অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পিঁয়াজৰ উপকাৰিতা :

এটি সমীক্ষাযোগে গম পোৱা গৈছে যে পিয়াঁজ,আলু আৰু বিলাহী এই তিনি বিধ হ'ল মানুহে আটাইতকৈ বেচিকৈ গ্ৰহণ কৰা পাচলি ৷ সঁচাই আমাৰ খাদ্য তালিকাত পিয়াঁজ হ'ল এবিধ এৰিব নোৱৰা সামগ্ৰী ৷ পিয়াঁজৰ যিমানে মূল্যবৃদ্ধি হলেও আমাৰ পাকঘৰত পিয়াঁজ নোহোৱাকৈ এটা দিনো নাথাকে ৷ আজিৰ স্বাস্থ্য বিষয়ৰ আলোচনাত সেই পিয়াঁজৰ বিষয়ে কিছু লাগতিয়াল কথা জনাব লৈছোঁ ৷

পিয়াঁজৰ বৈজ্ঞানিক নাম হ'ল- Allium cepa ৷ নহৰু হ'ল এই একে Allium বংশৰ ৷ আন আন ভাষাত পিয়াঁজ কি নামেৰে পৰিচিত চাওঁক – ইংৰাজীত Onion, হিন্দী, নেপালী,বাংলা আৰু পঞ্জাবীত প্যাঁজ, ওৰিয়াত পিয়াঁজা , তামিলত ভেনিগয়াম, তেলেগুত নিৰুলি আৰু উলিপায়েলু, মলয়ালমত চাভলা, কানাড়াত নেৰুলি আৰু উল্লিগাডে, গুজৰাটীত ডুংৰি, কোংকনীত পিয়াভু, মাৰাঠীত কান্দা, খাচীয়াত প্যাট , বড়ো ভাষাত সামবৰাম গোজা, কাৰ্বিত হাৰচুন, ডিমাচাত চামপ্ৰাং আৰু মিচিংসকলে দি:লাব্ বুলে ৷ পিয়াঁজৰ অসমীয়াত আন এটা নাম হ'ল পনৰু ৷

পিয়াঁজৰ বিষয়ে বুৰঞ্জীমূলক তথ্য -

খৃষ্টপূৰ্ব ৬শতিকাত ৰচিত ভাৰতবৰ্ষৰ বিখ্যাত চিকিৎসা বিষয়ৰ গ্ৰন্থ 'চৰক সংহিতা'ত পিয়াঁজক ঔষধি গুণযুক্ত উদ্ভিদ বুলি বৰ্ণনা কৰিছে ৷ Pedanius Dioscorides নামক গ্ৰীক চিকিৎসক এজনে ৭০ খৃষ্টাব্দত পিয়াঁজৰ ঔষধীয় গুণৰ কথা লিপিবদ্ধ কৰি থৈ গৈছে ৷ চীন আৰু ইজিপ্ত দেশতো অতি প্ৰাচীন কালৰ পৰা পিয়াঁজৰ ঔষধ হিচাবে আদৰ চলি আহিছিল ৷

পিয়াঁজৰ প্ৰমুখ উৎপাদনকাৰী দেশ কেইখনমানৰ নাম :

২০১৪চনত প্ৰকাশিত এক তথ্যমতে বিশ্বত সৰ্বোচ্চ পিয়াঁজ উৎপাদনকাৰী ৯খন দেশৰ নাম হ'ল- চীন, ভাৰত, আমেৰিকা, ইজিপ্ত, ইৰাণ, ৰাচিয়া, তুৰস্ক, পাকিস্তান আৰু ব্ৰাজিল ৷ইয়াৰ ওপৰিও পিয়াঁজৰ খেতি কৰা উল্লেখযোগ্য আৰু কিছুমান দেশ হ'ল - ইংলেণ্ড,ফ্ৰান্স, লিবিয়া,আলজেৰিয়া,মৰক্কো, আলবানিয়া, ম্যানমাৰ,ইণ্ডোনেচিয়া,আফগানিস্তান, উজবেকিস্তান, তাজিকিস্তান আৰু বাংলাদেশ ৷

পিয়াঁজত কি কি লাগতিয়াল তত্ব থাকে ? পিয়াঁজত থাকে flavonoids, Phytochemicals, polyphenol, ডায়েটেৰী ফাইবাৰ আদি অতি উপকাৰী তত্ব ৷ এটা মজলীয়া আকাৰৰ পিয়াঁজত ৭৷ ৮গ্ৰাম কাৰ্বোহাইড্ৰেট, প্ৰটিন ১গ্ৰাম, ফেট ১০০মিলিগ্ৰাম আৰু ২৮কেলৰি থাকে ৷ ক'লেষ্টেৰলৰ পৰিমাণ শূণ্য ৷ সঠিক হিচাবত ১০০গ্ৰাম পিয়াঁজত ৪৫কেলৰি শক্তি থাকে ৷ পিয়াঁজত থকা ভিটামিন সমূহ হ'ল - ফ'লেট,নিয়াচিন,পেন্টথেনিক এচিড, ৰাইবোফ্লেবিন, পেন্টথেনিক এচিড, ভিটামিন- এ, ভিটামিন-চি, ভিটামিন-ই ৷ ইলেকট্ৰলাইট হ'ল- প'টেচিয়াম আৰু চ'ডিয়াম ৷ খনিজসমূহ হ'ল -কেলচিয়াম,আইৰণ, জিংক, মেগনেচিয়াম, মেংগানিজ, ক'পাৰ, ফচফ'ৰাচ, ক্ৰমিয়াম আৰু চেলেনিয়াম ৷ ক্বেৰচেটিন (Quercetin) নামৰ এক অতি লাগতিয়াল এন্টিঅক্সিডেন্ট পিয়াঁজত থাকে ৷ আৰু থাকে এন্থোচায়ানিন নামৰ ৰাসায়নিক তত্ব ৷ পিয়াঁজত থকা চালফাৰৰ বাবে ইয়াৰ নিৰ্দিষ্ট গন্ধ নিৰ্গত হয় আৰু পিয়াঁজ কাটিলে আমাৰ চকুৰ পানী ওলায় ৷

বিভিন্ন প্ৰকাৰৰ পিয়াঁজ -

পিয়াঁজৰ বিভিন্ন প্ৰকাৰৰ প্ৰজাতি আছে ৷ প্ৰজাতিভেদে আকাৰ, বৰণ আৰু গুণাগুণৰ কিছু তাৰতম্য থাকে ৷ সাধাৰণতে প্ৰচলিত পিয়াঁজৰ কিছুমান প্ৰজাতিৰ নামাকৰণ এনেকুৱা - হালধীয়া পিয়াঁজ,ৰঙা পিয়াঁজ, বগা পিয়াঁজ, সেউজীয়া পিয়াঁজ, মিঠা পিয়াঁজ আদি ৷ হালধীয়া পিয়াঁজত চুগাৰ আৰু চালফাৰ বেচিকৈ থাকে ৷ ৰঙা পিয়াঁজত চুগাৰ আৰু চালফাৰ কমকৈ থাকে ৷ মিঠা পিয়াঁজত চালফাৰ কম, পানীৰ পৰিমাণ বেচিকৈ থাকে ৷ বগা পিয়াঁজ সাধাৰণতে পিজ্জাত দিবলৈ ব্যৱহাৰ কৰে ৷

চকুপানী নুটুকাকৈ পিয়াঁজ কেনেকৈ কাটিব ?

  • দিনটোৰ বাবে প্ৰয়োজন হোৱা পিয়াঁজকেইটা আগদিনা ৰাতি ফ্ৰিজত থৈ কাটিলে সিমান চকুত নধৰে ৷
  • বাকলি গুছোৱাৰ আগতে শিপাৰ অংশটো কিছু মাংসল অংশৰ সৈতে চোকা কটাৰীৰে ত্ৰিভূজ আকাৰকৈ কাটি পেলাই দিব ৷
  • নাইবা বাকলি গুছোৱাৰ আগতে আগ অংশটো পোনতে কাটক ৷ তাৰ পিছত ঠিয়কৈ পিয়াঁজটো দুফাল কৰি নলগা বাকলিখন পেলাই দিয়ক ৷ এতিয়া ক্ৰমেও পৰা পৰা তললৈ কাটি যাওক ৷ শিপা অংশ শেষত পেলাই দিব ৷

পিয়াঁজ কেনেকৈ ব্যৱহৃত হয় ?

আমাৰ মানুহে সাধাৰণতে যি কোনো আঞ্জা বা ভাজি ৰান্ধিবলৈ লওঁতে পোনতে পিয়াঁজ বা পাঁচফুৰণ ভাজি লয় ৷ মাংস ৰান্ধোতে আলুৰ সৈতে পিয়াঁজ বেচিকৈ দিলেহে খাবলৈ জুতি লগা হয়। চালাড আৰু চাটনিত পিয়াঁজ অপৰিসাৰ্য্য ৷ ইয়াৰ ওপৰিও পিয়াঁজৰ পৰঠা, পকৰী, চুপ, পিজ্জা, আচাৰ আদি বনোৱা হয় ৷ কেঁচাই খোৱা পিয়াজত সিজোৱা পিয়াঁজতকৈ গুণ বেচি থাকে ৷

পিয়াঁজৰ বহুমুখী উপকাৰিতাৰ তালিকা :

কৰ্কট ৰোগ প্ৰতিৰোধত অগ্ৰণী ভূমিকা –

পিয়াঁজত থকা ক্বেৰচেটিন আৰু এন্থোচায়ানিন হ'ল কৰ্কট ৰোধ প্ৰতিৰোধত সহায়ক ৷ কেনেডাৰ গুৱেল্ফ বিশ্ববিদ্যালয়ত কৰা এক অধ্যয়ণত বক্ষ আৰু কল'নৰ কৰ্কট ৰোধ কৰাত পিয়াঁজৰ ভূমিকা প্ৰমাণিত হোৱা বুলি দাবী কৰা হৈছে ৷ তদুপৰি আন আন চিকিৎসা কেন্দ্ৰত লেৰিন্স, অভেৰী, খাদ্যনলীৰ কৰ্কট ৰোগৰ প্ৰতিৰোধৰ বাবে পিয়াঁজ ব্যৱহৃত হৈ আহিছে ৷ কেন্সাৰ প্ৰতিৰোধ কৰিবলৈ হলে দৈনিক এটা কেঁচা পিয়াঁজ খাবলৈ পৰামৰ্শ দিয়া হয় ৷
2.হৃদৰোগৰ পৰা সুৰক্ষা-

অপকাৰী ক'লেষ্টৰেলৰ (LDL) পৰিমাণ হ্ৰাস কৰে ৷ আনহাতে উপকাৰী ক'লেষ্টৰেলৰ (HDL) পৰিমাণ বঢ়ায় ৷ তেজৰ নলীত চৰ্বি জমা (Atheloscerosis) হবলৈ নিদিয়ে ৷ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে ৷
3.তেজত চুগাৰৰ পৰিমাণ কমোৱাত পিয়াঁজ সহায়ক –

polyphenol, ক্ৰমিয়াম, চালফাৰযুক্ত পদাৰ্থ ( S-Methylcysteine) আৰু ক্বেৰচেটিনৰ বাবে তেজৰ চুগাৰৰ পৰিমাণ হ্ৰাস পায় ৷ ডায়েবেটিজৰ দৰব মেটফৰ্মিনৰ লগত এই সক্ৰিয়তা আৰু বেচি হয়।
হাঁড়ৰ সুৰক্ষাত ভূমিকা-

পিয়াঁজত থকা GPCS নামৰ তত্বৰ বাবে হাঁড়ৰ ক্ষয় (Osteoporosis) ৰোধ হয় ৷ প্ৰষ্টাগ্লেণ্ডিনক বাধা প্ৰদান কৰাৰ ফলত পিয়াঁজ নানা ধৰণৰ বাত ৰোগ আৰু বিষৰ উপশম ঘটোৱাত উপযোগী ৷
শৰীৰৰ ইমিউনিটি বঢ়ায়-

পিয়াঁজত থকা চেলেনিয়াম আৰু নানাবিধ এন্টিঅক্সিডেন্টে শৰীৰক ৰোগ প্ৰতিৰোধক শক্তি যোগায় ৷
পাক প্ৰণালীৰ উপকাৰিতা –

পিয়াঁজত থকা ইনুলিন নামৰ ফাইবাৰে শৌচ কচা,এচিডিটি আৰু পেটৰ বিষ আতৰায় ৷
শ্বাসপ্ৰণালীৰ অসুখ কমোৱাত সহায়ক-

আমেৰিকান অধ্যয়ণত পিয়াঁজ এলাৰ্জিক ৰাইনাইটিচ আৰু এজমাত উপকাৰী সিদ্ধ হৈছে ৷
চকুৰ উপকাৰিতা-

পিয়াঁজত থকা ভিটামিন-ই আৰু চালফাৰৰ বাবে গ্ল'কমা, কেটেৰেক্ট,মেকুলাৰ ডিজেনেৰেচন আদি ৰোগ প্ৰতিৰোধ হয় ৷
যৌন সক্ষমতা বৃদ্ধি –

ইউগেণ্ডা দেশত অতি প্ৰাচীন কালৰ পৰা পিয়াঁজ যৌন অক্ষমতাৰ (Erectile Dysfunction) চিকিৎসাত ব্যৱহৃত হৈ আহিছে ৷ এই ক্ষেত্ৰত পিয়াঁজ আৰু মৌজোলৰ সংমিশ্ৰণ বেচি উপযোগী ৷
কৰ্ণৰোগৰ চিকিৎসা –

দুই এটোপাল পিয়াঁজৰ ৰস ঢালিলে কাণৰ বিষ আৰু সংক্ৰমণ নিৰাময় হয় ৷
মস্তিষ্কৰ স্বাস্থ্য ৰক্ষাত ভূমিকা-

এন্টিঅক্সিডেন্ট, চালফাৰ আৰু খনিজৰ উপস্থিতিয়ে মৃগীৰোগ, মূৰঘূৰণি, স্মৃতিশক্তি হ্ৰাস আদি ৰোগ প্ৰতিৰোধ কৰে ৷
ছালৰ বাবে উপযোগিতা-

ভিটামিন- এ, ভিটামিন-চি, ভিটামিন-ইৰ উপস্থিতিয়ে চৰ্মৰোগ ৰোধ কৰে ৷ ছালৰ উজ্বলতা বঢ়ায় ৷
আচিনাইৰ চিকিৎসা –

পিয়াঁজ পিচি অলিভ অইলৰ লগত মিহলাই ঘঁহিলে আচিনাই ভাল হয় ৷
চুলিৰ ক্ষেত্ৰত উপকাৰিতা –

চুলি পকা,অকালতে সৰা, ওকনি আৰু উফিৰ চিকিৎসাত পিয়াঁজ আৰু নেমৰ ৰস চুলিত মালিশ কৰাৰ পৰামৰ্শ দিয়া হয় ৷
মুখ আৰু দাঁতৰ সুৰক্ষা-

Streptococcus sobirinus আৰু Streptococcus mutans বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত দাঁতত গাত বা কেভেটি হয় ৷ পিয়াঁজ হ'ল বেক্টেৰিয়া বিনাশক ৷
বাৰ্ধক্যৰোধক গুণ –

এয়া ভিটামিন-এ, ভিটামিন-চি, ভিটামিন-ইৰ বাবেই সম্ভৱ ৷
ষ্ট্ৰেচ কমোৱাত ভূমিকা প্ৰমাণিত হৈছে আৰু পিয়াঁজ ভাল নিদ্ৰা অহাত সহায়ক হয় ৷
ৰজোনিবৃত্তিৰ (মেনোপ'জ) সময়ত উপকাৰী ৷ কেলচিয়াম আৰু ভিটামিনসমূহ ইয়াৰ বাবে উপযোগী ৷
শক্তি আৰু ষ্টেমিনা বৃদ্ধি কৰোতা বুলি প্ৰমাণিত বনৌষধি ৷
কলেৰা প্ৰতিৰোধক –

পিয়াঁজে ক'লেৰাৰ জীৱাণু বিনষ্ট কৰে ৷
জীৱাণুৰ সংক্ৰমণৰ পৰা সুৰক্ষা –

ই-কলাই, চালমোনেলা আদি অনেক বেক্টেৰিয়া ই বিনষ্ট কৰিবলৈ সক্ষম ৷
এলাৰ্জিত ভূমিকা –

ক্বেৰচেটিনে এন্টিহিষ্টামিনিকৰ ভূমিকা পালন কৰে ৷
ক'লা দাগ আদি আতৰায় - ক'লাদাগ আৰু টেটুৰ দাগ আতৰাবলৈ পিচা পিয়াজ দৈৰ সৈতে মিহলাই মালিশ কৰিব লাগে ৷
পোক পতংগই বিন্ধাৰ চিকিৎসা –

মৌ মাখি,বৰল আদিয়ে বিন্ধিলে পিচা পিয়াঁজৰ লেপ লগাব লাগে ৷
তিল (Mole) আতৰোৱাৰ প্ৰয়াস –

কিছুমান তিল এমাহমান কেঁচা পিয়াঁজৰ ৰস সানিলে নাইকীয়া হোৱা দেখা যায় ৷
জ্বৰৰ উপশম ঘটাবলৈ সমৰ্থ ৷
নাকৰ ৰক্তক্ষৰণ বন্ধ কৰিবলৈ উতলা পানীত পিয়াঁজ মিহলাই ভাপ লব দিব লাগে ৷

পিয়াঁজৰ সম্ভাব্য পাৰ্শ্বক্ৰিয়া আৰু লবলগীয়া সতৰ্কতা :

পিয়াঁজ সাধাৰণতে এবিধ অহিত নকৰা নিৰীহ খাদ্য ৷ খুব কম মানুহৰহে ইয়াক সেৱন কৰিলে বা ছালত প্ৰয়োগ কৰিলে এলাৰ্জি দেখা দিয়ে ৷ তদুপৰি দেখা গৈছে দৈনিক ৩৫ মিলিগ্ৰাম পিয়াঁজ মাহৰ পিছত মাহ ধৰি খালেও একো অপকাৰ বা পাৰ্শ্বক্ৰিয়া নহয় ৷ তথাপিও পিয়াঁজৰ ব্যৱহাৰত সতৰ্কতা লবলগীয়া অৱস্থাসমূহ হ'ল:

  • ৰক্তক্ষৰণৰত ভোগা ৰোগীয়ে সাৱধানতা লব কিয়নো পিয়াঁজে তেজ গোট মৰা (Clotting) কমায় ৷
  • যি কোনো অপাৰেচনৰ সন্মুখীন হবলগীয়া ৰোগীয়ে ১০দিনমানৰ আগৰ পৰা পিঁয়াজ সেৱন বন্ধ ৰাখিব যাতে তেজ গোট মৰাত বিলম্ব হোৱাত ভূগিবলগীয়া নহয় ৷
  • ডায়েবেটিজ ৰোগীয়ে পিয়াঁজ সেৱন কৰাৰ ফলত চুগাৰৰ পৰিমাণ হ্ৰাস হোৱা দিশতোলৈ চকু ৰাখিব ৷
  • গৰ্ভৱতী মাতৃ আৰু স্তনপান কৰোৱা মাতৃয়ে খাদ্যত ব্যৱহৃত নিয়মীয়া মাত্ৰাৰ পিয়াঁজহে গ্ৰহণ কৰিব ৷

আৰু মোখনিত কবলগীয়া এষাৰ :
আগতে কাটি ৰখা পিয়াঁজ অহিতকাৰী বুলি এক প্ৰচলিত ভ্ৰান্ত ধাৰণা আছে ৷ আমেৰিকাৰ "নেশ্বনেল অনিয়ন এচচিয়েচনে" এক স্পষ্টীকৰণত এইদৰে কৈছে -
পিয়াঁজৰ জীৱানুনাশক গুণ আছে বুলি জৰ্জিয়া বিশ্ববিদ্যালয়ত কৰা অধ্যয়ণত প্ৰমাণিত হৈছে ৷
কাটি ৰখা পিয়াঁজ বিষাক্ত হৈ পৰে, ফুড পইজনিং কৰিব পাৰে, তাত বেক্টেৰিয়াই বাঁহ লয় - আদি কথা সত্য নহয় ৷ কটা পিয়াঁজ বন্ধ বাচনত ফ্ৰিজত এসপ্তাহলৈ সংৰক্ষণ কৰিব পাৰি ৷

লেখক -ডা০ ভূপেন শইকীয়া

উৎস – দেনিক জনমভূমি

শেহতীয়া উন্নীতকৰণ: : 3/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate