অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিষাক্ত ৰাসায়নিক দ্ৰব্যবিহীন খাদ্য পাবলৈ :

বিষাক্ত ৰাসায়নিক দ্ৰব্যবিহীন খাদ্য পাবলৈ :

 

শাক-পাচলি, ফল-মূলৰ অধিক উৎপাদন লাভ কৰিবলৈ উৎপাদনকাৰীয়ে কেতবোৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰে, যিবোৰ উৎপাদিত সামগ্ৰী বিষতুল্য কৰি তোলে বাবে এনে উৎপাদন খাদ্য হিচাপে গ্ৰহণ কৰিলে হিতে বিপৰীত হোৱাৰহে সম্ভাৱনা বাঢ়ে। ফুলকবি, বন্ধাকবি আদিত অসাধু খেতিয়কে বেজিৰে হৰমোন প্ৰয়োগ কৰে, যাৰ ফলত এৰাতিৰ ভিতৰতে এই পাচলিবোৰ বাঢ়ি পূৰ্ণ অবয়ব ধাৰণ কৰে। এইবোৰ খাদ্য হিচাপে গ্ৰহণ কৰিলে স্বাস্থ্য হানি হোৱাৰ পূৰা মাত্ৰাই সম্ভাৱনা থাকে।

কীট-পতংগ তথা বেমাৰৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ বহুতো খেতিয়কে বিষাক্ত কীটনাশক তথা বীজাণুনাশক ৰাসায়নিক দৰব ব্যৱহাৰ কৰে, যিবোৰৰ কিয়দংশ উৎপাদিত সামগ্ৰীত ৰৈ যায়। এনে খাদ্য খালে শৰীৰৰ অথন্তৰ নঘটাকৈ নাথাকে। পটল, বেঙেনা, তিতাকেৰেলা, ভেন্দি আদি পাচলি সতেজ তথা চিকচিকীয়া দেখুৱাবলৈ উৎপাদকে ৰঞ্জক পদাৰ্থ তথা মম ব্যৱহাৰ কৰে। যিবোৰ ৰঞ্জক পদাৰ্থ ব্যৱহৃত হয়, সেইবোৰ সস্তীয়া আৰু কাপোৰত ৰং বোলাবলৈ ব্যৱহৃত ৰঙো কিছুমান খাদ্যদ্ৰব্যত দিয়াৰ প্ৰয়াস কৰে।

আপেলৰ দৰে ফলত মমৰ প্ৰলেপ দিয়ে, যাতে ই সহজে শুকাই অথবা পচি নাযায়। কিন্তু এই পদাৰ্থই শৰীৰৰ ক্ষতি সাধন কৰে। কীট নাশক দ্ৰব্যবোৰ মানুহৰ বাবে অতিশয় বিষাক্ত। অপকাৰী বন, পোক-পৰুৱা, ভেঁকুৰ, এন্দুৰ, নিগনিৰ দৰে কুটি খোৱা প্ৰাণীক বধ কৰিবলৈ ব্যৱহাৰ কৰা বিষাক্ত দ্ৰব্যও কৃষকে পথাৰৰ খাদ্য-শস্যত প্ৰয়োগ কৰে। তেনে দ্ৰব্য ব্যৱহাৰ কৰা বিষাক্ত হোৱাটো অৱধাৰিত।

বিশ্ব স্বাস্থ্য সংস্থাই হিচাপ কৰি ২০১১ চনতে যুগুত কৰা প্ৰতিবেদন অনুসৰি বিশ্বত প্ৰতি বছৰে দুই লাখ কুৰি হাজাৰ লোক কীটনাশক ৰাসায়নিকৰ কবলত পৰি মৃতুবৰণ কৰে, বিশেষকৈ উন্নয়নশীল দেশবোৰত। সকলোৱে এই বাস্তৱৰ লগত পৰিচিত যদিও গ্ৰাহকসকলে আন বিষাক্ত পদাৰ্থসমৃদ্ধ ফল-মূল, শাক-পাচলি আদিকে ক্ৰয় কৰি খাদ্য হিচাপে ব্যৱহাৰ কৰে। কীটনাশক ৰাসায়নিক পদাৰ্থ থকা খাদ্য খালে মানুহৰ উপৰিও প্ৰাণীৰো দেহৰ অপকাৰ সাধিত হয়, আনকি পৰিৱেশ প্ৰদূষিত কৰি সামগ্ৰিকভাৱে সকলো জীৱকে ক্ষতিসাধন নকৰাকৈ নাথাকে।

পৰীক্ষাৰ জৰিয়তে জনামতে এনে খাদ্য সেৱন কৰিলে শিশুসকলে আচৰণজনিত বিকাৰত ভোগাই নহয়, আনকি জ্ঞান আহৰণ কৰাৰ ক্ষেত্ৰতো সমস্যাত ভুগিব পাৰে। কীটনাশক ৰাসায়নিক পদাৰ্থবোৰে স্নায়ুতন্ত্ৰক প্ৰভাৱিত কৰাৰ পৰিপ্ৰেক্ষিতত অধ্যধিক পৰিমাণে লেলাউটি নিৰ্গত হয়, পাকস্থলী বিষায়, বমি, কোষ্ঠকাঠিন্য আনকি পেটচলা ৰোগৰ কবলত পৰি শৰীৰ কাহিল কৰে।

ফল-মূল তথা অৱশিষ্ট হিচাপে থকা ৰাসায়নিক কীটনাশক দীৰ্ঘকাল ধৰি শাক-পাচলিৰ লগত সেৱন কৰিলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে। গৱেষণাৰ জৰিয়তে লাভ কৰা তথ্য অনুসৰি কীটনাশক তথা কীটনাশক অৱশিষ্টৰ কবলত পৰিলে পাৰ্কিনচনছ বেমাৰ, কৰ্কট ৰোগ বা আন ভয়ংকৰ স্বাস্থ্য সমস্যাৰ সৃষ্টি হয়। গৰ্ভাৱস্থা কালত গৰ্ভৱতী মহিলাই তেওঁ গ্ৰহণ কৰা খাদ্য কীটনাশকৰ পৰা সমূলি মুক্ত কৰি ৰখা প্ৰয়োজন। কিয়নো কেঁচুৱাৰ বাঢ়নীয় অংগবোৰ, মগজু, স্নায়ুতন্ত্ৰ আদিত প্ৰতিকুল প্ৰভাৱ পৰে, কাৰণ গৰ্ভত থকা ভ্ৰাণে কীটনাশকত থকা বিষাক্ত পদাৰ্থ সহ্য কৰিব নোৱাৰে। খোৱা খাদ্যৰ পৰা কীটনাশক নোহোৱা কৰিবলৈ কেতবোৰ উপায় অৱলম্বন কৰিব পাৰি।

সুস্বাস্থ্যৰ পৰিপন্থী ৰাসায়নিক পদাৰ্থবোৰৰ প্ৰভাৱ প্ৰতিহত কৰিবলৈ খোৱাৰ আগেয়ে শাক-পাচলি, ফল-মূলবোৰ ভালদৰে পখালিব লাগে। পৰাপক্ষত জৈৱিক উপায়েৰে উৎপাদন কৰা সামগ্ৰীহে সংগ্ৰহ কৰি খাদ্য হিচাপে গ্ৰহণ কৰা উচিত। এই ক্ষেত্ৰত পশ্চিমীয়া দেশবোৰে কেতিয়াবাৰে পৰা সতৰ্ক হৈ কৃত্ৰিম সাৰ তথা ৰাসায়নিক কীটনাশক ব্যৱহাৰ কৰি উৎপাদন কৰা কৃষি সামগ্ৰী সমূলি পৰিহাৰ কৰি কেৱল জৈৱিক প্ৰণালীৰে উৎপাদিত সামগ্ৰীহে ব্যৱহাৰ কৰিবলৈ লৈছে।

আমাৰ ৰাজ্যত উৎপাদিত ভোটজলকীয়াৰ চোক অতিশয় বেছি হোৱাৰ সুবাদতে বিদেশত ইয়াৰ চাহিদা বৃদ্ধি পাইছে। কেতবোৰ উদ্যোগী কৃষকে জৈৱিক প্ৰণালীৰে এই জলকীয়া উৎপাদন কৰি বিদেশলৈ ৰপ্তানি কৰিব খুজিছে। এই সামগ্ৰী বিদেশত গ্ৰহণযোগ্য হ’বলৈ আন্তৰ্জাতিক মান নিৰূপক সংস্থাৰ প্ৰমাণ পত্ৰ লাভ কৰাটো অপৰিহাৰ্য।

কোনোধৰণৰ ৰাসায়নিক পদাৰ্থ প্ৰয়োগ নকৰাকৈ উৎপাদন কৰা ভোটজলকীয়াৰ নমুনা পৰীক্ষা কৰিবলৈ কৃষকসকলে মান নিৰূপক সংস্থালৈ প্ৰেৰণ কৰিছে যদিও এই পৰীক্ষাৰ ফলে কৃষকৰ আশাত চেঁচাপানী ঢালিছে। পৰীক্ষাত স্পষ্টকৈ ওলাই পৰামতে সেই ভোট জলকীয়াত ডি.ডি.টি.ৰ অংশবিশেষ মজুত আছে।

খাদ্যৰ বাবে আৱশ্যকীয় ফল-মূল, শাক-পাচলি নিজে ঘৰতে উৎপাদন কৰিব পাৰিলে ভাল। শাক-পাচলি তথা আন কৃষিজাত খাদ্য-সামগ্ৰীৰ বাহিৰৰ আৱৰণ পৰাপক্ষত গুচাই ল’লে ভাল। শতকৰা দুই ভাগ নিমখ মিহলোৱা পানীৰে ফল-মূল, শাক-পাচলি ধুই ল’ব লাগে। এনে কৰিলে খাদ্য সামগ্ৰীৰ বাহিৰত থকা কীটনাশকৰ অৱশেষ আঁতৰি পৰিব। শীতল পানীৰে শাক-পাচলি, ফল-মূল ভালদৰে ঘঁহি-পিহি ধুলে ইয়াত থকা ৭৫-৮০ শতাংশ কীটনাশকৰ অৱশেষ আঁতৰি যায়।

আপেল, নাচপতি, আঙুৰ, মধুৰিয়াম, বগৰী, নৰাবগৰী, আম আদি ফল তথা বিলাহী, বেঙেনা, ফুলকবি আদিৰ দৰে পাচলি এটা এটাকৈ ধোৱা উচিত। কিয়নো এইবোৰত কীটনাশকৰ অৱশিষ্ট থাকি যাব পাৰে। যদি সম্ভৱ হয়, কেঁচাই খোৱা ফল, পাচলি তথা শুকান কাপোৰেৰে মচিব লাগে যাতে খোৱাৰ বাবে নিৰাপদ হয়।

ভালদৰে ধুই শুকুৱাই ল’লে ফল-মূল তথা শাক-পাচলিত থাকিব পৰা দহ শতাংশ ভিনেগাৰ মিহলাই লোৱা পানীত শাক-পাচলি, ফল-মূলবোৰ দহ মিনিট তৈয়াৰ ৰখাৰ পিছত সামগ্ৰীবোৰ ভালদৰে লৰাই-চৰাই, ঘঁহি-পিহি ধুব লাগে। এনে কৰিলে কীটনাশক গুচে।

বিলাহী, আঙুৰ, সৰু সৰু ফলবোৰ ধোওঁতে বৰ সাৱধান হ’ব লাগে, কিয়নো দ্ৰব্যটোৱে এনে ফলবোৰৰ পাতল চালবোৰৰ ক্ষতিসাধন কৰিব পাৰে। গৰম পানীত ডুবাই ৰাখি শাক-পাচলি, তথা ফল-মূল ভালদৰে ধুলেও এইবোৰত থাকিব পৰা ৰাসায়নিক পদাৰ্থৰ অৱশেষ আঁতৰি নোযোৱাকৈ থাকে। খোৱাৰ আগেয়ে ফল-মূল, শাক-পাচলিৰ বাহিৰৰ বাকলি গুচাই পেলালেও ইয়াত থকা ৰাসায়নিক পদাৰ্থবোৰ আঁতৰি যাব পাৰে।

স্থানীয় কৃষকৰ পৰা নিজে উৎপাদন কৰা শাক-পাচলি তথা ফল-মূল ক্ৰয় কৰি খাদ্য হিচাপে গ্ৰহণ কৰিব পাৰিলে অপকাৰী ৰাসায়নিক পদাৰ্থ সেৱনৰ পৰা আঁতৰত থাকিব পাৰি।

সাধাৰণতে থলুৱা কৃষকে জৈৱিক প্ৰণালীৰে পাচলি তথা ফল-মূল উৎপাদন কৰে আৰু ব্যৱসায় ভিত্তিত কৃষি উৎপাদন কৰিলেও অত্যধিক পৰিমাণে ৰাসায়নিক পদাৰ্থ প্ৰয়োগ কৰাৰ পৰা বিৰত থাকে।

লেখক: আনন্দ দেৱ গোস্বামী(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

শেহতীয়া উন্নীতকৰণ: : 1/10/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate