অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

থলুৱা ব্যঞ্জনেৰে সুস্বাস্থ্য :

থলুৱা ব্যঞ্জনেৰে সুস্বাস্থ্য :

স্বাস্থ্যবান শৰীৰ সকলোৰে কাম্য। সুষম, সন্তুলিত, স্বাস্থ্য সন্মত পুষ্টিকৰ ব্যঞ্জন বনাই আপ্যায়িত কৰি সকলোকে নিৰোগী আৰু স্বাস্থ্যবান কৰি ৰখাৰ দায়িত্ব ঘৰৰ গৃহিনী গৰাকীৰ হাতত। বিশেষকৈ আমাৰ থলুৱা ব্যঞ্জন সমূহ বহু পুষ্টিকৰ, স্বাস্থ্য সন্মত, ঔষধি গুণ সম্পন্ন আৰু সেইবোৰৰ ৰন্ধন প্ৰণালীও যথেষ্ট বিজ্ঞান সন্মত। 'Every authentic recipe has it's own medicinal value'।

এইবোৰ ব্যঞ্জনে আমাক বহু ৰোগৰ কৱলৰ পৰাও বচাই ৰাখে। তেনে কিছুমান থলুৱা ব্যঞ্জন হৈছে:- বিভিন্ন প্ৰকাৰৰ শাকৰ আঞ্জা যেনে-

  • বহাগ বিহুত খোৱা এশ এবিধ শাকৰ আঞ্জা,
  • মৰিছা,
  • খুঁতৰা,
  • কলমৌ আদি শাকৰ আঞ্জা,
  • ঔটেঙা দি বনোৱা ঢেকীয়া শাকৰ আঞ্জা,
  • মানিমুনি,
  • মাটিকাদুৰি,
  • বনজালুক,
  • নৰসিংহ দি বনোৱা মাছ,
  • মাংসৰ জালুকীয়া,
  • কলদিল আৰু পাৰ মাংসৰ জালুকীয়া,
  • পচলাৰ বিবিধ ব্যঞ্জন,
  • কচুথোৰৰ জালুকীয়া,
  • মধুসুলেং,
  • টেঙামৰা,
  • চুকা শাক আদি বিভিন্ন টেঙা দি বনোৱা মাছৰ জোল,
  • কাঠ আলু দি বনোৱা মাটিমাহৰ দাইল,
  • খৰিচা বা বাঁহৰ গাজ আৰু খৰিচাৰ লগত বনোৱা মাছ,
  • মাংসৰ ব্যঞ্জন,
  • কলখাৰ দি বনোৱা অমিতা, তিয়ঁহ, বন্ধাকবি আদি বিভিন্ন খাৰ ব্যঞ্জন,
  • খাৰলি বা বেহুৱা(খাৰ দি বনোৱা সৰিয়হ),
  • কাঁহুদি বা পানীটেঙা,
  • শুকোতা(শুকান মৰাপাট), তিতাফুল, ভেকুৰী, শেৱালি আদি তিতা ব্যঞ্জন,
  • পোৰা আলু, বিলাহী, বেঙেনা, গৰৈ, পুঠী মাছ আদিৰ নানা বিধৰ পিতিকা,
  • কলপাত বা হালধি পাতত দি জুইত সেকা মাছ, ধনীয়া, পালেং, তিল আদিৰ চাটনি ইত্যাদি।

বিহুৰ সময়ত বনোৱা তিলপিঠা, তৰা পিঠা, নাঙল ধোৱা পিঠা আদি পিঠাপনাসমূহো স্বাস্থ্যৰ বাবে উপকাৰী। আৰু এনেকুৱা বহুতো স্বাস্থ্য বৰ্ধক আৰু ঔষধি ব্যঞ্জন আছে। স্বাস্থ্য ৰক্ষা আৰু ৰোগ প্ৰতিৰোধত এই ব্যঞ্জনসমূহে কিদৰে ভূমিকা পালন কৰে চাওঁচোন আহক:

1)কলপচলা:

ভীমকলৰ পচলা বিভিন্ন ব্যঞ্জন হিচাবে সেৱন কৰা হয়। পচলা আৰু বুটৰ ভাজি, পচলাৰ লগত মুৰ্গী মাংস,মচুৰ দাইলৰ লগত পচলাৰ আঞ্জাখন সোৱাদেৰে ভৰা। আমাৰ গাঁওৰ ভোজবোৰত প্ৰায়ে বনোৱা এখন বিশেষ ভাজি হৈছে বেঙেনা, আলু, জলকীয়া দি বনোৱা পচলাৰ জ্বলা ভাজিখন। পচলা ইউৰিক এচিড, কিডনী ষ্টন, প্ৰসাৱ জনিত বিভিন্ন সমস্যা, কৌষ্ঠ কাঠিন্য, ডায়েবেটিছ আৰু বহুতো ৰোগত উপকাৰী। কল পচলা আহজাতীয় পাচলি(high fiber)। উচ্চ ৰক্তচাপ, কলেষ্টৰল সমস্যা, মেদবহুলতা আদিতো কল পচলা উপকাৰী।

২)কলখাৰ:

বিশেষকৈ ভীমকলৰ বাকলি শুকুৱাই তাৰ পৰা বা ভীমকল বা আঠিয়া কলৰ মধুনাৰ পৰা কলখাৰ বনোৱা হয়। মধুনাৰ পৰা বনোৱা খাৰ সহজে উপলব্ধ নহয়। সেইবাবে ভীমকলৰ বাকলি শুকুৱাই ৰখা হয় আৰু বাকলি সেই বাকলি পুৰি খাৰ বনাই বিভিন্ন ব্যঞ্জনত দিয়া হয়। অমিতাৰ খাৰ, তিতাফুলৰ খাৰ, মাটিমাহৰ খাৰ, বন্ধা কবিৰ পাতৰ খাৰ আদি খাৰ ব্যঞ্জন। খাৰৰ মুখ্য কাম হৈছে শৰীৰৰ শোধন(body detox) কৰা, অতিৰিক্ত এচিডক নিষ্ক্ৰিয় কৰি শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰা। কফ জমা হৈ মাত বহি গলে কলখাৰ অকণমান বনাই মিঠাতেল দি গৰম ভাতৰ লগত সানি খাওক।নিশ্চয় সুফল পাব। ছালৰ বিভিন্ন ৰোগত(বিশেষকৈ এলাৰ্জি জনিত ৰোগ, পিম্পলছ বা শালমন আদি) মাজে মাজে খাৰ খালে তেজৰ শোধন হয়(blood purification)।

৩)খৰিচা:

বাঁহৰ গাজ(বিশেষকৈ ভলুকা বাঁহৰ ভাল হয়) ৰোকনিৰে ৰুকি চিচাৰ বটলত ভৰাই টেঙা হোৱাৰ পাছত তাক খৰিচা বুলি কোৱা হয়। এই খৰিচা শুকুৱাই বা আচাৰ হিচাবেও ব্যৱহাৰ কৰিব পাৰি। কেঁচা খৰিচা চাটনি হিচাপে, মাছ মাংসৰ লগত, বা অন্য ব্যঞ্জনৰ লগত বনাই খোৱা হয়। মাগুৰ, শিঙি বা গৰৈ আদি মাছ পুৰণা শুকান খৰিচা দি শুকনি(As a natural healing medicine) হিচাপে প্ৰসূতা তিৰোতাক খাবলৈ দিয়া হয়( after delivery)।

চৰ্বি জাতীয়(fatty food) খাদ্য খাবলৈ দিয়া নহৈছিল। ভাবিলে আচৰিত লাগে আমাৰ পূৰ্বজ সকলৰ খাদ্য সম্বন্ধে কিমান বিজ্ঞান সন্মত জ্ঞান আছিল। বৰল, মৌ মাখিয়ে বিন্ধিলে খৰিচা লগাই দিলে অতি সোনকালে সুফল পোৱা যায়। খৰিচা থাইৰয়ডৰ সমস্যা, কিডনীৰ সমস্যাত, এচিডিটিত আদিত অপকাৰী।

৪)তৰা পাত, হালধি পাত আদিত দিয়া পিঠা পনা আৰু অন্যান্য ব্যঞ্জন:

অসমীয়া পৰম্পৰাগত পিঠা পনা প্ৰস্তুত কৰা পদ্ধতি সমূহ সম্পূৰ্ণ বিজ্ঞান সন্মত আছিল। তৰা পাত, হালধি পাতত পিঠা পনা বনাই ব্যঞ্জন সমূহৰ ঔষধি গুণাগুণ বৃদ্ধি কৰিছিল। তিল পিঠাৰ তিলৰ গুণাগুণ সকলোৱে জানেই, বিশেষকৈ ছাল চুলিৰ সৌন্দৰ্য বৃদ্ধিত তিলৰ ভূমিকা অপৰিসীম। তেলবিহীন হোৱা বাবে বা ভাপত দি বনোৱা বাবে এইবোৰ পিঠাৰ ব্যঞ্জন স্বাস্থ্যবৰ্ধক। কলপাত বা হালধি পাতত আদা, নহৰু, জালুক , জলকীয়া দি জুইত সেকি বনোৱা মাছৰ ব্যঞ্জনে বহু ৰোগৰ প্ৰতিষেধক হিচাবে কাম কৰে।

৫)মাছ, মাংস আৰু বন শাকৰ বিবিধ জালুকীয়া ব্যঞ্জন:

পৰিয়ালৰ কোনো লোকৰ কাহ, চৰ্দি, জ্বৰ আদি হলে লোকেল মুৰ্গীৰ জালুকীয়া খাবলৈ দিয়া হয়। ঠিক তেনেকৈ মানিমুনি, নৰসিংহ, ভেদাইলতা, বন জালুক, মাটিকাদুৰি দিয়া মাছৰ জালুকীয়া, কচুথুৰীৰ জালুকীয়া সকলোৰে স্বাস্থ্যৰ বাবে উপকাৰী। ৰোগীয়া দুৰ্বল লোকৰ শৰীৰত বল প্রদান কৰাত আৰু প্ৰসূতিসকলৰ গৰ্ভাশয়ৰ স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ, দুগ্ধ উৎপাদন বৃদ্ধি হোৱাত এইবোৰে মহৌষধিৰ কাম কৰে। জালুক, আদা, নহৰু দি নামমাত্ৰ তেলত বনোৱা এই ব্যঞ্জন সমূহে বনশাকসমূহৰ ঔষধি গুণ দুগুণে বঢ়াই দিয়ে। অৱশ্যে কিডনী ষ্টোন, ইউৰিক এচিড, ফেতি লিভাৰ, জণ্ডিচ আদি সমস্যাত কচু অপথ্য। কলদিল আৰু পাৰ মাংসৰ জালুকীয়া নিম্ন ৰক্তচাপত ভোগা লোকৰ বাবে মহৌষধ। উচ্চ ৰক্তচাপৰ ৰোগীয়ে সেয়েহে এইবিধ ব্যঞ্জন সেৱন নকৰাই শ্ৰেয়। কলমৌ শাক আৰু মাগুৰ মাছৰ জালুকীয়া ব্যঞ্জন সন্তানহীন দম্পতিৰ বাবে সুপথ্য। এইবিধ ব্যঞ্জনে পুৰুষ স্ত্রীৰ হৰমনসমূহ নিয়ন্ত্ৰণ কৰি ৰখাত উল্লেখযোগ্য ভূমিকা পালন কৰে।

৬)তিতা ফুল, শেৱালি ফুল শুকুৱাই বহুত দিনলৈ ভালে ৰাখিব পাৰি। দুয়োবিধ কফ জনীত ৰোগ, জ্বৰ, কাহ, কৃমি জনীত ৰোগ, ছাল চুলিৰ সমস্যাত উপকাৰী। তিতা হোৱা বাবে তেজ পৰিষ্কাৰ কৰে।

৭)ওখোৱা চাউলৰ ভাত:

এইবিধ ভাতত ষ্টাৰচ(মাৰ) কম থাকে বাবে ডায়েবেটিচ ৰোগীৰ বাবে উত্তম পথ্য আৰু পেটৰ সমস্যাত ভোগা লোকৰ বাবে উত্তম পথ্য। শিশুৰ বাবেও ওখোৱা চাউলৰ পিঠাগুড়ি খুবেই উপকাৰী কাৰণ উখুৱা চাউলৰ পিঠাগুৰি খুব সহজে হজম হয়।

৮)মধুশোলেং, চুকা, টেঙামৰা, ঔটেঙা দিয়া ডালি বা মাছৰ জোলখন সোৱাদেৰে ভৰা আৰু বহু পুষ্টিকৰ। এই টেঙা বনশাক সমূহে যকৃতৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে, প্ৰসাৱ পৰিষ্কাৰ কৰে আৰু শৰীৰৰ বাবে লাগতিয়াল উপাদান যোগান ধৰে। এই টেঙা শাক সমূহ এন্টিঅক্সিডেণ্টেৰে ভৰপূৰ। অন্যহাতেদি ঔটেঙা ডায়েবেটিচ ৰোগৰ বাবে উত্তম ঔষধি। ঔটেঙা শুকুৱাই সংৰক্ষণ কৰিও থ'ব পাৰি।

৯)দোৰোণ, পচতিয়া শাকৰ লগত আদা, নহৰু, জালুক দি বনোৱা ব্যঞ্জন ঔষধি গুণসম্পন্ন। কলপাতত দি জুইত সেকি বা কম তেলত বনোৱা এইবোৰ শাকৰ আঞ্জা টনচিলাইটিছ, ফেৰিঞ্জাইটিছ, চাইনাচাইটিছ, কাহ, জ্বৰ আদিত মহৌষধ হিচাবে কাম কৰে। ঠিক সেইদৰে নেফাফু পাতৰ ভাজি উচ্চ ৰক্তচাপত উপকাৰী। চজিনা পাতৰ আঞ্জা চকুৰ দৃষ্টিশক্তিৰ বাবে উপকাৰী, চুলিৰ বাবে উপকাৰী, বাতবিষত বাবে উপকাৰী।

১০)পিতিকা, চাটনিখন বাদ দিলে আমাৰ পৰম্পৰাগত থালিখন আধৰুৱা হৈ ৰয়। সকলোৰে প্রিয় পোৰা গৰৈ মাছৰ পিটিকাখন কিন্তু বহু ৰোগত উপকাৰী। ই শুকনি হিচাবে কাম কৰে অৰ্থাৎ ঘাঁ শুকুৱাত সহায় কৰে। বিশেষকৈ প্ৰসবোত্তৰ কালছোৱাত প্ৰসূতি স্ত্রীৰ গৰ্ভাশয়ক স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাত সহায় কৰে। ঠিক সেইদৰে আমাৰ প্রিয় বিভিন্ন ধৰণৰ চাটনিবোৰো সুস্বাদু আৰু স্বাস্থ্যবৰ্ধক।

১১)পইতা ভাত:

অসমীয়া খাদ্যৰ কথা ক'লে পইতা ভাতৰ কথা কবই লাগিব। বহাগৰ বিহুত পইতা ভাত খোৱা প্ৰথাটো চলি আহিছে। পইতা ভাতৰ লগত পোৰা আলু, বেঙেনা, বিলাহীৰ পিতিকা, পোৰা মাছৰ চাটনি, অকণমান পকা খৰিচা বা নহলে খাৰলি, নিমখ তেল অকণমান, ভোট জলকীয়া লৈ তৃপ্তিৰে এসাজ খোৱাৰ মজাই বেলেগ।

জিভাক তৃপ্তি দিয়াৰ উপৰিও ই পেট ঠাণ্ডা কৰে, পেটৰ সমস্যা দূৰ কৰে, আৰু ফাৰ্মাণ্টেচন(fermentation) হোৱাৰ বাবে টনিকৰ দৰে কাম কৰে, নিদ্ৰাহীনতা দূৰ কৰে।

১২)খাৰলি বা বেহুৱা:

বগা বা ৰঙা সৰিয়হ পিচি তাৰ লগত লাইগুটি(কিছুমানে নিদিয়ে) নিমখ, জলকীয়া, খাৰ দি কলপাতত মেৰিয়াই কেইদিনমান থৈ খাৰলি বনোৱা হয়। খাৰলি এবিধ সুস্বাদু থলুৱা ব্যঞ্জন যিয়ে জিভাৰ লালটি গ্ৰন্থি সমূহ সক্ৰিয় কৰি তোলে। নিৰামিষাহাৰী সকলে ভাতৰ থালিত ইয়াৰ অকণমান লৈ তৃপ্তিৰে ভাতসাজ খাব পাৰে।

১৩)থেকেৰাৰে জুতি:

কুজি থেকেৰা শুকুৱাই সংৰক্ষণ কৰি বহুত দিনলৈ ৰাখিব পাৰি। এই থেকেৰা দি আমি বিভিন্ন প্ৰকাৰৰ দাইল, মাছৰ জোল, চৰবত বনাই খাওঁ। থেকেৰা ঔষধি গুণযুক্ত। ডিচেণ্ট্ৰি আদি পেটৰ সমস্যা, পেচাবৰ জ্বলা পোৰা কৰা সমস্যাত ই বৰ উপকাৰী। থেকেৰা দি বনোৱা ব্যঞ্জন সমূহো বৰ জুতিলগা।

১৪)নিমখত দিয়া নেমুৰ মহিমা:

পকা গোলনেমু ৰদত শুকুৱাই চিচাৰ বটলত ভৰাই নিমখ দি ৰাখি থোৱা নেমু বছৰ জুৰি ভালে থাকে। পেটৰ অসুখ যেনে ডায়েৰীয়া, ডিচেণ্ট্ৰি আদিত এই নেমু অতি উপকাৰী। আৱতৰিয়াকৈ ভাতৰ লগত ইয়াৰ অকণমান খাইও তৃপ্তি পোৱা যায়।

বৰ্তমান সময়ত যুৱপ্ৰজন্মৰ পছন্দ হৈছে পিজ্জা, বাৰ্গাৰ আদিৰ দৰে ফাষ্ট ফুড বা জাংকফুড যিবোৰ শৰীৰৰ বাবে অতি হানিকাৰক। এইবোৰৰ কু প্ৰভাৱৰ পৰা বাচিবলৈ হ'লে আমাৰ এই থলুৱা ব্যঞ্জন সমূহ আদৰি ল'ব লাগিব।

এইবোৰৰ উপকাৰিতা আৰু গুৰুত্বৰ কথা বুজোৱাৰ দায়িত্ব কেৱল অভিভাৱকসকলৰ হাতত। কাৰণ এষাৰ কথা আছে- স্বাস্থ্যই পৰম সম্পদ।

লেখিকা: ডাঃ ৰেইনী দেৱী(আয়ুৰ্বেদিক চিকিৎসক)

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং: 7399114617

শেহতীয়া উন্নীতকৰণ: : 3/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate