অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

খাদ্যবস্তু আচল নে ভেজাল কেনেকৈ চিনিব?

খাদ্যবস্তু আচল নে ভেজাল কেনেকৈ চিনিব?

প্ৰতিদিনেই ভেজাল খাদ্য খাই মানুহ মৃত্যুৰ মুখলৈ ধাৱিত হৈছে। আনকি মানুহৰ ৰোগ নিৰাময়কাৰী ঔষধ পাতিতো ভেজাল সোমাই পৰিছে। ইয়াৰ কাৰণটো হ’ল এক শ্ৰেণী ন্যস্ত স্বাৰ্থান্বেষী মানুহ। যি ভেজাল খাদ্য অথবা ভেজাল দ্ৰব্য যোগান ধৰি নিজৰ ধনৰ ভৰাল টনকিয়াল কৰিছে তেনে লোকৰ এনেবোৰ কাৰ্য্যৰ বাবে মাত মাতোতা কোনো নাই। সেইবাবে নিজৰ খাদ্যবস্তুখিনি আৰু ব্যৱহৃত বস্তুখিনি নিৰ্ভেজাল বুলি চিনি পাবলৈ কেতবোৰ উপায় আছে। তাকে কৰি চাওকচোন-

১) গাখীৰ ভেজাল নে খাটি জানিবলৈ হ’লে এটা পাত্ৰত গাখীৰখিনি গৰম কৰি লওক। গাখীৰৰ চাৰিওফালে যদি এটা নীলা বৰণীয়া ৰেখা পৰে জানিব গাখীৰখিনিত ভেজাল আছে।

২) চাহপাতখিনি পৰীক্ষা কৰিবলৈ হ’লে অলপমান চাহপাত পানী সানি লাৰু কৰি লওক। তাৰ পিছত বুটিং পেপাৰ এখনৰ ওপৰত কিছু সময় থৈ দিয়ক। বুটিং পেপাৰত ৰং ধৰিলে বুজিব চাহপাতখিনি ভেজাল।

৩) মৌ ভেজাল নে আচল এইদৰে পৰীক্ষা কৰি চাওক। একাপ কুহুমীয়া গৰম পানীত এক টোপালমান মৌ পেলাই দিয়ক। যদি আচল মৌ হয় টোপালটো গোল হৈ থাকিব। পানীৰ লগত মিলি গ’লে ই ভেজাল বুলি জানিব।

৪) মাছটো গেলা নে ভাল চিনি পাবলৈ হ’লে কাণৰ ফুলবিলাক চাই লওঁক। গেলা মাছৰ চকু কাণৰ ফুল ঢেলা হৈ পৰে, মাটিয়া ৰং ধৰে। তেজৰ ৰং শেতা পৰে আৰু বাকলি হাত দিলেই সহজতে উঠি আহে।

৫) গাখীৰত আন কিছুমান বস্তু ভেজাল দিয়াৰ সম্ভাৱনা থাকে। ময়দা, বাতাসা, মিঠাই আদি গাখীৰত মিলোৱা সহজ। ইয়াক পৰীক্ষা কৰি চাবলৈ হ’লে দহ টোপালমান টিনচাৰ আইডিন গাখীৰত মিহলাই লওক। যদি এই জাতীয় দ্ৰব্য গাখীৰত মিহলাইছে গাখীৰখিনি নীলা হৈ পৰিব।

৬) কণ কণ ল’ৰা-ছোৱালীৰ খাদ্য দ্ৰব্যতো ভেজাল দিবলৈ ব্যৱসায়ীসকলে কুন্ঠাবোধ নকৰে। লজেন্স, চকলেট, আইচক্ৰীম আদিত মেটানীল ইয়েলো নামৰ এবিধ ৰাসায়নিক পদাৰ্থ মিহলাই বিক্ৰী কৰে। তেনে দ্ৰব্য ভেজাল বুলি সন্দেহ হয়।

৭) বনস্পতি আৰু ঘিউ দেখাত একে কাৰণে ঘিউত বনস্পতি মিহলোৱা সহজ। ইয়াক জানিবলৈ হ’লে পৰীক্ষা নলত এচামুচ ঘিউ লৈ তাত অকণমান চেনি দি ঘিউৰ সমপৰিমাণৰ হাইড্ৰ’ক্লৰিক এচিড পৰীক্ষা নলত বাকী দি মিহলাওঁক। কিছু সময় এচিডৰ ৰং ৰঙা হৈ পৰিলে বুজিব তাত বনস্পতি মিহলোৱা হৈছে।

৮) কণী ভাল নে বেয়া পৰীক্ষা কৰি চাবলৈ হ’লে কণীটো পানীত পেলাই দিয়ক। যদি কণীটো ভাঁহি উঠে কণীটো বেয়া। ৰ’দৰ ফালে কণী এটা লৈ চাওঁক যদি কণীৰ ভিতৰত মাজভাগ ক’লা দেখি বুজিব কণীটো বেয়া।

৯) মিঠাতেলৰ লগত শিয়ালকটাহীৰ গুটিৰ তেল মিহলাই বজাৰত বিক্ৰী কৰে। তেনে ক্ষেত্ৰত নাইট্ৰিক এচিড অকণমান দি লৰাই দিলেই তেলখিনি ৰঙা হৈ পৰিব। তেতিয়া বুজিব তেলত ভেজাল আছে।

১০) গাখীৰ ভেজাল বে ভাল পৰীক্ষা কৰিবলৈ লেবটোমিটাৰ নামে যন্ত্ৰ আছে। এই যন্ত্ৰৰ সহায়ত গাখীৰত কিমান পৰিমাণৰ পানী আছে গম পোৱা যায়।

সুমিত্ৰা গোস্বামী

বিশেষ সংযোজন: ৰিতু গগৈ।

শেহতীয়া উন্নীতকৰণ: : 3/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate