অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পুষ্টি উপাদানৰ অভাৱে মাতিব পাৰে মানসিক বিপৰ্যয় :

 

খাদ্যাভ্যাসৰ সৈতে ব্যক্তিৰ মানসিক স্থিতি বিষয়টি সম্পৰ্কযুক্ত। উক্ত আশ্চৰ্যকৰ তথ্য শেহতীয়াভাৱে প্ৰকাশ কৰিছে ক্লিনিকেল ছাইকিয়াটিষ্ট ড্ৰিউ ৰৱামজিয়ে। তেওঁ কয়- পুষ্টি উপাদান মানুহৰ বোধশক্তি, আচৰণ তথা আৱেগৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। প্ৰত্যেক ব্যক্তিৰে মগজু তথা মানসিক স্বাস্থ্য কিছু বিশেষ পুষ্টি উপাদানৰ ওপৰত নিৰ্ভৰশীল। এনে পুষ্টি উপাদানসমূহ প্ৰতিদিনৰ খাদ্যাভ্যাসত অন্তৰ্ভুক্ত কৰিলে মানসিক সমস্যা তথা বিপৰ্যয়ৰ পৰা হাত সাৰি থকাটো সম্ভৱ হৈ উঠে।

জিংক -

এই গুৰুত্বপূৰ্ণ পুষ্টি উপাদানবিধে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। শাৰীৰিক সুস্থতাৰ সমান্তৰালভাৱে জিংকে ব্যক্তিৰ মানসিক স্বাস্থ্যৰ উন্নতিৰ ক্ষেত্ৰত সহায় কৰে। একাডেমী অব নিউট্ৰিশ্বন এণ্ড ডায়েটিকছৰ প্ৰখ্যাত ডায়েটিশ্বিয়ান টৰে আৰমূলে জনায়- মানসিক বিপৰ্যয়, বিশেষকৈ হতাশা আৰু বিষণ্ণতাৰ দৰে সমস্যাৰ চিকিৎসাস্বৰূপে জিংকযুক্ত খাদ্যগ্ৰহণৰ পৰামৰ্শ আগবঢ়োৱা হয়। কল, মাংস, শস্য, বীজযুক্ত খাদ্যত প্ৰচুৰ পৰিমাণে জিংক পোৱা যায়।

অ’মেগা থ্ৰি ফেটি এচিড -

ৰোগ প্ৰতিৰোধ কৰা হাওঁফাওঁ, হৃদযন্ত্ৰ তথা ৰক্তনলীৰ সুস্থতাৰ বাবে উত উপাদান বিশেষভাৱে পৰিচিত। সমান্তৰালভাৱে এই পুষ্টি উপাদানবিধ ব্যক্তিৰ মানসিক অৱস্থা তথা মস্তিষ্কৰ কাৰ্যক্ষমতাৰ সৈতেও সম্পৰ্কিত। মানৱ শৰীৰে নিজেই এই উপাদানবিধ তৈয়াৰ কৰিব নোৱাৰে। সেয়েহে খাদ্যৰ পৰা ব্যক্তিয়ে এই উপাদান গ্ৰহণ কৰাটো প্ৰয়োজনীয়। এগৰাকী নাৰীক প্ৰতিদিনে ১.১ গ্ৰাম অ’মেগা থ্ৰি ফেটি এচিডৰ প্ৰয়োজন।

ভিটামিন ডি -

ভিটামিন ডিৰ অভাৱৰ ফলত শৰীৰত কি কি লক্ষণে দেখা দিয়ে, সেই কথা প্ৰত্যেক ব্যক্তিয়ে জনাটো প্ৰয়োজনীয়। কিয়নো ভিটামিন ডিৰ অভাৱৰ ফলত শাৰীৰিক আৰু মানসিক উভয় প্ৰতিক্ৰিয়াই দেখা যায়। এই চিকিৎসা বিজ্ঞানৰ গৱেষণাই শেহতীয়াভাবে নিশ্চিত কৰিছে যে, ভিটামিন ডিৰ অভাৱৰ ফলত মানসিক বিষণ্ণতাৰ সমস্যা ছিজনেল এফেক্টিভ ডিজঅৰ্ডাৰ(এছ এ ডি)ৰ সমস্যা বৃদ্ধি পায়। তদুপৰি ভিটামিন ডিৰ অভাৱৰ ফলত অন্য কিছু মানসিক সমস্যাৰো উদ্ভৱ হ’ব পাৰে। সেইবাবেই প্ৰতিদিনেই পৰ্যাপ্ত পৰিমাণৰ ভিটামিন ডি গ্ৰহণ নিশ্চিতভাবে কৰি এনে শাৰীৰিক তথা মানসিক সমস্যা প্ৰতিহত কৰাটো উচিত। ভিটামিন ডিৰ বাবে গাখীৰ, কণী, নেমু, মাছ আদি প্ৰচুৰ পৰিমাণে খোৱাটো জৰুৰী।

ভিটামিন বি -

জাৰ্নাল অব ক্লিনিকেল ছাইকিয়াট্ৰিয়ে তেওঁলোকৰ এক গৱেষণাৰ ফলস্বৰূপে প্ৰকাশ কৰে যে, বয়স্ক লোকসকলৰ মাজত বিষণ্ণতা, স্মৃতিভ্ৰংশ তথা মানসিক সমস্যাই দেখা দিয়ে ভিটামিন বিৰ অভাৱৰ ফলত। সেয়েহে মাছ, কণী, গাখীৰ তথা দুগ্ধজাতীয় সামগ্ৰী নিয়মীয়াভাৱে খোৱা উচিত, য’ত প্ৰচুৰ পৰিমাণে ভিটামিন-বি পোৱা যায়।

ফলিক এচিড -

ইণ্ডিয়ান জাৰ্নেল অব ছাইকিয়াট্ৰিয়ে জনোৱা অনুসৰি শৰীৰৰ বাবে গুৰুত্বপূৰ্ণ এই পুষ্টি উপাদানৰ অভাৱৰ ফলত ব্যক্তিৰ মানসিক বিপৰ্যয়ে দেখা দিব পাৰে। এক গৱেষণাৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি যিসকল ব্যক্তিৰ তেজত ফলিক এচিডৰ মাত্ৰা স্বাভাৱিক মাত্ৰাতকৈ কম পৰিমাণে থাকে, তেওঁলোকৰ মাজত বিষণ্ণতাৰোধৰ সমস্যা বেছিকৈ দেখা দিয়ে। প্ৰয়োজনীয় এই পুষ্টি উপাদান লাভৰ বাবে প্ৰাকৃতিক বিভিন্ন খাদ্য নিজৰ দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাটো প্ৰয়োজনীয়। ব্ৰক’লি, সেউজীয়া শাক, বাদাম, মাহজাতীয় খাদ্য আদিত প্ৰচুৰ পৰিমাণে ফলিক এচিড পোৱা যায়।

আয়’ডিন -

শাৰীৰিক কাৰ্যকাৰিতাৰ ক্ষেত্ৰত থায়ৰয়ড গ্লেনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। মেটৰ্ব’লিজমৰ মাত্ৰা, ৰোগ প্ৰতিৰোধ ক্ষমতা তথা মগজুৰ কাৰ্যকাৰিতাৰ নিয়ন্ত্ৰণত থাইৰয়ড গ্লেন সহায়ক। শৰীৰৰ অন্যতম এই অংগই সঠিকভাৱে কাম কৰাৰ বাবেই প্ৰয়োজন হয় আয়’ডিনৰ প্ৰাকৃতিক খাদ্য উপাদানৰ পৰা এই পুষ্টি উপাদান গ্ৰহণ কৰি শাৰীৰিক তথা মানসিক স্বাস্থ্য স্বাভাৱিক ৰূপত ৰাখিব পাৰে।

প্ৰ’টিন -

ছেৰ’টনিন হ’ল এক নিউৰোট্ৰান্সমিটাৰ, যি ব্যক্তিৰ মানসিক স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ। ‘এন্টি-ডিপ্ৰেছন’ ঔষধ তৈয়াৰ কৰাৰ ক্ষেত্ৰতো এই ছেৰ’টনিন বৃদ্ধিৰ বাবে প্ৰ’টিনযুক্ত খাদ্য খোৱাটো জৰুৰী। সেইবাবে প্ৰচুৰ পৰিমাণে প্ৰ’টিনযুক্ত খাদ্য যেনে- মাছ, মাংস, কণী, সেউজীয়া শাক-পাচলি তথা মাহজাতীয় খাদ্য দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে।

আয়ৰণ -

ইণ্ডিয়ান জাৰ্নেল অব ছাইকিয়াট্ৰিয়ে জনোৱা অনুসৰি, শিশুসকলৰ মাজত মনোযোগৰ অভাৱ দেখাৰ ক্ষেত্ৰত শৰীৰত আয়ৰনৰ অভাৱ এক অন্যতম কাৰণ বুলিব পাৰি। এনিমিয়া অৰ্থাৎ ৰক্তহীনতাৰ বাবেও শিশুৰ লগতে প্ৰাপ্তবয়স্ক তথা বয়স্ক ব্যক্তিৰো মানসিক বিষণ্ণতাবোধ সমস্যা হ’ব পাৰে। পিচে প্ৰাকৃতিক কিছু খাদ্যৰ জৰিয়তে শৰীৰত আয়ৰনৰ অভাৱ পূৰ্ণ কৰিব পাৰি। নিমখ, কলডিল, সেউজীয়া পাচলি, বাদাম, শুকান ফল আদিত প্ৰচুৰ পৰিমাণে আয়ৰন পোৱা যায়।

উৎস: সাদিন

শেহতীয়া উন্নীতকৰণ: : 1/19/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate