অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চাহৰ উপকাৰিতা

চাহৰ উপকাৰিতা

 

দীঘলীয়া কামৰ অন্তত যেতিয়া আমাৰ দেহাটো ক্লান্ত হৈ পৰে, সেই ক্লান্তি দূৰ কৰিবৰ বাবে একাপ চাহৰ প্রয়োজন অনুভৱ কৰা যায়। সকলোৱে ধাৰণা কৰে যে একাপ চাহে মনটোক প্রফুল্লিত কৰাৰ লগতে শৰীৰটো সুস্থ অৱস্থাত ৰাখে। ইয়াৰ কাৰণ হ’ল, চাহ ৰাগিয়াল বস্তু যদিও ইয়াৰ দ্বাৰা মস্তিস্কৰ বিশেষ ক্ষতি নোহোৱা হেতু বিজ্ঞানেও চাহক এবিধ উপকাৰী পানীয় হিচাপেই ব্যৱহাৰ কৰে। বহুতো গৱেষণা আৰু অধ্যয়নৰ অন্তত বিজ্ঞানসন্মতভাৱে নিশ্চিত হৈ পৰিছে যে চাহপাতত থকা ৰাসায়নিক পদার্থই হৃদপিণ্ড আৰু ৰক্তপ্রবাহী নলীৰ ৰোগৰ প্ৰতিৰোধকৰ দৰে কাম কৰে।

কিন্তু সকলোৰে মনত এটা প্রশ্ন উদয় হ’ব পাৰে যে চাহতনো কি আছে, যে আমাৰ দেহত ইমান শক্তি যোগান ধৰিব পাৰে? প্রকৃততে চাহ, চাহগছৰ পাতৰ পৰা প্রস্তুত কৰা হয়। চাহপাতত মজুত থাকে চেলুল'জ, প্ৰ’টিন, এচিড, চেনি, ক’ফিন, টেনিন আদি জৈৱ পদার্থ। শৰীৰত ক’ফিন প্রৱেশ কৰাৰ লগে লগে স্নায়ুতন্ত্র উত্তেজিত হয় আৰু তাৰ ফলতেই আমাৰ দেহৰ অৱসাদো আঁতৰি যায়। চাহত বি কমপ্লেক্স থকাৰ বাবে চাহ সেৱন কৰাৰ লগে লগে শৰীৰত কেলৰি বৃদ্ধি পায়।

অৱশ্যে অত্যাধিক চাহ সেৱনৰ ফলত আমাৰ শৰীৰত ক্ষতি হ’ব পাৰে। কাৰণ চাহত থকা ক’ফিনে স্নায়ুতন্ত্রৰ বিভিন্ন ঠাইত ঘাৰ সৃষ্টি কৰে। তদুপৰি নিদ্রাহীনতা, মূৰ ঘূৰোৱা আদি বিভিন্ন ৰোগৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে। উচ্চ ৰক্তচাপত ভুগি থকাসকলে অধিক চাহ সেৱন কৰাটো ভাল নহয় বুলি কোৱা হয়।

‘টেনিন’ চাহত থকা আন এবিধ দ্রব্য, যাৰ দ্বাৰা কোষ্ঠকাঠিন্য হ’ব পাৰে। সাধাৰণতে টেনিন 'গ্রীণ টী”ত বেছি পৰিমাণে থাকে। শৰীৰত যাতে টেনিন প্রৱেশ কৰিব নোৱাৰে সেই কাৰণে চাহ পানীত বেছি সময় সিজাব লাগে। চীন আৰু জাপানত গ্রীন টী আৰু ৰেড টিৰ প্রচলন আছে যদিও আমাৰ দেশত গাখীৰৰ সৈতে চাহপাত দি চাহ খোৱাৰ ফলত গাখীৰত থকা “কিজন’ নামৰ পদার্থবিধৰ লগত ‘টেনিন’ লগ হৈ এক ক্ষতিকাৰক ৰাসায়নিক পদার্থৰ সৃষ্টি কৰে। বিশেষকৈ অন্তঃসত্বা মহিলাই চাহ পান কৰিলে ক্ষতিৰ আশংকা কৰিব পাৰি।

লিখক: ধ্যানজিৎ নাথ, অসম বাণী।

শেহতীয়া উন্নীতকৰণ: : 1/17/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate