অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ব্ৰেইন ফুড :

ব্ৰেইন ফুড :

 

যিকোনো এজন বা এগৰাকী কেৱল সুন্দৰ হ’লেই নহ’ব, ইয়াৰ সৈতে প্ৰয়োজন বুদ্ধি বা তীক্ষ্ণ বুদ্ধি। কিয়নো এজন ব্যক্তিক মগজুৱেহে সঠিকভাৱে পৰিচালিত কৰে। বৰ্তমান সকলো কামেই দ্ৰুত গতিত আগুৱাব ধৰিছে- য’ত এজনে অকলশৰীয়াকৈয়ে অনেক কাম সামৰিব লগা হয়। অফিচত কামৰ ব্যস্ততা, ঘৰ-স্ংসাৰত যতন তথা আন উপৰুৱা সমস্যা প্ৰায় সকলোৰে ক্ষেত্ৰত দেখা যায়। যাৰ প্ৰভাৱ পোনপটীয়াভাৱে মগজুৱে বহন কৰিব লগা হয়। ফলত খিলঞ্জীয়া স্বভাৱৰ উপৰি সৰু সৰু কথাও আমাৰ মনত নথকা হয়। কেতিয়াবা অনেক প্ৰয়োজনীয় কথা পাহাৰৰ ফলত আমি বিপদত পৰো। নি:সন্দেহে আমি ক’ব পাৰো যে এই ধৰণৰ সমস্যাৰ বাবে আমাৰ কিছু আহৰৰ প্ৰয়োজন, আনহাতে জীৱনশৈলীত কিছু নিয়ন্ত্ৰণ। অৰ্থাৎ এনে পৰিৱেশ সৃষ্টি কৰা প্ৰয়োজন, যাৰ দ্বাৰা আমাৰ মগজু ঠাণ্ডা ৰাখিব পৰা যায়। যোগ, ধ্যান আদি নিয়মীয়া হোৱাৰ উপৰি এনে কিছুমান খাদ্যৰ প্ৰয়োজন, যাৰ দ্বাৰা এই সমস্যা কিছু পৰিমাণে প্ৰতিৰোধ কৰিব পৰা যায়। জানো আহকচোন কোনসমূহ আহাৰ গ্ৰহণ কৰিলে ওপৰৰ সমস্যা- সমূহ কিছু পৰিমাণে লাঘৱ কৰিব পাৰি।

আখৰুট বাদাম -

প্ৰতিদিনে এমুঠি আখৰুট গ্ৰহণ কৰিব পাৰিলে মগজুৰ সিৰাসমুহ সতেজ অৱস্থাত থাকে, ফলত ঊনৈশ শতাংশ সতেজতা মগজুৱে লাভ কৰে।

চাহ:

চাহত উপলব্ধ পলিফিনেলৰ বাবে মগজু সন্তুলিত অৱস্থাত থাকে। এই সন্দৰ্ভত বিভিন্ন প্ৰকাৰৰ চাহ খাবলৈ যত্ন কৰিব লাগে।

মাছ:

মাছক ব্ৰেইন ফুড বোলা হয়। কাৰণ মাছৰ তেলত অ’মেগা-৩ ফেটি এচিড থাকে, যি আমাৰ মগজুৰ বাবে অতি দৰকাৰী। মাছৰ তেল আন কোনো তেলৰ সৈতে তুলনা কৰিব নোৱাৰি। ই উৎকৃষ্ট।

অলিভ (জলফাই) অইল:

পলিফিনেলৰ উপৰি ফেটি এচিড পোৱা যায়। দুয়োবিধেই মগজুক সুৰক্ষা প্ৰদান কৰে।

চকলেট:

গাখীৰৰ তুলনাত চকলেট সেৱন দ্বাৰা তেজৰ চলাচল অধিক সুন্দৰকৈ হয়।

দৈ:

দৈত পোৱা যায় যথেষ্ট পৰিমাণে এমিন’ এচিড, ফলত চিন্তা-ভাৱনা কিছু দূৰ হোৱাৰ উপৰি মনত ৰখা শক্তি বৃদ্ধি হোৱাত সহায় কৰে।

পদিনা:

মগজু সক্ৰিয় কৰি ৰখাত সহায় কৰে। পদিনা পাতৰ ৰসেৰে চাহ খাবও পাৰে।

হালধি:

এলজাইমাৰ হোৱাৰ পৰা সুৰক্ষিত কৰি ৰাখে।

ষ্ট্ৰ’বেৰি:

এণ্টি অক্সিডেণ্টেৰে ভৰপূৰ। যি স্মৃতিশক্তি অটুট ৰখাত সহায় কৰে।

বিলাহী:

বিলাহীত লাইক’পিন থাকে। উৎকৃষ্ট মানদণ্ডৰ এণ্টি  অক্সিডেণ্ট। মগজুৰ কোষসমূহ ধ্বংস হোৱাৰ পৰা ৰক্ষ কৰে।

কল:

মেগনেছিয়ামেৰে ভৰপূৰ হোৱাৰ ফলত মগজুৰ সক্ৰিয়তা বৃদ্ধি কৰে।

অ’টছ:

মগজুক শক্তি প্ৰদান কৰে। এবাটি অ’টছৰ সৈতে ফলমূল মিহলাব পাৰে। ফলত স্মৃতিশক্তি প্ৰখৰ হয়। মনোযোগ বৃদ্ধি হয়।

সেইদৰে কিচমিচ, ব্ৰ’কলি, ৰঙালাউৰ গুটি, কলা আঙুৰ, চেৰি, আপেল আদিয়ে মগজু সক্ৰিয় কৰি ৰখাত সহায় কৰে।

উৎস: নন্দিনী

শেহতীয়া উন্নীতকৰণ: : 1/19/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate