অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ঘিউৰ উপযোগিতা :

ঘিউৰ উপযোগিতা :

 

ঋণংকৃত্বা ঘৃতং পিবেৎ

যাবৎ জীৱেৎ সুখং জীবেৎ।

ঋণ অৰ্থাৎ ধাৰ কৰি হ’লেও ঘিউ খাব লাগে, যাতে বাচি থকা জীৱন কাল সুখেৰে অতিবাহিত কৰিব পাৰি।

গাখীৰৰ পৰা উৎপাদন কৰা ঘিউ খাদ্যৰ উপাদেয় উপাদান, য’ত দেহ গঠন কৰা প্ৰোটিনৰ উপৰিও শক্তিদায়ক উপাদান চৰ্বি প্ৰচুৰ পৰিমাণে থাকে।

সেইবাবেই ঘিউক স্বাস্থ্যৰক্ষক খাদ্য ৰূপে গণ্য কৰা হয়। নিয়মিতভাৱে এই খাদ্য গ্ৰহণ কৰিলে স্বাস্থ্য সুৰক্ষিত হোৱাটো নিশ্চিত।

সুস্বাস্থ্য সুৰক্ষিত হ’লে মানুহ সুখী হয়।

একে পৰিমাণৰ কাৰ্বোহাইড্ৰেটে যি পৰিমাণৰ শক্তি যোগান ধৰে, সেই পৰিমাণৰ ঘিউৱে সাত গুণতকৈ অধিক শক্তি প্ৰদান কৰে।

সেইবাবে কোনোবাই ভাবিব পাৰে যে কাৰ্বোহাইড্ৰেট সমৃদ্ধ ভাত খোৱাতকৈ ঘিউ খায়েই দেহত ভৰপূৰ শক্তিৰ যোগান ধৰিব পাৰি।

কিন্তু দৰাচলতে সেয়া শুদ্ধ নহয়। ঘিউ অধিক পৰিমাণে খালে ই মেদকলাত পৰিণত হৈ দেহৰ ভাৰ বৃদ্ধি কৰাৰ উপৰিও শৰীৰটো অনাহকতে নোদোকা কৰে।

সাম্প্ৰতিক কালত মানুহ লোদোৰ-পোদোৰ শৰীৰ নিবিচাৰে। কাৰণ এনে দেহ নানা বেমাৰৰ বাহ বুলি প্ৰতিপন্ন হৈছে।

অথৰ্ববেদত ঘিউৰ বৰ্ণনা আছে, য’ত ইয়াক ৰোগ চিকিৎসা ব্যৱস্থাত ব্যৱহৃত কাৰক বুলিহে উল্লেখ আছে। ঘিউ এবিধ প্ৰোটিন সমৃদ্ধ খাদ্য।

নিয়মিতভাৱে খাদ্য হিচাপে ঘিউ গ্ৰহণ কৰাটো স্বাস্থ্যৰক্ষাৰ বাবে উপযোগী।

ই দেহৰ গঠনতো আগভাগ লয়। ইয়াক নিৰ্ধাৰিত মাত্ৰাত ব্যৱহাৰ কৰা হয়।

পুষ্টি বিজ্ঞানীয়ে হিচাপ কৰি উলিওৱা তথ্য মতে কঠিন পৰিশ্ৰম নকৰি ঘৰতে বহি থকা লোকৰ ক্ষেত্ৰত প্ৰতিদিনে গ্ৰহণ কৰিব পৰা ঘিউৰ পৰিমাণ পুৰুষৰ বেলিকা ১৫ গ্ৰাম আৰু মহিলাৰ বেলিকা ১০ গ্ৰাম মাথোন।

গৱেষণাগাৰত নিগনিৰ ওপৰত চলোৱা অধ্যয়ন অনুসৰি গৰুৰ ঘিউত স্তনৰ কৰ্কট ৰোগ নিৰাময় কৰিব পৰা গুণ আছে।

কৰ্কট ৰোগীক গৰুৰ ঘিউ খাবলৈ দিলে কৰ্কট কোষৰ বৃদ্ধি বাধাপ্ৰাপ্ত হয়। পৰীক্ষা কৰি গম পোৱা মতে বেমাৰ নিৰাময় গুণসম্পন্ন হোৱাৰ মূলতে ঘিউত থকা ‘কনজুগেটেড লিন’লেইক অম্ল’।

এই অম্লৰ স্বাভাৱিক উৎস সৰুৰ ঘিউ, য’ত ই প্ৰচুৰ পৰিমাণে থাকে।

আনহাতে শাক-পাচলিৰ তেলত এই নিৰ্দিষ্ট স্নেহ অম্ল পাবলৈ নাই। শাক-পাচলিৰ পৰা আহৰণ কৰা বেছিভাগ তেলতে অধিক মাত্ৰাত অসংপৃক্ত স্নেহ অম্ল’(unsaturated fatty acid) থকাৰ উপৰিও লিন’লেইক অম্ল থাকে।

ইয়াৰ পৰা অপকাৰী মুক্তমূলক উৎপন্ন হয়। ই বংশগতিৰ বাহক ‘ডি-অক্সি ৰিব’নিউক্লীয় অম্ল’ নাশ কৰে বুলি জনা যায়।

আমাৰ দেশত উৎপাদন হোৱা বেছি ভাগ ঘিউ ম’হৰ গাখীৰৰ পৰা প্ৰস্তুত কৰা হয়। অথচ বিজ্ঞানীয়ে গৰুৰ ঘিউৰ ওপৰতহে গৱেষণা কৰি ইয়াৰ গুণাগুণ নিৰূপণ কৰিছে।

তথাপি তেওঁলোকে আশা কৰিছে যে ম’হৰ ঘিউও একে ধৰণৰ কাৰ্যক্ষম হ’ব, যিহেতু দুয়োবিধ ঘিউৰে কনজুগেটেড লিন’লেইক অম্লৰে সম্বন্ধ আছে।

ঘিউ সংৰক্ষণ কৰিবলৈ শীতলকৰণ যন্ত্ৰৰ সহায় লোৱাৰ প্ৰয়োজন নাই। কিয়নো সাধাৰণ উষ্ণতাত ই বহুদিনলৈ নষ্ট নহয়। আনকি এশ বছৰ পৰ্যন্ত ই খোৱাৰ উপযোগী হৈ থাকে।

ইয়াৰ উপকাৰিতা তলত উল্লেখ কৰা হ’ল-

*গাখীৰত থকা লেক্ট’জ নামৰ পদাৰ্থ বহুতে হজম কৰিব নোৱাৰে অথচ তেওঁলোকে ঘিউ খালে একো অসুবিধা নাপায়, কিয়নো ঘিউ প্ৰস্তুত কৰোতে কেতবোৰ অদ্ৰব্য আঁতৰ হয়।

*অথৰ্ববেদৰ মতে, ঘিউৱে সংযোজক কলাবোৰ পিছল কৰাত সহায় কৰে।

এনে হোৱা বাবে গাঁঠিৰ বিষত ভোগাসকলে খাদ্যত ঘিউ খাই সুফল পায়।

*স্নেহপদাৰ্থত দ্ৰৱীভূত খাদ্যপ্ৰাণত ঘিউ অতিশয় চহকী। খাদ্যপ্ৰাণ ‘ক’, ‘ঘ’ আৰু ‘কে’ এই শ্ৰেণীৰ। এইবোৰে হাড় তথা মগজুৰ বিকাশত সহায় কৰে।

এইবোৰে কোষৰ বৃদ্ধি আৰু চকু নিৰোগী কৰে।

*পাকস্থলীৰ বাবে ঘিউ উপকাৰী। যিহেতু ই আঁহক ‘বুটাইৰিক অম্ল’লৈ ৰূপান্তৰ কৰে।

এইবিধ অম্লই খাদ্য জীণ নিওৱাত সহায় কৰি ভোক বঢ়ায়।

*গৱেষকৰ অধ্যয়নে জনোৱা মতে ঘিউৱে তেজত কলেষ্টেৰলৰ পৰিমাণ হ্ৰাস কৰে আনকি ক্ষুদ্ৰান্তত থকা কলেষ্টেৰলকো সহিব নোৱাৰে।

পিত্তৰ লিপিড সংশ্লেষণ বৃদ্ধি কৰি ঘিউৱে ক’লেষ্টেৰেল হ্ৰাস কৰা কাম সম্পন্ন কৰে।

*স্নায়ু তথা মগজুৰ বাবে ঘিউ উপকাৰী। ই উচ্চ মাত্ৰাৰ স্নেহ অম্ল ওমেগা-৩ আৰু ওমেগা-৬ৰে ভৰপূৰ।

*দৰৱ প্ৰস্তুতকৰণ বিজ্ঞানৰ ভাৰতীয় পদ্ধতিত প্ৰকাশ পোৱা মতে ঘিউৱে হিষ্টামাইন আৰু ছেৰ’টনিন মুকলি হোৱাত বাধা দিয়ে।

আৰু প্ৰ’ষ্টাগ্লেনডিন মুক্ত হোৱাটো লেহেমীয়া কৰে বাবে বিষ বেদনা কমে।

*পৰীক্ষাৰ পৰা গম পোৱা মতে বিষাণু তথা ভেঁকুৰ প্ৰতিৰোধত ঘিউ শক্তিশালী।

ই দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।

*ল’ৰা-ছোৱালীক নিয়মিতভাৱে ঘিউ খুৱালে শৰীৰ সুস্থ-সবল হৈ থাকে।

লেখক: আনন্দ দেৱ গোস্বামী(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

শেহতীয়া উন্নীতকৰণ: : 5/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate