অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পাপৰ তৃপ্তি আৰু পুষ্টি

পাপৰ তৃপ্তি আৰু পুষ্টি

আমি দীৰ্ঘদিনে গ্ৰহণ কৰি অহা পাপৰ হৈছে এনে এবিধ খাদ্য, য’ত পুষ্টি আৰু তৃপ্তি দুয়োটাই স্ংযোজিত হৈ থাকে। ইয়াৰ খাদ্য প্ৰস্তুতিও অতি সহজ। প্ৰকৃততে ই নিজেই অৰ্দ্ধপ্ৰস্তুত ৰুপত থাকেই, কেৱল জুইত সেকি অথবা তেলত ভাজিলেই গ্ৰহণৰ উপযোগী হৈ উঠে। প্ৰস্তুতিৰ ভিন্নতাৰ হেতুকে পাপৰ দুই প্ৰকাৰৰ পোৱা যায়- মছলা নথকা আৰু মছলাযুক্ত পাপৰ।মছলাযুক্ত পাপৰত অতিৰিক্তভাৱে জ্বলা-মছ্লাৰ স্ংযোগ ঘটোৱা হয়। আমি বজাৰত পোৱা পেকেটৰ সৰু-ডাঙৰ পাপৰবোৰৰ মুখ্য উপাদান আটা অথবা ময়দাৰ লগত মগু অথবা মাটি মাহৰ গুড়ি মিহলাই তাত ঘিউ আৰু নিমখ সানি উঠি সেই মিশ্ৰণ বেলি লৈ ৰুটিৰ দৰে পাতল চটাত পৰিণত কৰি ৰ’দত শুকুওৱা হয়। এনে দ্ৰব্যত স্ংৰক্ষক হিচাপে বেছি পৰিমাণে নিমখ মিহলোৱা হয় বাবে পাপৰ বিশেষভাৱে নিমখীয়া হৈ পৰে। সামাগ্ৰিকভাৱে পাপৰৰ ১০০ গ্ৰম দ্ৰব্যত পোৱা পুষ্টি উপাদান এনে-শক্তি ৩০৫ ৰপৰা ৩২৬ কেলৰি, মুঠ কাৰ্বোহাইড্ৰেট ৫২ ৰপৰা ৫৯গ্ৰাম, প্ৰ’টিন ২০ ৰপৰা ২২ গ্ৰাম, আইৰণ প্ৰায় ৪ মিলিগ্ৰাম, ফাইবাৰ ৫-৬ গ্ৰাম, স্নেহ পদাৰ্থ০৫ ৰপৰা ১ গ্ৰাম আৰু ছডিয়াম(নিমখ) ৮১৫-১৩৯০ মিলিগ্ৰাম। ইয়াত ছডিয়ামৰ পৰিমাণ বেছিকৈ থকাৰ দৰে কাৰ্বোহাইড্ৰেটৰ পৰিমাণো কিছু বেছি থকাৰ হেতুকে ক্ৰমে উচ্চ ৰক্তচাপ আৰু মধুমেহ ৰোগত ভোগা লোকৰ বাবে পাপৰ তেনে উপযোগী নহয় বুলি কোৱা হয়। কিন্তু ইয়াত শক্তি আৰু প্ৰ’টিনৰ পৰিমাণ অধিক হোৱা হেতুকে দুৰ্বল লোকসকলৰ বাবে পাপৰ সুখাদ্য হিচাপে গণ্য কৰা হয়।

অৰ্পণ দত্ত, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate