অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জিৰাৰ দহটা উপকাৰীতা :

জিৰাৰ দহটা উপকাৰীতা :

 

জিৰা আমাৰ আখলৰ এবিধ অপৰিহাৰ্য্য উপাদান। জিৰাৰ এন্টিঅক্সিডেন্ট আৰু নিউট্ৰিয়েন্টচে শৰীৰক বহুতো সমস্যাৰ পৰা ৰক্ষা কৰে।

পুণে স্থিত জাহাঙ্গীৰ হস্পিটালৰ চিনিয়ৰ ক্লিনিকেল এক্জুকিটিভ নিউট্ৰেচনিষ্ট ডাঃ নেহা চিৰ্কেই ৰাতিপুৱা খালি পেটত জিৰা পানী খোৱাৰ পৰামৰ্শ দিয়ে।

ৰাতি এগিলাচ পানীত ২ চামুচ জিৰা তিয়াই থব। পুৱা কুহুমীয়া গৰম কৰি চেকি খালি পেটত খাব।

ই কেনেধৰণৰ ৰোগীৰ বাবে লাভজনক –

১)যাৰ হাৰ্টৰ প্ৰব্লেম- ই শৰীৰৰ কলেষ্টৰেল লেভেল কমাই হাৰ্ট প্ৰব্লেমৰ পৰা বচায়।

২)যাৰ ডাইবেটিজ হোৱাৰ সম্ভাৱনা আছে, ই বডিত গ্লুকোজ লেভেল সীমিত ৰাখি ডাইবেটিজ হোৱাৰ পৰা ৰক্ষা কৰে।

৩)যাৰ মাচল্চ পেইন আছে। এই পেয়ৰ দ্বাৰা শৰীৰৰ ৰক্ত সঞ্চালন নিয়মীয়া হৈ পেশীবোৰ ৰিলাক্সড হৈ বিষ নোহোৱা হয়।

৪)যাৰ ছালৰ সমস্যা আছে। ইয়াৰ দ্বাৰা শৰীৰৰ টক্সিন বা দূষিত পদাৰ্থ বাহিৰ হৈ শালমইনা আদিৰ পৰা আৰোগ্য কৰে।

৫)যাৰ হজমৰ সমস্যা আছে। ইয়াত থকা ফাইবাৰে ডাইজেচনত সহায় কৰে আৰু এচিডিটিৰ সমস্যাৰ পৰা মুক্তি দিয়ে।

৬)যাৰ শৰীৰৰ ওজন বাঢ়িছে। ইয়াৰ দ্বাৰা শৰীৰৰ মেটাবলিজ্ম বাঢ়ে আৰু শৰীৰৰ ওজন কমে।

৭)যাৰ ৰক্তহীনতা আছে। ইয়াত থকা আইৰণে এনিমিয়াৰ পৰা ৰক্ষা কৰে।

৮)যাৰ ৰক্তচাপৰ সমস্যা আছে। ই ৰক্তসঞ্চালন নিয়মীয়া কৰি ৰক্তচাপৰ (উচ্চ/নিম্ন) পৰা ৰক্ষা কৰে। 
৯)যাৰ নিদ্ৰাহীনতা আছে। ই ব্ৰেইন ৰিলাক্সড কৰি টোপনি অহাত সহায় কৰে।

১০)যাৰ জ্বৰ হৈছে। ই শৰীৰক শীতলতা প্ৰদান কৰি জ্বৰৰ তীব্ৰতা কম কৰে।

লেখক: যোগেশ দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

শেহতীয়া উন্নীতকৰণ: : 1/19/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate