অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দৈৰ গুণাগুণ :

দৈৰ গুণাগুণ :

 

দৈ এবিধ ৰুচিকাৰক, শুক্ৰবৰ্ধক, মন্দাগ্নি নিবাকৰ তথা বাত ৰোগ প্ৰশমক পুষ্টিকৰ খাদ্য। এৱা গাখীৰৰ তুলনাত দৈ অধিক পুষ্টিকাৰক আৰু সুপথ্য, অৰ্থাৎ সহজে হজম হোৱা প্ৰকৃতিৰ উপকাৰী খাদ্য পদাৰ্থ। ইয়াৰ নিয়মিত সেৱনে দেহৰ ৰোগ প্ৰতিৰোধী শক্তি বঢ়াই তোলে। ই পাকস্থলীৰ উষ্ণতা প্ৰশমিত কৰি পেটৰ ভিতৰত সৃষ্টি হোৱা হানিকাৰক জীৱাণুবোৰ নাশ কৰি পেটৰ যথেষ্ট উপকাৰ সাধন কৰে। দৈৰ নিয়মিত সেৱনে বৃদ্ধাৱস্থাৰ গতি লেহেম কৰাই নহয়, ই কেঞ্চাৰৰ নিচিনা দুৰাৰোগ্য ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰতো ইতিবাচক ভূমিকা গ্ৰহণ কৰে বুলি খাদ্য বিশেষজ্ঞসকলে মতপোষণ কৰিছে। বয়সিয়াল লোকৰ বাবে দৈ বিশেষভাৱে উপকাৰী। দৈত কেলচিয়াম আৰু লেষ্ট্ৰিক এচিড প্ৰচুৰ মাত্ৰাত পোৱা যায়। নিয়মিত ৰূপত ইয়াক সেৱন কৰিলে গাৰ ছালৰ কোমলতা বৃদ্ধি পায়। দৈৰ লগত জালুক(মিহিকৈ পিহি) মিহলাই চুলি ধুলে চুলি ঘন, কোমল আৰু অধিক ক’লা হয় বুলি আয়ুৰ্বেদ শাস্ত্ৰত পোৱা যায়। বৃদ্ধাৱস্থাত প্ৰতিদিনে কমেও ১৫০ মিলিগ্ৰামকৈ দৈ সেৱন কৰিলে দেহৰ এন্টিব’ডী অৰ্থাৎ ৰোগ প্ৰতিৰোধী ক্ষমতাৰ বৃদ্ধি ঘটে। দৈৰ সৈতে নিমৰ পাত মিহিকৈ পিহি ছালৰ ৰোগ খৰ আদিত লগালে সোনকালে খৰ নাশ হয়। কলৰে সৈতে দৈ খালে মুখৰ ছাল যোৱা আদিত সুফল পোৱা যায় আৰু সোনকালে মুখৰ ছাল যোৱা ৰোগ নিৰাময় হয়। টেঙা দৈৰে মূৰ(চুলি) ধুলে মূৰৰ উফি নাশ হয়।

উৎস: নিয়মীয়া বাৰ্তা

শেহতীয়া উন্নীতকৰণ: : 1/19/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate