অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পুষ্টি উপাদানৰ ‘পাৱাৰ হাউছ’ৰঙালাউ :

পুষ্টি উপাদানৰ ‘পাৱাৰ হাউছ’ৰঙালাউ :

বছৰৰ যিকোনো সময়তে উপলব্ধ পাচলিসমুহৰ অন্যতম হৈছে ৰঙালাউ।তৰকাৰীত সঘনাই ব্যৱহাৰ হোৱা ৰঙালাউ যিদৰে সোৱাদযুক্ত একেদৰে পুষ্টিগুণৰ বাবেও বিখ্যাত এই পাচলিবিধ।ভিটামিন এ,বি কমপেক্স,চি আৰু ই,পটাছিয়াম ,মেগনেছিয়াম ,কেলচিয়াম,মেংগানিজ,আইৰন,জিংক,ফছফৰাছ ,কপাৰ,কেৰটিনইডকে ধৰি বিভিন্ন গুৰুত্বপুৰ্ণ উপাদান থকা বাবে এই পাচলিবিধ স্বাস্থ্যৰ সুৰক্ষাৰ বাবে অতি উপকাৰী।প্ৰাকৃতিক পুষ্টি উপাদানসমুহ  ৰঙালাউক সেয়েহে ‘পাৱাৰ হাউছ’বুলিও জনা যায়।স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে খাদ্য তালিকাত নিয়মিত  ৰঙালাউ থাকিলে বহু অসুখ-বিসুখৰ পৰা হাত সাৰি থাকিব পাৰি।

ৰঙালাউৰ বিভিন্ন উপকাৰিতা তলত দিয়া ধৰণৰ -

ৰোগ প্ৰতিৰোধ: শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত ৰঙালাউ  এবিধ গুৰুত্বপুৰ্ণ পাচলি।ভিটামিন এ,চি আৰু ই,কেৰটিনইড,আইৰন,মেগনেছিয়াম আদি উপাদানে শৰীৰক বিভিন্ন ৰোগৰ পৰা হাত সৰাত সহায় কৰে।সেয়ে  ৰঙালাউ খোৱাৰ ফলত শৰীৰত ৰোগ সংক্ৰমণ সহজে ঘটিব নোৱাৰে।

চকুৰ বাবে উপকাৰী: ৰঙালাউত থকা প্ৰচুৰ পৰিমাণৰ ভিটামিন এই চকুত ছানি পৰা আৰু দৃষ্টিশক্তি হ্ৰাসৰ শংকা বহু পৰিমাণে দুৰ কৰে।সেয়ে নিয়মিত  ৰঙালাউ খালে দৃষ্টিশক্তি প্ৰখৰ হোৱাৰ লগতে চকুৰ মাৰাত্মক ৰোগৰ পৰা হাত সাৰিব পাৰি।

ছালৰ সুৰক্ষা: ছালৰ সুৰক্ষাত ৰঙালাউৰ ভুমিকা অতুলনীয়।ছালক সুৰক্ষা দিয়া উপাদান বিটা কেৰ’টিন প্ৰচুৰ পৰিমাণে থকা বাবে ইয়ে ছালক অধিক মসৃণ আৰু কৰ্মনীয় কৰি তোলে।ইয়াৰ উপৰি ৰঙালাউত ফেটি এচিড থকা বাবে ছালত সহজে বলিৰেখা নপৰে।ইয়াৰ উপৰি ভিটামিন চি থকা বাবে ছাল হয় লাৱণ্যময়।ৰঙালাউত আলফা কেৰ’টিন জাতীয় উপাদান থকা বাবে বয়সৰ চাপো দেৰিকৈ পৰে।

দাঁত আৰু হাড়ৰ যত্ন: ৰঙালাউৰ গুটিত থকা প্ৰচুৰ পৰিমাণৰ মেগনেছিয়ামে হাড় আৰু দাঁতৰ ক্ষয় ৰোধ কৰে।নিয়মিত ৰঙালাউ খোৱাৰ অভ্যাসে হাড় আৰু দাঁতক মজবুত কৰাত সহায় কৰে।

উচ্চ ৰক্তচাপ হ্ৰাস কৰে: ৰঙালাউত প্ৰচুৰ পৰিমাণে পটাছিয়াম আৰু ভিটামিন চি থাকে,যিয়ে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে।ইয়াৰ উপৰি ৰঙালাউত থকা বিভিন্ন উপাদানে বৃক্ক,যকৃত আৰু হাৰ্ট সুস্থ কৰি ৰাখে।ৰঙালাউত থকা আঁহে দেহত কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখি ষ্ট্ৰ’কত আক্ৰান্ত হোৱাৰ পৰা ৰক্ষা কৰে।

হজম শক্তি বৃদ্ধি: ৰঙালাউত প্ৰচুৰ পৰিমাণে আঁহ থকা বাবে ই খাদ্য সহজে হজম হোৱাত সহায় কৰে।হজম শক্তি বৃদ্ধি আৰু কোষ্ঠকাঠিন্য দুৰ কৰাত ৰঙালাউৰ আছে অনন্য ভুমিকা।

উৎস: নিয়মীয়া বাৰ্তা

 

শেহতীয়া উন্নীতকৰণ: : 11/28/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate