অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দৈনিক তিনিটাকৈ খেজুৰ খাওক :

দৈনিক তিনিটাকৈ খেজুৰ খাওক :

সুস্বাদু ফল খেজুৰৰ যথেষ্ট পুষ্টি গুণ থকাৰ লগতে ৰোগ নিৰাময়ৰ ক্ষেত্ৰতো ইয়ে গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰে। স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী এইবিধ ফলত খনিজ দ্ৰব্য আৰু ভিটামিন প্ৰচুৰ পৰিমাণে পোৱা যায়। এই উপাদানসমুহে কেৱল কোষ্ঠকাঠিন্য ৰোধ কৰাটোতেই গুৰুত্বপুৰ্ণ ভুমিকা পালন নকৰে, একে সময়তে ডায়েৰীয়া আৰু অন্ত্ৰৰ নানা সমস্যা সমাধানতো সহয় কৰে। প্ৰতিদিনে খাদ্য তালিকাত তিনিটাকৈ খেজুৰ ৰখাৰ ফলত স্বাস্থ্য বহু পৰিমাণে ভালে থাকে। খেজুৰত থকা দ্ৰ্ৱণীয় তত্ত্বই হজম শক্তি উন্নত কৰাৰ ফলত স্বাস্থ্য ভালে থাকে। একে সময়তে কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰাও মুক্তি দিয়ে এইবিধ ফলে। ইয়াত থকা পটাছিয়ামে বদহজম আৰু ডায়েৰীয়াৰ পৰাও ৰক্ষা কৰে। খেজুৰে আমাৰ পাকস্থলীৰ ভিতৰত থকা ভাল বেকেটৰিয়াবোৰক শক্তি যোগান ধৰাৰ ফলত এনে হয়। ৰক্তহীনতাত ভোগা মানুহৰ বাবেও আইৰনৰ এটি চমৎকাৰ উৎস হ’ব পাৰে খেজুৰ। ক্লান্তি দুৰ কৰাতো ভুমিকা আছে খেজুৰৰ। মেগনেছিয়াম , মেংগানিজ আৰু চেলেনিয়াসমৃদ্ধ খেজুৰে কৰ্কট ৰোধতো সহায় কৰে। চেলেনিয়ামে কৰ্কট প্ৰতিৰোধত সহায় কৰাৰ লগতে আন উপাদানসমুহে হাড় মজবুত আৰু তেজ ভালে ৰখাত সহায় কৰে। ইয়াৰ উপৰি প্ৰাকৃতিক চেনি বিশেষকৈ গ্লু’কজ, ছুক্ৰজ, ফ্ৰুক্ট’জ সমৃদ্ধ খেজুৰে শক্তি বৃদ্ধিত গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰে। খেজুৰত থকা পটাছিয়ামে শৰীৰৰ বেয়া কলেষ্টেৰলৰ পৰিমাণ হ্ৰাস কৰে। ফলত হাৰ্ট এটেকৰ শংকা কমি যায়।

হৃদৰোগৰ শংকা হ্ৰাস কৰিবলৈ গাখীৰ খাওক -

গাখীৰ নি:সন্দেহে এবিধ ‘ছুপাৰ ফুড’। সকলো বয়সৰ মানুহৰ বাবে গাখীৰ উপকাৰী । গাখীৰত এনে কিছু উপাদান থাকে, যিয়ে শৰীৰৰ বিভিন্ন ঘাটি পুৰণ কৰাত সহয় কৰে। সম্প্ৰতি ফুড ছায়েঞ্চ আৰু নিউট্ৰিচন জাৰ্নেলত প্ৰকাশিত এক তথ্য অনুসৰি যিবোৰ গৰুৱে কেৱল ঘাঁহ খায় সেই গৰুৰ গাখীৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ঘাঁহ খোৱা গৰুৰ গাখীৰত প্ৰচুৰ পৰিমাণে অ ‘মেগা থ্ৰী পোৱা যায়, যিয়ে হৃদৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। আমাৰ শৰীৰৰ উপকাৰৰ বাবে অ’মেগা-৬ আৰু অ’মেগা-৩ অতি প্ৰয়োজনীয় দুবিধ উপাদান। প্ৰচুৰ পৰিমাণে অ’মেগা-৬ ফেটী এচিড আৰু অতি কম পৰিমাণে অ’মেগা-৩ ফেটী এচিড গ্ৰহণ কৰিলে হৃদৰোগৰ শংকা বাঢ়ি যায়। ইয়াৰ উপৰি মেদবহুলতা আৰু ডায়েবেটিছৰ শংকাত বৃদ্ধি পায়। সেয়ে গৱেষকসকলে কেৱল ঘাঁহ খোৱা গৰুৰ গাখীৰ খাবলৈহে পৰামৰ্শ দিছে। কাৰণ একমাত্ৰ ঘাঁহ খোৱা গৰুৰ গাখীৰতহে প্ৰচুৰ পৰিমাণে অ’মেগা-৩ ফেটী এচিড উপলব্ধ। ইয়াৰ উপৰি এই গাখীৰে আমাৰ শৰীৰত অ’মেগা-৬ আৰু অ’মেগা-৩ ফেটী এচিডৰ ভাৰসাম্য বজাই ৰাখে। ফলত হৃদৰোগৰ শংকা বহু পৰিমাণে হ্ৰাস পায়।

উৎস: নিয়মীয়া বাৰ্তা

শেহতীয়া উন্নীতকৰণ: : 2/27/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate