অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিস্ময়কৰ খাদ্য ঘিউ :

বিস্ময়কৰ খাদ্য ঘিউ :

 

পৃথিৱীৰ প্ৰায়বোৰ দেশৰ মানুহৰ খাদ্য তালিকাৰ এক অভিন্ন উপাদান হৈছে ঘিউ । প্ৰাচীন কালৰ পৰা খাদ্য তালিকাত ঘিউয়ে এক সুকীয়া স্থান অধিকাৰ কৰি আহিছে । ডেকা, বুঢ়া, শিশু, কিশোৰ সকলোৰে বাবে ঘিউ এক পুষ্টিকৰ আৰু অপৰিহাৰ্য খাদ্য । আমাৰ দেশতো পুৱা শুই উঠি পুৱাৰ চাহকাপৰ লগত ঘিউৰ পৰা তৈয়াৰী বাটাৰৰ সৈতে ব্ৰেড খোৱাটো এক নিয়ম হৈ পৰিছে । মূলত : গাখীৰৰ পৰা তৈয়াৰী ঘিউ আজিৰ দিনত এক অভিজাত, অনিৰ্বচনীয় আৰু উপকাৰী খাদ্যদ্ৰব্য হিচাপে বিবেচিত হৈছে। গৰুৰ গাখীৰৰ পৰাই ঘাইকৈ ঘিউ প্ৰস্তুত কৰা হয় । গৰুৰ গাখীৰৰ পৰা তৈয়াৰী ঘিউৰ আছে বহু বিষ্ময়কৰ গুণাগুণ । ইয়াৰ ভিতৰৰ কেইটামান তলত আলোচনা কৰা হ’ল-

১) পুষ্টি, গুণাগুণ আৰু প্ৰসাৰৰ দিশৰ পৰা ঘিউক বহুতে খাদ্যৰ পৰা ৰজা বুলি ক’ব খোজে । যিকোনো খাদ্যৰ লগত ইয়াক যৌগিক উপাদান হিচাপে ব্যৱহাৰ কৰিব পৰা যায় । যি খাদ্যত ঘিউ মিহলোৱা হয় লগে লগে সেই খাদ্যৰ সোৱাদৰ মান-মৰ্যাদা সকলো বৃদ্ধি পায় । পূজা-পাৰ্বণৰ ভোগৰ পৰা আৰম্ভ কৰি বিয়া-সবাহৰ মাছ-মাংসকে ধৰি বিভিন্ন খাদ্যৰ প্ৰস্তুতিত ঘিউ সংযোগ কৰিলেহে যেন সেই খাদ্যৰ সুস্বাদুৱে পূৰ্ণতা পায় । বহু হাজাৰ বছৰ পূৰ্বে আয়ুৰ্বেদিক স্বাস্থ্যবিজ্ঞানে কৈ যোৱা ঘিউৰ শক্তি, গুৰুত্ব আৰু মহত্ত্বৰ কথা আজি আধুনিক বিজ্ঞানে স্বীকাৰ কৰি লৈছে । গতিকে গুণগত আৰু স্বাস্থ্যগত দিশৰ পৰা ঘিউৰ যে এক অনন্য-উৎকৃষ্ট গুণাগুণ আছে তাত সন্দেহৰ অৱকাশ নাই ।

২) ঘি এক উচ্চ উতলাংকসম্পন্ন এক বিশিষ্ট খাদ্যদ্ৰব্য । প্ৰায় ২৫০° চেলছিয়াছ পৰ্যন্ত উত্তাপলৈ উতলালেও ঘিউৰ গুণাগুণ হ্ৰাস নাপায় । সেইবাবে মানুহে বিভিন্ন খাদ্য প্ৰস্তুত কৰোতে ঘিউ ব্যৱহাৰ কৰে । কাৰণ দীৰ্ঘ সময় ধৰি উচ্চ উতলাংকত গৰম কৰিলেও ঘিউত ভজা বিভিন্ন খাদ্য-উপাদানৰ গুণ হ্ৰাস নাপায়, বৰঞ্চ এই খাদ্য খোৱাৰ বাবে বেছ সুস্বাদুহে হয় । সেইবাবে উৎসৱ-পাৰ্বণ তথা বিভিন্ন অনুষ্ঠানত খাদ্য প্ৰস্তুতকৰণত ঘিউ ব্যৱহাৰ কৰা হয় ।

৩) ঘিউ সহজতে আৰু সোনকালে বেয়া হৈ নাযায় । অৰ্থাৎ এক নিৰ্দিষ্ট সময়ৰ ব্যৱধানত আন খাদ্যই যিদৰে গৰম, ঠাণ্ডা বা অন্যান্য কাৰণত ইয়াৰ নিজস্ব গুণাগুণ হেৰুৱাই পেলায়, ঘিউ এইক্ষেত্ৰত ব্যতিক্ৰম । প্ৰতিকূল বতৰতো বহু বছৰলৈ ঘিউৰ গুণাগুণ লোপ নাপায় । সেইবাবে ইয়াক দীৰ্ঘকাল থৈ দিবলৈ কোনো শীত-তাপ নিয়ন্ত্ৰিত ব্যৱস্থাৰ প্ৰয়োজন নহয় । দীৰ্ঘকাল ধৰি ইয়াৰ গুণাগুণ অটুট থাকে । প্ৰায় ১০০ বছৰ পৰ্যন্ত ঘিউ সংৰক্ষণ কৰিব পৰা যায় ।

৪) ঘিউ মানুহৰ দেহৰ বাবে অতি উপকাৰী । ই মানুহৰ স্বাস্থ্যৰ কোনো ক্ষতি নকৰে । সকলো শ্ৰেণীৰ মানুহেই ইয়াক গ্ৰহণ কৰিব পাৰে । ঘিউয়ে শৰীৰৰ দুৰ্বলতা আঁতৰাই শৰীৰটোক সুঠাম আৰু সবল কৰে ।

৫) ঘিউ এক উচ্চ গুণবিশিষ্ট তেলজাতীয় খাদ্যদ্ৰব্য । ইয়াত প্ৰধানত: ভিটামিন- এ আৰু ভিটামিন- ই পোৱা যায় ।

৬) ঘিউ প্ৰধানত: উন্নত মানৰ এণ্টি-অক্সিডেণ্ট আৰু এণ্টি-ভাইৰেলযুক্ত উপাদানেৰে ভৰপূৰ । সেয়েহে ইয়াক সুস্বাস্থ্যৰ উৎস বুলি ক’ব পাৰি ।

৭)  ঘিউ এবিধ অতি পুষ্টিকাৰক খাদ্য হোৱা হেতুকে ইয়াত যথেষ্ট পৰিমাণৰ শক্তি আৰু ভিটামিন যুক্ত হৈ থাকে । ইয়াত থকা উপাদানসমূহ আমাৰ শৰীৰে সহজে গ্ৰহণ কৰিব পাৰে । সেই বাবে খেলুৱৈসকলে, বিশেষকৈ এথলীটসকলে খাদ্যৰ লগত যথেষ্ট পৰিমাণে ঘিউ গ্ৰহণ কৰে ।

৮) শৰীৰৰ ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰত ঘিউৰ যথেষ্ট অৱদান আছে । ঘিউত থকা ফেটী এচিডে আমাৰ শৰীৰ্ত থিতাপি লোৱা অলগাতিয়াল চৰ্বি দহন শৰীৰৰ ওজন হ্ৰাস হোৱাত সহায় কৰে । ইয়াৰ ফলত শৰীৰৰ পাচন প্ৰক্ৰিয়া শক্তিশালী হোৱাৰ লগতে শাৰীৰিক সক্ষমতা  বৃদ্ধি পায় । ঘিউত যথেষ্ট পৰিমাণৰButyric acid থকা বাবে ই পাকস্থলীত থকা বেক্টেৰিয়াৰ সহায়ত খাদ্যবস্তু শক্তিলৈ ৰুপান্তৰ কৰে । গতিকে স্বাস্থ্যৱান শৰীৰ গঠনত ঘিউৰ যথেষ্ট অৰিহণা আছে । অৱশ্যে কাৰ্বহাইড্ৰেটযুক্ত খাদ্যৰ লগত ঘিউ গ্ৰহণ কৰিলে শৰীৰৰ ওজন হ্ৰাস পোৱাৰ পৰিৱৰ্তে বৃদ্ধি হোৱাহে দেখা যায় ।

৯) শক্তিশালী পাচন প্ৰক্ৰিয়াৰ বাবে ঘিউ অপৰিহাৰ্য । এক গৱেষণাৰ পৰা প্ৰমাণ পোৱা গৈছে যে যিবোৰ মানুহৰ পাচন প্ৰক্ৰিয়া দুৰ্বল  তেওঁলোকৰ দেহত Butyric acid  উৎপন্ন নহয় অথবা অতি নিম্নহাৰত উৎপন্ন হয় । নিয়মিত ঘিউ গ্ৰহণৰ দ্বাৰা এইসকল লোকে এনে সমস্যাৰ পৰা হাত সাৰিব পাৰে ।

১০) শাৰীৰিক প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত ঘিউৰ ভূমিকা অতুলনীয় । এক গৱেষণাৰ পৰা দেখা গৈছে যে ঘিউ গ্ৰহণৰ দ্বাৰা আমাৰ শৰীৰত পৰ্যাপ্ত পৰিমাণৰ Butyric acid  ৰ উৎপন্ন হয় । এই Butyric acid এ আমি গ্ৰহণ কৰা খাদ্যৰ অজীৰ্ণ পদাৰ্থবোৰ জীণ যোৱাত সহায় কৰে । গতিকে ইয়াৰ সহায়ত আমি এক শক্তিশালী প্ৰতিৰোধ ক্ষমতাসম্পন্ন পাচন প্ৰক্ৰিয়া লাভ কৰিব পাৰো ।

১১) কেন্সাৰ প্ৰতিৰোধক হিচাপে ঘিউৰ যথেষ্ট গুৰুত্ব আছে । শৰীৰৰ বিভিন্ন অংগত দেখা দিয়া বিভিন্ন উপসৰ্গ নাশ কৰিবলৈ ঘিউ গ্ৰহণৰ তথ্য গৱেষণাত প্ৰমাণিত হৈছে । আয়ুৰ্বেদিক বিজ্ঞানতো বহু ৰোগ প্ৰতিৰোধ কৰিবলৈ ঘিউ ব্যৱহাৰৰ তথ্য পোৱা যায় ।

১২) শৰীৰৰ হজম শক্তি শক্তিশালী কৰাৰ ক্ষেত্ৰত ঘিউৰ গুৰুত্ব অসীম । পাকস্থলীৰ আম্লিক এচিডৰ নি:সৰণত ঘিউৱে বাধাৰ সৃষ্টি কৰে । ফলত ই আমাৰ হজম শক্তি বৃদ্ধি কৰি আমাক সুস্থ হৈ থকাত সহায় কৰে ।

১২) ঔষধ প্ৰস্তুতকৰণতো ঘিউ ব্যৱহাৰ কৰা হয় । প্ৰাকৃতিকভাৱে কৰা ঔষধ প্ৰস্তুতকৰণত ঘিউ ব্যৱহাৰ কৰা হয় । প্ৰাকৃতিক চিকিৎসা- বিজ্ঞানত ঘিউৰ দ্বাৰা অথবা ঘিউত ডুঅবই থৈ ঔষধ প্ৰস্তুতকৰণৰ বহু তথ্য পোৱা যায় ।

লেখক :- জীৱন শৰ্মা

উৎস :- জি এনআৰচি স্বাস্থ্য

শেহতীয়া উন্নীতকৰণ: : 3/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate