অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পানী, এক অমৃত ৰস :

পানী আমি কিয় খাওঁ? এই প্ৰশ্নটোৰ উত্তৰত বহুতে হয়তো কব জীয়াই থাকিবলৈ খাওঁ৷ কিন্তুু জীয়াই থকাত পানীৰ প্ৰয়োজনীয়তা কি?

এই কথা আমি বহুতে নজনাকৈয়ে জানো বুলি ভাবি কথাটো চিন্তা নকৰো৷ আহক আজি পানীৰ বিষয়ে অকণমান আলোচনা কৰো৷

পানী কি?

পানী এবিধ তৰল যৌগিক পদাৰ্থ৷ হাইড্ৰজেনৰ দুটা আৰু অক্সিজেন ৰ এটা পৰমাণু লগ লাগি পানীৰ অনু উৎপন্ন হয়৷

ইয়াৰ ৰাসায়নিক সংকেত H2O আৰু আনবিক ভৰ 18u৷ হাইড্ৰজেন গেছক অক্সিজেন ৰ উপস্থিতিত দহন ঘটালে পানী সৃষ্টি হয়৷ কাৰেণ্টৰ সহায়ত পানীৰ পৰা এই গেছ দুবিধক পৃথক কৰিবও পাৰি৷

গোটা, জুলীয়া আৰু গেছিয় এই তিনিও অবস্থাতে পানী পোৱা যায়৷ 0°Cউষ্ণতাত পানী গোট মাৰি বৰফ হয় আৰু 100°Cউষ্ণতাত পানী বাষ্পত পৰিণত হয়৷ বাকী 0°C-100°C উষ্ণতাত পানী তৰল অৱস্থাত থাকে৷ পানী দুই প্ৰকাৰৰ 1/ কোমল পানী 2/ কঠিন পানী৷

যিবোৰ পানীত কোনো খনিজ লৱণ মিহলি হৈ নাথাকে সেইবোৰেই কোমল পানী৷ যেনে বৰষুণৰ পানী, পাতিত পানী(distilled water)৷

কোমল পানী খোৱাৰ উপযোগী নহয়৷ কিন্তু কাপোৰ কানি ধুবলৈ ভাল৷ কাৰণ কোমল পানীত ফেন বেছি উঠে৷ আনহাতে যি পানীত খনিজ লৱণ মিহলি হৈ থাকে সেই পানীয়েই কঠিন পানী৷ যেনে কুৱাৰ পানী, খাল বিলৰ পানী, নদিৰ পানী আদি৷

কঠিন পানী খোৱাৰ উপযোগি যদিও বিজাণুমোক্ট হোৱা বাঞ্ছনীয়৷ কঠিন পানীৰে কাপোৰ ধুবলৈ বেয়া৷ অবশ্যে কুৱাৰ পানীত খুব কম পৰিমাণে খনিজ লৱণ থাকে কাৰণে এই পানী ব্যৱহাৰ কৰাত অসুবিধা নহয়৷

কঠিন পানীৰে কাপোৰ ধুবলৈ হলে চাবোনৰ সলনি ডিটৰজন পাউদাৰ ব্যৱহাৰ কৰিব লাগে৷ পানী কোমল নে কঠিন জানিবলৈ চাবোন দি চাব লাগে৷

ফেন বেছি উঠা পানীয়েই কোমল৷ পানীৰ স্থায়ী কঠিনতা আতৰ কৰিবলৈ পানীত কাপোৰ ধোৱা ছ’ডা মিহলাব লাগে৷

পানীৰ উৎস কি -

পানীৰ প্ৰধান উৎস সাগৰ-মহাসাগৰ৷ অবশ্যে কিছুমানে পানীৰ প্ৰধান উৎস বৰষুণ বুলিও কয়৷ পৃথিবীৰ চাৰিভাগৰ তিনি অংশই পানী৷

কিন্তু পৃথিবীৰ মুঠ পানীৰ এক অংশহে খোৱাৰ বাবে উপযোগী৷ সাগৰ-মহাসাগৰৰ পানী লুণীয়া কাৰণে খাব নোৱাৰি৷ বৃহৎ পৰিমাণৰ পানী শুকান বৰফ হিচাপে জমা হৈ আছে৷ যিবোৰ খাব নোৱাৰি৷

বাকী নদ নদী খাল বিল আদিৰ পানী শোধন কৰি খাব পাৰি৷ বায়ুমণ্ডলত পানী জলীয় বাষ্প হিচাপে থাকে৷ এই জলীয় বাষ্প ৰ হ্ৰাস বৃদ্ধিয়ে বতৰৰ সলনি ঘটাই৷ বেছিভাগ মানুহেই কুৱাৰ পানী খায়৷

আজিকালি মটৰৰ সহায়ত ভূগৰ্ভৰ পানী তুলি ফিল্টাৰ কৰি খোৱা মানুহৰ সংখ্যা ও বাঢ়িছে৷ এই পানীত প্ৰচুৰ পৰিমাণে আইৰণ থকাটো এটা প্ৰধান সমস্যা কাৰণে বহুতে কম গভীৰতা ৰ পানী সংগ্ৰহ কৰি খায়৷ কিন্তু এই কাম কৰাটো বেয়া৷ ভূজল সংৰক্ষণ কৰাটো আমাৰ সকলোৰে দায়িত্ব৷

আমাৰ দেহত পানীৰ প্ৰয়োজনীয়তা –

পানী প্ৰাণীৰ প্ৰাণ৷ সকলো জীৱকে জীয়াই থাকিবলৈ পানী লাগে৷ উদ্ভিদেই হওক বা প্ৰাণীয়েই হওক পানী অবিহনে জীয়াই থাকিব নোৱাৰে৷ উদ্ভিদে শিপাৰ সহায়ত আশৃতি প্ৰক্ৰিয়াৰে মাটিৰ পৰা পানীভাগ শোষণ কৰি লয়৷

বিভিন্ন প্ৰাণীয়ে বিভিন্ন উপায়েৰে পানী গ্ৰহণ কৰে৷ আমি পোনপটীয়াকৈ পানী খোৱাৰ উপৰিও ফলমূলৰ ৰস, চাহ, দাইল, গাখীৰ আদি বিভিন্ন উপায়েৰে পানী খাওঁ৷ পানীত কোনো প্ৰোটিন, কাৰ্বহাইড্ৰেট, ভিটামিন নাথাকে৷ সামান্য খনিজ পদাৰ্থ মিহলি হৈ থাকে৷

খনিজ পদাৰ্থৰ বাবে আমি নিশ্বয় পানী নাখাও৷ যি দৰে পানীৰ অবিহনে কেৱল বালি চিমেণ্ট আৰু শিলৰে কংক্ৰিট নহয় সেইদৰে কেৱল প্ৰটিন কাৰ্বহাইড্ৰেট আৰু ভিটামিনৰে জীৱৰ দেহ বৰ্তি নাথাকে যদি পানী নাপায়৷

পানীয়ে আমাক কিদৰে সহায় কৰে বুলি কলে আমি প্ৰথমৰ পৰা যাব লাগিব৷ পানী জীৱ দেহ গঠনৰ ভৌতিক আধাৰ প্ৰট’প্লাজমৰ প্ৰধান উপাদান৷ পানীৰ অবিহনে প্ৰট’প্লাজম সক্ৰিয় হৈ থাকিব নোৱাৰে৷ তেজৰ প্ৰধান উপাদান দুটা ৰক্তকোষ আৰু প্লাজমা৷

ৰক্তকোষ বোৰ প্লাজমাৰ জৰিয়তেহে গতি কৰিব পাৰে৷ প্লাজমাত 90-92% পানিয়েই থাকে৷ গতিকে পানী অবিহনে তেজৰ চলাচল অসম্ভৱ৷ মানুহ পানীৰ অভাবত 3-4 ঘণ্টাৰ ভিতৰত মৃত্যু হৈ যাব পাৰে৷

খুব বেছি তিনিদিন পানী নোখোৱাকৈ মানুহ জিয়াই থাকিব পাৰে৷ আচৰিত কথা তিনিদিন পানী নোখোৱা মানুহৰ সিৰা কাটি দিলে তেজ নোলায়৷

মানে তেজৰ গতিত পানীৰ ভূমিকা বেছি৷ এতিয়া আমি বুজিলো তেজ গঠনৰ বাবে পানী অপৰিহাৰ্য৷ কাৰ্বহাইড্ৰেট, প্ৰটিন, লিপিড আদিৰ পাচনত পানী লাগে৷

পানীয়ে দেহৰ উষ্ণতা নিয়ন্ত্ৰণতো সহায় কৰে৷ পানীয়ে ছালৰ সৌন্দৰ্য বৃদ্ধিত প্ৰধান ভূমিকা লয়৷ আপুনি আচৰিত হব জানিব পাৰি যে আমাৰ নাকটোয়ে প্ৰতিদিনে প্ৰায় একলিটাৰ জলীয় বাষ্প ভিতৰৰ পৰা উলিয়াই৷ আমি ওশাহত লোৱা শুকান বায়ু পোনে পোনে হাওঁফাওঁ লৈ যাব নোৱাৰে৷

সেমেকা বায়ুহে হাওঁফাওঁত সোমাব পাৰে৷ বায়ু সেমেকা কৰিবলৈ নাকৰ ভিতৰত কিছুমান শ্লেষ্মা থাকে যিয়ে জলীয় বাষ্প নিঃসৰণ কৰি বায়ু সেমেকা কৰি পঠায়৷

মুঠতে আমাৰ নাকটো শীত- তাপ নিয়ন্ত্ৰীতকোঠা৷ কিন্তু নাকৰ কাম সঠিক ভাৱে কৰিবলৈ আমি পানী পৰ্যাপ্ত খাব লাগে৷ খাদ্যৰ কথা ক’লে বা খাদ্যৰ গোন্ধ নাকত লাগিলে মুখত পানী ওলাই৷

এইবোৰ আচলতে পাচক ৰসহে যাক আমি লালটি বুলি কওঁ৷ লালটিবোৰে খাদ্য পাচন কৰাৰ উপৰিও খাদ্য বিজলুৱা কৰি গিলিদিয়াত সহায় কৰে৷ এই লালটি ৰ প্ৰধান এটা উপাদান পানী৷

এবাৰ ভাবি চাওক যেতিয়া আমাৰ জ্বৰ হয় তেতিয়া আমাৰ খাবলৈ মন নাযায়৷ ডাক্টৰে আপোনাক মুখৰ ভিতৰখন চায় গমপায় লালটি গ্ৰন্থি বোৰে লালটি থিকমতে ক্ষৰণ কৰিব পাৰিছেনে নাই৷ যদি লালটি ক্ষৰণ নহয় আপোনাৰ খাবলৈ মন নাযায়৷

মুখখন শুকান শুকান লাগে, ওঠ শুকাই যায়৷ আপোনাক হয়টো চেলাইন দিব লগা হব পাৰে৷ গতিকে পাচক ৰস লালটি তৈয়াৰ হবলৈ দেহত পানী থিক মতে ৰখাটো প্ৰয়োজন৷ মানুহৰ বৃক্ক দুটাই 24 ঘণ্টাত180লিটাৰ তৰল পদাৰ্থ পৰিস্ৰুত কৰে৷

ইয়াৰ পৰা মাত্ৰ 1.5লিটাৰ পানীহে মুত্ৰ হিচাপে নিষ্কাষন কৰে৷ এই মুত্ৰত 90%পানীয়েই থাকে বাকীখিনি-

  • ইউৰিয়া,
  • গ্লুক’জ,
  • এমিনএছিড,
  • ছডিয়াম,
  • পটাচিয়াম আদি৷

দেহৰ পৰা ক্ষতিকাৰক পদাৰ্থ বোৰ পানীৰ মাধ্যমৰে উলিয়াই দিয়াত বৃক্কই প্ৰধান ভূমিকা লয়৷ মুঠতে আমাৰ দেহত পানীৰ প্ৰয়োজনীয়তা অলেখ৷ লিখি থাকিলে শেষ নহব৷

আপুনি প্ৰতিদিনে কিমান পানী খায়?

এজন সুস্থ ব্যক্তিয়ে প্ৰতিদিনে 4-5লিটাৰ পানী খাব লাগে৷ আন আন উৎসৰ পৰা1- 2লিটাৰমান পানী শৰীৰে লাভ কৰে৷ গৰম দিনত আমাক নকলেও পানী পৰ্যাপ্ত খাওঁ কিন্তু ঠাণ্ডা দিনত পানী খাবলৈ মন নাযায়৷

আচলতে গৰম দিনৰ দৰেও ঠাণ্ডা দিনতও আমাক সমানেই পানী লাগে৷ গতিকে পানী আমি নিতৌ নিদিষ্ট মাত্ৰাত খাব লাগে৷ পুৱা খালিপেটত একলিটাৰ কুহুমিয়া গৰম পানী খাব লাগে৷

লেখক :- নৱ ওজা(সাহিত্য.অৰ্গ)

শেহতীয়া উন্নীতকৰণ: : 6/1/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate