অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গ্ৰীষ্মৰ বিশেষ ফলাহাৰঃ

গ্ৰীষ্মৰ বিশেষ ফলাহাৰঃ

বতৰৰ ফলমূল সকলোৰে প্ৰিয় আৰু ইয়াৰ এক বিশেষ বৈশিষ্ট্য থাকে। বিশেষ বতৰৰ উপযোগী ফলমূলে শৰীৰক প্ৰয়োজনীয় পুষ্টি আৰু উপাদান যোগান ধৰে। তলত গ্ৰীষ্মকালৰ কেইবিধমান বিশেষ ফলাহাৰ আগবঢ়োৱা হৈছে।

  • তৰমুজঃ গ্ৰীষ্মৰ সময়ছোৱাত সকলোৰে প্ৰিয় এবিধ বিশেষ ফলাহাৰ হৈছে তৰমুজ। ৰসাল সোৱাদভৰা তৰমুজে গ্ৰীষ্মৰ বতৰত শৰীৰটোক শীতল কৰি ৰখাৰ লগতে পুষ্টি প্ৰদান কৰে।
  • আমঃ গ্ৰীষ্মৰ বতৰত শৰীৰৰ উপযোগী আন এবিধ ফলাহাৰ আম। ফলৰ ৰজা আমে এই সময়ছোৱাত শৰীৰক প্ৰয়োজনীয় পুষ্টি যোগায়। ইয়াত থকা ফাইবাৰ, ভিটামিন, মিনাৰেল জাতীয় উত্সই শৰীৰত কলেষ্টৰেলৰ মাত্ৰা নিয়ন্ত্ৰিত ৰখাৰ লগতে ৰক্তচাপ নিয়ন্ত্ৰণতো সহায় কৰে।
  • লিচুঃ লিচু হৈছে গ্ৰীষ্মৰ বতৰত প্ৰিয় আন এবিধ ফলাহাৰ। ইয়াত থকা উপাদানে এই বতৰত শৰীৰক উপযোগী পানী যোগান ধৰাৰ লগতে শৰীৰটো হাইড্ৰেট কৰি ৰাখে।
  • আঙুৰঃ আঙুৰ গ্ৰীষ্মৰ বতৰত এবিধ ৰসাল ফলাহাৰ। এইবিধ ফলৰ উপলব্ধ উপাদানে শৰীৰৰ অতিৰিক্ত মেদ কমোৱাত সহায়ক হোৱাৰ লগতে অন্যান্য ক্ষতিকাৰ ৰশ্মিৰ প্ৰভাৱৰ পৰা শৰীৰটো প্ৰতিৰোধ কৰে।
  • মধুৰিআমঃ কম চৰ্বি আৰু কেলৰিযুক্ত উত্সৰ লগতে অন্যান্য উপাদানেৰে সমৃদ্ধ মধুৰিআম হৈছে গ্ৰীষ্মৰ অন্য এবিধ ফলাহাৰ। ইয়াত থকা ভিটামিন চি, এণ্টি-অক্সিডেণ্ট জাতীয় উত্স আৰু অন্যান্য উপযোগী উপাদানে গ্ৰীষ্মৰ বতৰত শৰীৰটোক পুষ্টি যোগান ধৰাৰ লগতে বিভিন্ন ৰোগৰ পৰা শৰীৰটোক প্ৰতিৰক্ষা প্ৰদান কৰে। ইয়াৰ উপৰি মধুৰিআমত সমৃদ্ধউপাদানে শৰীৰৰ মেটাবলিজিমল ক্ৰিয়াত সহায় কৰাৰ লগতে শৰীৰৰ কোষসমূহক প্ৰতিৰক্ষা প্ৰদান কৰে।
  • লেখিকাঃ স্বপ্না দেৱী
  • উত্সঃ অসমীয়া খবৰ

 

 

শেহতীয়া উন্নীতকৰণ: : 3/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate