অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পঁইতাভাতৰ জুতি আৰু ইয়াৰ ঔষধি গুণ

পঁইতাভাতৰ জুতি আৰু ইয়াৰ ঔষধি গুণ

পইতাভাত পাল মৰা

কৰকৰা (জকৰা) লৰ মৰা

তপত দিনটোলৈ গাটো শকত

পঁইতা (পন্তা) ভাতৰ প্ৰচলন তাহানি কালৰ পৰা প্ৰচলিত । আগদিনা ৰাতি ৰন্ধা আলুৱা বা উখোৱা চাউলৰ ভাত পানী দি তিয়াই খোৱা ভাতকে পঁইতা (পন্তা) ভাত বুলি কোৱা হয় । ভাত আৰু পানীৰ সংমিশ্ৰণত বেক্টেৰিয়াই ফাৰমেনটেচন কৰে । সেইবাবে পঁইতাভাতত টেঙা হয় ।

ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত পঁইতাভাতৰ প্ৰচলন তাহানি কালৰ পৰাই আছে । ইয়াক সাধাৰণতে কোজি ৰাইজ বুলি জানে । পশ্চিমবংগত পাণ্টা ভাত , নামনি অসমত ইয়াক পন্তা ভাত আৰু উজনিত পঁইতাভাত । তামিলনাডুত পাজহায়া চৰু, কেৰালাত পাজহাম কাঞ্জি, ছত্তিশগড়ত পাখালা ভাত আৰু ওড়িশাত পোখোলা ভাত বুলি কয় ।

পঁইতাভাত খোৱাৰ জুতি -

পঁইতাভাত গৰৈ মাছ পুৰি তাত কলাখাৰ, মিঠাতেল আৰু কেঁচা জলকীয়া সানি খাবলৈ বৰ জুতি লগা হয় । পঁইতাভাত আৰু দালি বটাৰে খাই বৰ সোৱাদ লাগে । শৰণীয়া কছাৰীসকলে পঁইতাভাত দৈ গাখীৰৰ সৈতে খাই বৰ জুতি পায় ।

আহাৰ-শাওণ মাহত গৰম দিনত পঁইতাভাত খাই বৰ জুতি লাগে । এছিয়া মহাদেশত ইয়াক চুইট ডেজাৰ্ট বুলি কয় । পঁইতাভাতৰ লগত পালেং শাক-ক্ৰীম খাবলৈ বৰ জুতি হয় । এই ভাতৰ লগত কণী ভাজি খালেও বৰ সোৱাদ লগা হয় ।

পঁইতাভাতৰ ঔষধি গুণ -

১) ভাতত যথেষ্ট কাৰ্ব’হাইড্ৰেট থকা বাবে ই শৰীৰৰ শক্তি বৃদ্ধি কৰে ।

২) ভাত ১২ ঘণ্টালৈ তিয়াই থ’লে উপকাৰী বেক্টেৰিয়া উৎপন্ন কৰি দেহৰ শক্তি বঢ়ায় ।

৩) পানীত তিয়াই থোৱা ভাতত পটাছিয়াম আৰু আইৰণ যথেষ্ট পোৱা যায় ।

৪) বিজ্ঞানীসকলৰ মতে পঁইতাভাতত ৭৩.৯১ শতাংশ আইৰণ পোৱা যায় ।

৫) পঁইতাভাতত ভিটামিন ‘বি’ আৰু মাইক্ৰ’ অৰ্গেনিক তৈয়াৰ হয় আৰু ই মানুহৰ পাকস্থলীৰ ঘা আৰু বিভিন্ন পেটৰ ৰোগ নিৰাময় কৰিব পাৰে ।

৬) পঁইতাভাতে ভিটামিন ই সংশ্লেষণৰ দ্বাৰা দেহৰ মৃতকোষসমূহ সক্ৰিয় কৰি তোলে ।

৭) এই ভাতৰ উপকাৰী বেক্টেৰিয়াবোৰে প্ৰোবায়েটিকৰ কাম কৰে বুলি কোৱা হয় ।

৮) প্ৰ’টিন- কাৰ্ব’হাইড্ৰেট আদি স্বাস্থ্যমৌল যথেষ্ট পৰিমাণে পঁইতাভাতত পোৱা যায় ।

৯) ই শৰীৰৰ ভাগৰ দূৰ কৰে । মানুহৰ কৰ্মশক্তি বঢ়ায় । শৰীৰ শীতল কৰি ৰাখে ।

১০) এই ভাত খোৱাৰ ফলত মানুহৰ কোষ্ঠকাঠিন্য দূৰ হয় ।

১১) শৰীৰত শৰ্কৰা আৰু গ্লুক’জ হিচাপে দেহৰ শক্তি বঢ়াই কৰ্মঠ কৰি তোলে ।

১২) পঁইতাভাত খোৱাৰ পৰা মানুহৰ গেছৰ সমস্যা নাইকিয়া কৰি বিভিন্ন ৰোগ নিৰাময় কৰিব পাৰে ।

১৩) ইয়াত থকা প্ৰ’টিনে মানুহক দীৰ্ঘায়ু কৰি তোলে ।

১৪) মানুহৰ পেট ঠাণ্ডা কৰি ৰাখে ।

১৫) ই মানুহক দীৰ্ঘজীৱী কৰে বুলি জনা যায় ।

১৬) পঁইতাভাত , মাছৰ পিটিকা আৰু কেঁচা পিঁয়াজ খালে মানুহৰ হাৰ্টৰ অসুখ নিৰাময় হয় বুলি কোৱা হয় । শেষত কৈছো-

‘পানী পন্তাই ভক্ষণ

সেই সুপুৰুষৰ লক্ষণ’ ।

লেখক :- ধনেশ্বৰ হুজুৰী

উৎস :- নন্দিনী

শেহতীয়া উন্নীতকৰণ: : 3/7/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate