অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

খাদ্যপ্ৰাণৰ অভাৱ-আধিক্য :

খাদ্যপ্ৰাণৰ অভাৱ-আধিক্য :

সাধাৰণতে প্ৰাণীদেহৰ স্বাভাৱিক শ্ৰীবৃদ্ধি তথা বিকাশৰ বাবে পৰিমিত ৰূপত প্ৰয়োজন হোৱা আৱশ্যকীয় আহাৰ্য দ্ৰব্যবোৰকে খাদ্যপ্ৰাণ বা ভিটামিন বোলা হয়। জীৱদেহৰ বিপাকীয় কাৰ্যত এই দ্ৰব্যসমূহৰ ভূমিকা অনন্য আৰু অপৰিসীম। উদ্ভিদ আৰু প্ৰাণী উভয়ৰ বাবেই এইবোৰ অত্যাৱশ্যকীয় যদিও উদ্ভিদে নিজৰ প্ৰয়োজন নিজে পূৰাব পাৰে, প্ৰাণীসমূহে কিন্তু এই খাদ্যপ্ৰাণ বা ভিটামিনৰ বাবে উদ্ভিদ আৰু আন প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। সামান্য পৰিমাণে হ’লেও প্ৰাণীদেহৰ বাবে অত্যাৱশ্যকীয় এই যৌগবোৰৰ যিকোনো এবিধৰে দীৰ্ঘকালীন অভাৱে জীৱদেহত যিদৰে বিভিন্ন অভাৱজনিত ৰোগৰ সৃষ্টি কৰে, সেইদৰে এইবোৰৰ আধিক্য বা মাত্ৰাধিকতাই দেহত নানা ধৰণৰ ৰোগৰ সৃষ্টি কৰে। সেয়ে এই খাদ্যপ্ৰাণসমূহৰ সুসন্তুলিত বা পৰিমিত ৰূপতহে দেহত উপস্থিতি সুস্বাস্থ্যৰ বাবে সদায় অত্যাৱশ্যকীয়।

দেহত খাদ্যপ্ৰাণ ‘ক’ বা ভিটামিন ‘এ’ৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা প্ৰায় সকলোৱে জানে। এইবিধ উপাদানৰ অভাৱত কুকুৰীকণা, চকুৰ ছানি পৰা, চকুৰ কৰ্ণিয়াত ঘা হোৱা তথা দৃষ্টিহীনতা বা অন্ধত্বকে ধৰি চকুৰ বিভিন্ন মাৰাত্মক ৰোগ হ’ব পাৰে। কিন্তু এই ভিটামিন ‘এ’ৰ মাত্ৰাধিকতাৰ ফলত ভোক নোহোৱা হোৱা(আভোক), বমি বমি ভাব হোৱা, দেহৰ ছাল খহটা হোৱা, চুলি অকালতে পকিবলৈ ধৰা, স্বভাৱ খিংখিঙীয়া হোৱা, খজুৱতি, ৰক্তাল্পতা, যকৃৎ বৃদ্ধি, ওজন হ্ৰাস হোৱা, মগজুৰ চাপজনিত কাৰণত মূৰৰ বিষ হোৱা, গৰ্ভৱতী মাতৃয়ে বিকলাংগ শিশুৰ জন্ম দিয়া আদিকে ধৰি অনেক দৈহিক অথন্তৰ ঘটিব পাৰে।

ভিটামিন ‘বি’ কমপ্লেক্সৰ ভিতৰত পৰা ভিটামিন বি(যাক ‘থাইএমিন’ বোলা হয়)ৰ অভাৱত ‘বেৰিবেৰি’ ৰোগ, ভিটামিন বি অৰ্থাৎ “ৰিব’ফ্লেভিন”ৰ অভাৱত ওঁঠ, মুখ, চকু, জিভাত ঘা, চকুৰ অসুখ, ভিটামিন বি অৰ্থাৎ “পাইৰিড’ক্সিন”ৰ অভাৱত নোম সৰা, দেহৰ ছাল ওখহা, ভিটামিন বি অৰ্থাৎ “ছায়েন’কবালএমিন”ৰ অভাৱত ৰক্তহীনতা, দৈহিক বৃদ্ধিত বিলম্ব, ভিটামিন বি(পেন্টাথিনিক এচিড)ৰ অভাৱত যকৃতৰ ক্ৰিয়াত বিজুতি আদি ঘটাব পাৰে। কিন্তু এই ভিটামিন বি কমপ্লেক্সৰ মাত্ৰাধিকতাৰ ফলত পেপটিক আলছাৰ, জণ্ডিচ, পেটৰ অসুখ, চকুৰ অসুখ, ফোঁহা, খজুৱতি, চকু-মুখ ৰঙা পৰা আদিকে ধৰি বিভিন্ন ৰোগৰ সৃষ্টি হ’ব পাৰে। ভিটামিন বিৰ অতিৰিক্ত ব্যৱহাৰ বা আধিক্যৰ ফলত পেটৰ ঘা, যকৃতৰ ক্ষতি আৰু স্নায়ুতন্ত্ৰৰো ক্ষতি হ’ব পাৰে বুলি চিকিৎসা বিজ্ঞানৰ সমীক্ষাত প্ৰকাশ পাইছে।

ভিটামিন চিৰ অভাৱত ‘স্কাৰ্ভি’ ৰোগ হয়, কিন্তু ইয়াৰ আধিক্যই কিডনী বা বৃক্কৰ ক্ষতি কৰিব পাৰে, গৰ্ভৱতী মাতৃয়ে বেছিকৈ খালে গৰ্ভস্থ শিশু বিকলাংগ হ’ব পাৰে। ভিটামিন ডি(কেলছিফেৰল)ৰ অভাৱত পঁয়ালগা ৰোগ, দাঁত দুৰ্বল আৰু বেৰীয়া হয়। কিন্তু ইয়াৰ আধিক্যৰ ফলত শিশুৰ শাৰীৰিক আৰু মানসিক বৃদ্ধিত প্ৰতিবন্ধকতাৰ সৃষ্টি হয়, কিডনীত পাথৰ হ’ব পাৰে, পেটৰ বিষ, মূৰৰ বিষ আদি হ’ব পাৰে।

ভিটামিন ই(অৰ্থাৎ টক’ফেৰল)ৰ অভাৱত প্ৰজনন ক্ষমতা লোপ পায় আৰু দেহৰ পেশী আৰু শৰীৰৰ ক্ষয় সাধন হয়। কিন্তু ইয়াৰ মাত্ৰাধিকতাৰ ফলত বমি ক্বমি ভাৱ হয়, মাংসপেশীবোৰ দুৰ্বল হয়, ক্লান্তিবোধ হয়, মূৰৰ বিষ আৰু দৃষ্টিশক্তিৰ বিজুতি ঘটিব পাৰে। ভিটামিন কে(মেনাদিয়ন)ৰ অভাৱত কটা-ছিঙা হ’লে সহজে তেজ বন্ধ নোহোৱা হোৱা অৱস্থাৰ সৃষ্টি হ’ব পাৰে। কিন্তু ইয়াৰ মাত্ৰাধিকতা বা আধিক্যৰ ফলত তেজত ‘বিলিৰুবিন’ নামৰ উপাদনৰ পৰিমাণ বাঢ়ি গৈ জণ্ডিচ ৰোগ হ’ব পাৰে। তদুপৰি ৰক্তাল্পতা, যকৃৎ বা লিভাৰৰ দোষ আদিকে ধৰি স্নায়ুৰ অসুখপৰ্যন্ত হ’ব পাৰে।

সেয়ে আমি খাদ্যপ্ৰাণসমূহৰ সমুচিত মাত্ৰাৰ বাবে সদায় সুষম আহাৰৰ প্ৰতি যত্নপৰ হ’ব লাগে। খাদ্য তালিকাত সেউজীয়া শাক-পাচলি, বিভিন্ন বতৰৰ ফল-মূল আদিকে অগ্ৰাধিকাৰ দিব লাগে। এই ক্ষেত্ৰত আমদানীকৃত ফল-মূলসমূহৰ বিপৰীতে বতৰৰ থলুৱা প্ৰায় সকলো ফল-মূলকে বতৰত গ্ৰহণ কৰিব লাগে। পাৰ্যমানে কৃত্ৰিমভাৱে অত্যাৱশ্যকীয় খাদ্যপ্ৰাণসমূহৰ গ্ৰহণৰ চেষ্টা নকৰি সুষম আহাৰৰ জৰিয়তে এই উপাদানবোৰৰ সমন্বয় ৰক্ষা কৰি চলি আমি নি:সন্দেহে নিজৰ সুস্বাস্থ্য সুনিশ্চিত কৰিব পাৰো।

লেখক: ভূৱনেশ্বৰ ডেকা(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 2/16/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate