অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ছাল-চুলিৰ ৰুপচৰ্চাত জেতুকাৰ গুণাগুণ :

ছাল-চুলিৰ ৰুপচৰ্চাত জেতুকাৰ গুণাগুণ :

 

১) চুলি সৰা বন্ধ কৰিবলৈ হ’লে জেতুকাপাত পেষ্টৰ লগত দৈ আৰু কণী মিহলাই গোটেই মূৰত লগাব । এঘণ্টা পিচত ভাল আয়ুৰ্বেদিক শ্বেম্পুৰে ধুই পেলাব । সপ্তাহত দুদিনকৈ কৰা উচিত । চাব আপোনাৰ চুলি সৰা বন্ধ হোৱাৰ লগতে চুলিৰ উজ্জ্বলতাও বৃদ্ধি পাইছে ।

২) জেতুকাৰ পাত চুলিৰ বাবে খুবেই উপকাৰী । চুলিৰ অকালপক্কতাৰ পৰা হাত সাৰিবলৈ হ’লে জেতুকাপাত পেষ্টৰ লগত আমলখিৰ ৰস মিহলাই চুলিত ভালদৰে লগাব। এঘণ্টামান ৰাখি ভাল আয়ুৰ্বেদিক শ্বেম্পুৰে ধুই পেলাব । সপ্তাহত দুদিনকৈ কৰিলে কম সময়তে অকালপক্কতা দূৰ হ’ব।

৩) বহুতৰে মূৰত উফি হোৱা দেখা যায় । উফি দূৰ কৰাবলৈ হ’লে জেতুকাপাতৰ ৰসৰ লগত নেমুৰ ৰস মিহলাই স্কাল্প তথা চুলিত লগাবচোন ? উফি নিৰ্মূল হ’ব।

৪) বাৰিষাৰ বতৰত ছালৰ বাবে জেতুকা পাতৰ ৰস অতি উপকাৰী । কাৰণ এই বতৰত সাধাৰণতে মানুহৰ বৰষুণৰ পানী লাগি খজুৱতিৰ সৃষ্টি হয় । এনে অৱস্থাত ছালত জেতুকাৰ ৰস লগালে বহুত উপশম পোৱা যায় । এই জেতুকাৰ ৰসৰ ৰঙে হাতৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ লগতে মূৰৰ বিষ, চাপ দূৰ কৰে । বাৰিষাৰ সময়ছোৱাত শৰীৰটোৱে গৰমৰ পৰা পৰিত্ৰাণ লাভ কৰিবলৈ জেতুকাৰ ৰস প্ৰয়োগ কৰিব পাৰে । কাৰণ এই সময়ছোৱাত যথেষ্ট বৰষুণ হয় । এনে পৰিবেশত বিভিন্ন বেমাৰ-আজাৰ হ’ব পাৰে । সেয়েহে এনে বেমাৰ-আজাৰৰ পৰা শৰীৰটোক সুৰক্ষিত ৰাখিবলৈ জেতুকা বা মেহেন্দি ব্যৱহাৰ কৰিব পাৰে । জেতুকাৰ প্ৰলেপ আৰু সুগন্ধই শৰীৰটোক শাত পেলোৱাৰ লগতে অধিক চাপ, অৱসাদৰ পৰা মুক্ত কৰি ৰাখে ।

৫) জেতুকাৰ প্ৰলেপ ভৰিৰ তলুৱাত সানিলেও শৰীৰটোৱে শীতলতা অনুভৱ কৰে । তদুপৰি মূৰৰ বিষ, অধিক চাপ, ক্লান্তিও দূৰ হয় ।

৬) জেতুকাপাতৰ ৰসেৰে চুলি ৰঙচুৱা কৰিব পাৰি । ই মস্তিষ্ক ঠাণ্ডা কৰি ৰাখে । চুলিৰ নিচিনাকৈ জেতুকাপাতে ছালৰো বিভিন্ন ৰোগ নিৰাময় কৰিব পাৰে আৰু ই ছালৰ সৌন্দৰ্যবৰ্ধক । বহুতৰে ছালত খজুৱতি হোৱা দেখা যায় । খজুৱতি হোৱাৰ ঠাইত নিয়মিতভাৱে জেতুকাপাতৰ ৰস লগালে খজুৱতি কমে । নখৰ বিভিন্নধৰণৰ ৰোগত জেতুকাপাতৰ ৰস খুবেই উপকাৰী । বহুতে আকৌ নখ ৰঙচুৱা কৰিবলৈ জেতুকাপাতৰ পেষ্ট ব্যৱহাৰ কৰে । ই নখৰ সৌন্দৰ্য বঢ়োৱাৰ লগতে বিভিন্নধৰণৰ নখৰ ৰোগ নাশ কৰে ।

৭) যিসকলৰ বলিৰেখা পৰিছে, তেওঁলোকে জেতুকাপাত সিদ্ধ কৰি সেই পানীৰে দিনে দুবাৰকৈ মুখ ধুলে বলিৰেখা আঁতৰে । শৰীৰৰ দুৰ্গন্ধ আঁতৰাবলৈ হ’লে গা ধোৱা পানীত জেতুকাপাতৰ ৰস মিহলাই গা ধুব । শৰীৰৰ দুৰ্গন্ধ নোহোৱা হ’ব । ঘামচি হোৱা স্থানত জেতুকাপাতৰ ৰস লগালে ঘামচি কমে ।

৮) গতিকে জেতুকাপাতৰ ৰস ব্যৱহাৰ কৰি আমি ছাল-চুলিৰ বিভিন্ন ৰোগ নিৰাময় কৰিব পাৰো, আৰু ইয়াক সৌন্দৰ্যবৰ্ধক হিচাপেও ব্যৱহাৰ কৰিব পাৰো ।

উৎস- দেওবৰীয়া সম্ভাৰ

শেহতীয়া উন্নীতকৰণ: : 3/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate