অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পুষ্টিকৰ আহাৰেই আনে শিশুৰ মুখৰ হাঁহি:

পুষ্টিকৰ আহাৰেই আনে শিশুৰ মুখৰ হাঁহি:

 

যেতিয়ালৈকে জীৱদেহত প্ৰাণ থাকে, তেতিয়ালৈকে সেই জীৱদেহৰ প্ৰয়োজন শক্তিৰ। সেই শক্তি পোৱা যায় খাদ্যৰ পৰা। যেনেকৈ পেট্ৰ’ল নোহোৱাকৈ গাড়ী এখন চলাটো সম্ভৱ নহয়, তেনেদৰেই খাদ্যই জীৱনদেহৰ শক্তিৰ আধাৰ। যি পদ্ধতিত খোৱাৰ পাছত খদ্য শক্তিলৈ ৰূপান্তৰ হয়, দেহৰ গঠন আৰু বৃদ্ধি লাভ হয় তাকেই বোলা হয় পুষ্ট। পুষ্টিকৰ খাদ্য মানে প্ৰ’টিন, কাৰ্বোহাইড্ৰেট, ফেটজাতীয় সুষম খাদ্য। এইবিলাকৰ উপৰি সুস্থ নিৰোগী দেহ গঠনৰ বাবে প্ৰয়োজন যথেষ্ট পৰিমাণৰ পানী, অক্সিজেন, ভিটামিন, খনিজ লৱন ইত্যাদি। এইবিলাকৰ কোনো এটাৰ পৰিমাণ কম হ’লেও শৰীৰত আৰম্ভ হয় নান ধৰণৰ বেমেজালি। প্ৰকৃততেই দেহৰ বৃদ্ধি, ক্ষয় পূৰণ আৰু শক্তি লাভৰ কাৰণে একান্তই প্ৰয়োজন পুষ্টিকৰ খাদ্য। পুষ্টিৰ জৰিয়তে দেহৰ প্ৰতিৰোধ ক্ষমতা গড়ি উঠে আৰু গ্লাইকোজেন আৰু চৰ্বিৰ জৰিয়তে শৰীৰৰ শক্তি সঞ্চিত হৈ গৈ থাকে ভৱিষতৰ বাবে।

পুষ্টিকৰ খাদ্য বোলোতে আমি সাধাৰণতে শিশুৰ পুষ্টিৰ ওপৰত গুৰুত্ব দিওঁ। আনহাতে অভিভাৱকৰ নানা দোষত আমাৰ শিশুসকলৰ প্ৰায়েই অপুষ্টিত ভোগা দেখা যায়। যিহেতু সুস্থ শৰীৰৰ লোক এজনেই দেশৰ এজন সুন্দৰ নাগৰিক হ’বগৈ। এই সুস্থ শৰীৰ গঢ়ি তুলিব পাৰি শৈশৱকালতে। গতিকে শিশুক ডাঙৰ কৰোতে শিশুৰ খাদ্যৰ প্ৰতি যথেষ্ট গুৰুত্ব দিব লাগিবই। শিশু কিয়নো অপুষ্টিত ভোগে আমি চাওঁ আহক। সঁচা কথা ক’বলৈ হ’লে শিশুৰ খোৱা-বোৱা সম্পৰ্কত মাতৃৰ যথাযথ জ্ঞানৰ অভাৱেই শিশুৰ অপুষ্টিৰ আটাইতকৈ ডাঙৰ কাৰণ। বেছিভাগ মাকে শিশুক ডাঙৰলৈকে কেৱল গাখীৰ খুওৱাতেই গুৰুত্ব দিয়ে। শাক-পাচলি, ফল, মাছ, ৰুটি, ভাত এইবোৰ খাবলৈ বেছি শিশুৱেই একেবাৰে ইচ্ছা নকৰে, অথচ দাইল-ভাত, শাক-পাচলি, মাছ, ৰুটি আদিত পাব পাৰি লাগতিয়াল প্ৰ’টিন, ভিটামিন, খনিজ লৱনজাতীয় উপাদানসমূহ। কিন্তু শিশুৱে এই খাদ্যবিলাক নাকচ কৰাত মাতৃসকলে শেষত আশ্ৰয় লয় গাখীৰকণৰ ওচৰত। প্ৰকৃততে শিশুৰ কেল’ৰিৰ চাহিদা ডাঙৰতকৈ বেছি। শিশুৰ প্ৰতি কেজি ওজনৰ কাৰণে প্ৰয়োজন হয় ১১০ৰ পৰা ১২০ কেল’ৰি অৰ্থাৎ এটি দহ কেজি ওজনৰ শিশুৰ ১,১০০ৰ পৰা ১,২০০ কেল’ৰিৰ প্ৰয়োজন। শিশুৰ প্ৰ’টিনৰ চাহিদাও ডাঙৰতকৈ প্ৰায় দুগুণ বেছি। প্ৰতি কেজি ওজনৰ বাবদ ২ গ্ৰাম প্ৰ’টিন অৰ্থাৎ এটি পোন্ধৰ কেজি ওজনৰ শিশুক প্ৰতিদিনে ত্ৰিশ গ্ৰাম প্ৰ’টিন খুওৱা উচিত। বেছিভাগ পিতৃ-মাতৃৰ ধাৰণা গাখীৰ, ঘিউ, মাংস, কণী বা আপেল-ডালিমতেই আছে প্ৰচুৰ পুষ্টি। কিন্তু এনে ধৰণৰ ধাৰণা সলনি কৰাৰ সময় আহি পাৰিছে। ওপৰত উল্লেখ কৰা কেল’ৰি আৰু প্ৰ’টিন পাবলৈ বতৰত সকলো শাক-পাচলিৰ ওপৰত নিৰ্ভৰ কৰিবই লাগিব।

আমাৰ দৰে তৃতীয় বিশ্বৰ দেশবোৰত শিশুৱে অপুষ্টিত ভোগাৰ প্ৰধান কাৰণ যে দৰিদ্ৰতা সেই কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। গৰ্ভৱতী অৱস্থাত মাকে পুষ্টিকৰ আহাৰ খাবলৈ নাপালে মাকগৰাকী নিশ্চয় অপুষ্টিত ভোগে। তেনেহ’লে শিশুটিৰো জন্মগতভাৱেই অপুষ্টিৰ সমস্যা থাকি যায়। অপুষ্টি বুলি ক’লে প্ৰ’টিন কাৰ্বোহাইড্ৰেট, ফেট, ভিটামিন, খনিজ লৱন- এইসমূহৰ যিকোনো এটা বা ততোধিকৰ অভাৱকে বুজোৱা হয়। ইয়াৰ বেছি অভাৱত বিভিন্ন ধৰণৰ ৰোগ মানৱ শৰীৰত দেখা যায়।

প্ৰ’টিনৰ অভাৱ হ’লে শিশুৰ হাত-ভৰি ফুলে। ছাল শুকায়। গাৰ ৰং ম্লান পৰে। প্ৰ’টিন-কে’লৰি দুয়োটাই কমিলে শিশুৰ ওজন খুব কমি যায়। শিশুৰ স্বভাৱ অলস আৰু খিটখিটিয়া হয়। ফেটজাতীয় খাদ্যৰ পৰা পোৱা যায় ফেটি এচিড। চয়াবিনৰ তেল, সূৰ্যমুখী তেল, বাদাম, কডলিভাৰ তেল, নাৰিকলৰ তেল ইত্যাদিত বেছি পৰিমাণে আৰু গাখীৰত কিছু পৰিমাণে ফেট পোৱা যায়। শৰীৰত থাকিবলগীয়া ফেট নাথাকিলে ‘ফ্লেনোডাৰ্মা’ নামৰ এক ধৰণৰ ৰোগ হয়।

এই ৰোগত শৰীৰৰ ছাল খচখচীয়া হয়। আনকি ছালত ঘামচিৰ দৰে গুটি কিছুমানো বাহিৰ হয়। কাৰ্বোহাইড্ৰেটে আমাৰ শৰীৰৰ প্ৰয়োজনীয় শক্তিৰ বেছিভাগ সৰবৰাহ কৰে। ইয়াৰ অভাৱ ঘটিলে শিশুৰ ওজন কমে। দুৰ্বল হয় আৰু অলস, খিটখিটিয়া স্বভাৱৰ হয়, ভিটামিন ‘এ’ৰ অভাৱত শিশুৰ ৰাতি চকুৰে নেদেখা ৰোগ হ’ব পাৰে। ভিটামিন ‘বি-কলপ্লেক্স’ৰ অভাৱত বেৰি বেৰি, ওঁঠৰ দুই দিশে ঘা, জিভাত ঘা, ভৰি-হাত জিনজিনোৱা, এনিমিয়া ইত্যাদি অসুখ হ’ব পাৰে।

শিশুৰ অপুষ্টিত বাধা দিবলৈ হ’লে গৰ্ভাৱস্থাৰ পৰাই মাতৃগৰাকী সচেতন হ’ব লাগে। গৰ্ভাৱস্থাৰ মাতৃয়ে সুষম আহাৰ গ্ৰহণ কৰা অতি আৱশ্যকীয়। কাৰণ মাতৃৰ আহাৰেৰে সন্তানটি মাকৰ শৰীৰত বাঢ়িবলৈ লয়। জন্মৰ পাছত শিশুৱে অন্ততঃ কমপক্ষেও তিনি মাহ মাকৰ গাখীৰ খাবলৈ পোৱা উচিত। পাঁচ মাহ বয়সৰ পৰা গোটা আহাৰ খুৱাবলৈ অভ্যাস কৰাব লাগে। এই সময়তে খাদ্যৰ বতৰত শাক-পাচলি মিহলাই খাদ্য তৈয়াৰ কৰি শিশুটিক খুওৱা আৰম্ভ কৰিব লাগে।

কেৱল গাখীৰৰ ওপৰত নিৰ্ভৰ কৰিলে শিশুটি এমিনিয়াত ভুগিব পাৰে। কাৰণ গাখীৰত আইৰণ আৰু ক’পাৰ নাথাকে। শিশুৰ দুবছৰ বয়সৰ পৰা ঘৰত ডাঙৰসকলে যি খায় তাকে খাবলৈ অভ্যাস কৰোৱাব লাগে।

লেখিকা: সীমা চক্ৰৱৰ্তী(অসম বাণী)

শেহতীয়া উন্নীতকৰণ: : 6/17/2022



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate