অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ব্লাড ছুগাৰ নিয়ন্ত্ৰণৰ বাবে ছয়বিধ ফল

ব্লাড ছুগাৰ নিয়ন্ত্ৰণৰ বাবে ছয়বিধ ফল

 

সাম্প্ৰতিক সময়ত ভয়াৱহভাৱে বৃদ্ধি পোৱা ৰোগসমুহৰ অন্যতম হৈছে ডায়েবেটিছ।অধিকাংশ লোকেই এইবিধ ৰোগত আক্ৰান্ত হৈ চিকিৎসকৰ কাষ চাপিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধিৰ ফলত দেখা দিয়া এইবিধ ৰোগৰ পৰা পৰিত্ৰাণ পাবৰ বাবে খাদ্য তালিকাত কেইবিধমান বিশেষ ফল ৰাখিলেই হয় বুলি চিকিৎসা বিশেষজ্ঞসকলে মত পোষণ কৰিছে।গৱেষকসকলৰ মতে আপেল,বেৰী,মধুৰিআম,অমিতা,জাম,আমলখি-মাত্ৰ এই ছয়বিধ ফল খাদ্য তালিকাত সংযোজন কৰাৰ ফলত মাৰাত্মক ৰোগবিধৰ পৰা হাত সাৰি থাকিব পাৰি।আপেলত প্ৰচুৰ পৰিমাণে থকা আঁহে তেজত গ্লুকজৰ মাত্ৰা হ্ৰাস কৰাত যথেষ্ট সহায় কৰে।ইয়াৰ উপৰি আপেলত থকা পেকটিনে তেজত শৰ্কৰাৰ পৰিমাণ হ্ৰাস কৰে।একেদৰে গ্লুকজ ভাঙি তাক শক্তিত পৰিণত কৰাৰ কাৰণে ক্ষমতা আছে বেৰীৰ।ফলত তেজত গ্লুকজৰ মাত্ৰা হ্ৰাস পায়।ইয়াৰ উপৰি বেৰীত থকা ফেটি উপাদানে ইনছুলিন ক্ষৰণতো সহায় কৰাত শৰীৰত ইনছুলিনৰ পৰিমাণ স্বাভাৱিক হৈ থাকে।ডায়েবেটিছ ৰোগীসকলৰ এটি ডাঙৰ সমস্যা হ’ল কোষ্ঠকাঠিন্য।অমিতাত থকা প্ৰচুৰ পৰিমাণৰ আঁহে কোষ্ঠকাঠিন্যৰ সমস্যা দুৰ কৰি ৰোগীক টাইপ টু ডায়েবেটিছৰ পৰা ৰক্ষা কৰে।একেদৰে অমিতাত থকা প্ৰচুৰ পৰিমাণৰ এণ্টিঅক্সিডেণ্ট ডায়েবেটিছ ৰোগীসকলৰ বাবে যথেষ্ট উপকাৰী।তেজত গ্লুকজৰ মাত্ৰা বৃদ্ধি পালে ৰোগীৰ হাৰ্ট,নাৰ্ভৰ সমস্যা হোৱাৰ শংকা বৃদ্ধি পায়।কিন্তু নিয়মিত অমিতা খালে সেয়া দুৰ হয়।ডায়েবেটিছ ৰোগীসকলৰ বাবে জাম অতি উপকাৰী।জামত থকা এটি বিশেষ উপাদানে শৰ্কৰা ভাঙি পেলায়।ফলত তেজত শৰ্কৰাৰ পৰিমাণ ঠকে থাকে।ইয়াৰ উপৰি আমলখি হৈছে ক্ৰমনিয়ামৰ এটি বৃহৎ উৎস।অগ্নাশয় সুস্থ ৰখাত ক্ৰমিয়ামৰ আছে যথেষ্ট ভুমিকা।

উৎস:নিয়মীয়া বাৰ্তা

শেহতীয়া উন্নীতকৰণ: : 2/20/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate