অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গাখীৰ খোৱাৰ উপকাৰিতা :

গাখীৰ খোৱাৰ উপকাৰিতা :

 

চিকিৎসকসকলে প্ৰায় সকলো লোককে গাখীৰ খাবলৈ পৰামৰ্শ দিয়ে। সকলো লোককে কোৱা শুনা যায় যে প্ৰতিজন লোকে গাখীৰ খোৱা উচিত। গাখীৰ খালে শৰীৰত শক্তি পোৱা যায়। লগতে গাখীৰে স্বাস্থ্য ৰক্ষাতো যথেষ্ট সহায় কৰে।

গাখীৰত যথেষ্ট পৰিমাণে প্ৰোটিন, ভিটামিন আৰু কেলচিয়াম পোৱা যায়। এইবিলাক পুষ্টি দ্ৰব্য শৰীৰৰ বাবে অতি প্ৰয়োজন আৰু এইবিলাক উপাদানে স্বাস্থ্য ভালে ৰখাত সহায় কৰে। গাখীৰ খালে শৰীৰৰ কি কি উপকাৰ হয় জানি থওঁ আহকচোন।

দেহ-সৌষ্ঠৱ ৰক্ষা কৰাত মনোযোগ দিয়া লোক আৰু ‘বডি বিলডিং’ কৰা পুৰুষসকলে নিয়মীয়াকৈ গাখীৰ খাই থকাটো যথেষ্ট দৰকাৰী কথা। গাখীৰত ‘চেচিন’ আৰু ‘হোৱে-প্ৰোটিন’ থাকে। এই দুবিধ উপাদান শৰীৰৰ পেশী শক্তিশালী কৰি তোলাত সহায় কৰে।

যদি আপুনি শাৰীৰিকভাৱে দুৰ্বল আৰু বিভিন্ন উপায় অৱলম্বন কৰিও আপোনাৰ শৰীৰৰ ওজন বৃদ্ধি কৰিব পৰা নাই, তেনেহ’লে আপুনি নিশ্চিতভাৱে গাখীৰ সেৱন কৰা উচিত। নিয়মীয়াকৈ গাখীৰ খাই থাকিলে আপোনাৰ শৰীৰৰ ওজন সোনকালে প্ৰায় দুগুণলৈ বৃদ্ধি পাব পাৰে।

গাখীৰ সাধাৰণতে গৰম কৰিয়েই খোৱা হয়। কিন্তু যদি গাখীৰ ঠাণ্ডা কৰি খায়, তেনেহ’লে এচিডিটি, মেদবহুলতা, সঘনাই ভোক লগা আদি সৰু সৰু বিসংগতিবোৰ নিৰাময় হৈ থাকিব।

কেৱল সেয়াই নহয়, আপুনি যদি ‘জিম’লৈ গৈ বৰ বেছিকৈ ভাগৰি পৰিছে, তেনেহ’লে তৎমুহূৰ্ততে প্ৰয়োজনীয় শক্তি প্ৰদান কৰিব।

যদি আপুনি সাধাৰণ গাখীৰ খাবলৈ বেয়া পায়, তেনেহ’লে গাখীৰ গিলাচত তিনিটা মান আলমণ্ড বাদাম গুড়ি কৰি গাখীৰত মিহলাই খাব পাৰে।

বাদামৰ গুড়ি মিহলোৱা গাখীৰ খাবলৈকো সোৱাদ লগা হয় আৰু এনে গাখীৰত কলেষ্টেৰলৰ মাত্ৰাও যথেষ্ট কম হয়।

এনে গাখীৰত ‘চেচুৰেটেত ফেট’ থাকে আৰু ইয়াৰ ফলত মেদবহুলতাৰ আশংকা কম হয়। কম কলেষ্টেৰল থকাৰ বাবে এনে গাখীৰ শিশুৰ হৃদযন্ত্ৰ আৰু স্বাস্থ্যৰ কাৰণে উপকাৰী হৈ পৰে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 2/13/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate