অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নৰসিংহৰ উপকাৰিতা :

নৰসিংহৰ উপকাৰিতা :

 

‘নৰসিংহ হৈছে এটি দ্ব্যৰ্থবোধক শবস । এফালে ই ধৰ্মীয় দৃষ্টিকোণেৰে হিন্দুৰ আৰাধ্য দেৱতা বিষ্ণুৰ এক ৰুপক সূচায় আৰু আনফালে ব্যৱহাৰিক দৃষ্টিকোণেৰে বহুল ব্যৱহৃত এবিধ খাদ্যোপযোগী তথা ঔষধি উদ্ভিদক সূচায়। এইবিধ উদ্ভিদৰ পাতক প্ৰধানকৈ তৰকাৰিৰ ৰুপত খোৱাৰ বাবেই ইংৰাজীত ইয়াক Curry leaf নামেৰে জনা যায় । বৈজ্ঞানিক নাম হৈছে Murraya Koenjil । গছ জোপোহা,১-২ মিটাৰ ওখ হয় । পাত চিৰহৰিৎ, যৌগিক আৰু উগ্ৰ গন্ধযুক্ত । ইয়াৰ এনে গন্ধৰ মূলতে হৈছে পাতত থকা ফেনলজাতীয় উপাদান । এই গন্ধৰ হেতুকে ই তৃণভোজী প্ৰাণীৰ অপচন্দৰ । একেদৰেই আমাৰ শিশুসকলেও গন্ধৰ হেতুকেই ইয়াক খোৱাৰ প্ৰতি অনিচ্ছুকতা প্ৰকাশ কৰে ।

এইবিধ উদ্ভিদ অসমৰ লোকৰ অতি পৰিচিত । অৱশ্যে অসম বুলিয়েই নহয়, উত্তৰ-পূৰ্বাঞ্চল, দাক্ষিণাত্য আৰু শ্ৰীলংকাকে আদি কৰি কিছু দেশতো বাৰুকৈ পৰিচিত । সেয়ে হ’লেও আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ লগত অন্য ঠাইৰ নৰসিংহৰ প্ৰজাতিগত পাৰ্থক্য পৰিলক্ষিত হয় । দাক্ষিণাত্যৰ ফালে ইয়াৰ পাতক কাৰীপতা নামেৰে অভিহিত কৰি নিমখীয়া প্ৰকৃতিৰ বেছিভাগ খাদ্যতে ইয়াৰ পাত সংযোজিত কৰা দেখিবলৈ পোৱা যায় । বিশেষকৈ তেওঁলোকৰ বৈশিষ্ট্যপূৰ্ণ খাদ্য, যেনে- চম্বৰ,ৰেচম,ইডলি,ডোছাত নৰসিংহক পৰিপূৰকৰ ৰুপত ব্যৱহাৰ কৰাৰ নজিৰ পোৱা যায় । আমাৰ ৰাজ্যত ইয়াক খাদ্য আৰু ঔষধৰ ৰুপত দীৰ্ঘদিন ব্যৱহাৰ কৰি অহা হৈছে । খাদ্য হিচাপে ব্যৱহাৰৰ সময়ত আমাৰ ৰাজ্যত ইয়াৰ কোমল পাতে আগস্থান পোৱা দেখা যায় । কিয়নো, এনে পাত পিহা বা সিজোৱা সহজসাধ্য হোৱাৰ উপৰি ৰন্ধনতো ইন্ধনৰ ব্যয় আৰু সময় কম লাগে । কেঁচাই খোৱাৰ সময়ত ইয়াৰ কোমল পাত আদা, নহৰু আৰু জলকীয়াৰ লগত মিহলাই পিহি মগুৰ ৰুপত চাটনি কৰি খোৱা হয় । ইয়াৰ বিপৰীতে কেঁচা পাত দাইলত দি বা তৰকাৰি কৰিও খাব পাৰি । তেনেকৈ ইয়াৰ পাত পিহি পোৱা ৰসৰ লগত কাঠমাছ, যেনে-কাৱৈ,গৰৈ,শ’ল,শাল,মাগুৰ,শিঙি আদিৰ লগত জোল কৰি খালে বহু তৃপ্তি পোৱা যায়। সুখৰ বিষয় যে আধুনিক গৱেষণাৰ দ্বাৰা বোলে এইটো প্ৰতিষ্ঠিত হৈছে যে এনে ৰস বীজবাৰক (antiseptic) সেয়ে এনে খাদ্যৰ জৰিয়তে শৰীৰত কটা-ছিগা বা অস্ত্ৰোপচাৰৰ পাছত ঘা শুকুৱাত ইতিবাচক প্ৰভাৱ পৰাটো আশাব্যঞ্জক হৈ উঠিছে ।

এইটো উল্লেখ নকৰিলেও হয় যে নৰসিংহ এবিধ পুষ্টিকাৰক উদ্ভিদ হোৱাৰ লগতে প্ৰকৃতাৰ্থত এজোপা ঔষধি গুণসম্পন্ন উল্লেখনীয় উদ্ভিদো । পুষ্টিৰ ক্ষেত্ৰত এতিয়াও ইয়াৰ বহু দিশ উন্মোচিত হ’বলৈ বাকী আছে নিশ্চয় । তথাপি এতিয়ালৈ জানিব পৰা হোৱা মতে ইয়াৰ পাত শুন্য চৰ্বি পদাৰ্থযুক্ত আৰু প্ৰচুৰ পৰিমাণে ভিটামিন তথা খনিজ লোণসমৃদ্ধ এবিধ গুৰুত্বপূৰ্ণ আহাৰ । খনিজ লোণৰ ভিতৰত কেলচিয়াম, ফছফৰাছ, আইৰণ, মেগনেছিয়াম আৰু কোবাল্ট আদিক পোৱাৰ সমান্তৰালভাৱে ভিটামিন-এ, বি (বিশেষকৈ বি৩) আৰু ই যথেষ্ট পোৱা যায় । ইবিলাকৰ উপৰি ইয়াৰ পাতত এমাইন’ এচিড, গ্লাইক’চাইড আৰু ফ্লেভিনইড আদি উপাদানো পোৱা যায়। সেইদৰে পোৱা যায় কাৰ্ব’জল এলকেলইড (Carbozole alkaloid) যৌগ,যাক কীট-পতংগনাশক, অণুজীৱনাশক (microbial) অথবা মহনাশক (mosquitocidal) ৰুপে ব্যৱহাৰ কৰিব পৰা যায় বুলি পোহৰলৈ আহিছে। উল্লেখযোগ্য, সম্প্ৰতি আমাৰ দেশৰ Jawaharal Nehru Centre for Advanced Scientific Research     কেন্দ্ৰত চলোৱা গৱেষণাৰ দ্বাৰা ইয়াৰ পাত এণ্টি-অক্সিডেণ্ট গুণসম্পন্ন বুলি প্ৰকাশ কৰাৰ তথ্য পোৱা গৈছে । সেইদৰে জাপানস্থ মেজিঅ’ বিশ্ববিদ্যালয়ৰ অধীনত মেডিকেল ৰসায়ন বিভাগত চলোৱা শেহতীয়া গৱেষণাৰ দ্বাৰা ইয়াৰ পাতত থকা ফেনল আৰু কাৰ্ব’জল এলকেলইড যৌগ কৰ্কট প্ৰতিৰোধী ক্ষমতাসম্পন্ন হোৱাত পাতৰ ৰসৰ দ্বাৰা লিউক’মিয়া, যকৃৎ কেন্সাৰ,প্ৰষ্টেট কেন্সাৰ আৰু কলেষ্টেৰল কেন্সাৰৰ দৰে কৰ্কট ৰোগৰ চিকিৎসা কৰাটো সম্ভৱ হ’ব বুলি ব্যক্ত হৈছে । ইবিলাকৰ উপৰি সাধাৰণভাৱেও দীৰ্ঘদিন ইয়াৰ পাত ডায়েৰীয়া, বদহজম আৰু বেয়া কলেষ্টেৰল প্ৰতিৰোধী ঔষধ হিচাপে ব্যৱহাৰ কৰি অহাৰ কথা আমাৰ সকলোৰে জ্ঞাত ।

নৰসিংহৰ ঔষধি গুণৰ সন্দৰ্ভত ভালেখিনি তথ্য পোৱা গৈছে । তাৰে কেইটামান হৈছে-

১) ইয়াৰ পাতৰ আঞ্জা কেইদিনমান খালে গ্ৰহণী ৰোগ উপশম হয় ।

২) ইয়াৰ পাতৰ ৰসে অৰুচি আৰু বমি ভাব আঁতৰায় ।

৩) পাতৰ ৰসে তেজৰ পৰিমাণ বৃদ্ধি কৰে ।

৪) পেটৰ বিষ হ’লে চাৰি কাপ পানীত নৰসিংহ গছৰ শিপা ৫-৬ গ্ৰাম লৈ সিজাই উঠি পোৱা পানী খালে পেটৰ বিষ ভাল হয় ।

৫)পাতৰ ৰস গাত সানিলে গাৰ খজুৱতি উপশম হয় ।

৬) পেট কামুৰিলে ইয়াৰ পাতৰ ৰস আদাৰ লগত খালে কামোৰণি ভাল হয় ।

৭) দাঁতৰ আলু ফুলিলে অথবা আলুৰ পৰা তেজ, পূঁজ আদি বাহিৰ হ’লে নৰসিংহৰ পাতৰ আঞ্জা খালে সকাহ পোৱা যায় ।

৮) মহিলাৰ ঋতুস্ৰাৱ অনিয়মীয়া হৈ পেটৰ বিষ হ’লে নৰসিংহৰ জোল খালে সকাহ পোৱা যায় ।

৯) মেদবহুলতাত ভোগা লোকে নিয়মিতভাৱে নৰসিংহৰ জোল খালে সুফল পোৱা যায় ।

১০) কীট-পতংগই কামুৰিলে বা বিষাক্ত প্ৰাণীয়ে দংশন কৰিলে আঘাতৰ স্থানত নৰসিংহৰ ৰসৰ লগত সম-পৰিমাণৰ নেমুৰস মিহলাই সঘনাই লগালে আৰাম পোৱা যায় ।

১১) নৰসিংহৰ পাত সিজাই পোৱা অৱশেষৰ লগত নাৰিকল তেল মিহলাই চুলিত ঘঁহিলে পকা চুলিৰ প্ৰাকৃতিক ৰং ঘূৰি অহাৰ অৱকাশ থাকে ।

ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে নৰসিংহ এবিধ গুৰুত্বপূৰ্ণ উদ্ভিদ । বসন্তৰ আগমনৰ লগে লগে ইয়াৰ গছত কোমল পাতৰো আগমন ঘটে আৰু শীতৰ সময়ত ইয়াৰ বুঢ়া পাতবোৰ সৰিব ধৰে । গতিকে ইয়াৰ উপকাৰিতাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ সহজলভ্যতাৰ সময়ত খোৱাৰ প্ৰতি আমি যত্নপৰ হোৱাটো উচিত হ’ব ।

লেখক : অৰ্পণ দত্ত

উৎস : জি এনআৰচি স্বাস্থ্য

শেহতীয়া উন্নীতকৰণ: : 4/2/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate