজিনা, সৰু তিতা, কেৰেলা, মটৰ, বিন আদি।

ফল:

কল, মধুৰিআম, আপেল, ডালিম আদি। শুকান ফল, যেনে- খেজুৰ, বাদাম, কিচমিচ, ডিমৰু(fig)।

শস্য:

ঘেঁহু, চিৰা, যৱধান, বজৰা আদি।

মাহ:

গোটা মাহ, ছয়াবিন, ৰাজমাহ, লুবিয়া আদি।

অন্যান্য:

গুড়, তিল, কেঁচা, হালধি, ৰঙালাউৰ গুটি আদি।

প্ৰাণীজ খাদ্য:

কণীৰ কুহুম, মাংসৰ কলিজা, কুচিয়া মাছ।

বিভিন্ন খাদ্যবস্তুত থকা আয়ৰণৰ পৰিমাণ(প্ৰতি এশ গ্ৰামৰ হিচাপত) -

 

ঢেঁকীৰ উখুৱা চাউল

৪ মিঃগ্ৰাম

ঢেঁকীয়া অন্য চাউল

৩.১ মিঃগ্ৰাম

আটা

১১.৫ মিঃগ্ৰাম

চিৰা

২০ মিঃগ্ৰাম

মুড়ি

৬.৬ মিঃগ্ৰাম

বজৰা

৫০ মিঃগ্ৰাম

 

মাহজীয় শস্য:

 

ৰাজমা

৫.৮ মিঃগ্ৰাম

ছয়াবিন

১১.৫ মিঃগ্ৰাম

ভজা বুট দাইল

৯.৫ মিঃগ্ৰাম

বুট দাইল

৯.১ মিঃগ্ৰাম

মাটি দাইল

৯.১ মিঃগ্ৰাম

গোটা মগু

৭.৩ মিঃগ্ৰাম

মচুৰ দাইল

৪.১ মিঃগ্ৰাম

 

সেউজীয়া শাক:

 

ক’লা কচু শাক

৩৮.৭ মিঃগ্ৰাম

মৰিচা শাক

২৫.৫ মিঃগ্ৰাম

মূলা শাক

১৮ মিঃগ্ৰাম

ধনিয়া

১৮ মিঃগ্ৰাম

সৰিয়হ শাক

১৬.৭ মিঃগ্ৰাম

মেথি শাক

১৬.৫ মিঃগ্ৰাম

পালেং

১০.৯ মিঃগ্ৰাম

সেউজীয়া কচু

১০.০ মিঃগ্ৰাম

নৰসিংহ পাত

৭ মিঃগ্ৰাম

চজিনা পাত

৭ মিঃগ্ৰাম

 

অন্য পাচলি:

 

পিয়াঁজৰ নলা

৭.৫ মিঃগ্ৰাম

চজিনা

৫.৩ মিঃগ্ৰাম

কলডিল

১.৬ মিঃগ্ৰাম

সৰু তিতা কেৰেলা

২ মিঃগ্ৰাম

মটৰ

১.৫ মিঃগ্ৰাম

ভেন্দি

১.৫ মিঃগ্ৰাম

বিন

১.৪ মিঃগ্ৰাম

কাচকল

০.৬ মিঃগ্ৰাম

 

প্ৰাণীজ খাদ্য:

 

হাঁহৰ কণী

৩ মিঃগ্ৰাম

কুকুৰাৰ কণী

২.১ মিঃগ্ৰাম

ছাগলী মাংসৰ কলিজা

২.৫ মিঃগ্ৰাম

ছাগলীৰ মাংস

২.৫ মিঃগ্ৰাম

শিঙি মাছ

২.৩ মিঃগ্ৰাম

ৰৌ মাছ

১ মিঃগ্ৰাম

মিছা মাছ

৫.৩ মিঃগ্ৰাম

 

পকা ফল:

 

মধুৰিআম

১.৪ মিঃগ্ৰাম

মাটিকঠাল

১.২ মিঃগ্ৰাম

বগৰী

১.৮ মিঃগ্ৰাম

কুঁহিয়াৰৰ ৰস

১.১ মিঃগ্ৰাম

কল

০.৯ মিঃগ্ৰাম

আপেল

০.১ মিঃগ্ৰাম

 

শুকান ফল:

 

খেজুৰ

৭.৩ মিঃগ্ৰাম

কিচমিচ

৭.৭ মিঃগ্ৰাম

আখৰোট

৪.৮ মিঃগ্ৰাম

বাদাম

২.৮ মিঃগ্ৰাম

 

অন্যান্য খাদ্য:

 

কুঁহিয়াৰৰ গুড়

১১.৪ মিঃগ্ৰাম

ৰঙালাওৰ গুটি

৫.৫ মিঃগ্ৰাম

কঠালৰ গুটি

১.৫ মিঃগ্ৰাম

কেঁচা হালধি

১৪.৮ মিঃগ্ৰাম

তিল

১০.৫ মিঃগ্ৰাম

 

(উৎস: Nutritine value of Indian Food, Published by National institute of Nutrition Hyderabad)

 

তেজত হিমোগ্ল’বিনৰ পৰিমাণৰ হিচাপত ৰক্ত হীনতা নিৰ্ধাৰণ -

বয়স

ৰক্তহীনতা নথকা    লোক

ৰক্তহীনতা থকা

সামান্য ৰক্তহীনতা থকা

মজলীয়া ৰক্তহীনতা      থকা

বেছি পৰিমাণে ৰক্তহীনতা থকা

৬ মাহ-৫৯ মাহ

১১.০০ বা বেছি

-১১.০

১০-১০.৯৯

৭-৯.৯৯

-৭

৫ বছৰ-১১ বছৰ

১১.৫ বা বেছি

-১১.৫

১০-১০.৯৯

৭-৯.৯৯

-৭

১২ বছৰ-১৪ বছৰ

১২.০ বা বেছি

-১২.০

১০-১০.৯৯

৭-৯.৯৯

-৭

মহিলা

১২.০ বা বেছি

১২.০

১০-১০.৯৯

৭-৯.৯৯

-৭

গৰ্ভৱতী মহিলা

১১.০ বা বেছি

১১.০

১০-১০.৯৯

৭-৯.৯৯

-৭

প্ৰাপ্তবয়স্ক পুৰুষ

১৩.০ বা বেছি

১৩.০

১০-১০.৯৯

৭-৯.৯৯

-৭

তালিকাকেইখনৰ পৰা দেখা গৈছে যে আমি সচৰাচৰ খোৱা বস্তু খাদ্যবস্তুত আয়ৰণ থাকে। কিন্তু বহু সময়তে তেজ পৰীক্ষা কৰাওঁতে দেখা যায় যে, হিমোগ্ল‘বিনৰ মাত্ৰা নিৰ্ধাৰিত মাত্ৰাতকৈ কম আছে, তেতিয়া আমি আচৰিত হওঁ। ভাবো আমি দেখোন আয়ৰণ থকা খাদ্য খায়ে থাকো। তথাপি কিয় হিমোগ্ল’বিনৰ মাত্ৰা কম? এই প্ৰশ্নৰ উত্তৰ তলৰ আলোচনাৰ পৰা পোৱা যাব।

আমাৰ শৰীৰে আয়ৰণভাগ ভালদৰে গ্ৰহণ কৰিবৰ বাবে কিছু সাৱধানতা ল’ব লাগে। কিন্তু সতৰ্ক হৈ খোৱা-বোৱা কৰিলে আহাৰত থকা আয়ৰণ শৰীৰে ভালদৰে শোষণ কৰাত আমি সফল হম। অন্যথাই আমি খোৱা আয়ৰণযুক্ত আহাৰৰ পৰা আমি সম্পূৰ্ণভাৱে উপকৃত হ’ব নোৱাৰিম।

সেউজীয়া শাক আৰু শস্যত আয়ৰণ থাকে। কিন্তু এই খাদ্যবোৰত এনে কিছু পদাৰ্থ থাকে, যিবিলাকে আমাৰ দেহে ভালদৰে আয়ৰণ শোষণ কৰাত বাধা দিয়ে। এই পদাৰ্থবোৰক Iron Inhibitor বোলা হয়। চাহ, কফিত থকা টেনিন, সেউজীয়া শাকত থকা অক্সালেট, শস্যত থকা ফাইটেট এই পদাৰ্থবোৰৰ ভিতৰত পৰে। গতিকে শস্য আৰু সেউজীয়া শাকত থকা আয়ৰণ শৰীৰে ভালদৰে শোষণ কৰিবৰ বাবে এনে খাদ্য খোৱাৰ সময়ত ভিটামিন ‘চি’যুক্ত আহাৰ, যেনে- টেঙা ফল, বিলাহী আদি আৰু আমিষভোজীসকলে ফল, বিলাহী, বন্ধাকবিৰ চালাড অথবা দৈ খালে আমি এই সমস্যাৰ পৰা মুক্ত হ’ব পাৰো। নতুবা ভাত খাই উঠি টেঙা ফল, যেনে- আমলখি, মধুৰিআম, সুমথিৰা, আঙুৰ ইত্যাদি খালেও আমাৰ শৰীৰে আয়ৰণ শোষণ কৰাত সহায়ক হ’ব। ঠিক সেইদৰে, প্ৰধান আহাৰ খোৱাৰ এঘন্টা আগতে আৰু এঘন্টা পিছতহে চাহ, কফি খোৱা উচিত। অন্যথাই এই পানীয়বোৰত থকা টেনিনে আহাৰৰ পৰা ভালদৰে আয়ৰণ আহৰণ কৰাত বাধা দিব। ফিকা চাহত নেমু চেপি খালে এনেবোৰ সমস্যা অৱশ্যে বহু পৰিমাণে লাঘৱ হয়।

ৰক্তহীনতা আৰু আয়ৰণ -

দেহত উপযুক্ত পৰিমাণৰ আয়ৰণৰ অভাৱ হ’লে ৰক্তহীনতাৰ লক্ষণে দেখা দিয়ে। এই ৰোগত ভোগাসকল দুৰ্বল, কম কৰ্মশক্তিযুক্ত, সহজে ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱা আদি সমস্যাত ভোগে। পঢ়া-শুনা কৰা ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত কম মনোযোগক্ষমতা, ভালদৰে কথা শিকিব নোৱাৰা, কথা মনত নথকা আদি নানা লক্ষণ দেখা যায়।

ভাৰতত চলোৱা বিভিন্ন সমীক্ষাত দেখা গৈছে যে শিশু আৰু প্ৰসূতিৰ মৃত্যুৰ অন্যতম কাৰণ- ৰক্তহীনতা। গৰ্ভাৱস্থাত মহিলাৰ শৰীৰত আয়ৰণৰ মাত্ৰা নিৰ্ধাৰিত পৰিমাণতকৈ বহু কম হ’লে জন্ম পাবলগীয়া শিশু অতি দুৰ্বল হয়, তেজৰ পৰিমাণ বহু কম হয় আৰু মৃত্যুমুখত পৰাৰ অধিক সম্ভাৱনা থাকে। প্ৰসৱৰ সময়ত মাতৃগৰাকীৰ যদি অত্যধিক ৰক্তক্ষৰণ হয়, তেন্তে তেওঁৰো মৃত্যু হোৱাৰ আশংকা বেছি থাকে। ৰক্তহীনতাৰ কেবাটাও পৰ্যায় থাকে। সেয়া নিৰ্ভৰ কৰে হিমোগ্ল’বিনৰ মাত্ৰাৰ ওপৰত। বিশ্ব স্বাস্থ্য সংস্থা, ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় শিশু শিক্ষা পুঁজি(UNICEF) আৰু ৰাষ্ট্ৰসংঘই ২০০১ চনত ৰক্তহীনতা সম্পৰ্কীয় এখন তালিকা যুগুতাই উলিয়াইছে।

মুঠৰ ওপৰত আমাৰ শৰীৰত হিমোগ্ল’বিনৰ মাত্ৰা সঠিক ৰখাটো অতি গুৰুত্বপূৰ্ণ কথা, অন্যথাই স্বাস্থ্যৰ অৱনতি ঘটিব। সেই হেতুকে আয়ৰণযুক্ত বিভিন্ন আহাৰ নিয়মিতভাৱে আমি খোৱাৰ উপৰিও সেই আহাৰৰ পৰা যাতে সঠিকভাৱে আয়ৰণ শোষণ কৰি কামত লগাব পাৰে, তাৰ প্ৰতি সজাগ হোৱা উচিত। দুৰ্বল অনুভৱ কৰিলে হিমোগ্ল’বিনৰ মাত্ৰা পৰীক্ষা কৰোৱাই চিকিৎসকৰ পৰামৰ্শ লৈ সেইমতে নিজৰ যত্ন লোৱাটো বাঞ্ছনীয়।

লেখিকা: লুকীমা বৰুৱা(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

শেহতীয়া উন্নীতকৰণ: : 2/27/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate