অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ফলমূলৰ দ্বাৰা সৌন্দৰ্য চৰ্চা :

ফলমূলৰ দ্বাৰা সৌন্দৰ্য চৰ্চা :

 

ফল-মূল মানৱ শৰীৰৰ বাবে কিমান উপকাৰী সেয়া আমি সকলোৱেই জানো। সতেজ ফল-মূলে শৰীৰক বিভিন্ন পুষ্টি যোগান ধৰে। ফলৰ ছাল তথা কোমল অংশতে সকলোধৰণৰ প্ৰয়োজনীয় তথা উপকাৰী পুষ্টি থাকে।

এই অংশটো প্ৰাচীন কালৰে পৰাই সৌন্দৰ্য চৰ্চাৰ বাবে ব্যৱহাৰ কৰি অহা হৈছে। ফল-মূলে মানুহৰ ছালখন সুন্দৰ আৰু উজ্জ্বল কৰি ৰাখে আৰু বয়সৰ চাপ পৰাত বাধা দিয়ে। ফল-মূলত যথেষ্ট পৰিমাণে ছালৰ বাবে প্ৰয়োজনীয় ভিটামিন আৰু মিনাৰেলছ থাকে।

আমি ব্যৱহাৰ কৰা বিউটী প্ৰডাক্টবোৰত যথেষ্ট পৰিমাণে ফল-মূলৰ এক্সটেক্ট ব্যৱহাৰ কৰা হয়। ফল-মূল খোৱাৰ উপৰি ফল-মলৰ ৰসেৰে ছালৰ মাছাজ কৰিব পাৰি আৰু কোমল অংশৰে ফেচপেক বনাই ব্যৱহাৰ কৰি পাৰি। ফল-মূলসমূহৰ ব্যৱহাৰৰ জৰিয়তে কেনেদৰে সৌন্দৰ্য চৰ্চা কৰিব পাৰি, তাক উল্লেখ কৰা হ’ল-

আপেল -

প্ৰতিদিনে এটাকৈ আপেল খোৱাৰ গুণাগুণ সম্পৰ্কে আমি সকলো জাত। ইয়াৰোপৰি প্ৰাকৃতিক ক্লীনজাৰ। আপেলৰ হৈছে সৰ্বোৎকৃষ্ট প্ৰাকৃতিক ক্লীনজাৰ। আপেলৰ ৰস উলিয়াই কপাহত জুবুৰিয়াই ছালখন পৰিষ্কাৰ কৰিব পাৰি।

ই বজাৰত কিনিবলৈ পোৱা ক্লীনজাৰতকৈ অধিক উপযোগী। আপেলৰ ৰস চুলিত কণ্ডিচনাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰে।

অমিতা -

অমিতাত থকা এন্টি ৰিংকল গুণাগুণ ছালত ৰিংকলছ বা বলিৰেখা পৰাত বাধা দিয়ে আৰু ছালৰ সৌন্দৰ্য বৃদ্ধি কৰে। পকা অমিতা এটুকুৰা ভালদৰে পিটিকি তাত এচামুচ মৌ মিহলাই ফেচপেক হিচাপে লগালে ছালখন উজ্জ্বল আৰু মসৃণ হয়।

আনাৰস -

আনাৰসৰ ৰসে ছালখন সুকোমল তথা পৰিষ্কাৰ কৰি তোলে। আমাৰ দেহৰ খহটা অংশসমূহ যেনে: আঁঠু, কিলাকুটি, গোৰোহা আদিত আনাৰসৰ টুকুৰা ঘঁহিলে এই অঞ্চলবোৰ কোমল তথা মসৃণ হৈ পৰে।

আমলখি -

৩০ টা কমলাৰ সমান ভিটামিন ‘চি’ সমৃদ্ধ এটা আমলখিয়ে ছাল চুলিৰ সৌন্দৰ্য বৃদ্ধি কৰাত অতি উল্লেখযোগ্য ভূমিকা পালন কৰে। আমলখিৰ ৰস চুলিত লগালে চুলু পকা, চুলি সৰা, উফি আদি সমস্যাৰ পৰা ৰেহাই পোৱা যায়।

কল:

কলৰ ব্যৱহাৰ সৌন্দৰ্য চৰ্চাত অতি বিশেষভাৱে কৰা হয়। পকা কল পিটিকি তাত মৌ মিহলাই ফেচপেক হিচাপে ব্যৱহাৰ কৰিলে ছালখন উজ্জ্বল আৰু সুকোমল হৈ উঠে। কল, গাখীৰ আৰু অ’টচ একেলগে পিহি ঘৰতে স্ক্ৰাব বনাব পাৰে।

এই স্ক্ৰাব মুখত সানি আঙুলিৰে লাহে লাহে মাছাজ কৰি কুহুমীয়া পানীৰে মুখখন ধুই দিব লাগে। স্ক্ৰাব কৰিলে ছালৰ মৃতকোষবোৰ আঁতৰি যায় আৰু ছালখন উজ্জ্বল হৈ উঠে।

তিয়ঁহ -

ছালৰ উজ্জ্বলতা বৃদ্ধি কৰা তিঁহৰ ৰস অতিকৈ ফলপ্ৰসূ। ইয়াৰোপৰি এই ৰস নিয়মিত ব্যৱহাৰ কৰিলে শালমইনাৰ পৰা পৰিত্ৰাণ পাব পাৰি। তাৰ বাবে তিয়ঁহৰ ৰসত অলপ নেমুৰ ৰস মিহলাই ল’ব পাৰে।

ৰ’দৰ পৰা আহি মুখ ধুই তিয়ঁহৰ ৰস লগালে ছানবাৰ্নৰ পৰা ছালখন বচাব পাৰি।

ফল-মূলসমূহ হৈছে ছালৰ বাবে প্ৰয়োজনীয় পুষ্টি যেনে ভিটামিন ‘এ’, ‘বি’ আৰু ‘ই’ আদিৰ উৎস। এই ভিটামিন আৰু মিনাৰেলবোৰ ছালৰ সৌন্দৰ্য বৃদ্ধি কৰে, বয়সৰ চাপ পৰাত বাধা দিয়ে আৰু ছালখন সুকোমল কৰি তোলে। সেয়ে সৌন্দৰ্য চৰ্চাত ফল-মূলৰ ব্যৱহাৰ অতি জনপ্ৰিয়।

লেখক: গৌতম বৰা(দেওবৰীয়া সুকন্যা)

 

শেহতীয়া উন্নীতকৰণ: : 2/6/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate