অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পাচলি হিচাপে কোমোৰা

কোমোৰা এবিধ গ্ৰীষ্মকালীন পাচলি । কোমোৰাৰ বাহ্যিক বিশেষত্ব এয়ে যে কুমলীয়া অৱস্থাত থকা সেউজীয়া ৰং ই ডাঙৰ হৈ অহাৰ লগে লগে প্ৰায় বগা ৰঙলৈ পৰিৱৰ্তন হয় । সকলোৰে সু-পৰিচিত কোমোৰা এবিধ লাও জাতীয় উদ্ভিদ । ইয়াৰ গাঢ় সেউজীয়া পাতৰ ওপৰেৰে কলিৰ সৈতে হালধীয়া ফুল ওলাই কলিটো লাহে লাহে ডাঙৰ হ’বলৈ ধৰে । কোমোৰাটো বগা ৰং ধৰাৰ আগলৈকে ইয়াক জালি-কোমোৰা বোলা হয় । ইয়াৰ ইংৰাজী নাম white gourd আৰু সংস্কৃতত কুষ্মাণ্ড । কোমোৰা পাচলি ৰুপত গ্ৰহণযোগ্যতা লাভ কৰাৰ উপৰি শাক্তসকলৰ পূজা-পাৰ্বণ বিশেষকৈ শ্ৰীশ্ৰী দুৰ্গা পূজা আৰু শ্ৰীশ্ৰী কালী পূজাত কোমোৰা হৈ পৰে এক অপৰিহাৰ্য অংগৰ দৰে । ইয়াৰ ঔষধি গুণো আছে ।

কোমোৰাৰ পুষ্টিকাৰক উপাদান প্ৰতি ১০০ গ্ৰামত তলত দিয়া হ’ল -

পানী

৯৬ গ্ৰাম

প্ৰ’টিন

০.৪ গ্ৰাম

চৰ্বি

০.১ গ্ৰাম

কাৰ্বহাইড্ৰেট

১.৯ গ্ৰাম

ফচফৰাছ

২০ মি:গ্ৰাম

কেলচিয়াম

৩০ মি:গ্ৰাম

ভিটামিন বি

২০.১৪ মি:গ্ৰাম

ভিটামিন বি

২০.৪ মি:গ্ৰাম

ভিটামিন চি

০.১৩মি:গ্ৰাম

শক্তি

১০ কেলৰি

আইৰন

০৮ গ্ৰাম

কোমোৰাৰ ঔষধি গুণ -

আয়ুৰ্বেদ চিকিৎসাত কোমোৰাৰ গুটিৰ চূৰ্ণ মৌজোলৰ লগত খালে মৃগী ৰোগ, মূৰ্ছা ৰোগ ভাল হয় ।

কোমোৰাৰ গুটিৰ চূৰ্ণ বা কোমোৰাৰ আঞ্জা কৰি খালে উন্মাদ ৰোগ আৰু স্নায়ৱিক দুৰ্বলতা ৰোগ ভাল হয় ।

ইয়াৰ উপৰি আয়ুৰ্বেদীয় শাস্ত্ৰৰ মতে কোমোৰা বলকাৰক, তৃষ্ণা নিৰ্বাৰক, পিত্ত প্ৰশমক, মূত্ৰবৰ্ধক, শ্বাসযন্ত্ৰ বলকাৰক, হৃদৰোগ নিবাৰক আদি বহু গুণেৰে অধিকাৰী । কেৱল সেয়েই নহয়, ই প্ৰস্ৰাৱ খোলোচা কৰাত ইতিবাচক প্ৰভাৱ পেলোৱাৰ উপৰি কোমোৰা স্মৃতিশক্তি বৃদ্ধি কাৰক ।

গতিকে কোমোৰাৰ অপকাৰী তথা ক্ষতিকাৰক গুণ সম্পৰ্কে বিশেষ প্ৰমাণ নোপোৱা হেতুকে আৰু কুমলীয়া পৰা আৰম্ভ কৰি পূৰঠ আনকি শুকান অৱস্থাতো খোৱাৰ উপযোগী হৈ থকাৰ কাৰণে ইয়াৰ ব্যৱহাৰিক ক্ষেত্ৰখনৰ সম্প্ৰসাৰিত হোৱাৰ উপায় ওলাইছে বুলি ক’ব পাৰি । সাধাৰণ ভাজি বা তৰকাৰী ৰুপত কোমোৰা ব্যৱহাৰ হ’লেও কিন্তু মাছৰে লগত গোল নেমু দি ৰন্ধা তৰকাৰী যথেষ্ট সুস্বাদু হৈ উঠিব । আনহাতে পুৰণা কোমোৰাৰ লগত হাঁহৰ মাংসৰ জোল তৃপ্তিদায়ক হয় । কোমোৰাৰ ভিতৰত আকৌ জহা কোমোৰাৰ (জহা জহা গোন্ধ থকা) বেছি তৃপ্তিদায়ক ।

আমাৰ দেহৰ পুষ্টি বা পৰিবৰ্ধনৰ বাবে লগা প্ৰায় সকলোবোৰ দ্ৰব্যকে কোমোৰাত পোৱাটো সম্ভৱ । সেয়েহে ইয়াক গুৰুত্বপূৰ্ণ পাচলিৰুপে গণ্য কৰিব পৰা হয় । পুৰণি অসমীয়া গাঁৱৰ ঘৰবোৰৰ চালবোৰত কোমোৰা গছ বগোৱাৰ উপায় কৰা হৈছিল । কোমোৰাৰ গছডাল মৰি শুকাই যোৱাৰ পাছত যেতিয়া ছালৰ ওপৰত বগা কোমোৰাকেইটা জলজল পটপটকৈ ওলাই পৰে তেতিয়া এক অনুপম সৌন্দৰ্য প্ৰকাশিত হয় । আজিৰ গাঁৱৰ ঘৰবোৰত অৱশ্যে ছালৰ্ত ওপৰত খেৰৰ পৰিৱৰ্তে টিনপাটে দখল কৰিহ্বলৈ লোৱাত অতীতৰ দৰে ছালত কোমোৰা তেনেদৰে সহজলভ্য নহনহ’ব পাৰে । তথাপি বজাৰত কোমোৰা সহজে উপলব্ধ হয় । ইয়াক খোৱাৰ প্ৰতি আমি যত্নপৰ হ’ব লাগে ।

লেখক :- অনিল চন্দ্ৰ শৰ্মা

উৎস :- দৈনিক জনমভূমি

শেহতীয়া উন্নীতকৰণ: : 3/13/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate