অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জুতি লগাই খোৱা, সুস্বাস্থ্যৰ অধিকাৰী হোৱা

জুতি লগাই খোৱা, সুস্বাস্থ্যৰ অধিকাৰী হোৱা

 

ভোজন হৈছে খাদ্য। খাদ্যই মানুহৰ জীৱন। আহাৰ জুতি লগাই খাই মানুহে জীৱন ধাৰণ কৰে।

গতিকে আমি প্ৰত্যেকে দেহটোৰ সাধন কৰা উচিত। দেহা থাকিলেহে বেহা। দেহৰ বিভিন্ন অংগ-প্ৰত্যংগ স্বাভাৱিকভাৱে সক্ৰিয় হৈ চলি থকাকে স্বাস্থ্য বুলি কোৱা হয়। আমাৰ শৰীৰত স্বাভাৱিক উত্তপ-উৎসাহ, শ্বাস-প্ৰশ্বাস, মল-মূল, ইন্দ্ৰিয়ৰ যথোচিত কৰ্ম, প্ৰকৃতি সুদৃষ্টি শক্তি, পৰিপাক শক্তি, স্বাভাৱিক উত্তাপ, ভোক-পিয়াহ, শৰীৰৰ কোমলতা, ৰতি শক্তি, বল, সহিষ্ণুতা, ধীৰতা-লোভহীনতা, মেধাশক্তি আদি অটুট অৱস্থাৰ সৃষ্টি কৰিবলৈ হ’লে আমাৰ স্বাস্থ্য ভাল হ’ব লাগিব। সু-স্বাস্থ্যৰ বাবে আৰু দেহ, মন সুস্থ কৰি ৰাখিবলৈ হ’লে জুতি লগাই আহাৰ খাবই লাগিব।

যিহেতু আমি আহাৰ খাই জীৱন ধাৰণ কৰো, সেইবাবে সুস্বাদু পুষ্টিকৰ আৰু জুতি লগা হ’বই লাগিব। ৰন্ধন প্ৰক্ৰিয়াৰ দ্বাৰা জুতি লগা আহাৰ প্ৰস্তুত কৰাৰ ওপৰতে খোৱা-লোৱা নিৰ্ভৰ কৰে।

বিশেষকৈ জুতি লগাকৈ কি বস্তুৰ লগত কি শাক-পাচলি খোৱা হয় আৰু ইয়াৰ পুষ্টিগুণ সম্পৰ্কে আলোচনা কৰিবলৈ লোৱা হৈছে।

জহা চাউলৰ ভাত আৰু পাৰ মাংসৰ জোল, টোপোলা ভাতৰ লগত চাটনি, টেপা কচুৰ লগত কণ বিলাহী দি ৰন্ধা আঞ্জা, মচুৰ দাইলত কণ বিলাহী দি ৰন্ধা আঞ্জা, অমিতা দি ৰন্ধা মাটি দাইলৰ খাৰ, পিঠাগুড়ি দি কুকুৰাৰ মাংসৰ আঞ্জা, টেঙেচী টেঙাৰে ৰৌ মাছৰ জোল, ভাঙোন মাছৰ লগত বগা বেহাৰৰ আঞ্জা, তিলৰ গুড়িৰে ৰন্ধা কাৱৈ মাছৰ জোল, কাৱৈ মাছৰ লগত পালেং শাকৰ আঞ্জা, ক’লা কচুৰ ঠাৰি সৰু সৰুকৈ কুটি তাৰ লগত বুট আৰু নাৰিকল ৰুকি ৰন্ধা থপথপীয়া কচুৰ আঞ্জা, শেৱালি ফুলৰ লগত দৰিকণা মাছৰ আঞ্জা, পিঠাগুড়ি লেটিয়াই ভজা শেৱালি ফুলৰ বৰ, নৰসিংহৰ পাতৰ লগত বেচন লেটিয়াই ভজা বৰ, নৰসিংহ আৰু ভেদাইলতাৰে ৰন্ধা শিঙৰা মাছৰ জোল, ঢেঁকীয়া আৰু হাঁহকণী দি ভজা, খৰিকাত দিয়া গৰৈ মাছৰ পিটিকা, আঠিয়া কলৰ পছলা, জিকা আৰু ৰৌ পোৱালিৰ আঞ্জা, তেঁতেলী আৰু বুঢ়া বৰালিৰ আঞ্জা, আম টেঙা আৰু পদিনাৰ চাটনি ইত্যাদি জুতি লগাই খোৱা ব্যঞ্জন- যিবোৰে আমাৰ স্বাস্থ্য ৰক্ষাত সহায় কৰে। বিভিন্ন ৰোগ প্ৰতিৰোধ কৰিব পাৰে। দেহ-মন সুস্থ আৰু সবল কৰি ৰাখিব পাৰে বুলি কোৱা হয়।

ইয়াৰ উপৰি ভেদাইলতা আৰু মানিমুনিৰ লগত ভালদৰে আদা-নহৰু দি সৰু মাছৰ জোল ৰান্ধি খালে মহিলাৰ পেটৰ ৰোগ, কটা-ছিঙা ঘাঁ সোনকালে শুকায় আৰু শক্তি বৃদ্ধি কৰে বুলি কোৱা হয়।

টেঙেচী শাক আৰু গৰৈ মাছৰ আঞ্জা বৰ জুতি লগা হয়। এনেদৰে খালে মানুহৰ গ্ৰহণী ৰোগ নিৰাময় হয়। মৰিচা শাকৰ ঠাৰি কাটি বগা সৰিয়হৰ লগত থপথপীয়াকৈ ৰান্ধি বৰ জুতি লগা হয়।

ই মানুহৰ কোষ্ঠকাঠিন্য দূৰ কৰে, দেহত তেজৰ মাত্ৰা বৃদ্ধি কৰে বুলি কোৱা হয়। খুতৰীয়া আৰু লাই শাকৰ লগত পুঠি মাছৰ জোল কৰি খালে বৰ সোৱাদ পোৱা যায়। ই মানুহৰ দৃষ্টিশক্তি বঢ়ায়, চকুৰ ৰোগ নিৰাময় কৰে আৰু শুক্ৰ বৃদ্ধি কৰে। মানকচুৰ তলৰ অংশ ৰ’দত শুকুৱাই সৰু মাছৰ সৈতে খাৰৰ আঞ্জা খাই বৰ জুতি পোৱা যায়। ই পেটৰ ৰোগ নিৰাময় কৰে, পুষ্টিকাৰক আৰু ই শোথ নাশক বুলি কোৱা হয়।

মূলা আৰু মাছৰ আঞ্জা বৰ জুতি লগা হয়। ই মানুহৰ শুক্ৰ বৃদ্ধি কৰে। ত্ৰিদোষনাশক।

ৰঙালাউ মাছৰ লগত ৰান্ধি খালে বৰ সোৱাদ লগা হয়। ই ধাতু পুষ্টি পিত্তনাশক বুলি কোৱা হয়, কিন্তু ডায়েবেটিছ ৰোগীৰ বাবে মিঠা ৰঙালাউ উপকাৰী নহয়। কম পৰিমাণে খাব পাৰে।  বগা সৰিয়হ দি ৰন্ধা ইলিছ মাছৰ আঞ্জাখন বৰ জুতি লগা হয়, ই বায়ু নাশক আৰু পুষ্টিকৰ।

কলা কচু বুটমাহৰ লগত থপথপীয়াকৈ ৰান্ধি খালে বৰ সোৱাদ লগা হয়। ই গৰ্ভৱতী নাৰীৰ গৰ্ভাশয়ৰ ৰোগ নিৰাময় কৰে বুলি কোৱা হয়। তেজ বৃদ্ধি হয়। অসমীয়া লোকৰ পাঁচ ফোৰণ দি তেলনি মাৰিব, কি যে মলমলীয়া গোন্ধ ওলায়। গোন্ধটো নাকত লাগিলে যেন জিভাৰ পানী পৰে। অকল এয়াই নহয়, মানুহৰ ঘৰে ঘৰে বাৰী-বস্তিত বিভিন্ন শাক-পাচলি, ঘৰৰ পুখুৰীৰ বা বাৰিষাৰ দোং, খাল, নদীত মাছ উভৈনদী হয়। বাৰিষা এতিয়া মাছৰ উজান উঠে। কাৱৈ, মাগুৰ, চেং, গৰৈ মাছে পানীৰ পৰা উঠি বামলৈ আহে। এই সময়ত মাছ খাবলৈ বৰ সোৱাদলগা হয়। মাছবোৰ তেলাল হৈ উঠে। বিভিন্ন শাক-পাচলিৰে জুতি লগাকৈ ৰান্ধি খাব পৰা যায়। দুপৰীয়া পথাৰৰ পৰা আহি যেতিয়া ধোঁৱা ওলাই থকা গৰমে গৰমে আইজং চাউলৰ ভাতৰ লগত ঠেকেৰা টেঙাৰে ৰন্ধা মাছৰ জোল, ঢেঁকীয়া শাকৰ ভাজিখনৰ সোৱাদৰ কথা গাঁৱলীয়া লোকক ক’বই নালাগে। বিশেষকৈ বাৰিষা জান-জুৰিত চেপা-চৰহা পাতি অনা মাছেৰে ৰন্ধা টেঙাৰ জোলৰ কথাই সুকীয়া। বন্ধা কবি আৰু বৰালি মাছৰ আঞ্জা, আনাৰস আৰু মিছা মাছেৰে ৰন্ধা আঞ্জা, কচুৰ ঠুৰিৰ লগত শুঁঠি টেঙা দি জুইত সেকি কৰা পিটিকা জুতি লগা হয়। শেৱালি ফুলৰ লগত দৰিকণা মাছৰ আঞ্জা, আদা আৰু সৰু সৰু মাছৰ জোল বৰ সোৱাদ লগা হয়। মাটি দাইলৰ লগত কণ বিলাহী দি ৰন্ধা আঞ্জাখনৰ জুতিৰ কথা সকলোৰে পৰিচিত।

এনেদৰে বিভিন্ন শাক-পাচলি বিভিন্ন ধৰণে জুতি লগালৈ ৰান্ধি খাই মানুহে হেঁপাহ পলুৱাই আহাৰ খায়।

জুতি লগাই হেঁপাচ গুচাই খাবা

বিভিন্ন ৰোগৰ পৰা মুক্তি পাবা।

বতৰৰ শাক-পাচলি ফল-মূল নিতৌ খাবা

তেতিয়াহে দেহত শক্তি পাবা।

লেখক: ধনেশ্বৰ হুজুৰী(অসম বাণী)

 

শেহতীয়া উন্নীতকৰণ: : 12/1/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate