অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গৰমৰ দিনৰ ঔষধি গুণ সম্পন্ন খাদ্য আৰু ইয়াৰ গুণাগুণ

গৰমৰ দিনৰ ঔষধি গুণ সম্পন্ন খাদ্য আৰু ইয়াৰ গুণাগুণ

 

গৰমৰ দিনকেইটা সকলোৰে বাবে অস্বস্তিদায়ক।কিয়নো এই সময়ত বতৰৰ সঘন পৰিৱৰ্তনৰ প্ৰভাৱত মানুহে সামান্য পৰিশ্ৰমতে ভাগৰ অনুভৱ কৰে আৰু সৰু সুৰা ৰোগ কিছুমানে শিশুৰ পৰা বৃদ্ধলৈকে বহুতকে আক্ৰান্ত কৰি দৈনন্দিন জীৱন দুৰ্বিষহ কৰি তোলে।গোলকীয় উষ্ণতা,প্ৰদুষণ আৰু জনসংখ্যা বৃদ্ধিয়ে মানুহৰ সাধাৰণ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাইছে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা পুৰ্বতকৈ হ্ৰাস পাইছে।সামান্য ৰোগতে মানুহ দুৰ্বল হৈ চিকিৎসকৰ কাষ চাপিবলগীয়া হৈছে।কিন্তু দৈনন্দিন খাদ্যাভ্যাসৰ সাল-সলনি কৰি নিজকে এইসময়ত সবল আৰু সতেজ কৰি ৰাখিবলৈ বহুতো লোক আজিৰ যুগত অপৰাগ।ঋতু অনুসৰি প্ৰকৃতি প্ৰদত্ত ফল-মুল আৰু শাক- পাচলিয়ে মানুহক যি শক্তি তথা ভিটামিনৰ যোগান ধৰে,অন্য খাদ্যই নোৱাৰে।সেয়ে এই সময়ত বতৰৰ খাদ্য খোৱাত সকলোৱে গুৰুত্ব দিব লাগে।

প্ৰাচীন চিকিৎসা শাস্ত্ৰ মতে গৰমৰ দিনৰ উত্তম খাদ্য হৈছে সুপক্ক ফল-মুল,দৈ আৰু এঁৱা গাখীৰ।এই সময়ত আমাৰ দেশত পোৱা ফল-মুলৰ ভিতৰত আম,কঠাল,জামু,লেটেকু,পনিয়ল,ডালিম আদি অন্যতম।ৰাতিপুৱা আহাৰৰ লগত নাইবা আবেলি এনেধৰণৰ ফল-মুল বা ঘৰতে প্ৰস্তুত কৰা ফলৰ ৰস খাব পাৰিলে স্বাস্থ্যৰ কাৰণে ভাল।পকা আমৰ ৰসত বহুতো পুষ্টিকাৰক উপাদান থাকে।একাপ পকা মিঠা আমৰ ৰসত দৈ বা এঁৱা গাখীৰ আৰু সামান্য পৰিমাণৰ কেশৰ মিহলাই খালে গাত প্ৰচুৰ পৰিমাণে শক্তি পোৱা যায়,দৈহিক শ্ৰমজনিত স্নায়ুৰ ক্লান্তি দুৰ হয়।সন্তান সম্ভৱা মাতৃয়েও এনেধৰণৰ মিশ্ৰণ মাজে মাজে খোৱা উচিত।

গৰমৰ দিনতে কঠাল যথেষ্ট পৰিমাণে পোৱা যায় আৰু কেঁচা বা পকা দুই ধৰণেৰে ইয়াক খোৱা হয়।কেঁচা কঠালৰ পৰা তৰকাৰী বা চুপ তৈয়াৰ কৰি খোৱা হয়।পকা কঠাল প্ৰচুৰ ভিটামিনযুক্ত বুলি অতীজৰ আয়ুৰ্বেদ শাস্ত্ৰতো উল্লেখ আছে।চৰ্মৰোগৰ ভিতৰত ঘা-ফোঁহা আদিত কঠাল উপকাৰী।হজম শক্তি অনুযায়ী পুৱাৰ ভাগত পকা কঠাল খাব পাৰে।কিন্তু দৈৰ লগত পকা কঠাল খোৱা উচিত নহয়।গাখীৰৰ লগত পকা কঠাল মিহলাই ৰস উলিয়াই খালে যথেষ্ট শক্তি পোৱা যায়।পকা কঠালে কোষ্ঠকাঠিন্য দুৰ কৰে।বহুতো লোকে কঠাল খালে গৰমৰ দিনত আৰু বেছি গৰম উঠিব বুলি ভাবি খোৱাৰ পৰা বিৰত থাকে।কিন্তু এনে ধাৰণা ভুল। অৱশ্যে যিকোনো খাদ্যই অত্যধিক হ’লে তাৰ কুফল থাকিবই।

মাটিকঠাল হৈছে গৰমৰ দিনৰ এবিধ পুষ্টিদায়ক ফল।মাটিকঠালৰ ৰস এবিধ সুস্বাদু পানীয়।পকা মাটিকঠালে কোষ্ঠবদ্ধতা দুৰ কৰে।এই সময়ৰ আৰু কিছুমান ফল-মুল যেনে-লেটেকু,পনিয়ল,জামু,ডালিম আদিয়ে পুষ্টিৰ যোগান ধৰাৰ লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধতো সহায় কৰে।

জামুৰ ৰস বহুমুত্ৰ ৰোগৰ সুপথ্য।ই ৰক্ত দোষ আৰু শোথনাশক।জামুৰ ৰসে মুত্ৰনলীৰ পাথৰ বাহিৰ হোৱাতো সহায় কৰে।ডায়েৰিয়া হ’লে দহ-বাৰ চামুচ জামুৰ ৰসত সামান্য চেঁচা পানী মিহলাই দিনে দুই-তিনিবাৰ খালে আৰোগ্য হয়।জামুৰ ৰসৰ দৰে ডালিমৰ ৰসেও ৰক্তস্ৰাৱ আৰু ডায়েৰিয়া ভল কৰে আৰু ৰক্তবৃদ্ধি কৰে।

গৰমৰ দিনত খাদ্যৰ লগত বতৰৰ পাচলিৰ উপৰিও সহজলভ্য মানিমুনী,মছন্দৰী,বনজালুক,পদিনা আদিৰ জোল বা চাটনি কৰি খাব পাৰিলে ভাল।এইবোৰ বনশাকত থকা ভিটামিনে পাকস্থলীৰ ৰোগ সংক্ৰমণত বাধা দিয়ে।পদিনা শাক মাজে মাজে খালে অৰুচি আৰু অজীৰ্ণতা নাশ হয়।মানিমুনি,মছন্দৰী আদি শাকৰ ব্যৱহাৰে পেটৰ ৰোগ নিৰাময় কৰাৰ উপৰিও ৰক্তবৃদ্ধিত সহয় কৰে।এই সময়ৰ পাচলি কোমোৰা,জাতিলাও আদিয়ে কোষ্ঠবদ্ধতা দুৰ কৰে আৰু মগজু শীতল কৰে।জিকা আৰু পটল যিকোনো ৰোগীৰ বাবেও সুপথ্য।

অসমীয়াত এষাৰ কথা আছে-‘শাকে শোকোটাই ভোজন,সি পুৰুষৰ লক্ষণ’।আমি বেছি গুৰুত্ব নিদিয়া কিছুমান খাদ্যয়ো আমাৰ বহুতো উপকাৰ কৰে।শোকোটা (মৰাপাট গছৰ শুকান আগ আৰু পাত),যাক নতুন প্ৰজন্মৰ কমসংখ্যকেহে চিনি পায়,ইয়াৰো গুণাগুণ অনেক আছে।তিতা গুণৰ শোকোটা খালে পেলু কৃমিৰ দৰে পৰজীৱী ধ্বংস হয়,হজম শক্তি বৃদ্ধি হয়।গৰমৰ দিনত ভাতৰ লগত মাজে মাজে শোকোটা খালে শৰীৰ শীতল পৰে আৰু পেটত হোৱা গেছৰ সমস্যাও দুৰ হয়।

অসমৰ প্ৰায়বোৰ ঠাইতে উৎপন্ন হোৱা বনৌষধিযুক্ত গছ-লতিকাৰ ব্যৱহাৰে আমাক গ্ৰীষ্মকালীন ৰোগ প্ৰতিৰোধত সহায় কৰে।ইয়াৰে কেইবিধমান উল্লেখযোগ্য বনৌষধি হৈছে,গুলঞ্চ (সিদ্ধিলতা বা অমৰলতা),শতমুল (শতাবৰী),শেৱালি,বকুল,তুলসী,বাসক,দুবৰি ,দোৰোণ,কচু,নৰসিংহ ,ভেদাইলতা আদি।গুলঞ্চৰ ৰস পুৰণি জ্বৰ,মেলেৰিয়া জ্বৰ,কৃমি,পেলু,জণ্ডিচ,বাতৰোগ আৰু হৃদৰোগত উপকাৰী।পাঁচ-ছয় চামুচ গুলঞ্চৰ ৰস গৰম পানী বা মৌৰ লগত খালে জ্বৰ আৰোগ্য হয়।গুলঞ্চ লতা এক ইঞ্চিমানকৈ কাটি পানীত কিছুসময় উতলাই ল’লে খোৱাৰ উপযোগী হয়।অম্লপিও ৰোগীয়ে মৌ মিহলাই খাব পাৰে।

এবিধ বলকাৰক লতামুল হৈছে শতমুল বা শতবাৰী।ই মধুৰ-তিক্তৰসযুক্ত ।এইবিধ লতামুলৰ ৰস উলিয়াই গৰম গাখীৰৰ লগত কিছুদিন খালে বল-বীৰ্য বৃদ্ধি হয়,শৰীৰৰ উজ্জ্বলতা আহে।শুকান শতমুলৰ চুৰ্ণও গাখীৰৰ লগত ব্যৱহাৰ কৰিব পাৰি।

গৰমৰ দিনত শেৱালি পাতৰ লগত ময়দা নাইবা বেচন মিহলাই ভাজি খাব পাৰি।জ্বৰ হ’লে শেৱালি পাতৰ লগত মৌজোল মিহলাই খালে জ্বৰ কমে।চৰ্দি বা কাহ হ’লে আদাৰ ৰস আৰু মৌজোলৰ লগত শেৱালি পাতৰ ৰস খালে উপকাৰ পোৱা যায়।

মাজে সময়ে তুলসীৰ ৰস চাহৰ লগত বা মৌৰ লগত ব্যৱহাৰ কৰিলে ৰোগ প্ৰতিৰোধ কৰাৰ লগতে শৰীৰত সতেজতা অনুভৱ হয়।তুলসীৰ ৰস গৰম গাখীৰৰ লগত খালে শাৰীৰিক দুৰ্বলতা নাশ হয়।

ঠিক তেনেদৰে দোৰোণ শাকৰ আঞ্জা খালে আভোক আৰু অৰুচি নাশ হয়।নৰসিংহ শাক হৈছে আন এবিধ পুষ্টিকাৰক খাদ্য।নৰসিংহ শাকত সৰ্বাধিক পৰিমাণৰ কেলচিয়াম পোৱা যায় বুলি বৈজ্ঞানিকভাৱে প্ৰমাণিত হৈছে।গ্ৰীষ্মকালতে উৎপন্ন হোৱা ভেদাইলতা শাকৰ পৰাও সুস্বাদু ব্যঞ্জন তৈয়াৰ কৰিব পাৰি।অতিসাৰ আৰু গ্ৰহণী ৰোগৰ সুপথ্য এইবিধ শাক মাজে মাজে খালে বাতবিষ নিৰাময় হয়।মুঠতে ক’ব পাৰি যে প্ৰায়বোৰ বনশাক বলকাৰক আৰু ৰক্তবৃদ্ধিকাৰক,যিবোৰৰ পাৰ্শ্বক্ৰিয়া অতি নগণ্য।

গৰমৰ দিনত অত্যধিক গৰমৰ পৰা হাতসাৰিবলৈ বহুতো লোকে অস্বাস্থ্যকৰ ঠাইৰ শীতল পানীয় গ্ৰহণ কৰা দেখা যায়,যিবোৰ ৰোগ সৃষ্টিৰ একো একোটা মুল কাৰণ।উদাহৰণস্বৰুপে প্ৰদুষিত এলেকাত প্ৰস্তুত কৰা কুঁহিয়াৰৰ ৰস খালে জণ্ডিচ ৰোগ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে।যিকোনো ঠাইৰ নেমুৰ ৰস বা চৰ্বত খালেও ৰোগ বিয়পাৰ সম্ভাৱনা থাকে।ইয়াৰ পৰিৱৰ্তে ঘৰতে তৈয়াৰ কৰা নেমুৰ ৰস,বেলৰ ৰস নাইবা কুঁজি থেকেৰাৰ ৰস চৰ্বত কৰি খালে স্বাস্থ্যৰ কাৰণে ভাল।

অত্যধিক বৰফ বা শীতল পানী খালে কাহ কফ বা টনচিলৰ অসুখ বৃদ্ধি হয়।বজাৰত পোৱা শীতল পানীয় বেছিকৈ খালে অৰুচি আৰু পেটত গেছৰ সৃষ্টি হয়।গৰমৰ অজুহাত লৈ খাদ্য কমকৈ খোৱা উচিত নহয়।এজন মানুহৰ বয়স অনুযায়ী যিমানখিনি খাদ্য তথা ভিটামিনৰ প্ৰয়োজন,সিমান পৰিমাণৰ আহাৰ নিয়মিতভাৱে গ্ৰহণ কৰা উচিত,অন্যথা শৰীৰ দুৰ্বল হ’লে ৰোগৰো আবিৰ্ভাৱ হয়।ৰাতিৰ আহাৰ সোনকালে গ্ৰহণ কৰিব লাগে।শাকজাতীয় খাদ্য দিনতহে গ্ৰহণ কৰিব।মাংস,ডিম,জলা-মচলা,ভিনেগাৰ দিয়া আচাৰ আদি যথাসম্ভৱ কমকৈ খাব।আমিষ আহাৰৰ পুষ্টিকাৰক গুণসমুহ নিৰামিষ আহাৰতে পোৱা যায়,সেয়ে নিৰামিষ আহাৰৰ ওপৰত গুৰুত্ব দিব।

দিনৰ মুল খাদ্যৰ লগত গাখীৰ অথবা দৈ খাব পাৰিলে ভাল।খুব ক্লান্ত অনুভৱ কৰিলে দিনত ভাতৰ লগত কল আৰু গাখীৰ মিহলাই খাব পাৰে।টোপনি ক্ষতি নকৰিব।কোষ্ঠবদ্ধতা নহ’বৰ কাৰণে অমিতাৰ তৰকাৰী খাব নাইবা ত্ৰিফলা চুৰ্ণ ৰাতি শোৱাৰ আগত গৰম পানীৰ লগত খাব।সিদ্ধ কৰি খোৱা খাদ্যই গৰম দিনত সুপথ্য।খোৱাৰ ক্ষেত্ৰতে কিছু সচেতন হ’লে গৰমৰ দিনতো সুস্থ-সুবল হৈ থাকিব পাৰিব।

লেখক:অচিন্ত্য প্ৰতিম মহন্ত (স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

 

শেহতীয়া উন্নীতকৰণ: : 2/28/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate