অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ডেংগু আৰু ইয়াৰ প্ৰাকৃতিক চিকিৎসাত অমিতা গছৰ পাতৰ ৰস ব্যৱহাৰ

ডেংগু আৰু ইয়াৰ প্ৰাকৃতিক চিকিৎসাত অমিতা গছৰ পাতৰ ৰস ব্যৱহাৰ

ডেংগু আৰু ইয়াৰ প্ৰাকৃতিক চিকিৎসাত অমিতা গছৰ পাতৰ ৰস ব্যৱহাৰৰ বিষয়ে

ডেংগু মহৰদ্বাৰা অতি দ্ৰুত গতিত বিয়পা সাম্প্ৰতিক সময়ৰ ভাইৰাছজনিত এবিধ মাৰাত্মক ৰোগ হিচাপে চিহ্নত হৈছে।বৰ্তমানে ইউৰোপ আৰু এণ্টাৰ্কটিকা অঞ্চল বাদ দি পৃথিৱীৰ প্ৰায় ১২৫ খন দেশত ডেংগু ৰোগৰ প্ৰাৰ্দুভাৱে সন্ত্ৰাসৰ সৃষ্টি কৰিছে।বিশ্ব স্বাস্থ্য সংস্থাৰ (World Health Organization ,WHO)সমীক্ষাত দেখা গৈছে যে বছৰি পৃথিৱীৰ প্ৰায় চাৰিশ নিযুত মানুহ এই ৰোগত আক্ৰান্ত হয়।ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত ডেংগুৰ আৰ্বিভাৱৰ বাতৰি বিগত কেইবছৰমানৰপৰা বিভিন্ন প্ৰচাৰ মাধ্যমত প্ৰকাশ পাই আহিছে।সম্প্ৰতি গুৱাহাটী আৰু ইয়াৰ আশে-পাশে হোৱা ডেংগু জ্বৰৰ প্ৰাদুৰ্ভাৱৰ বাতৰিয়ে সমগ্ৰ অসমতে আতংকৰ সৃষ্টি কৰিছে।

বৰ্তমান ভাৰতবৰ্ষকে আদি কৰি এছিয়াৰ কেইবাখনো দেশত ডেংগুৰ প্ৰাকৃতিক চিকিৎসাত অমিতাৰ পাতৰ ৰসে এই ৰোগ প্ৰতিকাৰত অভুতপুৰ্বভাৱে সহায় কৰাৰ বাতৰিয়ে এক প্ৰকাৰৰ আলোড়নৰ সৃষ্টি কৰিছে।

এডিছ (Aedes )প্ৰজাতিৰ প্ৰধানত:দুবিধ মহে ডেংগু ভাইৰাছ (DANV)কঢ়িয়াই এই ৰোগ বিস্তাৰ কৰে।ইয়াৰ প্ৰথমবিধ হ’ল এডিছ ইজিপ্টাই (Aeds albopictus )।ডেংগুৰ উপৰিও এই প্ৰজাতিৰ মহে চিকুনগুনিয়া (Chikungunya)জাইকা, (Zyka),ইয়েল’ফিভাৰ (Yellow fever)আদিৰ দৰে মাৰাত্মক ৰোগবোৰৰো ভাইৰাছ কঢ়িয়ায।এডিছ ইজিপ্টাই মহবিধ আফ্ৰিকা মুলৰ আৰু বৰ্তমান পৃথিৱীৰ প্ৰায়বোৰ দেশতে এই মহবিধ বিয়পি পৰি ত্ৰাসৰ সৃষ্টি কৰিছে।সমগ্ৰ এছিয়া মহাদেশ,আমেৰিকা যুক্তৰাষ্ট্ৰ,অষ্ট্ৰেলিয়া,লেটিন আমেৰিকা আৰু কেৰিবিয়ান দেশবোৰ সম্প্ৰতি ডেংগুৰদ্বাৰা আক্ৰান্ত।মহবিধৰ ভৰিত থকা বগা দাগ আৰু বক্ষৰ উপৰিভাগত থকা আঙঠি আকৃতিৰ চিনৰ পৰা সহঁজে চিনিব পাৰি।এইবিধ মহ ইয়েল’ফিভাৰ মহ (Yellow fever Mosquito)নামেৰেও পৰিচিত।দ্বিতীয়বিধ মহ এডিছ এবল’পিক্টাছ এছিয়া মুলৰ।এইবিধ মহো এতিয়া পৃথিৱীৰ আন আন দেশলৈ বিয়পি পৰি ডেংগু জাতীয় ৰোগৰ বিস্তাৰ কৰি ত্ৰাসৰ সৃষ্টি কৰিছে।ক’লা ৰঙৰ এই মহবিধৰ গাত বাঘৰ গাত থকাৰ দৰে দীঘলীয়া বগা দাগ থকা বাবে এই মহবিধ এছিয়ান টাইগাৰ মহ (Asian tiger mosquito)নামেৰেও জনাজাত।জীৱন ধাৰাৰ প্ৰক্ৰিয়া দুইবিধ মহৰেই একে।বন্ধ হৈ থকা পৰিষ্কাৰ পানীত ইহঁতে কণী পাৰি বংশ বৃদ্ধি কৰে।দুয়োবিধ মহ কেৱল দিনৰ বেলিকাহে সক্ৰিয় আৰু সেয়েহে ইহঁতে মানুহ বা জীৱ-জন্তুক অকল দিনতহে কামোৰে।গছ-পাত আদিৰ ৰস ইহঁতৰ প্ৰধান খাদ্য।কিন্তু কণী পৰাৰ সময়ত মাইকী মহবোৰৰ দেহত খাদ্য হিচাপে মানুহ বা অন্য জীৱ-জন্তুৰ তেজৰ জৈৱিকভাৱে প্ৰয়োজন হয়।তেতিয়াই মানুহ আৰু অন্যান্য জীৱ-জন্তু মাইকী মহবোৰৰ চিকাৰ হয়।ডেংগুৰদ্বাৰা আক্ৰান্ত মানুহক কামুৰি সেই মহে কোনো সুস্থ মানুহক কামুৰিলে,সুস্থ মানুহজনো ডেংগুত আক্ৰান্ত হয় আৰু এইদৰেই এইবিধ মহে ৰোগ বিয়পায়।বৈজ্ঞানিকভাৱে এতিয়ালৈকে চাৰিবিধমান বেলেগ বেলেগ ডেংগু ভাইৰাছ (DANV)চিনাক্ত কৰা হৈছে।সাধাৰণতে মহে কামোৰাৰ সাতদিনমানৰ ভিতৰত ৰোগৰ লক্ষণবোৰৰ দেখা দিয়ে আৰু তাৰপৰা দহদিনমানৰ ভিতৰত এইৰোগ শাম কটা দেখা যায়।ডেংগুৰ লক্ষণবোৰৰ ভিতৰত অতিপাত জ্বৰ,চকু ৰঙা পৰা আৰু চকুৰ বিষ,মুৰ,মাংসপেশী আৰু গাঁঠিৰ বিষ,শৰীৰত ৰঙা দাগ পৰা ,ঘামচিৰ দৰে উঠা আদিয়ে প্ৰধান।কিন্তু ডেংগু যেতিয়া ৰক্তক্ষয়ী জ্বৰলৈ (Hemorrhagic fever)পৰ্যবসিত হৈ থ্ৰম্বছাইট’পেনিয়াৰ (Thrombocyto penia)দৰে এবিধ তেজৰ ৰোগৰ ৰুপ লয়,তেতিয়া ই মাৰাত্মক হৈ পৰে।এই অৱস্থাত ডেংগুত আক্ৰান্ত ব্যক্তিৰ তেজত শ্বেত ৰক্ত কণিকাৰ (White Blood Cell)উপৰিও তেজ গোট মৰা কাৰ্যত বিশেষভাৱে সহায় কৰা ৰক্ত বিম্বাণুবোৰৰ (Blood Platelet)মাত্ৰা বা সংখ্যা অস্বাভাৱিকভাৱে কমি যায়।ইয়াৰ ফলত ৰোগীৰ নাক ,মুখ আদিয়েই ৰক্তক্ষৰণ হয়।উপযুক্ত চিকিৎসাৰ অবিহনে এনে অৱস্থাত ৰোগীৰ দেহৰ লাগতিয়াল অংগ বিকল হৈ মৃত্যুৰ সম্ভাৱনা প্ৰকট হৈ পৰে।

আধুনিক চিকিৎসাত ডেংগুৰ প্ৰতিষেধক ছিটা এতিয়াও সহজলভ্য হোৱা নাই।ৰোগৰ প্ৰতিকাৰক হিচাপে ৰোগীৰ জ্বৰ ,বিষ আদি নিয়ন্ত্ৰণৰ বাবে পেৰাছিটামল (Peracetamol)জাতীয় দৰবৰ উপৰিও এণ্টিবায়’টিক আদি প্ৰয়োগ কৰা হয়।অত্যধিক বিশ্ৰামৰ উপৰিও ৰোগীক যথেষ্ট পৰিমাণৰ পানী,ফলৰ ৰস খাবলৈ দিয়া হয়।ৰোগীৰ দেহত ৰক্ত বিম্বাণুৰ (Blood Platelet)মাত্ৰা কমি গৈ ৰক্তক্ষৰণ আদি হ’লে চিকিৎসাও জটিল আৰু দীঘলীয়া হ’বলৈ ধৰে।

ডেংগুৰ প্ৰতিকাৰক হিচাপে সাম্প্ৰতিক সময়ত অমিতা গছৰ পাত বিশেষভাৱে চৰ্চিত হোৱা দেখা গৈছে।বিগত কেইবছৰমানৰপৰা ভাৰতকে ধৰি এছিয়াৰ ভালেকেইখন দেশ,যেনে-পাকিস্তান,শ্ৰীলংকা ,ইণ্ডোনেছিয়া,মালয়েছিয়া আদি ডেংগু আক্ৰান্ত দেশবোৰত ডেংগুৰ প্ৰাকৃতিক চিকিৎসাত অমিতাৰ পাতৰ ৰসে ৰোগীৰ দেহত কমি যোৱা ৰক্ত বিম্বাণুৰ (Blood Platelet)সংখ্যা তাৎক্ষণিকভাৱে বঢ়াই স্বাভাৱিক অৱস্থালৈ আনি এই ৰোগৰ পৰা মুক্ত কৰে।অমিতাৰ পাতত এই বিশেষ গুণটোৰ বিষয়ে এছিয়াৰ নানা দেশৰ প্ৰাকৃতিক চিকিৎসা বিশেষজ্ঞ আৰু বহুতো ডেংগু আক্ৰান্ত ৰোগীৰ ব্যক্তিগত অভিজ্ঞতাৰ তথ্য আদি বিভিন্ন মেডিকেল বুলেটিন ,বাতৰিকাকত  আৰু টিভি চেনেলবোৰত বিশেষভাৱে প্ৰচাৰ হোৱা দেখা গৈছে।ভাৰতীয় আয়ুৰ্বেদ শাস্ত্ৰত অমিতা ফলবিধৰ স্বাস্থ্যৰ উপকাৰিতাৰ কিছু তথ্য আছে যদিও ইয়াৰ পাতৰ ঔষধি গুণ সম্পৰ্কে কোনো তথ্য পোৱা নাযায়।আনহাতে এছিয়াৰ বহুতো দেশত অমিতা গছৰ বিভিন্ন অংশ ,যেনে-ইয়াৰ পাত,শিপা,আঠা আদি মানুহৰ নানা ধৰণৰ ৰোগত পৰম্পৰাগত ঔষধ (Traditional Medicine)হিচাপে ব্যৱহাৰ কৰাৰ তথ্য পোৱা যায়।এইক্ষেত্ৰত এটা উল্লেখযোগ্য উদাহৰণ হ’ল-ইণ্ডোনেছিয়া আৰু আন কিছুমান দেশত অতীজৰেপৰাই অমিতা পাতৰ ৰস মেলেৰিয়া সদৃশ জ্বৰত পৰম্পৰাগত ঔষধ হিচাপে ব্যৱহাৰ কৰি অহা তথ্য পোৱা যায়।এছিয়াৰ বিভিন্ন দেশত  পৰম্পৰাগতভাৱে অমিতাৰ পাত গৰম পানীত ধুই পালেং শাকৰ দৰে খোৱাৰ তথ্যও পোৱা যায়।অমিতাৰ পাতৰ যিকেইটা বিশেষ গুণ থকাৰ বাবে সাম্প্ৰতিক কালত ডেংগুৰ দৰে ভয়াৱহ ৰোগৰ প্ৰতিকাৰক বুলি গ্ৰহণ কৰা হৈছে সেই বিষয়ে পৰ্যালোচনা কৰাৰ আগতে অমিতাৰ পাতৰ  বৈজ্ঞানিক বিশ্লেষণত কেনেধৰণৰ যৌগবোৰৰ উপস্থিতি ধৰা পৰিছে,সেয়া জনাটো নিশ্চয় জৰুৰী।আন্ত:ৰাষ্ট্ৰীয়ভাৱে খ্যাত বিজ্ঞান আলোচনীবোৰত প্ৰকাশিত বিভিন্ন গৱেষণা পত্ৰৰপৰা জনা যায় যে অমিতাৰ পাতত পেপেইন (Papain)আৰু ছাইম’পেপেইন (Cymopapain)নামৰ দুবিধ জৈৱিকভাৱে সক্ৰিয় এনজাইম  (enzyme) থাকে।এই দুয়োবিধ পদাৰ্থ আমাৰ দেহৰ হজম প্ৰক্ৰিয়াত প্ৰভুতভাৱে সহায় কৰে।বিশেষকৈ প্ৰ’টিন জাতীয় বস্তু হজম কৰাত এই দুবিধ এনজাইমৰ আমাৰ দেহত অতিকৈ প্ৰয়োজন।ৰাসায়নিক বিশ্লেষণত অমিতাৰ পাতত কাৰপেইন (Carpain),ছিউড’কাৰপেইন (Pseudo-carpain )আৰু ডিহাইড্ৰ’ কাৰপেইন (Dehydrocarpain)নামৰ এলকালয়ড (Alkaloid)জাতীয় যৌগবোৰ আৱিষ্কৃত হৈছে।সাম্প্ৰতিক গৱেষণাই এই এলকালয়ড যৌগবোৰৰ এণ্টিপ্লাজম’ডিয়াম (Antiplasmodium Activity)ক্ষমতা থকাৰ কথা প্ৰমাণ কৰিছে,অৰ্থাৎ এই যৌগবোৰৰ প্লাজম’ডিয়াম (Plasmodium)গোষ্ঠীৰ মেলেৰিয়া পৰজীৱীয়ে সৃষ্টি  কৰা মেলেৰিয়া জ্বৰ প্ৰতিৰোধ কৰিব পাৰে।এই কথাই অমিতাৰ পাতৰ ৰস পৰম্পৰাগতভাৱে মেলেৰিয়া সদৃশ জ্বৰত ব্যৱহাৰ হৈ অহা কথাৰ সত্যতা প্ৰতিপন্ন কৰে।এলকালয়ডবোৰৰ উপৰিও অমিতাৰ পাত্ত আছে জৈৱিকভাৱে সক্ৰিয় বিভিন্ন যৌগ,যেনে-ছেপনিন (saponins),গ্লাইক’ছাইড (Glycosides),ফ্লেভ’নয়ড (Flavonoids)আৰু ফেন’লিক (Phenolics)আদি।এই ধৰণৰ যৌগবোৰ ,যেনে-কেফেইক এছিড (Caffeic acid),ক্ল’ৰ’জেনিক এছিড (Chlorogenic acid),কুয়েৰছেটিন (Quercetin),কেম্পফেৰল (Kaempferol)আদিয়ে শৰীৰত এণ্টি-অক্সিডেণ্ট (antioxidant)হিচাপে ক্ৰিয়া কৰি কৰ্কট ৰোগ প্ৰতিৰোধী ক্ষমতা বঢ়াব পাৰে।ওপৰত উল্লেখ কৰা এই যৌগবোৰৰ উপৰিও অমিতাৰ পাতত আমাৰ দেহৰ অতিকৈ জৰুৰী ভিটামিনবোৰ ,যেনে-ভিটামিন ‘এ’(Vitamin A বা Thiamine),ভিটামিন ‘ছি’ (Ascorbic Acid)আৰু ভিটামিন ‘ই’ (Riboflavin)থকাৰ সম্ভেদ পোৱা গৈছে।এই বিভিন্ন যৌগৰ বাহিৰেও অমিতাৰ পাতত আমাৰ শৰীৰৰ অতি প্ৰয়োজনীয় কমেও নটা খনিজ পদাৰ্থ (Mineral/Micronutrient),যেনে-কেলছিয়াম (Ca),মেগনেছিয়াম (Mg),মেংগানিজ(Mn),ছ’ডিয়াম (Na),পটাছিয়াম (K),লো(Fe),তাম(Cu),ক্ৰমিয়াম (Cr)জিংক(Zn) আদি বৈজ্ঞানিকভাৱে কৰা বিশ্লেষণত ধৰা পৰিছে।গতিকে নি:সন্দেহে অমিতাৰ পাতৰ ৰাসায়নিক বিশ্লেষণে এই কথা প্ৰতীয়মান কৰে যে এই পাতৰ ৰস জৈৱিকভাৱে অতি সক্ৰিয়।সেই হিচাপে ভাৰতত নহ’লেও এছিয়াৰ আন আন দেশৰ পৰম্পৰাগত জ্ঞানৰ পম খেদি ক’ব পৰা যায় যে অমিতা গছৰ পাত খোৱাটো নিৰাপদ যদিও অতিমাত্ৰাত খালে বা কিছুমান অমিতা প্ৰজাতিৰ পাতত অতিমাত্ৰাত ছেপনিন জাতীয় যৌগবোৰ থকাৰ ফলত গৰ্ভৱতী মহিলাৰ গৰ্ভপাত বা গৰ্ভস্থ সন্তানৰ ক্ষতি কৰাৰ তথ্য পোৱা যায়।আনহাতে যি দুটা গুণৰ বাবে সাম্প্ৰতিক কালত ডেংগুৰ প্ৰতিকাৰত প্ৰাকৃতিকভাৱে অমিতা গছৰ পাতৰ ব্যৱহাৰে ভাৰতকে ধৰি এছিয়াৰ বিভিন্ন দেশত আলোড়ন তুলিছে,সেই দুটা হ’ল-

(১)বিভিন্ন গৱেষণা পত্ৰত প্ৰকাশ পাইছে যে অমিতাৰ পাতৰ পৰা নিষ্কাষণ কৰা যৌগবোৰত এডিছ (Aedes)প্ৰজাতিৰ মহৰ কণী বা পলু বিনষ্ট কৰা গুণ (larvicial activity)বিদ্যমান।

(২)এই যৌগবোৰে মানুহৰ শৰীৰত কিবা কাৰণত কমি যোৱা শ্বেত ৰক্ত কণিকা (WBC)আৰু ৰক্ত বিম্বাণুৰ (Blood Platelet)সংখ্যা দ্ৰুতগতিত বঢ়াই স্বাভাৱিক অৱস্থালৈ আনে।

গতিকে দেখা যায় ডেংগুৰ দুটা মুল উপসৰ্গ –অতিপাত জ্বৰ আৰু ইয়াৰ ৰক্তক্ষয়ী জ্বৰত (Hemorrhagic fever)দেহত হ্ৰাস পোৱা তেজৰ শ্বেত ৰক্ত কণিকা (WBC) আৰু ৰক্ত বিম্বাণু (Blood Platelet)-এই দুয়োটা উপসৰ্গৰ প্ৰতিকাৰৰ গুণ অমিতাৰ পাতৰ ৰসত বিৰাজমান।এই কাৰণেই হয়তো বৰ্তমানে ভাৰতকে ধৰি এছিয়াৰ বিভিন্ন দেশত মহামাৰীৰুপে দেখা দিয়া ডেংগুৰ প্ৰাকৃতিক চিকিৎসাত অমিতাৰ পাতৰ ৰসে সুফল দিয়াৰ বাতৰিয়ে খলকনি তুলিছে।

ইফালে ডেংগুৰ প্ৰাৰ্দুভাৱলৈ লক্ষ্য ৰাখি ইতিমধ্যে কিছু ঔষধ কোম্পানিয়ে (Pharmaceutical Company)অমিতাৰ পাতৰ যৌগবোৰ নিষ্কাষণ কৰি বিজ্ঞানসন্মত পৰীক্ষা আদিৰ জৰিয়তে বড়ি (Tablet)বা ছিৰাপ(Syrup)আকাৰত ঔষধ তৈয়াৰ কৰি বিক্ৰীৰ বাবে প্ৰচেষ্টা হাতত লোৱা দেখা গৈছে।এই ক্ষেত্ৰত ইতিমধ্যে বেংগালুৰুৰ মাইক্ৰ’লেব নামৰ ঔষধ কোম্পানীটোৱে অমিতাৰ পাতৰ ৰসৰ ওপৰত ভিত্তি কৰি কেৰিপিল (Caripill)নামৰ বড়িবিধ বজাৰত মুকলি কৰিছে।তেওঁলোকে দাবী কৰে যে ইয়াৰ কোনো পাৰ্শ্বক্ৰিয়া নাই আৰু সম্প্ৰতি লাখৰো অধিক ৰোগীয়ে ইয়াৰদ্বাৰা সুফল পাইছে।ভাৰতীয় বৈজ্ঞানিক আৰু নিয়ামক সংস্থাৰ (Scientific and regulatory Body)দ্বাৰাও এই ঔষধ স্বীকৃতিপ্ৰাপ্ত বুলি কোম্পানীটোৱে দাবী কৰাৰ বিষয়ে জানিব পৰা গৈছে।কোম্পানীটোৰ বুলেটিনত এয়াও প্ৰকাশ পাইছে যে অমিতাৰ পাত হয়তো লিউকেমিয়াত  আক্ৰান্ত ৰোগীৰ প্ৰচুৰ কেম’থেৰাপিৰ প্ৰয়োগত হ্ৰাস পোৱা ৰক্ত বিম্বাণুৰ (Blood Platelet)সংখ্যা বঢ়োৱাতো সহায়কাৰী হ’ব যিয়ে তেনে ৰোগীক ৰক্ত-আধান (Blood Transfusion)প্ৰক্ৰিয়াৰ দৰকাৰ নহ’বও পাৰে।চিকিৎসা বিজ্ঞানত ই হ’ব পাৰে এটা মহৎ সাফল্য।

সামৰণিত ক’ব পাৰি যে বিভিন্ন দেশৰ পৰম্পৰাগত জ্ঞান আৰু বৈজ্ঞানিক তথ্যবোৰে অমিতা গছৰ পাতত থকা যৌগবোৰ যে জৈৱিকভাৱে সক্ৰিয় (Biologically active)তাকে প্ৰতিপন্ন কৰে। আনকি ২০১৪ চনৰ আমেৰিকাৰ পেটেণ্ট এটাত এই যৌগবোৰৰ কৰ্কটৰোগ প্ৰতিৰোধী (Anticancer)ক্ষমতা থকাৰ কথাও দাবী কৰা হৈছে।অদুৰ ভৱিষ্যতে হয়তো অমিতা গছৰ পাত হ’ব পাৰে ডেংগু তথা আন বহু ৰোগৰ প্ৰতিকাৰ কৰিব পৰা এবিধ অতিকৈ কাৰ্যক্ষম আৰু কমখৰচী অলৌকিক প্ৰাকৃতিক দৰব।

তথ্যসুত্ৰ:

1.US Patent Nos.WO2010041263 A1

US 20140271823 A1

2.Int. J.Mosquito Research 2015,21-24

3.Biochim Biophys Acta 2013,3670-3695

4.Asian Pac J Trop Biomed 2011,330-333

5.Planta Medica,2014,1138-42

6.অন্যান্য উৎস

লেখিকা:ড০ প্ৰীতিশ চৌধুৰী (প্ৰান্তিক)

শেহতীয়া উন্নীতকৰণ: : 1/16/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate