অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গাজী মগুৰ চমৎকাৰিতা :

গাজী মগুৰ চমৎকাৰিতা :

 

মগুমাহৰ ব্যৱহাৰ অসমীয়া সমাজত সৰ্বাধিক পৰিমাণে হয় । মাহ-প্ৰসাদ, দাইল, পকৰি, বৰ্ফি, চানা, খিচিৰি, চেণ্ডুইছ, হালোৱা আদি বহু প্ৰকাৰে খাব পাৰি । ইয়াত বিশেষকৈ গাজী মগুৰ বিষয়ে ক’ব ওলাইছোঁ । গোটা মগুমাহে কেইঘণ্টামান সময় তিয়াই থ’লে কোমল হয় । এই কোমল মগুমাহ  খৰাহী এটাত টুকি ৰাখিলে এদিনৰ পিছত ভালদৰে গজ লি ওলায় আৰু ইয়াক গাজী মগু বুলি কোৱা হয় । এই গাজী মগু আমি প্ৰসাদ হিচাপে খাওঁ যদিও ইয়াৰ উপকাৰিতা সম্বন্ধে কমকৈ জানো । বৈদিক কালৰ পৰাই ভাৰতবৰ্ষত মগুমাহ ঔষধ আৰু খাদ্য হিচাপে ব্যৱহৃত হৈ আহিছে । আয়ুৰ্বেদিক চিকিৎসাৰ জীৱনীয় গুণৰ অন্তৰ্ভুক্ত মগু মাহৰ পৰা তৈয়াৰ কৰা মন্দ ৰোগীৰ পথ্যৰুপে ব্যৱহাৰ কৰা হয়। মগু বাতনাশক হোৱা বাবে বিভিন্ন স্নায়বিক ৰোগত খোৱা ঔষধ আৰু মালিচ কৰা তেলত মগুমাহ উপাদান হিচাপে ব্যৱহাৰ কৰা হয় ।    প্ৰতিদিনে ৫০ গ্ৰাম গাজী মগু খালে এজন ব্যক্তি নিৰোগী হোৱাৰ উপৰিও বাৰ্ধক্য চাপৰ পৰা ৰক্ষা পৰে। গাজী মগু সদায় খালেও কোনো অপকাৰ নকৰে, বৰং উপকাৰী। গাজী মগুৰ উপকাৰিতাসমূহ এনেধৰণৰ-

(১) গাজীমগুত আহ, শৰ্কৰা, ভিটামিন-ই, প্ৰোটিন আদি প্ৰমুখ্যে ভালেমান পোষক দ্ৰব্য থকা বাবে আমাৰ শৰীৰৰ পুষ্টিসাধন কৰিব পাৰে।

(২) গাজীমগু এন্টিবেক্টেৰিয়েল আৰু এন্টিমাইক্ৰবিয়েল গুণসম্পন্ন হোৱা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হৈ আমক নিৰোগী কৰি ৰাখিব পাৰে।

(৩) গাজীমগুৰ বাকলিত যথেষ্ট পৰিমাণে আহ থাকে। সেয়েহে গাজীমগু খালে খাদ্যনলী ভালদৰে পৰিস্কাৰ হয়, শৌচ খোলোচা হয়, শক্তি পোৱা যায়। কোষ্ঠকাঠিনতা আৰু ডায়েবেটিচ ৰোগীৰ কাৰণে উপকাৰী। প্ৰায়েই শৰ্কৰা অভাৱত ডায়েবেটিচ ৰোগীৰ কোষ্ঠকাঠিনতা হোৱা দেখা যায়, গাজীমগুৰ বাকলিত থকা আহ শৰ্কৰাই ডায়েবেটিচ ৰোগীৰ কোনো ধৰণৰ ক্ষতি নকৰে।

(৪)গাজীমগু খালে উচ্চ ৰক্তচাপ কমাই স্বাভাৱিক অৱস্থালৈ আনি ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে।

(৫) মেদবহুলতা ব্যক্তিয়ে গাজীমগু খালে শৰীৰৰ অতিৰিক্ত চৰ্বি হ্ৰাস পায়। গাজীমগুত যথেষ্ঠ পৰিমাণে আহ থকা বাবে খোৱাৰ পিছত ভোক কমকৈ লাগে আৰু দ্বিতীয়বাৰ অলপ আহাৰ খালেই ভোক গুছে। এইদৰেই আহাৰৰ পৰিমাণ কমাৰ পৰিপ্ৰেক্ষিতত পৰোক্ষ ভাৱে শৰীৰৰ মেদবহুলতা কমোৱাত সহায় কৰে। কিন্তু শৰীৰৰ খতিসাধন নকৰে।

(৬) গাজীমগু খালে চুলিৰ গুৰি শক্তিশালী হোৱা বাবে চুলি সৰাত বাধা দিয়াৰ উপৰিও চুলি ঘণ আৰু কলা হোৱাত সহায় কৰে। তাৰোপৰি আঙুলি নখবোৰ অধিক পৰিমাণে সুদৃঢ় আৰু মসৃণ কৰে।

(৭) গাজীমগু খালে চাল নিমজ আৰু উজ্জ্বল হয়, চৰ্মৰোগ হোৱাটো ৰোধ কৰে।

(৮)ভিটামিন-ই অভাৱৰ কাৰণে বয়সীয়াল সকলৰ স্নায়বিক আৰু মাংস পেশীৰ বিষ হয়। গাজীমগু সদায় কিছুদিন খালে এনেধৰণৰ বিষ নোহোৱা হয়, কাৰণ গাজীমগুৰ গাজত যথেষ্ট পৰিমাণে ভিটামিন-ই আছে।

(৯) গাজীমগুত থকা প্ৰাকৃতিক ভিটামিন-ই উচ্চমানবিশিষ্ট ভিটামিন। পুৰুষ আৰু স্ত্ৰীহৰমন (প্ৰজেষ্টেৰণ, এষ্ট্ৰোজেন) উৎপাদন, নি:সৰণ আৰু সঞ্চালনত ভিটামিন-ই য়ে প্ৰত্যক্ষ ভাৱে সহায় কৰে। এই হৰমন তাৰতম্য হলে মহিলা গৰ্ভৱতী হব নোৱাৰে , ক্লৈবতা আৰু বন্ধ্যাত্ব হয়। গাজীমগু সদায় খালে এই ৰোগ নিৰাময়ৰ হয় আৰু মহিলা গৰ্ভৱতী হোৱাত সহায় কৰে।

(১০) গাজীমগুৰ লগত ৫-৬ টামান খেজুৰ আৰু ১০-১৫ টামান কিচমিচ সদায় খালে পুৰুষৰ শুক্ৰ উৎপাদন বৃদ্ধি হয় কাৰণে গাজীমগু শুক্ৰহীন অথবা কম শুক্ৰ থকা পুৰুষৰ কাৰণে বহু উপকাৰী‌।

(১১) সেইদৰে গাজীমগুৰ লগত খেজুৰ আৰু কিচমিচ খালে মহিলাৰ ডিম্বাশয়ত ডিম্বৰ গঠন আৰু বিকাশ স্বাভাৱিক হয়‌ । যিসকল মহিলাৰ ডিম্ব ভালদৰে পুৰঠ আৰু বিকাশ নোহোৱা বাবে সন্তান জন্ম দিব পৰা নাই, সেই সকল মহিলাই সদায় গাজীমগুৰ লগত খেজুৰ আৰু কিচমিচ খাওক।

(১২) গৰ্ভৱতীৰ বাবে গাজীমগু আৰু খেজুৰ বহুত উপকাৰী। গৰ্ভৱতীয়ে গাজীমগু আৰু খেজুৰ খালে গৰ্ভপাত হোৱাৰ সম্ভাৱনা নাথাকে, প্ৰসৱৰ সময়ত ৰক্তক্ষৰণ কমকৈ হয়, প্ৰসৱ বেদনা কম হয়, সন্তান প্ৰসৱ স্বাভাৱিক ভাৱে হয়, স্বাস্থ্যৱান সন্তান জন্ম দিয়াৰ উপৰিও গৰ্ভৱতীৰ সুস্বাস্থ্য অটুট থাকে।


লেখক: ডা:মনোজ কুমাৰ শইকীয়া

উৎস: দৈনিক জনমভূমি

 

শেহতীয়া উন্নীতকৰণ: : 3/9/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate