অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ডালিমৰ খাদ্য গুণ :

 

ডালিম এবিধ পুষ্টিকৰ আৰু ঔষধি গুণেৰে সমৃদ্ধ ফল। টান বাকলিযুক্ত এই ফলবিধ ৰসাল আৰু সুস্বাদু।

ডালিমত পলিফেনল নামৰ এবিধ এণ্টিঅক্সিডেণ্ট প্ৰচুৰ পৰিমাণে থাকে। পলিফেনলে দেহৰ অপকাৰী মুক্তমুলকবোৰে প্ৰশমিত কৰি হৃদপিণ্ডৰ ৰোগ আৰু অন্যান্য অৱক্ষয়জনিত ৰোগবোৰ প্ৰতিৰোধ কৰে, ছালৰ উজ্জ্বলতা আনে আৰু বয়সৰ চাপ হ্ৰাস কৰে। ই টেমুনা সৃষ্টি আৰু বৃদ্ধিত বাধা আৰোপ কৰে। প্ৰষ্টেত, স্তন, হাওঁফাওঁ আৰু ছালৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰে। ডালিমে ধমনীৰ বেৰত পৰা তেজৰ চাপ কমায়।

ডালিম আঁহযুক্ত হোৱা হেতুকে পৰিপাক প্ৰণালীত সহায় কৰে। কোষ্ঠকাঠিন্য দুৰ কৰে। অন্ত্ৰ পৰিষ্কাৰ কৰি ৰাখে। আমাৰ দৈনিক প্ৰয়োজনীয় আঁহৰ শতকৰা ৪৫ ভাগ ডালিমৰ পৰা পাব পাৰোঁ।

ডালিমে দেহৰ পৰা প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। এণ্টিইনফ্লেমেটৰী যৌগ থকা কাৰণে ই ৰিউমেটইড আৰ্থ্ৰাইটিছ, অষ্টিঅ’আৰ্থ্ৰাইটিছ আদি উপশম কৰে। ডালিম ভিটামিন ‘চি’ ত চহকী হোৱা হেতুকে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। এটা ডালিমৰ ৰসত থকা ভিটামিন ‘চি’ য়ে আমাৰ দৈনন্দিন প্ৰয়োজনীয় ভিটামিন চিৰ শতকৰা ৪০ ভাগতকৈও অধিক যোগান ধৰে। ডালিমৰ ৰসে শৰীৰৰ তেজ প্ৰবাহ উন্নত কৰে। ৰক্তনলীকাবোৰ কঠিন আৰু ডাঠ হোৱা প্ৰতিৰোধ কৰে আৰু ৰক্তনলীকাৰ বেৰত ডাঠ চামনি পৰাত বাধা দিয়ে। গৱেষণাৰ পৰা দেখা গৈছে যে ই চিচটলিক ব্লাড প্ৰেচাৰ হ্ৰাস কৰে। ডালিমত থকা ফ্লেভনইড নামৰ উপাদানে শৰীৰৰ অন্তৰভাগত হোৱা যিকোনো প্ৰদাহ ৰোধ কৰে, ই অক্সিডেছন চাপ আৰু শৰীৰৰ ক্ষতি বাধা দিয়ে।

ডালিমৰ ৰসে যৌনশক্তি আৰু উৰ্বৰতা বৃদ্ধি কৰে বুলি অধ্যয়ন আৰু গৱেষণাৰ পৰা জনা গৈছে। ই টেষ্টষ্টেৰন নামৰ হৰম’নৰ মাত্ৰা বঢ়ায় । ডালিমৰ ৰসত ১০০ বিধতকৈ অধিক ফাইটোকেমিকেল নামৰ যৌগ থাকে। এই যৌগবোৰ শক্তিশালী এণ্টি অক্সিডেণ্ট। ডালিমত সেউজীয়া চাহত থকাতকৈও তিনিগুণ অধিক এণ্টি অক্সিডেণ্ট থাকে। এইবোৰে শৰীৰৰ কোষবোৰক সুৰক্ষা দিয়ে আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

মগজু সুস্থ ৰাখিবৰ বাবে ডালিম এবিধ উত্তম ফলাহাৰ। ই স্মৃতিশক্তি অটুট ৰাখে। গৱেষণাৰ পৰা দেখা গৈছে যে ডালিমে এলজেইমাৰ্ছ ৰোগৰ চিকিৎসা আৰু প্ৰতিৰোধৰ ক্ষেত্ৰত গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰে।

ডালিমৰ ৰসে কৰ্টিচল নামৰ হৰম’নৰ মাত্ৰা হ্ৰাস কৰে। কৰ্টিচলে মানসিক চাপ বৃদ্ধি কৰে। এইদৰে ডালিমৰ ৰসে মানসিক চাপ কমোৱাত সহায় কৰে।

দাঁতৰ বেমাৰ ৰোধত ডালিমে সহায় কৰে। ইয়াৰ কিছুমান উপাদানে মুখগহ্বৰত শক্তিশালী এণ্টিপ্লেক হিচাপে কাম কৰে।

১০০ গৰম পৰিমাণৰ ডালিমত থকা উপাদানসমুহ হ’ল -

প্ৰ’টিন-১.৭ গ্ৰাম

কাৰ্বহাইড্ৰেট- ১৯ গ্ৰাম

আঁহ-৪ গ্ৰাম

ছডিয়াম-৩ মিলিগ্ৰাম

পটাছিয়াম-২৩৬ মিলিগ্ৰাম

কেলছিয়াম-১০ মিলিগ্ৰাম

মেগনেছিয়াম-১২ মিলিগ্ৰাম

চেচুৰেটেড ফেট- ০.১ গ্ৰাম

পলিআনচেচুৰেটেড ফেট- ০.১ গ্ৰাম

মন’আনচেচুৰেটেড ফেট- ০.১ গ্ৰাম

ছুগাৰ- ১৪ গ্ৰাম

অক্সেলিক এচিড- ১৪ মিলিগ্ৰাম

ফছফৰাছ- ৭০ মিলিগ্ৰাম

আইৰন-০.৩ মিলিগ্ৰাম

থায়েমিন- ০.০৬ মিলিগ্ৰাম

ৰাইব’ফ্লেবিন- ০.১০ মিলিগ্ৰাম

ভিটামিন চি-১২ মিলিগ্ৰাম

স্বাস্থ্যৰ ক্ষেত্ৰত ইমান উপকাৰী এই ফলবিধ আমাৰ খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰা উচিত। ইয়াক স্বাস্থ্যৰ প্ৰতীক হিচাপে গণ্য কৰিব পাৰি।

লেখিকা: ডা: মিৰান্দা দত্ত  (আমাৰ অসম পুৰ্বাচল)

শেহতীয়া উন্নীতকৰণ: : 2/29/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate