অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বতৰৰ ফলমূলৰ উপযোগী ব্যৱহাৰ

বতৰৰ ফলমূলৰ উপযোগী ব্যৱহাৰ

বতৰৰ ফলমূল বুলি কলে শীতকালি যেনেকৈ প্ৰথমেই কমলা টেঙাৰ কথা মনলৈ আহে, গ্ৰীষ্মকালত মনলৈ আহে প্ৰথমেই আমৰ কথা। আম ভাল নোপোৱা মানুহ হয়তো কমেই আছে। প্ৰকৃতিয়ে বতৰৰ উপযোগীকৈ সকলো বতৰতে কিছুমান ফল উপহাৰ দিয়ে। সেয়েহে গ্ৰীষ্মকালৰ ফলসমূহৰো অনেক উপকাৰিতা আছে। তাৰ ভিতৰত আম হৈছে প্ৰধান। আমৰ ইতিহাস বা উপযোগিতাৰ কথা কৈ শেষ কৰিব নোৱাৰি। একেবাৰে কলি অৱস্থাৰে পৰা পকা আমলৈকে সকলোৰে ব্যৱহাৰ বিভিন্ন ধৰণে কৰা হয়। আনকি আমি সৰু থাকোঁতে আইতাহঁতে আমৰ ভিতৰৰ গুটিটো শুকুৱাই দৰবৰ বাবে ব্যৱহাৰ কৰিছিল। বাৰিষা কালত অসমত পোৱা ফলবোৰৰ ভিতৰত আম প্ৰধান। তাৰ পিছতে মনলৈ আহে কঁঠাল, আনাৰস, লিচু, জামু, পনিয়ল, লেতেকু আদি। আগতে অসমত তৰমুজৰ খেতি কৰা নহৈছিল। কিন্তু এতিয়া বিভিন্ন অঞ্চলত তৰমুজৰ খেতি কৰা হয়।

অসমৰ ফলমূল টেঙা আৰু পোকে ধৰা বুলি বহুতে কব খুজিলেও ইয়াৰ উপযোগিতা একেবাৰে নোহোৱা নহয়। আচলতে আমৰ খেতি ইয়াত বৰ্তমানেও ব্যৱসায়িক ভিত্তিত কৰা নহয়। সেইবাবে যত্নও লোৱা নহয়।

আমি এবাৰ মিৰাটৰ এঘৰ মানুহৰ ঘৰলৈ গৈছিলোঁ। তেওঁলোকৰ বিস্তীৰ্ণ অঞ্চলত আমৰ খেতি হয়। আগদিনা প্ৰচণ্ড ধুমুহা অহাত বহুত আমকলি সৰি গ’ল। পিছদিনা সেইটোৱেই এটা ডাঙৰ বিষয় হ’ল। সৰি যোৱা আমবোৰ গোটাই বজাৰলৈ উলিয়াই দিয়া হ’ল। মানুহে আচাৰৰ বাবে কিনিব। তথাপিতো মানুহবোৰে হাহাকাৰ কৰিয়েই থাকিল। সেই সময়ত মোৰ আমাৰ থলুৱা আমবোৰলৈ মনত পৰিছিল। অকণমান বতাহতে সৰি গোটেইখন লেতেৰা কৰে। কোনোবাই হয়তো কিছু পৰিমাণে আচাৰ, জাম বা চৰ্বত আদি কৰে। কিন্তু বহল ভিত্তিত এতিয়াও গঢ় লৈ উঠা নাই। অসমৰ আম আচাৰ আৰু চৰবতৰ বাবেও উপযোগী। অসমখন ৰসাল ফলমূলৰ দেশ। আন নালাগে, সকলো ফলকে এই কামত লগাব পাৰি। কেঁচা আমৰ চৰবতে পেট ঠাণ্ডা কৰাৰ লগতে শৰীৰতো গৰমৰ প্ৰকোপ কমায়। অকল আমেই নহয়, আনাৰস, জামু, লেতেকু, পকা থেকেৰা আদিৰ পৰাও গৰমৰ উপযোগী ফলৰ ৰস বা চৰ্বত ঘৰতে বনাই ল’ব পাৰি। কম কমকৈ ঘৰতে বনাই থাকিলে পইচাৰো ৰাহি হয়। লগতে প্ৰিজাৰভেটিভ নিদিয়া উপাদেয় চৰ্বত সকলোৱে আনন্দেৰে খাব পাৰে। ঘৰুৱাভাৱে বনাবলৈ বিশেষ কষ্টও নাই। ধৰি ললোঁ কেঁচা আমৰ চৰবতকে বনাব খুজিছে। সতেজ আমকেইটা ধুই লৈ বাকলি আৰু গুটি গুচাই ডুব যোৱাকৈ পানী দি কিছু সময় উতলাই সিজাব লাগে। ঠাণ্ডা হ’লে পাতল কাপোৰ এখনেৰে চেকি লৈ ৰসখিনি উলিয়াই ল’ব লাগে। ধৰি ললোঁ ফলৰ ৰস একাপ ওলাল। আন এটা বটলত একাপ পানী আৰু দুকাপ চেনি দি (চেনিৰ পৰিমাণ ৰসৰ টেঙা গুণৰ ওপৰত নিৰ্ভৰ কৰে) ৰস বনাই থ’ব লাগে। চেনিৰ ৰসত ফলৰ ৰস ঢালি দি পদিনা ভজা, জিৰাৰ গুড়ি, আদাৰ ৰস আৰু ক’লা নিমখ মিলাই বটলত ভৰাই ফ্ৰীজত থৈ দিলে দুমাহলৈ ভালে থাকে। সাধাৰণতে পদিনাই সেউজীয়া ৰং আনে। নানিলেও কিনা ৰং সামান্য পৰিমাণে ব্যৱহাৰ কৰিব পাৰি। ৰং ব্যৱহাৰ কৰিলে সদায় উচ্চমানৰ ৰং ব্যৱহাৰ কৰিব লাগে। একেই পদ্ধতিৰে সকলো ফলৰে ৰস খাব পাৰি। গোন্ধ আৰু সোৱাদৰ বাবে কিবা মিহলোৱা বা নিমিহলোৱাটো নিজৰ কথা। জামু আৰু চাম কঁঠালৰ ৰসত ৰঙৰ প্ৰয়োজন নাই। ইয়াৰ নিজৰেই ৰং বৰ সুন্দৰ আৰু সোৱাদ লগা।

চাম কঁঠাল বহুতেই চিনি নাপায়। ডাঙৰ আটলছ্ এটাৰ সমান ফলটো কেঁচা অৱস্থাত একেবাৰে কঁঠাল। পাচলি হিচাপে খালে কঁঠাল যেনেই লাগে। পকিলেও ভিতৰত একেবাৰে কঁঠালৰ দৰে ফুট ওলায়। ইয়াৰ ৰং আৰু সোৱাদ একেবাৰে পকা থেকেৰাৰ গুটিৰ দৰে। এই ফুটাবোৰৰ পৰাই চৰ্বত বনাব পাৰি। নেমুৰ চৰ্বত বনাবলৈ হ’লে কিচু অসুবিধা আছে। ৰস উলিয়াওঁতে সাৱধান নহ’লে তিতা হোৱাৰ ভয় থাকে।

এইদৰেই আমি বতৰৰ ফলমূলবোৰ নিজৰ ইচ্ছা আৰু বুদ্ধিৰে কামত লগাব পাৰোঁ। একেবাৰতে সৰহকৈ নবনাই অলপ অলপকৈ বনাই চাওকচোন। প্ৰশংসাও পাব, পইচাৰো ৰাহি হ’ব আৰু অপকাৰিতাও নাথাকিব।

লেখিকা: ববিতা ফুকন, নিয়মীয়া বাৰ্তা।

শেহতীয়া উন্নীতকৰণ: : 3/6/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate