অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

খাদ্য-সামগ্ৰীৰ ভেজালকৰণঃ

খাদ্য-সামগ্ৰীৰ ভেজালকৰণঃ

 

‘ভেজালকৰণ’ এক আইনৰ গণ্ডীৰ শব্দ। The Federal Food, Drugs and Cometics (FD&C) Act (1938) অনুসৰি কোনো এবিধ খাদ্য-সামগ্ৰীক ভেজাল বুলি কোৱা হয়, যেতিয়া-

  • খাদ্য-সামগ্ৰীবিধত স্বাস্থ্যৰ ক্ষতি কৰিব পৰা অনিষ্টকাৰক বা বিষাক্ত প্ৰাণনাশক দ্ৰব্য মিহলি হৈ থাকে।
  • খাদ্য-সামগ্ৰীবিধত যদি মিহলোৱা স্বাস্থ্যৰ বাবে অসুৰক্ষিত দ্ৰব্য থাকে।
  • খাদ্য-সামগ্ৰীবিধ ৰখা পাত্ৰটো যদি আংশিক বা সম্পূৰ্ণভাৱে স্বাস্থ্যৰ অনিষ্ট কৰিব পৰা পদাৰ্থৰ দ্বাৰা তৈয়াৰ হয় আৰু ই ভিতৰত থকা খাদ্যত মিহলি হোৱাৰ আশংকা থাকে।
  • খাদ্য-সামগ্ৰীবিধত অনিষ্ট কৰিব পৰা পৰিমাণৰ কীটনাশক দ্ৰব্য মিহলি হৈ থাকে।
  • খাদ্য-সামগ্ৰীবিধত স্বাস্থ্য অনিষ্ট কৰিব পৰাকৈ সহযোজক থাকে।
  • খাদ্য-সামগ্ৰীবিধত অনিষ্টকাৰক নতুন জন্তুৰ ঔষধ মিহলি থাকিলে।
  • খাদ্য-সামগ্ৰীবিধত স্বাস্থ্যৰ অনিষ্ট কৰিব পৰা ৰং সহযোজক থাকিলে।
  • খাদ্য-সামগ্ৰীবিধত স্বাস্থ্যৰ ক্ষতিকাৰক গেলা অথবা ব্যৱহাৰৰ অনুপোযুক্ত পদাৰ্থ থাকিলে।
  • খাদ্য-সামগ্ৰীবিধ যদি অপৰিষ্কাৰ, দূষিত পৰিৱেশত তৈয়াৰ, পেকেজিং কৰাৰ ফলত তাত অনিষ্টকাৰক পদাৰ্থ, কীট-পতংগ, এন্দুৰ, চৰাই-চিৰিকটি অথবা সিহঁতৰ বিষ্ঠা আদি থাকে।
  • ফ্ৰজেন নাৰান্ধা কেঁচা মাংস আদিৰ দৰে ৰেডিয়েচন দিয়া খাদ্য-সামগ্ৰী যদি উপযুক্ত নিয়মমাফিক ৰেডিয়েচন দিয়া নহয়।
  • খাদ্য-সামগ্ৰীত খোৱাৰ উপযুক্ত হ’লেও দ্ৰব্য যদি স্বাস্থ্যৰ ক্ষতি কৰিব পৰা পৰিমাণত থাকে।
  • যদি খাদ্য-সামগ্ৰীবিধৰ পৰা এবিধ মূল্যৱান অংশ সম্পূৰ্ণ অথবা আংশিকভাৱে কাটি ৰখা হয়, মূল্যৱান অংশৰ সলনি কম মানৰ অন্য দ্ৰব্য মিহলোৱা হয়, কম মানৰ কথা লুকোৱা আৰু খাদ্য-সামগ্ৰীৰ পৰিমাণ, ওজন অথবা দেখাত উন্নতমান দেখাবলৈ অন্য দ্ৰব্য মিহলোৱা হয়।
  • পূৰ্বতে অনুপযুক্ত বুলি ইউনাইটোড ষ্টেটৰ পৰা ঘূৰাই পঠোৱা খাদ্য-সামগ্ৰী পুনৰ ৰপ্তানি কৰিবলগীয়া হ’লে যদি ইউনাইটেড ষ্টেটৰ আইন মতে পুনৰ আদেশ লোৱা নহয়।

কোনো এখন ৰাষ্ট্ৰত তেতিয়াই এবিধ খাদ্য-সামগ্ৰীক ভেজাল বুলি কোৱা হয় যেতিয়া সেই খাদ্য-সামগ্ৰীবিধে সেই ৰাষ্ট্ৰখনে নিৰ্দিষ্ট সামগ্ৰীবিধৰ বাবে বান্ধি দিয়া নিৰ্দিষ্ট মানতকৈ নিম্নমানৰ হয়। ভাৰতবৰ্ষত ফুড এডাল্টেৰেছন এক্ট, ১৯৫৮ত এফ জি এণ্ড চি এক্ট, ১৯৩৮ৰ সকলোবোৰ সামৰি লোৱা হৈছে। খাদ্য-সামগ্ৰী মৃত প্ৰাণীৰ হ’লে, নিৰ্ধাৰিত পৰিমাণতকৈ অধিক সহযোজক থাকিলে, আইনগতভাৱে বন্ধ কৰা সহযোজক পদাৰ্থ থাকিলে, খাদ্যৰ মান নিৰ্ধাৰিত মানতকৈ কম হ’লেও খাদ্য-সামগ্ৰীৰ ভেজাল কৰা বুলি কোৱা হয়। ইয়াৰ উপৰি মিছব্ৰেণ্ডিং আৰু মিছলেবেলিং কথাটো সামৰি লোৱা হৈছে। এই অনুসৰি যদি কিবা কৃত্ৰিম ৰাসায়নিক ৰং, সহযোজক থাকিলে তাক লেবেলত উল্লেখ কৰা নাযায়, কম মানৰ বস্তু অন্য নামী ব্ৰেণ্ডৰ লেবেল লগাই বিক্ৰী কৰে, মিছাকৈ উৎপাদন কৰা ঠাইৰ নাম উল্লেখ কৰিলে, নথকা বস্তু থকা বুলি মিছাকৈ উল্লেখ কৰিলেও খাদ্য-সামগ্ৰীৰ ভেজাল কৰা বুলি কোৱা হয়।

ভেজাল খাদ্যবোৰ অপৰিষ্কাৰ, অসুৰক্ষিত আৰু অপুষ্টিকৰ হয়। সামগ্ৰিকভাৱে খাদ্য-সামগ্ৰীৰ ভেজালকৰণে খাদ্য-সামগ্ৰী ক্ৰেতা আৰু গ্ৰহণকাৰী গ্ৰাহকসকলক দুই ধৰণে অন্যায় কৰে। প্ৰথমতে, গ্ৰাহকগৰাকীয়ে নিম্নমানৰ খাদ্য-সামগ্ৰীৰ বাবে উচিত মূল্যতকৈ অধিক মূল্য খৰচ কৰিব লগা হয়। দ্বিতীয়তে, কিছুমান ভেজাল খাদ্য-সামগ্ৰী মানুহৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক আৰু এইবোৰে মানুহৰ শৰীৰত নানাবিধ ৰোগ সৃষ্টি কৰি মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিয়ে। উদাহৰণস্বৰূপে ভেজালকৰণৰ বাবে সৰিয়হ তেলত মিহলোৱা Argemon Oil য়ে এপিডেমিক ড্ৰপ্সী আৰু খোৱা তেলত মিহলোৱা Trycresyn Phosphate (TCP)-য়ে পক্ষাঘাত ৰোগ কৰাৰ উপৰি মানুহৰ মৃত্যুপৰ্যন্ত ঘটাব পৰা কথা উল্লেখ কৰিব পাৰি। ভাৰতবৰ্ষত খাদ্য-সামগ্ৰীৰ ভেজালকৰণ প্ৰতিৰোধৰ বাবে চৰকাৰী আইন থাকিলেও তাৰ সঠিক প্ৰয়োগ নোহোৱাত খাদ্য-সামগ্ৰী ভেজাল কৰি মুনাফা আদায় কৰা বণিক গোষ্ঠীয়ে ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি সমাজত ভয়াৱহ প্ৰভাৱ পেলাইছে। বৰ্তমান আমাৰ ৰাজ্যখনত বহুসংখ্যক খাদ্য পৰিদৰ্শক আছে যদিও খাদ্য পৰিদৰ্শকসকলৰ চূড়ান্ত হেমাহি আৰু অমনোযোগিতাৰ বাবে খাদ্যদ্ৰব্যসমূহৰ ভেজালকৰণ দিনক দিনে বৃদ্ধি পাবলৈ লৈছে। খাদ্য পৰিদৰ্শকসকলে খাদ্য প্ৰস্তুত কৰা সংস্থা, যোগান ধৰা আৰু পৰিৱেশন কৰা হোটেল, ৰেষ্টুৰেণ্ট, দোকান আদিলৈ গৈ বিভিন্ন খাদ্য-সামগ্ৰীৰ নমুনা সংগ্ৰহ কৰি তাৰ গুণাগুণ পৰীক্ষা কৰিব লাগে যদিও তাকে নকৰি এনে ব্যৱসায়ীবোৰৰ পৰা বিভিন্ন সময়ত উপঢৌকন লোৱাহে দেখা যায়। ফলস্বৰূপে ব্যৱসায়ীসকলে নানাধৰণে ভেজাল কৰি নিম্নমানৰ খাদ্য-সামগ্ৰী গ্ৰাহকৰ ওচৰত অধিক মূল্যত বিক্ৰী কৰি যথেষ্ট লাভৱান হোৱাৰ লগতে মানুহৰ স্বাস্থ্যৰ ক্ষতিসাধন কৰি মানৱ জীৱন আৰু সমাজলৈ বিপদ কঢ়িয়াই আনিছে। প্ৰতিদিনে আমাৰ শৰীৰে বিভিন্ন প্ৰকাৰৰ ভেজাল খাদ্য-সামগ্ৰী গ্ৰহণ কৰিবলগীয়া হোৱাত শৰীৰ দুৰ্বল হৈ পৰে আৰু নানাবিধ সাধাৰণ ৰোগকে ধৰি জটিল দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ পৰে। এই ৰোগবোৰে মানুহক দুৰ্বল কৰি মৃত্যুমুখলৈকে ঠেলি দিব পাৰে।

খাদ্য-সামগ্ৰীৰ ভেজালকৰণৰ পদ্ধতি আৰু ভেজালকৰণৰ বাবে ব্যৱহৃত পদাৰ্থ ঠাই আৰু সময় বিশেষে ভিন ভিন হোৱা দেখা যায়। বৰ্তমান সমাজত চলি থকা খাদ্য-সামগ্ৰীৰ ভেজালকৰণৰ বিভিন্ন পদ্ধতি আৰু ভেজালকৰণৰ বাবে ব্যৱহৃত পদাৰ্থ সম্পূৰ্ণৰূপে জ্ঞাত নহয়। তথাপি সম্প্ৰতি ভাৰতবৰ্ষত চলি থকা বিভিন্ন খাদ্য-সামগ্ৰীৰ ভেজালকৰণৰ বাবে ব্যৱহৃত পদাৰ্থসমূহ, এই পদাৰ্থবোৰে কৰিব পৰা নানা শাৰীৰিক অপকাৰ আৰু ৰোগসমূহ, নিত্য ব্যৱহৃত সামগ্ৰীসমূহৰ ভেজালকৰণ কেনেকৈ সহজতে ধৰিব পাৰি আৰু খাদ্য-সামগ্ৰীৰ ভেজালকৰণ ৰোধ কৰাৰ বাবে ভাৰতবৰ্ষত থকা ব্যৱস্থা আৰু আইন সম্পৰ্কে জানিবলৈ হ’লে পাঠকসকলে ‘Food Safety and Standard Authority of India’-ৰ ৱেবছাইটত উপলব্ধ The Prevention of Food Adulteration Act, 1954 (as on 1.10.2004) আৰু এই সংস্থাই প্ৰকাশ কৰা ‘Quick Teat for Some Adulterants in Food’-ৰ ‘Instruction manual- Part-1 (Common Methods for detection at households)’ আৰু ‘Instruction manual- Part-2 (Methods for detection of adulterants)’ পঢ়ি চাব পাৰে।

(উৎসঃ অসমীয়া খবৰ, ডাঃ ধৰ্মকান্ত কুম্ভকাৰ)।

শেহতীয়া উন্নীতকৰণ: : 2/28/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate