অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

তৰমুজৰ গুটিৰ নানা গুণ :

তৰমুজৰ গুটিৰ নানা গুণ :

গৰমৰ দিনত সহজতে উপলব্ধ ফলসমুহৰ অন্যতম হৈছে তৰমুজ। শৰীৰত পানীৰ ভাৰসাম্য অটুট ৰখাৰ ক্ষেত্ৰত গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰে এই তৰমুজে। শৰীৰক শক্তি প্ৰদানকাৰী নানা ধৰণৰ ভিটামিনসমৃদ্ধ তৰমুজৰ গুটিৰো আছে অনেক উপকাৰী গুণ। বহুতেই তৰমুজৰ গুটি পেলাই তৰমুজৰ গুটিৰো অনেক উপকাৰী গুণ। বহুতেই তৰমুজৰ গুটি পেলাই দিয়ে যদিও গৱেষকসকলৰ মতে এই গুটিতে আছে কিছুমান দুৰাৰোগ্য ৰোগৰ পৰা বাচিব পৰা গুণাগুণ। গৱেষকসকলৰ মতে তৰমুজৰ গুটিত এনে এবিধ ৰাসায়নিক দ্ৰব্য থাকে, যি ডায়েবেটিছ নিয়ন্ত্ৰণত অত্যন্ত কাৰ্যকৰী। ইয়াৰ উপৰি তৰমুজৰ গুটিত থকা একাধিক খনিজ পদাৰ্থ গৰ্ভৱতী মহিলাৰ বাবে বিশেষভাৱে উপকাৰী। এইবিধ ফলৰ গুটিত থকা লাইচিন নামৰ উৎসেচকে ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে। ডায়েবেটিছ ৰোগীৰ বাবে চমক সৃষ্টিকাৰী ফল দিব পাৰে তৰমুজৰ গুটিয়ে । একেদৰে তৰমুজৰ গুটিত কেলৰিৰ মাত্ৰা অতি কম পৰিমাণে থাকে। ইয়াৰ উপৰি এই গুটিত মেগনেছিয়াম, লো আৰু ফলেট যথেষ্ট পৰিমাণে পোৱা যায় যি গৰ্ভৱতী মহিলাৰ বাবে অতি উপকাৰী। তৰমুজৰ গুটিৰ খোলাৰ তলত থকা আভ্যন্তৰীণ অংশত এইসমুহ পোৱা যায়। সেয়ে তৰমুজৰ গুটি চোবাই খালেহে উপকাৰিতা লাভ কৰা সম্ভৱ। কাৰণ সাধাৰণ বীজৰ ওপৰৰ কঠিন খোলা প্ৰাণীৰ পৰিপাক তন্ত্ৰই হজম কৰিব নোৱাৰে। উল্লেখ্য যে তৰমুজৰ ৯২ শতাংশই পানী, যিয়ে আমাৰ শৰীৰক ডিহাইড্ৰেচন হোৱাৰ পৰা ৰক্ষা কৰে। এই ফলবিধত ২১ শতাংশ ভিটামিন চি, ১৮ শতাংশ ভিটামিন এ, ৫ শতাংশ পটাছিয়াম, ৪ শতাংশ মেগনেছিয়াম আৰু ৩ শতাংশ ভিটামিন বি-১ , বি-৫ আৰু বি-৬ পোৱা যায়।

উৎস: নিয়মীয়া বাৰ্তা

শেহতীয়া উন্নীতকৰণ: : 1/23/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate