অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

খাদ্য উপযোগী কাঠফুলা:

 

কাঠফুলা হ’ল ডাঙৰ জাতৰ এবিধ ভেঁকুৰ-

 

খাদ্য উপযোগী কাঠফুলাবোৰ উচ্চ পুষ্টিগুণসম্পন্ন আৰু ৰুচিকৰ খাদ্য উপাদানেৰে ভৰা। খাদ্য উপযোগী কাঠফুলাবোৰ প্ৰোটিনহ, খাদ্যপ্ৰাণ(ভিটামিন) আৰু খনিজ পদাৰ্থৰ অফুৰন্ত ভৰাঁল। প্ৰাকৃতিকভাৱে পোৱা কিছুমান প্ৰজাতিৰ কাঠফুলা কিছুমান বিষাক্ত। খাদ্য উপযোগী কিছুমান প্ৰজাতিৰ কাঠফুলা বিষাক্ত কাঠফুলাৰ সৈতে দেখাত একে হোৱাৰ বাবে বহুতে ভুল কৰি বিষাক্ত কাঠফুলাকে ভক্ষণ কৰাৰ ফলত বহু লোকৰ মৃত্যু ঘটে। ফলত কিছু বছৰৰ আগলৈকে প্ৰাকৃতিকভাৱে গজা কাঠফুলাই ইয়াৰ বিশ্বজনীন গ্ৰহণযোগ্যতা সাব্যস্ত কৰিব পৰা নাছিল।

অৱশ্যে সম্প্ৰতি পৰিস্থিতি সলনি হৈছে। এতিয়া খাদ্য উপযোগী প্ৰজাতিৰ কাঠফুলাৰ খেতি কৰি মানুহে বিজ্ঞানসন্মতভাৱে যথেষ্ট পৰিমাণে উৎপাদন কৰিব পাৰিছে আৰু এইবিলাক কাঠফুলা মানুহে খাব পৰাকৈ সম্পূৰ্ণ নিৰাপদ বুলি প্ৰমাণিত হৈছে।

বজাৰত মানুহে খাব পৰা কাঠফুলা সুলভ মূল্যত আৰু সতকাই পোৱা নাযায়। ইয়াৰ কাৰণ হ’ল- কাঠফুলাৰ বাণিজ্যিক উৎপাদন কম। কাঠফুলাৰ বীজ য’তে ত’তে পোৱাও নাযায় আৰু কাঠফুলা খেতিৰ যাৱতীয় কলা-কৌশল সৰ্বসাধাৰণ ৰাইজে নাজানে বা তেনেকুৱা খেতিৰ দিহা থকা হাতপুথি বজাৰত, কিতাপৰ দোকানত সহজতে পোৱা নাযায়। অসম বিজ্ঞান সমিতি, খানাপাৰাত থকা ‘অসম ৰাজ্যিক গ্ৰামোন্নয়ন প্ৰতিষ্ঠানে’ এই বিষয়ে হাতপুথি প্ৰস্তুত কৰি বিক্ৰী কৰি আহিছে।

আজিলৈকে বিশ্বত আৱিষ্কৃত প্ৰায় ১০,০০০ বিধ প্ৰজাতিৰ কাঠফুলাৰ ভিতৰত ২০০ বিধ কাঠফুলা খাদ্য উপযোগী বুলি প্ৰমাণিত হৈছে। জলবায়ুৰ ওপৰত ভিত্তি কৰি অসমত গোটেই বছৰজুৰি মাত্ৰ তিনিবিধ কাঠফুলাৰ প্ৰজাতিৰহে খেতি কৰিব পৰা যায়।

ইয়াৰ ভিতৰত প্ৰতিবছৰে ছেপ্টেম্বৰ মাহৰ পৰা এপ্ৰিল মাহলৈকে ‘অয়ষ্টাৰ’ প্ৰজাতিৰ, মে’ মাহৰ পৰা ছেপ্টেমোবৰ মাহলৈকে ‘পেডি ষ্ট্ৰ’(Pwddy Straw) আৰু নৱেম্বৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাহলৈকে ‘বাটন’ প্ৰজাতিৰ কাঠফুলাৰ খেতি সহজতে কৰিব পৰা যায়। অসমৰ যোৰহাটত থকা ‘উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান’ত কাঠফুলাৰ ওপৰত গৱেষণা কৰা হয়। গুৱাহাটীৰ পূব অংশৰ খানাপাৰাত থকা ‘ৰাজ্যিক গ্ৰামোন্নয়ন প্ৰতিষ্ঠান’ত কাঠফুলা খেতিৰ বীজ(Spawn) পোৱা যায়। ৰাজ্যিক পৰ্যায়ত কাঠফুলাৰ ক্ৰয় আৰু বিক্ৰয়ৰ এটা প্ৰতিষ্ঠান গুৱাহাটীত আছে। প্ৰতিষ্ঠানটোৰ ঠিকনা ফ’ল- মাশ্বৰূম ডেভেলপমেন্ট ফাউণ্ডেচন, ৩২ আমবাৰী লেম্ব ৰোড, আমবাৰী, গুৱাহাটী, অসম, পিন- ৭৮১০০১, ফোন: (৯১)৯৮৫৪০-০৩০০৩।

কেঁচা কাঠফুলা শুকুৱাবলৈ বিভিন্ন যন্ত্ৰ, ব্যৱহাৰ কৰা হয়। ‘ৰাষ্ট্ৰীয়-নৱপ্ৰৱৰ্তন প্ৰতিষ্ঠানে’(National Innovation Foundation)স্বীকৃতি দিয়া এজন উদ্ভাৱকৰ আহিলাও ব্যৱহাৰ কৰিব পাৰে।

প্ৰতিষ্ঠানটোৰ ৱেবচাইট হ’ল- www.nifindia.org

বিভিন্ন প্ৰজাতিৰ কাঠফুলাৰ ভিতৰত অসমত ‘অয়ষ্টাৰ’ প্ৰজাতিৰ কাঠফুলাবিধেই সৰ্বাধিক জনপ্ৰিয়। তলত অয়ষ্টাৰ জাতৰ কেবিধমান জনপ্ৰিয় প্ৰজাতিৰ কাঠফুলাৰ নাম উল্লেখ কৰা হ’ল-

১)প্লিউৰ’টাছ অ’ষ্ট্ৰিয়েটাছ

(Pleurotus ostroeatus)

২)প্লিউৰ’টাছ চাজৰ কাজু

(Pleurotus sajor caju)

৩)প্লিউৰ’টাছ চাইট্ৰিন’পিলিএটাচ

(Pleurotus citrinopileatus)

৪)প্লিউৰ’টাছ ছাপিডাচ

(Pleurotus sapidus)

৫)প্লিউৰ’টাছ ক’ৰনোকপি

(Pleurotus cornucopiae)

৬)প্লিউৰ’টাছ ফ্লেবেলেটাছ

(Pleurotus flabellatus)

৭)প্লিউৰ’টাছ ফ্ল’ৰিডা

(Pleurotus florida)

৮)প্লিউৰ’টাছ ইৰিংগি

(Pleurotus eryngii)

অয়ষ্টাৰ প্ৰজাতিৰ কাঠফুলা অতি সুমিষ্ট আৰু আৱশ্যকীয় খাদ্যপ্ৰাণ তথা খনিজ পদাৰ্থ মিহলি প্ৰোটিনেৰে সমৃদ্ধ এবিধ মঙহাল খাদ্য উপযোগী কাঠফুলা। কাঠফুলাৰ প্ৰোটিনত বুজন পৰিমাণে লাইচিন(Lysin), আৰিজিনাইন(Ariginine), হিষ্টিডাইন(Histidine) আৰু থ্ৰিওডাইন(Threodine) নিহিত হৈ থাকে।

 

অয়ষ্টাৰ প্ৰজাতিৰ কাঠফুলাৰ খাদ্যমূল্য:

 

খাদ্যৰ উপাদান

শতকৰা হিচাপত পৰিমাণ

পানী

৯০.৮০ শতাংশ

মাংসসাৰ(প্ৰোটিন)

২.৭৮ শতাংশ

শৰ্কৰা

০.৩৫-০.৬৫ শতাংশ

স্নেহ পদাৰ্থ বা চবি

৫.৫১ শতাংশ

আঁহজাতীয় পদাৰ্থ

১.১ শতাংশ

জাবৰুৱা পদাৰ্থ

১.১ শতাংশ

শক্তি

২৪.৪০ কিঃকেল

 

আয়ষ্টাৰ প্ৰজাতিৰ কাঠফুলাত নিহিত খাদ্যপ্ৰাণ আৰু খনিজ পদাৰ্থৰ পৰিমাণ(প্ৰতি এশ গ্ৰাম সতেজ কাঠফুলাত মিলিগ্ৰাম হিচাপত থকা খাদ্যপ্ৰাণ আৰু খনিজ পদাৰ্থ)

 

 

খাদ্যপ্ৰাণ

পৰিমাণ

থিয়ামাইন

৪.৮

ৰিব’ফ্লেভিন

৪.৭

নিয়াচিন

০৮.৭

কেলচিয়াম

৩৩

ফছফৰাছ

১৩৪৮

ছ’ডিয়াম

৮৩৭

পটাছিয়াম

৩৭৩৯

 

বিঃদ্ৰঃ এই সকলোবোৰ পটাছিয়াম ‘বি’ ভিটামিন কমপ্লেক্স।

কাঠফুলাৰ ঔষধি গুণ:

 

নিম্নলিখিত বেমাৰৰ ৰোগীসকলৰ কাৰণে কাঠফুলা অতি উত্তম:

বহুমূত্ৰ ৰোগ, অজীৰ্ণ ৰোগ, পাকস্থলী সম্পৰ্কীয় ৰোগ, যক্ষ্মা ৰোগ, হৃদৰোগ, উচ্চ ৰক্তচাপ, কৰ্কট ৰোগ, এইডছ ৰোগ, স্বাভাৱিক বুদ্ধিমত্তা, কোষ্ঠকাঠিন্য আৰু ৰক্তহীনতা।

পুষ্টিগুণ থকাৰ উপৰি কাঠফুলা এবিধ ভাল খাদ্য। ইয়াক মিহলি কৰি যেতিয়া কোনো খাদ্য ৰন্ধা হয়, তেতিয়া গোটেই খাদ্য দ্ৰব্যখিনিয়ে সুস্বাদু হৈ পৰে।

অনেক ৰসাল পাচলিৰ দৰে কাঠফুলাতো যথেষ্ট পানী থাকে। তদুপৰি ইয়াৰ লগত নিমখ মিহলালে বা ইয়াক তপত কৰিলে তৎকালে ইয়াৰ পৰা ৰস নিৰ্গত হয়। সেয়ে কাঠফুলা ৰন্ধাৰ সময়ত বেলেগে পানী দিয়াৰ প্ৰয়োজন নাই। কাঠফুলা অতি আলসুৱা আৰু ইয়াক বেছি সময় পানীত তিয়াই থ’লে ইয়াৰ সৌৰভগুণ নাইকিয়া হয়। সেয়ে ইয়াক মৃদুভাৱে অথচ ততাতৈয়াকৈ পানীত ধুব লাগে। আনহাতে বিভিন্ন প্ৰজাতিৰ বিভিন্ন প্ৰজাতিৰ কাঠফুলাৰ ঘনত্ব আৰু থিৰতা বিভিন্ন ধৰণৰ আৰু সেই হেতুকে জাত বিশেষে কাঠফুলা ৰান্ধিবৰ কাৰণে বেলেগ বেলেগ সময়ৰ প্ৰয়োজন হয়।

লেখক:ভাৰত চন্দ্ৰ বৰা(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

 

 

 

 

শেহতীয়া উন্নীতকৰণ: : 5/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate