অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বাদামৰ পুষ্টি আৰু ঔষধী গুণ ১ম ভাগ

"বাদাম"-ৰ খেতি অসমত কম সংখ্যক কৃষকে কৰে যদিও দোকানে পোহাৰে সহজে উপলব্ধ ভজা বাদাম মুখৰ জুতি বা সময় কটোৱাৰ বাবেই হওক ই আমাৰ সকলোৰে প্ৰিয় খাদ্য ।
পিছে বাদামৰ পৰা পোৱা জুতিৰ লগতে কি কি পুষ্টি আৰু ঔষধী গুণ পাওঁ জানো আহক-
বাদাম কেবাজাতৰো আছে । সেইমতে দামো ভিন ভিন । সচৰাচৰ কিছু সস্তাতে পোৱা বাদাম (মুংগফলী-ground nut বা pea nut) -ৰ বিষয়ে আলোচনা কৰোহঁক ; যাক আমি চিনাবাদাম বুলি কওঁ।

পৌষ্টিক উপাদান-

দেহৰ উপযোগী ,ভিটামিন (বি,ই , ডি)কেলচিয়াম,পটেচিয়াম,মেগনেচিয়াম ,কপাৰ ,আইৰন ,জিংক,চডিয়াম,ফাইবাৰ,এন্টি অক্সিডেন্ট,ওমেগা৬ আদি শৰীৰৰ প্ৰয়োজনীয় সকলো সুক্ষ্ম পৌষ্টিক তত্বৰে ভৰপুৰ । লগতে গাখীৰ, ঘী,মাছমাংস,ফলাদিৰ সমতুল্য খাদ্যপ্ৰান , ধাতৱ লবন, স্নেহ পদাৰ্থ,প্ৰটিন,মিনাৰেল , কেলৰী ,কাৰ্বোহাইড্ৰেট আদি দেহৰ বল-শক্তিদায়ক পুষ্টি গুণ আছে।

অধিক গুণাগুণ লাভৰ বাবে সেৱনবিধি -

বেচিভাগ ক্ষেত্ৰত ভজা বাদাম আমেজ বা জুতিৰ বাবেই খোৱা হয় যদিও ইয়াৰ সম্পুৰ্ন ঔষধী বা পুষ্টিগুন পাবলৈ কেচা বা কমকৈ ভজা বাদাম পানীত ৫-৬ঘ:তিয়াই বা ৰাতি তিয়াই থৈ ৰাতিপুৱা চোবাই খাব নাইবা খিচিৰি ,পায়স,ক্ষীৰ ,হালোৱা আদিত মিহলাই খাব নাইবা ৰুগীয়া বা লৰাছোৱালীক গুড়ি কৰি গাখীৰত মিহলাই খুৱাব পাৰে । উৎকৃষ্ট গুণাগুণৰ বাবে মৌ বা গুড়ৰ লগত খাব পাৰে । ভজা বাদাম গুটিৰ ৰঙা বাকলি গুচাই খাব । খৰ বা কঢ়াকৈ ভজা বাদাম নোখোৱাই ভাল ।
মাত্ৰা - বয়স অনুসৰি ১০ৰ পৰা ৬০ গ্ৰাম প্ৰতিদিন । কমকৈ খোৱা অভ্যাস কৰি লাহে লাহে বঢ়াব।

বাদামৰ গুণাগুণ -

১। ভিজোৱা বা আহাৰত মিহলাই খোৱা বাদামে পাচন ক্ৰিয়া মজবুত কৰে । পেটৰ সকলো প্ৰকাৰ ৰোগত -অজীৰ্ন, বায়ু পিত্ত , শৌচকচা , এচিডিতি আদিৰ বাবে উপকাৰী ।
২। ৰক্তহীনতা ৰোগীৰ ৰক্ত পৰিস্কাৰ আৰু ৰক্ত বৃদ্ধি কৰে । কফৰ বাবে উপকাৰূ।
৩ । ইয়াত থকা কেলচিয়াম আৰু ডি ভিটামিনে হাড়ৰ গঠন আৰু বিষ নাশ কৰে । নখ, চুলি, চকু আৰু দাঁতৰ বাবে হিতকাৰী ।
৪। বহুমুত্ৰ ৰোগীৰ বাবে কম কম মাত্ৰাত খোৱাতো উপকাৰী। ৰক্তচ্চাপ স্বাভাৱিক কৰায় (উচ্চ ৰক্তচ্চাপ ৰোগীয়ে বেচিকৈ নাখাব ।)
৫ ।পেটৰ (কল'ন) কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰে।
৬। কোলেষ্ট্ৰল আৰু হৰমোন নিয়ন্ত্ৰন কৰে। হৃদৰোগ প্ৰতিৰোধ কৰে।

৭।গৰ্ভৱতী মাতৃ ও গৰ্ভস্থসন্তানৰ স্বাস্থ্য তথা ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় । আইৰন আৰু কেলচিয়ামৰ অভাৱ দুৰ কৰে । দিনে ৫০ গ্ৰাম ভিজা বাদাম চোবাই নাইবা আহাৰ খোৱাৰ পিচত খাব । লগতে কিছুপৰিমানে গুড় খাব পাৰে ।
৮। যৌনসুখ আৰু সুস্বাস্থ্যৰ বাবে উপকাৰী ।
৯। বাদামে ভোক কমায় । সেয়ে অতি ভোজন প্ৰিয় ব্যক্তিয়ে ভোজনৰ আগে আগে বাদাম খাব পাৰে (বেচিকৈ নাখাব)।
১০। চুলি আৰু চালৰ সকলো ৰোগৰ বাবে উপকাৰী । কেচা বাদাম মিহিকৈ বতি গোলাপজলসহ চালত ঘহি আধাঘন্টা পিচত ধুলে চাল মসৃন হয় ।
১১। ভিজোৱা বাদাম গাখীৰ ,মৌ বা গুড় মিহলাই খালে দুৰ্বল আৰু ক্ষীনকায় ব্যক্তিৰ বাবে হিতকাৰী পথ্য ।
১২। ব্যায়াম, জিম,যোগাসন, কচৰত কৰা লোক বা লৰাছোৱালীৰ সুস্বাস্থ্যৰ বাবে ভিঝোৱা বাদাম
অতি পুষ্টিদায়ক খাদ্য । অঙ্কুৰিত মুগ বা বুতৰ লগত খাব পাৰে ।
১৩ । গাখীৰ মাছমাংস বা ফলাহাৰ আদিৰ অভাৱত পুষ্টিহীনতাত ভোগা ব্যক্তি,মাতৃ বা ছাত্ৰছাত্ৰীয়ে বিকল্প পৰিপুষ্টিৰ বাবে ভিজোৱা বাদাম নিয়মিত খাব পাৰে।
১৪ । মুঠতে লৰা , ডেকা,বুঢ়া ৰোগী নীৰোগী সকলো লোকৰ বাবে বাদাম শক্তি দায়ক বলকাৰক আৰু ৰোগ প্ৰতিৰোধক খাদ্য।
মনত ৰাখিব:- বুকু জলাপোৰা কৰা , পিত্ত ৰোগত ভুগী থকা, অতি ওজন আৰু শকত লোক বা ৰোগ বিশেষে চিকিৎসকক নুসুধাকৈ বাদাম নাখাব অধিক মাত্ৰাত বাদাম কেতিয়াও নাখাব।

লেখক :-শ্ৰী যতীন দাস

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

শেহতীয়া উন্নীতকৰণ: : 7/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate