অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গ্ৰীণ টি ৰ গুণ

গ্ৰীণ টি ৰ গুণ

‘গ্ৰীণ টি’ ৰ সোৱাদ লৈ ভালপোৱাসকলৰ বাবে এটি সুখবৰ। অতি শেহতীয়াকৈ সম্পন্ন হোৱা অধ্যয়নৰ জৰিয়তে এই কথা পোহৰলৈ আহিছে যে গ্ৰীণ টি মুখৰ কৰ্কট ৰোগ নিৰাময়ত সহায়ক হ’ব পাৰে। পেনছিলভেনিয়া ষ্টেট ইউনিভাৰ্ছিটীৰ গৱেষক ডা: জোছুৱা লেম্বাৰ্ট আৰু তেওঁৰ সহযোগীসকলে কৰা অধ্যয়নৰ কালত গ্ৰীণ টি ত এপিগেল’কেটচিন ৩ গেলেট (ই জি চি জি) নামৰ এবিধ পদাৰ্থ থকাৰ কথা জানিব পাৰে। এই ই জি চি জি ৰ কৰ্কট ধ্বংস কৰা অদ্ভুত ক্ষমতা আছে। অধ্যয়নৰ কালত গৱেষকগণে জানিব পাৰে যে মুখৰ কৰ্কট ৰোগীয়ে গ্ৰীণ টি পান কৰা যে মুখৰ কৰ্কট ৰোগীয়ে গ্ৰীণ টি পান কৰা মাত্ৰেই এই ই জি চি জিয়ে কৰ্কট কোষ ধ্বংসৰ প্ৰক্ৰিয়া আৰম্ভ কৰি দিয়ে। আশ্বৰ্যৰ কথাটো হ’ল এই পদাৰ্থবিধে আকৌ সুস্থ কোষৰ কোনো অনিষ্ট সাধন নকৰে। গৱেষক ডা: লেম্বাৰ্টৰ মতে তেওঁলোকে অদ্যাপি এই কথা বুজিবলৈ সক্ষম হোৱা নাই যে ই জি চি জি য়ে সুস্থ কোষক এৰি কৰ্কট কোষ ধ্বংসক কিয় লক্ষ্য হিচাপে লয়। সমান্তৰালকৈ গৱেষকৰ দলটোৱে এই কথাও জানিবলৈ অধ্যয়ন অব্যাহত ৰাখিছে যে ই জি চি জিয়ে কেৱল মুখৰ কৰ্কট কোষৰ ওপৰতে আক্ৰমণ চলায় নে শৰীৰৰ আন অংশৰ কৰ্কট কোষৰ ওপৰতো সমানেই আক্ৰমণ চলাবলৈ সক্ষম।

উৎস: দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 6/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate