অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ডাৰ্ক চকলেটৰ উপকাৰিতা:

ডাৰ্ক চকলেটৰ উপকাৰিতা:

 

সম্প্ৰতি বিশ্বজুৰি দ্ৰুতগতিত প্ৰাদুৰ্ভাৱ বৃদ্ধি হ’বলৈ ধৰা এবিধ জীৱন-চৰ্যাজনিত ৰোগ ইহ’ল হৃদৰোগ। ‘কৰোনেৰী আৰ্টাৰী ডিজিজ’(Coronary Antery Disease) নামেৰে পৰিচিত এই ৰোগত আক্ৰান্ত হৈ প্ৰতি বছৰে যথেষ্টসংখ্যক লোকৰ মৃত্যু হয়। হৃদৰোগৰ উদ্ৰেক ঘটাৰ কেইবাটাও কাৰণৰ ভিতৰত এটা অন্যতম কাৰণ হ’ল স্বাস্থ্যৰ পৰিপন্থী খাদ্যাভ্যাস। তাৎপৰ্যপূৰ্ণভাৱে কেতবোৰ খাদ্যই হৃদৰোগ হোৱাত অৰিহণা যোগোৱাৰ বিপৰীত আন কেতবোৰ খাদ্যই আকৌ হৃদৰোগ প্ৰতিৰোধ কৰে। হৃদৰোগ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব কৰা এবিধ খাদ্য হ’ল ডাৰ্ক চকলেট(Dark Chocolate)। হৃদৰোগ প্ৰতিৰোধ কৰাৰ উপৰি আন কেতবোৰ দিশেৰেও ডাৰ্ক চকলেটে মানুহৰ শৰীৰত ইতিবাচক প্ৰভাৱ পেলায়। ডাৰ্ক চকগেট মূলতঃ ক’ক’ৱা(Cocoa)গছৰ গুটিৰপৰা প্ৰস্তুত কৰা হয়।

ডাৰ্ক চকলেটে হৃৎপিণ্ডলৈ তেজ সৰবৰাহ কৰা ধমনীত তেজ গোট মৰাত বাধা দিয়ে ইয়াত থকা প্ৰতিজাৰকে(Antioxidant) দেহত বেয়া কলেষ্টেৰ’লৰ(bed cholesterol)ৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে। ডাৰ্ক চকলেট যিমান বেছি গাঢ় ৰঙৰ আৰু তিতা স্বাদযুক্ত হয়, তাৰ উপকাৰিতাও সিমান বেছি হয়। প্ৰতিদিনে কেইডোখৰমান বা এশ গ্ৰাম(অৰ্থাৎ ৬০০ কেল’ৰিযুক্ত) ডাৰ্ক চকলেট খোৱাটো উচ্চ মাত্ৰাত কেল’ৰি থকা খাদ্য খোৱাতকৈ বহু বেছি উপকাৰী। ডাৰ্ক চকলেটত চেনি থাকে, কিন্তু সীমিত মাত্ৰাতহে। ডাৰ্ক চকলেটত থকা চৰ্বি সম্পৃক্ত(Saturated) প্ৰকৃতিৰ হোৱা বাবে সহজে হজম হয়।

ডাৰ্ক চকলেটত থকা ঔষধি গুণৰ বাবে এই চকলেট হৃদৰোগৰ উপৰি মানসিক বিসংগতি, মেদবহুলতা, উচ্চ ৰক্তচাপ, মধুমেহ প্ৰভূতি ৰোগ তথা শাৰীৰিক-মানসিক সমস্যা প্ৰতিৰোধৰ ক্ষেত্ৰতো বিশেষভাৱে সহায়ক। ডাৰ্ক চকলেটত থকা পলীফেনল, ফ্লেভ’ন’ইড আদি জৈৱিক যৌগই শৰীৰত মুক্ত মূলকৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি, শাৰীৰিক অৱক্ষয়ত বাধা দিয়াৰ লগতে কেন্সাৰ প্ৰভৃতি ৰোগৰ উদ্ৰেক হোৱাত বাধা দিয়ে। ডাৰ্ক চকলেটৰ উপাদানবোৰে ধমনী আৰু সিৰাবোৰৰপৰা তেজৰ মখা, কলেষ্টেৰ’ল, ধাতৱ আয়ন আদি আঁতৰাই তেজৰ সঞ্চালন তথা হৃদপিণ্ডলঈ তেজৰ সৰবৰাহ স্বাভাৱিক কৰি তোলাত যথেষ্ট সহায় কৰে। বেয়া কলেষ্টেৰ’ল বা ল’-ডেনছিটী লিপ’প্ৰ’টিন(LDL)ৰ মুক্ত মূলকৰ সৈতে জাৰণ ঘটাৰ ফলত ৰক্তবাহী নলীত প্ৰতিবন্ধকতাৰ সৃষ্টি হয়। ডাৰ্ক চকলেটত থকা যৌগই এই প্ৰক্ৰিয়াটো বহুলাংশে প্ৰতিৰোধ কৰিব পাৰে।

ডাৰ্ক চকলেটত থকা ফ্লেভ’ন’ইডে হৃৎপিণ্ডৰ বাবে উপকাৰী ভাল কলেষ্টেৰ’ল বা হাই-ডেনাছিটী লিপ’প্ৰটিন(HDL)ৰ সংশ্লেষণ বৃদ্ধি কৰে। ফ্লেভ’ন’ইডে শৰীৰত নাইট্ৰিক অক্সাইড গেছ উৎপন্ন হোৱাত সহায় কৰে, এই গেছে ধমনীবোৰক শিথিল হ’বলৈ সংকেত দিয়ে, তেজৰ প্ৰবাহত থকা প্ৰতিৰোধ হ্ৰাস কৰে তথা ৰক্তচাপ হ্ৰাস কৰে। ইয়াৰ বাহিৰে ফ্লেভ’ন’ইডে সূৰ্যৰ ৰশ্মি আৰু তাপৰ প্ৰভাৱত হ’ব পৰা ছালৰ ক্ষতি প্ৰতিৰোধ কৰে আৰু ছাললৈ তেজৰ সৰবৰাহৰ মান উন্নত কৰি ছালৰ বৰণ আৰু ঘনত্ব অটুট ৰখাত সহায় কৰে। ফ্লেভ’ন’ইডে মস্তিষ্কলৈ তেজৰ যোগান বৃদ্ধি কৰি মানসিক চাপ তথা বিমৰ্ষতা হ্ৰাস কৰে আৰু মস্তিষ্কৰ কাৰ্যদক্ষতা বৃদ্ধি কৰে। ফ্লেভে’নইডে মেদবহুলতা আৰু মধুমেহ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰতো প্ৰভূত অৰিহণা যোগাব পাৰে। এই উপাদানবিধে শৰীৰৰ কোষবোৰক স্বাভাৱিকভাৱে ক্ৰিয়া কৰাত সহায় কৰে, ইয়াৰ ফলত মধুমেহ ৰোগীৰ শৰীৰৰ কোষবোৰৰ ইনছুলিন প্ৰতিৰোধী প্ৰৱণতা হ্ৰাস পায় তথা কোষবোৰে ইনছুলিন ভালদৰে ব্যৱহাৰ কৰাৰ সামৰ্থ্য পুনৰায় লাভ কৰে।

ডাৰ্ক চকলেটক পুষ্টি গুণৰ ভঁৰাল আখ্যা দিব পাৰি। ইয়াত থকা উচ্চ মাত্ৰাৰ আঁহে পাকস্থলীত চৰ্বিৰ শিষণৰ মাত্ৰা বৃদ্ধি কৰে আৰু ইয়াৰ ফলত মেদবহুলতা বহু পৰিমাণে প্ৰতিৰোধ হয়। ডাৰ্ক চকলেটত থকা তাম আৰু পটাছিয়ামে ষ্ট্ৰোক হোৱাত বাধা দিয়ে। আকৌ ইয়াত থকা লোৱে শৰীৰত লোৰ ঘাটি থাকিলে সেয়া পূৰণ কৰে। ডাৰ্ক চকলেটত থকা আন এটা উপাদান মেগনেছিয়ামে মধুমেহ, উচ্চ ৰক্ৰচাপ আৰু কেতবোৰ হৃৎপিণ্ডৰ বিসংগতি হোৱাত বাধা দিয়ে। আনহাতে, ইয়াত থকা মেংগানিজ, ফছফৰাছ, জিংক আৰু ছেলেনিয়ামে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ডাৰ্ক চকলেটত থকা থিঅ’ব্ৰ’মাইনে দাঁতৰ এনামেল সবল আৰু কঠিন কৰি তোলে।

লেখক: অমল ভাগৱতী(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 2/27/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate