অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

তেজ পাতৰ উপকাৰিতা

তেজ পাতৰ উপকাৰিতা


Health benifits of "Bay leaves"

তেজপাত আমি সকলোৱে খাই আহিছোঁ ।
অতি প্ৰাচীন কালৰে পৰা ব্যৱহাৰ কৰি অহা এই ঔষধী সুগন্ধী উদ্ভিদ জোপাই আমাৰ শৰীৰত কি কি উপকাৰ কৰে জানো আহঁক -
তেজপাতত থকা উপাদানসমুহ -
ইয়াত যথেস্থ পৰিমানে কেলচিয়াম', আইৰন',ক'পাৰ , পটেচিয়াম, চেলিনিয়াম 'মেংগানীজ' এম্টি অক্সিডেন্ট আদিৰে ভৰপুৰ ।
ঔষধী হিচাৱে ব্যৱহাৰ বিধি -
সচৰাচৰ দাইল তৰকাৰী আদিৰ লগত তেজপাতৰ পাত খোৱাৰ উপৰি ৰোগৰ ঔষধী গুণাগুণৰ বাবে কেচা বা শুকান পাতৰ ক্কাথ বা ৪/৫টা পাত বা শুকান গুৰি ৩গ্ৰাম পানীত কিছুসময় উতলাই নাইবা চাহৰ নিচিনাকৈ বনাই খাব পাৰে , বা আধা চা:তেজপাত গুড়ি বা কেচা ৰস এচামুচ মৌ ,গুড় , তুলসিপাত বা আদা মিহলাই খাব পাৰে ।
১। তেজপাতে পাচন তন্ত্ৰ সৱল কৰে ,বদহজম, বেয়া উগাৰ অহা ,অৰুচী,অভোক শৌচ কচা আদি দুৰ কৰে । পেটৰ মন্দাগ্নি, গেচ (বায়ু) পিত্ত , দুৰ কৰাৰ লগতে অখাদ্য গ্ৰহনৰ পৰা হবলগা ৰোগ প্ৰতিৰোধ কৰে ।
তেজপাত সিজোৱা পানীত আদা ,সন্ধা নিমখ বা ক'লা নিমখ দি খাব ।
২। কাহ চৰ্দি হাপানি , স্বৰভংগ (মাতভঙা) এলাৰ্জী ৰোগত তেজপাত , তুলসী, আদা বা শোথ ,পিপলী ,গুড় বা চেনী সহ বেচিকৈ উতলাই চাহৰ নিচিনা দিনে ২-৩বাৰ খালে উপসম হয় ।
৩। মুৰৰ বিষ , গাথিবিষ' বা অন্নান্য বিষত তেজপাতৰ চাহ খোৱাৰ লগতে তেজপাত আৰু এৰাপাত বতি লেপ লগালে উপসম হয় । ।
৪। প্ৰস্ৰাৱ ৰ যাৱতীয় ৰোগ তথা কিডনী ৰ ৰোগ বা পাথৰী ৰোগত তেজপাতৰ চাহ বা উতলোৱা পানী খোৱাতো উপকাৰী ।

৫। বহুমুত্ৰ ৰোগীৰ বাবে উপকাৰী ।
৬। হৃদয় ৰোগ বা হৃদ যন্ত্ৰ দুৰ্বল বা বুকুৰ ধপধপনি কৰা, সোনকালে ভাগৰি যোৱা ব্যক্তিৰ বাবে যথেষ্ঠ উপকাৰী! ( তেজপাত ৪ টা গোলাপ ফুলৰ পাহী ৪টা আৰু জনীগুটি (অজৱাইন) ১বা২গ্ৰাম উতলাই চাহৰ দৰে দিনে ২/৩বাৰ খাব ॥
৭। অনিদ্ৰা ৰোগত তেজপাত উপকাৰী

৮। তেজপাত ভিজোৱা পানীৰে
চকু ধুলে জলা পোৰা ভাল হয় । দাঁতৰ ৰোগত সিজোৱা পানীৰে কুলু কুলু কৰিব ।
৯। মহিলাৰ ৰক্তস্ৰাৱ / পেটৰবিষ বা প্ৰসৱৰ পিচত গৰ্ভাসয়ৰ সমস্যাৰ বাবে তেজপাতৰ চাহ ( উতলোৱাপানী ) উপকাৰী নাক বা দাঁতেৰে তেজযোৱা ৰোগতো একেদৰে খাব পাৰে ।
১০। চুলিৰ নানা সমস্যা ওকনী আদিতো তেজপাতৰ ৰস বা উতলোৱা পানী সানি কিছুসময় বান্ধি ৰাখিলে সমস্যা দুৰ হয় ।
১১। তেজপাত উতলোৱা পানী চতিয়ালে কীটপতঙ্গ কমে । বায়ু বিশুদ্ধ কৰে ।

লেখক: যতীন দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

শেহতীয়া উন্নীতকৰণ: : 7/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate