অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জলফাই বনাম অলিভ

জলফাই বনাম অলিভ

বিগত ৮ ডিচেম্বৰ সংখ্যাৰ ‘দৈনিক অসম’ৰ সঞ্জীৱনী শিতানত প্ৰকাশিত অৰ্পণ দত্তৰ ‘জলফাইৰ উপকাৰিতা’ শীৰ্ষক লেখাটোত কিছু ভুল তথ্য প্ৰত্যক্ষ হৈছে। এনেধৰণৰ ভুল তথ্যৰ মূলতে হ’ল জলফাইৰ ইংৰাজী নামৰ সৈতে প্ৰায় সকলো লোকৰ যথোচিত পৰিচয়ৰ অভাৱ।অৱশ্যে ইয়াৰ আগতেও বহুতে অলিভ তেলৰ (Olive oil)উপকাৰিতাৰ বিষয়ে লিখিবলৈ গৈ বতৰৰ ফল জলফাইক সামৰা পৰিলক্ষিত হৈছে।জলফাইৰ ইংৰাজী ৰূপান্তৰ সাধাৰণতে বহুতে Olive plant বুলি জনা বা ধৰি লোৱাৰ কাৰণে বহুতে আমাৰ স্থানীয় জলফাইৰপৰা বজাৰত কিনিবলৈ পোৱা ‘অলিভ অইল’ আদি সামগ্ৰীবোৰ উৎপাদন কৰে বুলি পতিয়ন গৈ আছে। নিৰ্দ্দিষ্ট বতৰত পোৱা টেঙা ফল হ’ল জলফাই। জলফাই গছজোপাৰ ইংৰাজী নাম Olive plant বুলি গণ্য কৰি লোৱাৰ কাৰণেই বহুতৰে এনে খেলিমেলি হোৱাটো ধুৰুপ। প্ৰকৃততে জলফাইৰ ইংৰাজী ৰূপান্তৰ Indian olive plant হে।Olive plant (অলিভ) আৰু Indian olive plant (জলফাই) সম্পূৰ্ন দুবিধ পৃথক উদ্ভিদ প্ৰজাতি। এই দুবিধ প্ৰজাতিৰ গোত্ৰও বেলেগ বেলেগ। জলফাইৰ লেটিন নাম Eleocarpus floribundus আৰু অলিভৰ লেটিন নাম Olea europaea, ইঁহতৰ গোত্ৰ হ’ল ক্ৰমে Eleocarpaceae আৰু Oleaceae। অলিভ গছ ভূমধ্য সাগৰীয় অঞ্চলৰ দেশবিলাকত (স্পেইন,ইটালি,গ্ৰীচ,তুৰস্ক,ছিৰিয়া, পৰ্তুগাল,আলজেৰিয়া আদি) হোৱা এবিধ উদ্ভিদ। ইয়াৰ ১০০০ তকৈ অধিক জাত আছে।অসমত ইয়াৰ সঁচ দেখিবলৈ পোৱা নাযায়। এই অলিভ গছৰ ফলৰপৰাহে ঔষধি গুণসম্পন্ন অলিভ তেল (Olive oil)আহৰণ কৰা হয়। অলিভ এবিধ তিতা সোৱাদযুক্ত ফল। দত্তৰ লেখাটোত প্ৰকাশ পোৱা পুষ্টিকৰ উপদানবোৰো অলিভৰহে হ’ব লাগে,জলফাইৰ নহয়। জলফাইৰ টেঙা মঙহাল অংশত ৭৭.৭ শতাংশ পানী,০.৬৯ শতাংশ প্ৰ’টিন,১.৪৯ শতাংশ আঁহ,প্ৰতি এশ গ্ৰামত ৪৭ মিলিগ্ৰাম ভিটামিন –চি আদি থাকে। জলফাইৰ টেঙা সোৱাদটো প্ৰধানত: চাইট্ৰিক এচিড থকাৰ কাৰণে পোৱা যায়। জলফাইৰ পৰা এবিধ নিম্নমানৰ তেল নিষ্কাসন কৰিব পাৰি যদিও এই তেলবিধ বিশেষ গুণযুক্ত নহয়। পাতযুক্ত অলিভৰ এটা ঠেঙুলি শান্তি, জ্ঞান, শুদ্ধতা, উৰ্বৰা, শক্তিসম্পন্ন আৰু নদন_বদনৰ প্ৰতীকৰূপে গণ্য কৰা হয়। প্ৰায় ৭০০০ বছৰৰ পূৰ্বৰপৰা অলিভ গছৰ খেতি কৰাৰ তথ্য আছে। বহু পুৰণিকালৰ পৰা অলিভ তেলক এবিধ পৱিত্ৰ তেলৰূপে গ্ৰীকসকলে ব্যৱহাৰ কৰি আহিছে। গ্ৰীচত অনুষ্ঠিত প্ৰথম অলিম্পিকত শিখা জ্বলাবলৈ অলিভ তেল ব্যৱহাৰ কৰা হৈছিল। সেই অলিম্পিকৰ খেলত জয়ীসকলক অলিভ পাতেৰে সজা মুকুট অৰ্পণ কৰি সন্মানিত কৰিছিল। অলিভ গছ খুব টান, বেমাৰ প্ৰতিৰোধক, জুই প্ৰতিৰোধক আৰু খৰাং বতৰতো তিষ্ঠি থাকিব পৰা গুণৰ কাৰণে বহু বছৰ জীয়াই থাকিব পাৰে।ভুমধ্যসাগৰীয় অঞ্চলত ২০০০ বছৰতকৈ অধিক কাল জীয়াই থকা বহুতো অলিভ গছ আছে। ৰূপালী সেউজ বৰণৰ আয়তাকাৰ অলিভ পাতবিলাক দীঘলে ৪-১০ চেণ্টিমিটাৰ আৰু পুতলে ১-৩ চেণ্টিমিটাৰ। ফুলবিলাক বগা বৰণৰ আৰু সৰু সৰু। ফল বগৰী জাতীয়। দীঘলে ১-২.৫ চেণ্টিমিটাৰ। কেচাঁ অলিভ ফল সেউজ বৰণৰ, পকিলে বেঙুনীয়া বৰণ লয়। অলিভ ফলৰ ভিতৰত এটাকৈ টান গুটি থাকে।

লেখক: ড° অখিল বৰুৱা, দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 3/9/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate