অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰতিদিনে খাওঁক কল

প্ৰতিদিনে খাওঁক কল

আপোনাৰ দৈনন্দিন আহাৰৰ তালিকাত অন্তৰ্ভূক্ত কৰক এটাকৈ কল। এই পৰামৰ্শ আগবঢ়াইছে স্বাস্থ্য বিশেষজ্ঞসকলে। কল এনে এবিধ ফল য’ত যথেষ্ট পৰিমাণে কেল’ৰি, কাৰ্ব-হাইড্ৰেট, ছডিয়াম, পটাছিয়াম, প্ৰ’টিন আদি নিহিত হৈ থাকে। ডায়েবেটিছ ৰোগত আক্ৰান্ত ব্যক্তিসকলক কল খাবলৈ মানা কৰা হয় যদিও শেহতীয়া স্বাস্থ্য গৱেষণাত প্ৰকাশ যে কলত থকা উচ্চ মাত্ৰাৰ কাৰ্বহাইড্ৰেটে এই ৰোগ বৃদ্ধিৰ অৰিহণা যোগাব পাৰে।

যদিও কম পৰিমাণে কল খালে ডায়েবেটিছ ৰোগ বৃদ্ধি নাপায়। কলত কম পৰিমাণৰ ছডিয়াম অধিক পৰিমাণৰ পটাছিয়াম থকাৰ ফলত ই মানৱ দেহৰ ৰক্তচাপ নিয়মীয়া কৰি ৰখাৰ লগতে ষ্ট্ৰ’কত আকান্ত্ৰ হোৱাৰ সম্ভাৱনা হ্ৰাস কৰে। কলত থকা উচ্চ মাত্ৰাৰ পটাছিয়ামে মানৱ দেহৰ মাংসপেশী মজবুত কৰাত সহায় কৰে। কল নিয়মীয়াকৈ খালে পেটৰ বিভিন্ন সমস্যাৰ পৰাও হাত সাৰি থাকিব পাৰি বুলি খাদ্য বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে। বহুতে পানী লগা অসুখত ভুগিলে কল খোৱা অনুচিত বুলি ভাবে যদিও পুষ্টি বিশেষজ্ঞসকলৰ মতে কল যিকোনো সময়তে খাব পাৰি কলত অধিক পৰিমাণৰ আইৰণ থকা হেতুকে ই ৰক্তহীনতা দূৰ কৰাতো সহায় কৰে। প্ৰতি এশ গ্ৰাম কলত ১১৬ কেল’ৰি, ২৭ গ্ৰাম কাৰ্বহাইড্ৰেট, ১.২ গ্ৰাম প্ৰ’টিন, ০.৩ গ্ৰাম ফেট, ৩৬.৬ মিলিগ্ৰাম ছডিয়াম, ৮৮.০, মিলিগ্ৰাম পটাছিয়াম আৰু ১.৮ গ্ৰাম ফাইবাৰ নিহিত হৈ থাকে। স্বাস্থ্য গৱেষকসকলৰ মতে, কল হ’ল এবিধ সহজলভ্য আৰু অধিক মাত্ৰাৰ পুষ্টি গুণেৰে ভৰপুৰ ফল যি সকলো বয়সৰ ব্যক্তিয়ে গোটেই বছৰ জুৰি খাব পাৰে। কলৰ অজস্ৰ প্ৰজাতি আছে। স্বাস্থ্যবিজ্ঞানীসকলৰ মতে, সতেজ কল নিয়মীয়াকৈ খালে শৰীৰে প্ৰয়োজনীয় বহুখিনি পুষ্টিগুণ লাভ কৰিব পাৰে।

লিখক: দিব্যজ্যোতি ভূঞা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 5/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate