অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পুৱা খালী পেটত কণী :

পুৱা খালী পেটত কণী :

 

সম্প্ৰতি এখন বিখ্যাত জাৰ্নালত প্ৰকাশিত এখন গৱেষণাপত্ৰ এখনিত কণীৰ চমকপ্ৰদ উপকাৰিতাৰ কথা প্ৰকাশ কৰিছে। বহু হাজাৰ মানুহৰ ওপৰত কৰা এই গৱেষণাত দেখা গৈছে যে, পুৱা খালী পেটত এটা বা দুটা কণী খালে শৰীৰৰ ভিতৰত এনে পৰিৱৰ্তনে দেখা দিয়ে যে , সৰু – ডাঙৰ সকলো অসুখ নোহোৱা হ’বলৈ আৰম্ভ কৰে। লগতে কণীৰ পৰা আৰু বহু উপকাৰিতা পোৱা যায়। তাৰে কিছু আজিৰ আলোচনাৰ বিষয়।

সময়ে সময়ে বিভিন্ন কাৰণত আমাৰ চুলি সৰিবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিৰে মুখামুখি হ’লে পুৱা প্ৰতিদিনে একোটাকৈ কণী খোৱা আৰম্ভ কৰক। দেখিব সাংঘাটিক উপকাৰ পাইছে। প্ৰকৃততে কণীত থকা ভিটামিন এ আৰু ইয়ে এই ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰে। এই দুই উপাদানে চুলিৰ গুৰিত কমিবলৈ আৰম্ভ কৰা পুষ্টি যোগান ধৰে। ফলত চুলি সৰাৰ হাৰ কমিবলৈ সময় নালাগে।

কণীত লুয়েটিন আৰু জিয়াক্সেনথিন নামৰ দুটি এণ্টি অক্সিডেণ্ট থাকে, যিয়ে আল্ট্ৰা ভায়’লেট ৰশ্মিৰ পৰা চকুক ৰক্ষা কৰে। তদুপৰি ৰেটিনাৰ কাৰ্যক্ষমতাও বঢ়ায়। ফলত ছানি পৰাৰ লগতে চকুৰ একাধিক ৰোগত আক্ৰান্ত হোৱাৰ আশংকা কমে। শৰীৰৰ সতেজতা বজাই ৰাখিবলৈ নিয়মিত যিবোৰ উপাদানৰ প্ৰয়োজন, সেইবোৰৰ ভিতৰত এমিনো এচিড অন্যতম। কণীত এই উপাদান প্ৰচুৰ পৰিমাণে থাকে। সেয়ে ব্ৰেকফাষ্টত যদি কণী নিয়মিত থাকে, তেন্তে সুস্থ শৰীৰৰ বাবে চিন্তা কৰিবলৈ আৰু কাৰণ নাই।

ভিটামিনৰ বি কমপ্লেক্সে, ছাল আৰু চুলিৰ সৌন্দৰ্য বৃদ্ধিৰ লগতে লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধিতো বিশেষ ভূমিকা পালন কৰে। এই উপাদান প্ৰচুৰ পৰিমাণে কণীত থাকে। সেয়ে এটা কথা ক’ব পাৰি যে, প্ৰতিদিনে একোটাকৈ কণী খালে মূৰৰ চুলিৰ পৰা ভৰিৰ নখলৈকে উপকাৰ পোৱা যায়।

শৰীৰৰত হিম’গ্লবিনৰ মাত্ৰা কমিলে সাধাৰণতে এনিমিয়া হোৱা দেখা যায়। তথাপি শৰীৰত যাতে এই উপাদানৰ মাত্ৰা একেবাৰে কমি নাযায়, তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। সেই কামত আমাক কণীয়েই সহায় কৰিব পাৰিব। কিন্তু কেনেকৈ? বহুকেইটা গৱেষণাত দেখা গৈছে যে, সিজোৱা কণীয়ে শৰীৰত আইৰন প্ৰৱেশ কৰাৰ সময়ত লোহিত ৰক্ত কণিকাৰ উপাদান বঢ়াই দিয়ে। ফলত এনিমিয়াৰ দৰে ৰোগৰ প্ৰকোপ কমিবলৈ সময় নালাগে।

কণী খালে ওজনো হ্ৰাস হয়। পুৱাই পুৱাই এটা বা দুটা সিদ্ধ কণী খাই দিয়াৰ ফলত পেট ভৰি যায় আৰু অন্য কোনো খাদ্য গ্ৰহণ কৰিবলৈ মন নাযায়। ফলত স্বাভাৱিকভাৱে ওজন কমাৰ কোনো আশংকা নাথাকে। সম্প্ৰতি এক গৱেষণাত দেখা গৈছে যে, পুৱাই কণীয়ে যদি দেহৰ কেল’ৰিৰ চাহিদা পূৰণ কৰি দিয়ে, তেন্তে দিনৰ দিনটো আৰু  অধিক কেল’ৰিযুক্ত খাদ্য গ্ৰহণ কৰিবলৈ ইচ্ছা নাযায়। ফলত ওজন নিয়ন্ত্ৰণত থাকে। তদুপৰি কণীত থকা কেল’ৰিৰ পৰিমাণে শৰীৰৰ সকলো প্ৰয়োজন পূৰণ কৰি তোলে। আৰু শৰীৰৰ চৰ্বি জমা হ’বলৈ সুযোগেই নাপায়। অতিৰিক্ত ওজনৰ বাবে চিন্তিত হ’লে এতিয়াৰে পৰা প্ৰতিদিনে পুৱা একোটাকৈ কণী খাবলৈ আৰম্ভ কৰক। অতি শীঘ্ৰেই ফলাফল আপোনাৰ চকুত পৰিব।

বহুতেই ভাবে যে কণী বেছিকৈ খালে কলেষ্টৰেলৰ মাত্ৰা বৃদ্ধি পায়। কিন্তু এই ধাৰণা সম্পূৰ্ণ ভুল। কাৰণ, একাধিক গৱেষণাত এই কথা ইতিমধ্যে প্ৰমাণিত হৈছে যে, কণীত থকা দুশ মিলিগ্ৰাম কলেষ্টৰেল আচলতে ভাল কলেষ্টৰলৰ পৰ্যায়ত পৰে। ই শাৰীৰিকভাৱে কোনো ক্ষতি কৰাৰতো কথাই নাই, বৰঞ্চ উপকাৰহে কৰে। সেয়ে প্ৰতিদিনে পুৱা একোটাকৈ কণী খাব পাৰিলে ভাল। কলেষ্টৰেলৰ মাত্ৰা বাঢ়ি বেয়া কলেষ্টৰেলৰ মাত্ৰা কমিবলৈ ধৰে।

কণীয়ে ৰোগ প্ৰতিৰোধৰ ক্ষমতা বঢ়ায়। কণীত থকা চেলেনিয়ামে ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কাৰ্যকাৰিতা বৃদ্ধি কৰাৰ লগতে থায়ৰয়েড হ’ৰমনৰ ক্ষৰণ যাতে ঠিকমতে হয়, সেই ক্ষেত্ৰতো সহায় কৰে। ফলত সংক্ৰমণ বা থায়ৰয়েডত আক্ৰান্ত হোৱাৰ আশংকা একেবাৰে কমি যায়।

কণীত ক’লিন নামৰ এটি প্ৰয়োজনীয় নিউট্ৰিয়েণ্ট থাকে, যি মগজুৰ শক্তি বৃদ্ধিত বিশেষ ভূমিকা পালন কৰে। ই মগজু অধিক কাৰ্যক্ষম কৰি তোলাৰ উপৰি স্মৃতিশক্তি, মনোযোগ অৰু বুদ্ধি বৃদ্ধিত সহায় কৰে। অৰ্থাৎ মগজুৱে কিমান সুন্দৰকৈ কাম কৰিব, তাৰ বৃহদাংশ নিৰ্ভৰ কৰে ক’লিনৰ ওপৰত। সেয়ে এই উপাদান হ্ৰাস হ’লে ডিমেনচিয়া বা আলজেইমাৰৰ দৰে একাধিক স্মৃতি বিভ্ৰম ৰোগৰ আশংকা বৃদ্ধি পায়।

কণীত থকা নবিধ এমিনো এচিডে মগজুৰ চেৰাটনিন নামৰ বিশেষ এক ধৰণৰ হৰমনৰ ক্ষৰণ বৃদ্ধি কৰে। এই হৰমনবিধে ষ্ট্ৰেছ বা এংজাইটি কমাই নিমিষতে মন ভাল কৰাত বিশেষ ভূমিকা পালন কৰে।

ভিটামিন ডিৰে পৰিপূৰ্ণ কণী নিয়মিত গ্ৰহণ কৰিলে হাড় আৰু দাঁতৰ স্বাস্থ্যক লৈ আৰু চিন্তা কৰাৰ প্ৰয়োজন নাই। লগতে এই উপাদানটিয়ে হজম শক্তি বঢ়ায় আৰু হাৰ্টৰ কাৰ্যক্ষমতা বৃদ্ধি কৰি তোলে।

উৎস: সাদিন

শেহতীয়া উন্নীতকৰণ: : 11/28/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate